খগেন শইকীয়াৰ কবিতা

Issue: Vol. V, No. 1, May-July, 2026

চিকাৰ

এক বিশাল যাত্ৰা মানুহৰ চিকাৰৰ সন্ধানত
সপোন তৰঙ্গত ভাহি গৈ থকা এজাক মানুহৰ
মনত দুলি আছে স্বৰূপহীন অসংখ্য লক্ষ্যবস্তু
মানুহবোৰ দৌৰিছে, থমকি ৰৈছে, হেৰাই গৈছে
হয়তো ভ্ৰম বকিছে চিকাৰৰ সন্ধানত
অস্তিত্বৰ এটা বাজি লৈ মানুহ দৌৰি আছে৷

অসংখ্য মানুহ, চিটি বাছত উঠা আৰু নমাৰ দৰে
সম্পৰ্কহীনতাৰ মাজত অচিনাকি, অনিশ্চয় সেই লক্ষ্যবস্তু
বহু দূৰলৈ আঁতৰি গৈছে, কাৰোলৈকে অপেক্ষা নাই, উপেক্ষা
যাৰ সন্ধানত ব্যতিব্যস্ত মানুহ
চিকাৰেও নৱৰূপ ধাৰণ কৰে
মানুহক দি গৈছে সংশয়, শংকা, ক্ষুধাৰ বতৰা
এটা বিশাল যাত্ৰা…

দেখিছে, লগ পাইছে, কাক ক’ত এৰি থৈ আহিছে
চিটি বাছত উঠা আৰু নমাৰ দৰে
সম্পৰ্কহীনতাৰ এটা হেৰাই যোৱাৰ দুখ বা ভয়ক
বুকুত লৈ চকুৰ আঁৰ হয় মানুহ
এটা চিকাৰৰ সন্ধানত এটা শৰবিদ্ধ সপোনক লৈ
অবিশ্ৰান্ত খোজ৷


আপুনি পঢ়া বাতৰিবোৰ

আপুনি পঢ়া বাতৰিবোৰ
শিলাস্তূপৰ ৰূপ লৈ আছে, পৰিৱৰ্তনৰ জোৱাৰ
তাৰ নিজা পৰিচয় হেৰাইছে,
প্ৰেম নে দয়া হিংসা নে ঘৃণা
হাঁহিও উঠে, দুখো লাগে, কিয়?
ইয়াৰ উত্তৰ বিষাদময়
পৰিৱৰ্তনত বিনাশৰ ধ্বনি হৃদয়ে হৃদয়ে৷

আপুনি মানুহজন পৰিৱৰ্তন হৈ আছে
পৃথিৱীখনো পৰিৱৰ্তন হৈ আছে
খাদ্য আৰু উশাহৰ সুৰধ্বনি
কেতিয়াবা সময়তকৈ এখোজ আগতেই
আপুনি পঢ়া বাতৰিবোৰ সংঘৰ্ষত স্ফুলিঙ্গৰ দৰে
ছিটিকি পৰে, মনবোৰ বিষাদৰে ভৰি পৰে৷

আপুনি নিজকে ভাল পাবলৈ পাহৰিছে
এখন দেৱাল গঢ়ি তুলিছে, মই দেখা নাপাওঁ
কষ্টসাধ্য হৈ পৰে এবাৰ লগ পাবলৈ
আপুনি পঢ়া বাতৰিবোৰত শতিকাৰ ঘৃণাবোৰ গোট খাইছে
আত্মহত্যাৰ গুণানুকীৰ্তন কৰিছে
আপুনি পঢ়া বাতৰিবোৰ আত্মপ্ৰতাৰণাৰ
এটা ৰসাল গল্পৰ ৰূপ লৈছে৷

শুকান পথাৰত খোজকাঢ়ি ফুৰা
আপুনি এজন মানুহ, আপোনাক নিঃস্ব যেন লাগিছে
লাগিছে নিশকতীয়া,
আপুনি পঢ়া বাতৰিবোৰে ক্ৰমে দৈত্যৰ ৰূপ লৈছে
আৰু? নতুন সাজ পিন্ধি আপোনাৰ সন্মুখত থিয় হৈছে
নিৰ্দয়, বিস্ফোটক, কদাকাৰ
আপোনাৰ দেৱত্বক হৰণ কৰি
আপোনাক কৰিলে উদং পথাৰত খোজ কাঢ়ি ফুৰা
এজন দুৰাৰোগ্য লোক৷

An English translation of the poems.