মীনা দেৱী বৰুৱাৰ কবিতা

Issue: Vol. V, No. 1, May-July, 2026

আকাশখন এসময়ত নীলা আছিল

কিতাপৰ পাতত জিলিকে
‘আকাশখন নীলা’
মূৰ তুলি আকাশলে’ চাই তাই বিবুধিত পৰে
ধূসৰ আকাশ, মণিব পৰালৈকে ধুসৰ মাথোঁ ধুসৰ
কেনিনো গ’ল আকাশৰ নীৰৱ নীলা!

মাকক ব্যতিব্যস্ত কৰি তাই গম পায়
আকাশখন এসময়ত নীলাই আছিল

কলঘৰৰ ধোঁৱাই ছানি ধৰা আকাশ
ইটাভাটাৰ ধোঁৱাৰে জৰ্জৰিত আকাশ

বোমা-বাৰুদত আকাশে ৰং হেৰুৱায়
কৃত্ৰিম উপগ্ৰহৰ উৰণে আকাশৰ ৰং আঁতৰায়
মানুহেই ক্ৰন্দসীৰ ৰং মোলান পেলায়

মাকে পিছে তাইক কয়,
গাঁৱত আকাশ নীলা ৰঙে এতিয়াও সজায়
জুৰিটিয়ে কুলুকুলু সুৰ নিগৰায়
আকাশখনক বুকুত লৈ নৈখনি সাগৰ ধিয়ায়

নগৰ-চহৰত ফুলবোৰে হাঁহিবলৈ এৰে
গছৰ কান্দোন, চৰাইৰ বিননি
এক হৈ পৃথিৱীত পৰে
আকাশৰ চকুলো জুই হৈ সৰে

নৈবোৰ শুকায়
পাহাৰৰ গৰ্ব হেৰায়
পছোৱাৰ সোঁসোৱনি, নাহৰ-কাঞ্চনৰ হাঁহিয়ে
বসন্ত আদৰিবলৈ নাহে
ব’হাগক নচুৱাবলৈ কপৌপাহি ফুলিবলৈ এৰে
তগৰ প্ৰস্ফুটিত হ’বলৈ পাহৰে
কুলি চৰাইৰ ছন্দ হেৰায়

এচামে সাপ হৈ খোঁটে বেজ হৈ জাৰে
বন্য উল্লাসত ভৱিষ্যতক উপহাস কৰে

আপোন গ্ৰহটো সন্ত্ৰস্ত

কিতাপৰ বুকুত এদিন খোদিত হ’ব,
‘আকাশ এসময়ত নীলা আছিল’


এই বাটেৰে নামি আহক আকাশ

পিঠিত বোজাবোৰ ব’ব লগাৰ আগৰে কথা
সুখবোৰ ফুল হৈ ফুলে
ফুলবোৰ হাঁহি হয়
দুচকুত উজলে

পিঠিত বোজাবোৰ ল’ব লগা হোৱাৰ আগৰে কথা
মাটিৰ পৰশ লাগি
দুভৰিত বিদ্যুৎ
আইৰ সাধুত নিদ্ৰাৰ জুৰণি

নেওৰাৰ পানী নদী
কাগজৰ নাও ঢৌ
কলপাত ছাতি হোৱাৰ
বাখৰুৱা সময়
ৰজাই হুকুম দিছে, এদিন ছেদিম বাই—

পিঠিত বোজাটো ল’ব লগাৰে পৰা
হাঁহিবোৰ উজলি নুঠা হ’ল দুচকুত
ভৰিবোৰ জঠৰ হ’ল
অকণমানি মনবোৰ দুৰু দুৰু কঁপে
সুখবোৰ লাহে লাহে প্ৰশ্নবোধক

বোজা বাঢ়ে
সুখবোৰে লুকাভাকু খেলে
ভাৰবোৰ বেছি হৈ যায়
‘ডিজিটেল’ পৃথিৱীয়ে সুখ অকণ ঢালে

সুখ বাঢ়ি যায়
পকেটত সুখবোৰ ফুলি উঠে
শূন্যত উপঙি ‘ভাৰ্ছুৱেল’ পৃথিৱীয়ে
সুখৰ সন্ধান দিয়ে

এই সুখ ভাৰ্ছুৱেল
বুজালৈ জীৱন এক জটিল অংক
পিঠিত ভাৰস্তৰ ভাৰ
হাঁহিৰ বাবে দুচকু উন্মাদ

ভাৰসাম্য বিচাৰি বকুল তললৈ
ৰিঙা মন ঢাপলি মেলে
আকাশ অ’ আকাশ, আহিবনে বগলীৰ জাক
কৰণিত এয়া বকুল বকুল সুবাস

An English translation of the poems.