Issue: Vol. V, No. 1, May-July, 2026
এটা বিন্দু কথা
সি যুদ্ধ কৰে সীমান্তত
—স্ব-নিৰ্বাচিত, খেলিবলৈ
মৃত্যুৰ লুকা-ভাকু
জিলিকে— সাহসিকতা
গুণগান— দেশ প্ৰেম
তাই যুদ্ধ কৰে চাৰিবেৰৰ মাজত
—পূৰ্ব নিৰ্দ্ধাৰিত দায়িত্ব, লালন কৰিবলৈ
গোপন মৃত্যু ৰহস্য
জিলিকে— নাৰীত্ব
গুণগান— আদৰ্শ
তাৰ হাতত মাৰণাস্ত্ৰ— দেশ ৰক্ষাৰ
তাইৰ দুহাতত কৰ্তব্য— প্ৰতিপালনৰ
তাৰ বিপদসংকুলতা— কষ্টৰ চকুপানী
তাইৰ আঘাত— অসাৱধানতাৰ উপহাস
তাৰ মৃত্যু— ৰাষ্ট্ৰীয়
তাইৰ— দৈনন্দিন
নিৰ্মিত পৃথিৱীৰ ‘সি’ কেন্দ্ৰ
তাই পৰিসীমাৰ ভিতৰত অসংখ্য অদৃশ্য বিন্দু।
এটা মূৰ্খ কথা
মুদ্ৰা এটা ডিকাপ্লিং কৰোঁতে
অৰ্থহীন হৈ পৰে—
মুদ্ৰাটোৰ মূল্য
কথাটো বলেৰে এৰুৱাই অনাৰ
বল বাঢ়িলে চাপ বাঢ়ে,
চাপে বুদ্ধি হেৰুৱাই
বুদ্ধি হেৰালে সংস্কাৰ হেৰাই
সংস্কাৰত লিখা আছিল “গীত আৰু নৃত্য”
নৃত্যৰতা সেই চহকী কাপত চুমুক দি
গীতৰ সুৰে সুৰে মজ্জিত হওঁতে
জ্বলি উঠে দুটা চকু, লাগে
সনাতন সংস্কাৰত ক্ষমতাৰ দাগ
‘‘দাগ অচ্ছে হ্যে” তেতিয়ালৈ
যেতিয়ালৈ হাতত থাকে দহ টকা
এটা চাৰ্ফ-এক্সেলৰ পেকেট কিনিবলৈ
দহ টকা— ৰাজহাঁড়, থিয় হৈ থকাৰ
নাথাকিলে— কেঁকোৰা অথবা অক্টোপাছ
বেঁকা কৰি তললৈ পেলায় প্ৰসাৰিত আঙুলি
শেঁতা পেলাই শৰীৰৰ ৰং
মৌনতাৰে বুজায় বশ্যতা
বশ্যতা স্বীকাৰ— এটা আওপকীয়া বাট
স্খলিত দাগ ঢাকিবলৈ— বিশ্বত যুদ্ধ হয়
যুদ্ধত ৰজা মৰে প্ৰজা মৰে ধৰ্ম গুৰু মৰে
মৰে সৈনিক শিশু
নমৰে— ক্ষমতাৰ ভোক ভোগ
নমৰে ভয়
ভয়ে হেৰুৱাই বা খামোচে বিশ্বাস
‘বিশ্বাস কৰক’ বুলিয়েই আৰম্ভ হয়
‘এটা মিছাৰ এশ মিছা’
মিছাই চাপ বঢ়াই, বুদ্ধি হেৰাই
—ডিকাপ্লিংৰ ক্ষমতা নহয়
মূৰ্খামি