তপন বৰুৱাৰ কবিতা

Issue: Vol. V, No. 1, May-July, 2026

অন্ততঃ

অন্ততঃ এবাৰো যদি ক’লাহেঁতেন
সেই দৰ্শনৰ কথা—
পৰ্বতৰ টিঙে কেনেকৈ আকাশক চুমে
জোনাকে কেনেকৈ সাগৰক চুমে
বলি থকা বতাহজাকে
কেনেকৈ দুটি হাঁহিক এটি হাঁহিলৈ ৰূপান্তৰ ঘটায়!

জানা, মই কাহানিও
ভালকৈ মুখলৈকে চোৱা নাই তোমাৰ
কিন্তু চাই আছোঁ দুয়োৰে মাজৰ সেই গছজোপালৈ
যি বাঢ়ি আহিছে উচ্চতাৰে আকাশমুখী হৈ;
মই চাই আছোঁ সেই থিয় পাহাৰীয়া বাটটোলৈ
য’ত আমি লগালগি হৈছিলোঁ এদিন
যাৰ ওপৰেৰে তুমি আৰু মই
সহযাত্ৰী হৈ গৈ আছোঁ গৈ আছোঁ গৈয়ে আছোঁ
হাতৰ উমৰ উমান লৈ।

কোনোৱে কয় ই হেনো বসন্তত ফুলা ফুল
কোনোৱে কয় শৰতকালৰ জোন
তেনে দুয়োৰে মাজৰ সেইজননো কোন
পোহৰৰপৰা আন্ধাৰলৈকে, আন্ধাৰৰপৰা পোহৰলৈকে
যি নীৰৱ, নিমাত-নিতাল!

অন্ততঃ

অন্ততঃ এবাৰো যদি ক’লাহেঁতেন—
এছাটি পোহৰ হৈ চাওঁচোন
নীৰৱে-নিতালে থকাজন কোন?


ধুমুহাৰ ভিতৰৰ ধুমুহা

তৰাবোৰ মেঘ-মেটেকানিৰে ঢাকি
বতাহে জাকৈ বাই আছে গছৰ আগত,
ঘৰৰ মূধচত

ভিতৰৰপৰাই
উমান পাইছোঁ তাৰ তীব্রতা।

সময়ৰ সুৰুঙা উলিয়াই
পঢ়োঁ বুলি মেলি লৈয়ো জীৱনৰ কবিতাটো
পঢ়িব নোৱৰাৰ দুখত
ভিতৰখন মোৰ জ্বলি-গলি
যেন এডাল মমৰহে অৱশিষ্ট!

ঘৰৰ বাহিৰত কি কি হ’ল
কাইলৈ বাৰু গম পাম
পিছে বুকুৰ ভিতৰৰ ধুমুহাই
ক’ত কি কৰি গ’ল
কেনেকৈ দেখা পাম?

An English translation of the poems.