এ. আৰ. এম’নছ
Issue: Vol. V, No. 1, May-July, 2026
এ. আৰ. এম’নছ (জ. ১৯২৬-মৃ.২੦੦১) এগৰাকী আমেৰিকান কবি৷ নিউ য়ৰ্কৰ কৰ্নেল য়ুনিভাৰ্ছিটিত ইংৰাজী বিষয়ত অধ্যাপনা কৰা এম’নছৰ ত্ৰিছৰ ওচৰা-উচৰি কবিতা-সংকলন প্ৰকাশ পাইছে৷ তেওঁৰ ‘A Note on Incongruence’ শীৰ্ষক চমু টোকাটো প্ৰথমে ইপ’ক ১৫ (শীত ১৯৬৬)ত প্ৰকাশ পাইছিল৷ অসমীয়া অনুবাদটি এম’নছৰ ছেট ইন ম’শ্যন (১৯৯৬) শীৰ্ষক গ্ৰন্থখনৰপৰা লোৱা হৈছে৷

আন এটা পৰীক্ষামূলক সংজ্ঞা হ’ল: কবিতা বিশৃংখলাৰ এক ভাষিক সংশোধন। ভাষা, চিহ্ন, প্রতীক, ছবিৰ এক পদ্ধতিৰে এটা বস্তু সৃষ্টি কৰা হয় যিটো সদায় একেই।
গতিকে, কবিতা “বাস্তৱতা”ৰে তৈয়াৰী নহয়, বৰঞ্চ চিহ্নৰ এক উদ্ভাৱিত পদ্ধতিৰেহে নিৰ্মিত। তেন্তে, বিশৃংখলাবোৰ ক’ৰ পৰা আহে? ই এক ভাষিক বিশৃংখলা নেকি যাক ভাষিকভাৱে সংশোধন কৰা হৈছে? কবিতা কি ভাষাৰ এক শুদ্ধীকৰণ অথবা এক নিয়ন্ত্ৰণ?
বিশৃংখলাৰ প্ৰকৃতি কেনেকুৱা? অভিধানত লাখ লাখ শব্দ কেৱল বৰ্ণানুক্ৰমিক সম্পৰ্কৰ ভিত্তিত তালিকাভুক্ত কৰা হৈছে। আমি কেইটামান শব্দ লগ লগাই এটি খণ্ডবাক্য (phrase) গঠন কৰোঁ; তাৰ পিছত, আৰু অধিক শব্দ সংযোগ কৰি এটা বাক্যখণ্ড, বাক্য, অনুচ্ছেদ, অধ্যায় আৰু উপন্যাস সৃষ্টি কৰোঁ। সংজ্ঞাৰ পৰিসৰ বৃদ্ধি পোৱাৰ লগে লগে অৰ্থ (অথবা অৰ্থহীনতাৰ উন্মোচন) আদৰ্শগতভাৱে অধিক গাঢ় আৰু সম্পূৰ্ণ হৈ পৰে। এটা বাক্য বা এটা অনুচ্ছেদে যিমান পাৰে, এখন সম্পূৰ্ণ উপন্যাসে তাতকৈ অধিক অভিজ্ঞতা সামৰি লয় আৰু যোগোযোগৰ অধিক স্পষ্টতা প্ৰদান কৰে। বহুত্ব সমৰূপতালৈ পৰিৱৰ্তিত হয়। এক আকৃতি প্ৰদান কৰা হয়।
কিন্তু বিশৃংখলা ক’ত? অভিধানত নাই— সেয়া বিশৃংখলা নহয়৷ কিন্তু নিৰ্দিষ্ট বিন্যাসত থকা মাত্ৰা, খণ্ডৰ এক সমষ্টি, উপাদানবোৰে অৰ্থ প্ৰকাশ কৰিব পাৰে।
ভাষাৰ ব্যৱস্থাটোৱে যি বুজায় তাৰ সৈতে কেনেকৈ সংযোগ স্থাপন কৰে? স্পষ্টকৈ ক’বলৈ গ’লে, এক উদ্ভাৱিত সঁজুলি ভাষাই যি বুজাব খোজে তাৰ সৈতে ই অভিন্ন নহয়, যদিওবা ই আমাৰ হাতত থকা বুজোৱাৰ অন্যতম শ্ৰেষ্ঠ মাধ্যম। যি বুজোৱা হয় সেয়া বিশৃংখল হ’বও পাৰে বা নহ’বও পাৰে। “বাস্তৱতা”ক বিশৃংখল বুলি কোৱাটো অনুচিত হ’ব, কিয়নো আমাৰ আহ্বান কেৱল ভাষাৰ ক্ষেত্ৰতহে সম্ভৱ।
তেন্তে আকৌ এবাৰ চেষ্টা কৰি চাওঁ। বিশৃংখলাবোৰ ক’ৰ পৰা আহে? কবিতা, উপন্যাস বা নাটকত কিহৰ মাজত সমন্বয় স্থাপন কৰা হয়?
বাস্তৱতাৰ বিষয়ে আমাৰ যি অ-ভাষিক (nonverbal) অভিজ্ঞতা আৰু তাৰ যি ভাষিক প্ৰতিফলন, এই দুইৰে মাজৰ এক অসংগতি হিচাপে বিশৃংখলাক অনুভৱ কৰিব পাৰি।
অগণন ইন্দ্ৰিয়গ্ৰাহ্য ঘটনাক বোধগম্য (কাৰ্যত পৰিণত কৰিব পৰাকৈ) কৰাৰ বাবে মনৰ যি প্ৰচেষ্টা, তাৰ ফলত উদ্ভৱ হোৱা সাৰাংশই যদি অনুভৱ হয়, তেন্তে ইয়াৰ কাৰণ এয়াও হ’ব পাৰে যে— আমাৰ সচেতন মনোযোগে যিমান বেছি আৰু ভিন্ন ধৰণৰ ঘটনা (তথ্য) মনলৈ কঢ়িয়াই আনে, আৰু এই ঘটনাবোৰ যিমান গভীৰভাৱে আমাৰ অৱচেতন মনত থিতাপি লৈ “অনুভৱ” হিচাপে পুনৰ ঘূৰি আহে, সিমানেই আমি আমাৰ অনুভৱ আৰু সেইবোৰৰ ভাষিক প্ৰকাশৰ মাজত এক বিচ্ছেদ অনুভৱ কৰিবলৈ ধৰোঁ।
ঠিক সেই মুহূর্ততে, এটা নতুন কবিতাৰ প্ৰয়োজন হৈ পৰে। অৰ্থাৎ, এটা এনে ভাষিক পদ্ধতি সৃষ্টি কৰাৰ প্ৰয়োজন হয় যি অনুভৱৰ আঁৰত থকা তথ্যসমূহৰ প্ৰতি অধিক ন্যায় প্ৰদান কৰিব পাৰে। বাস্তৱতা আৰু প্ৰতিফলনৰ মাজত এক অধিক ঘনিষ্ঠ সংগতি স্থাপন কৰাৰ প্ৰয়োজন হৈ পৰে। তথ্যবোৰ সলনি হয় অথবা নতুন তথ্য জমা হয়, যিয়ে আমাৰ চিৰাচৰিত সঁহাৰিবোৰত আউল লগাই দিয়ে। নতুন অনুভৱসমূহক সঠিকভাৱে প্ৰতিফলিত আৰু ব্যাখ্যা কৰিব পৰাকৈ আমাৰ মনে এক নতুন বস্তুৰ সন্ধান কৰে। বিশৃংখলা এক অসংগতিত পৰিণত হয় আৰু কবিতা হ’ল সেই অসংগতিক সংগতিলৈ অনা এক ভাষিক সংশোধন।
তথ্যবোৰ একেই থাকিব পাৰে বা সলনি হৈ থাকিব পাৰে, কিন্তু আমি সাময়িকভাৱে সেইবোৰৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হওঁ।
অনুবাদ: প্ৰকল্প ৰঞ্জন ভাগৱতী