প্ৰকল্প ৰঞ্জন ভাগৱতী
Issue: Vol. V, No. 1, May-July, 2026

নক্ষত্ৰৰ উদ্যান মানসী গগৈৰ তৃতীয়খন কবিতা-সংকলন৷ কবিতাবোৰ বিভিন্ন বিষয়ক লৈ লিখা৷ এটি সজাগ নাৰী কণ্ঠই কবিতাবোৰক ঐক্যসূত্ৰত বান্ধি ৰাখিছে৷
সংকলনটোৰ প্ৰথম কবিতাটোৰ শিৰোনাম হ’ল ‘সৰু আলি’৷ সৰু আলি বিশেষ্যবাচক শব্দ৷ কবিতাৰ কণ্ঠস্বৰৰ অতীতৰ এছোৱা সময় সৰু আলিৰ সৈতে জড়িত হৈ আছে৷ ক্ষুদ্ৰতাৰ সৈতে সৰু আলিৰ কোনো সম্পৰ্ক নাই৷ কবিতাটোৰ এঠাইত পাওঁ—“সৰু আলিৰ নামটোহে সৰু/আলিটো পিছে আমাৰ গাঁৱৰ মাজ আলি”৷ আলি, বাট, পথ, ৰাস্তা আদি শব্দৰ সৈতে ওতপ্ৰোতভাৱে সাঙোৰ খাই থকা অভিব্যঞ্জনাটো হ’ল যাত্ৰা৷ আনহাতে যাত্ৰা জীৱনৰো দ্যোতক৷ জন্মৰপৰা মৃত্যুলৈকে জীৱন এক যাত্ৰা৷ কেতিয়াবা মসৃণ, আন কেতিয়াবা খলাবমা৷ কবিতাৰ কণ্ঠস্বৰৰ বাবে সৰু আলি জীৱন-যাত্ৰাৰ আৰম্ভণি বিন্দু৷
বাট একেসময়তে গতিশীলতাৰো দ্যোতক৷ গতিশীল জীৱন-প্ৰৱাহত বাটেই নতুন বাটৰ সন্ধান দিয়ে—
“সৰু আলি আছিল মোৰ
বাট দেখা আৰু চিনাৰ দীঘল বাট”
জীৱনৰ বাবে গুৰুত্বপূৰ্ণ অভিজ্ঞতা সঞ্চয়তো সৰু আলিয়ে কবিতাৰ কণ্ঠস্বৰৰ গৰাকীক সহায় কৰিছে৷ কবিতাটোৰ শেষৰ স্তৱকত আমি পাওঁ—
“মই সৰু আলিত ৰৈ
দাৱনী ভাষা বুটলি আনিছোঁ
আৰু বৈ আনিছোঁ সৰু আলিৰ দীঘল সেওঁতা৷”
দাৱনী ভাষা বুটলি অনা প্ৰসংগই এৰি থৈ অহা কৃষিকেন্দ্ৰিক গ্ৰাম্য জীৱনৰ সৈতে কবিতাৰ কণ্ঠস্বৰৰ একাত্ম সম্পৰ্কৰ কথা সূচাইছ৷ কবিতাটো কেৱল কণ্ঠস্বৰৰ গৰাকীৰ জীৱনৰ অতীত উপলব্ধিয়েই নহয়, ই একে সময়তে কণ্ঠস্বৰৰ শৈশৱ-কৈশোৰৰ কৃষিকেন্দ্ৰিক গ্ৰাম্য সমাজ-জীৱনৰো উদযাপন৷
‘আহত সময়ৰ ইলিজি’ সংকলনটোৰ এটি গুৰুত্বপূৰ্ণ কবিতা৷ ইলিজি হ’ল কোনো ব্যক্তিৰ মৃত্যুত বা কোনো শোকাৱহ ঘটনাত শোক প্ৰকাশ কৰি লিখা গীতিধৰ্মী কবিতা৷ কিন্তু কবিতাটো কোনো ব্যক্তি বা ঘটনাত শোক প্ৰকাশ কৰি লিখা হোৱা নাই৷ ইয়াত ইলিজি শব্দৰ প্ৰয়োগ শ্লেষাত্মক৷ কবিতাৰ কণ্ঠস্বৰ কেতিয়াবা আহত হয়, কেতিয়াবা পীড়িত, আন কেতিয়াবা অধীৰ হয়৷ জীৱনৰ বিপ্ৰিয় মুহূৰ্তবোৰত কণ্ঠস্বৰে প্ৰকৃতিৰ আশ্ৰয় লয়—
“আহত হ’লে
মনত পৰে গছবোৰলৈ
গছৰ ছাঁহে একমাত্ৰ শীতল নিৰাপদ…
“পীড়িত হ’লে
মনত পৰে চৰাইবোৰলৈ
চৰাইবোৰহে একমাত্ৰ স্বাধীন বেপৰোৱা…
“অধীৰ হ’লে
মনত পৰে নৈলৈ
অশান্ত স্ৰোত লুকুৱাই ব’ব পাৰে…”
কণ্ঠস্বৰে জীৱনৰ অসহনীয় মুহূৰ্তবোৰৰপৰা সকাহ পাবলৈ প্ৰকৃতিৰ বুকুত আশ্ৰয় লোৱাৰ কাৰণ হ’ল, প্ৰকৃতিৰ মাজত নিজক বিচাৰি পাব পাৰি৷ মানুহৰ জগতখনৰ তুলনাত প্ৰকৃতি উদাৰ, স্বাধীন, সহানুভূতিশীল আৰু বিশ্বাসী৷ প্ৰকৃতিৰ আশ্ৰয়ত প্ৰতাৰিত হোৱাৰ সম্ভাৱনা শূন্য৷ প্ৰকৃতিৰ প্ৰতি এই উচ্ছ্বাস বহু পৰিমাণে ৰোমাণ্টিক হ’লেও ই পাৰিপাৰ্শ্বিক চেতনাৰো প্ৰকাশ। পাৰিপাৰ্শ্বিক কবিসকলে মানুহক প্ৰকৃতিৰ মাজত প্ৰোথিত কৰিব বিচাৰে। মানুহ প্ৰকৃতিৰে এক অবিচ্ছেদ্য অংগ। কবিতাৰ কণ্ঠস্বৰে হিংসা-অসূয়াৰে ভৰা মানুহৰ নিষ্ঠুৰ জগতখনৰপৰা আঁতৰি প্ৰকৃতিৰ মাজত আশ্ৰয় ল’ব বিচৰাত একধৰণৰ পাৰিপাৰ্শ্বিক চেতনা প্ৰকাশ পাইছে।
‘প্ৰাণত নক্ষত্ৰ উদ্যান’ত নাৰীকেন্দ্ৰিক ভাবনাৰ প্ৰকাশ ঘটিছে৷ পিতৃতান্ত্ৰিক ব্যৱস্থাত নাৰীক স্বতন্ত্ৰ ব্যক্তিসত্তা হিচাপে গণ্য কৰা নহয়৷ বিভিন্ন সামাজিক আৰু নৈতিক বিধি-নিষেধেৰ নাৰীৰ সামাজিক জীৱন সংকুচিত কৰি ৰখা হয়৷ কবিতাটোত মন্দিৰত নাৰীৰ প্ৰৱেশাধিকাৰ নথকাৰ বিৰুদ্ধে কবিতাৰ কণ্ঠস্বৰৰ গৰাকী প্ৰতিবাদী হৈছে—
“আমাৰ দ্বাৰ
তেওঁলোকে ভেটি ধৰিছিল সবৰিমালাত
যাক আমি ঔৰসত লালন কৰোঁ”
একেদৰে বিভিন্ন বিধি-নিষেধ আৰোপ কৰি নাৰীৰ ব্যক্তিগত স্বাধীনতাত হস্তক্ষেপ কৰাক লৈয়ো কবিতাৰ কণ্ঠস্বৰ প্ৰতিবাদী হৈ উঠিছে—
“কেনেকৈ খোজ কাঢ়িম
কেনেকৈ পিন্ধিম কাপোৰ
কেনেকৈ হাঁহিম
কেনেকৈ কথা ক’ম
ক’লৈ যাম
ক’লৈ নাযাম, কোন সময়ত যাম
কি খাম
তাৰ নিয়ম গঢ়ে
আমালৈ জন্ম হয় মনু
আমালৈ লিখে লক্ষ্মীচৰিত”
তথাকথিত আদৰ্শ নাৰীৰ স্বভাৱ-চৰিত্ৰ, আচাৰ-আচৰণৰ মাপকাঠি মনুসংহিতা, লক্ষ্মীচৰিতৰ দৰে শাস্ত্ৰই নিৰ্ধাৰণ কৰে। কবিতাৰ কণ্ঠস্বৰ এই লৈ সচেতন আৰু সৰবো—
“কাটি ছিঙি আমাৰ দেহ মন
তেওঁলোক হ’ব খোজে গছ”
ইয়াত তেওঁলোক হ’ল পুৰুষতান্ত্ৰিক ব্যৱস্থাটোৰ ৰক্ষক আৰু প্ৰতিনিধিসকল, যি নাৰীক জন্তুতকৈয়ো তল খাপত ৰাখিব বিচাৰে। কবিতাৰ কণ্ঠস্বৰে নাৰীৰ স্বতন্ত্ৰ সত্তাৰ বিৰোধী এনে স্থিতাৱস্থাৰ অৱসান হোৱাটো বিচাৰে—
“মানুহ আমিও
শিকলি ছিঙা দুহাত, প্ৰাণত নক্ষত্ৰ উদ্যান
নিভৃত কোণত জিৰাবলৈ নিৰ্জনতাৰ গুণগুণ গান।”
সংকলনটোৰ ‘মই চুমিলা মই ডিম্পী’ আৰু ‘নিৰুৰ মাকৰ কবিতা’ শীৰ্ষক কবিতা দুটাতো এক শক্তিশালী নাৰী কণ্ঠস্বৰ শুনিবলৈ পোৱা যায়৷
মানসী গগৈৰ কবিতাৰ নিৰ্মাণশৈলী সৰল৷ কাহিনীধৰ্মিতা তেওঁৰ কিছুমান কবিতাৰ বৈশিষ্ট্য৷ ‘নিৰুৰ মাকৰ কবিতা’, ‘লাখুটি’ আদি কবিতা কাহিনীধৰ্মী৷ ‘লাখুটি’ শীৰ্ষক কবিতাৰ কাহিনীৰ কেন্দ্ৰীয় চৰিত্ৰ হ’ল হিৰণ্য আইতা৷ এসময়ত তেওঁ বাওঁপন্থী আন্দোলনৰ এগৰাকী নিষ্ঠাৱান সৈনিক আছিল৷ এতিয়া অলৰ বয়সত তেওঁৰ লাখুটিডালেই একমাত্ৰ সম্বল৷ এঠাইত হেমাংগ বিশ্বাসৰ ‘কুল খুৰাৰ চোতাল’ শীৰ্ষক কবিতাৰ প্ৰসংগৰ উল্লেখ আছে৷ আদৰ্শৰ বাবে জীৱন উছৰ্গা কৰা হিৰণ্য আইতা, কুল খুৰাৰ দৰে চৰিত্ৰ এতিয়া সমাজত দুৰ্লভ৷ কবিতাটোত মানুহৰ জীৱনলৈ বাৰ্ধক্যই অনা নিঃসংগতাৰ নিৰ্মম ছবি এখনো প্ৰকাশ পাইছে৷ হিৰণ্য আইতাৰ একমাত্ৰ পুত্ৰ দূৰণিত থাকে৷ দৰিদ্ৰতা আৰু নিঃসংগতাৰ মাজত তেওঁৰ জীৱন অতিকৈ কষ্টকৰ হৈ পৰিছে—
“দিনক দিনে ভটিয়াই যোৱা ভটিয়নি নাৱত
তেওঁ অকলে ব’ঠা বায়
ধোঁৱা হৈ আহিছে দৃষ্টি, কঁপা কঁপা দুহাত
জোৰ নাই কঁকালত৷ জোৰ নাই ভৰিত”
এই নিৰ্মম বাস্তৱৰ মাজত হিৰণ্য আইতাৰ বাবে লাখুটিডালেই হৈ পৰিছে একমাত্ৰ সম্বল—
“জী আছে কেৱল লাখুটিডাল
লাখুটিডালে লৈ যায় বাহিৰ ফুৰিবলৈ
তিয়নি মেলিবলৈ
কাষতে থাকি ৰান্ধি দিয়ে ভাত, লৈ যায় বিছনালৈ
হিৰণ্য আইতা শোৱে
লাখুটিডালে পহৰা দিয়ে ৰাতিক”
কাহিনীধৰ্মী হোৱাৰ বাবে কবিতাটো সামান্য মেদবহুল হৈছে৷ অৱশ্যে য’ত কাহিনীৰ বাও নাই, তেনেবোৰ কবিতা ভাব-ভাষাৰে আটিল৷ ‘কভিড কালৰ কবিতা’ তেনে এটি কবিতা৷ কভিড মহামাৰীৰ সময়ছোৱাত প্ৰব্ৰজিত শ্ৰমিকসকলৰ জীৱন-সংগ্ৰামৰ ছবিখন কবিতাটোত সুন্দৰকৈ ফুটাই তোলা হৈছে৷ আনহাতে ‘কভিড’ শীৰ্ষক আন এটা কবিতাত কভিড মহামাৰীৰ আন এক সঁচা চিত্ৰ প্ৰতীকী ভাষাত ফুটাই তোলা হৈছে৷ কভিড মহামাৰী যাতে সংক্ৰমিত নহয় তাৰ বাবে নিতান্তই সাৱধানতামূলকভাৱে সামাজিক দূৰত্ব বৰ্তাই ৰখা, স্বেচ্ছাগৃহবন্দিত্বলৈ যোৱা আদি নিয়মবোৰ পালন কৰা হৈছিল৷ কবিতাৰ কণ্ঠস্বৰে এনে এক পৰিস্থিতিত শংকা কৰিছে যে যদি তেওঁৰ আত্মাৰো কভিড হয় তেওঁ তাৰ ওচৰলৈ যাব নোৱাৰিব৷ “আত্মা আৰু মই বেলেগ হ’ব লাগিব” —কবিতাৰ কণ্ঠস্বৰৰ আশংকা৷ কিয়নো আত্মাৰ অবিহনে শৰীৰৰ কোনো মূল্য নাই৷ কিন্তু তথাপি তেওঁ কবি আশাবাদী, তেনে পৰিস্থিতি আহিলে বাচি থাকিবলৈ চেষ্টা কৰিব—
“আত্মাহীন মই
আৰু শৰীৰহীন আত্মা
আমি বাচি থাকিবলৈ চেষ্টা কৰিম৷”
মানসী গগৈৰ নক্ষত্ৰৰ উদ্যানৰ প্ৰায়বোৰ কবিতাতে আৱেগ-অনুভূতিৰ নিষ্ঠাপূৰ্ণ প্ৰকাশ দেখিবলৈ পোৱা যায়৷ সামাজিকভাৱেও তেওঁ এগৰাকী সচেতন কবি। কবিতাৰ কলা-কৌশল সম্পৰ্কে তেওঁ সজাগ৷ অলংকাৰপূৰ্ণ ভাষা তেওঁৰ কবিতাত পোৱা নাযায়৷ তাৰ বিপৰীতে উকা গদ্যধৰ্মী ভাষাৰ ব্যৱহাৰ দেখা যায়৷ চৌপাশৰ প্ৰকৃতি, মানৱ-জীৱন আৰু সমাজৰপৰাই তেওঁ কবিতাৰ ৰূপ-ৰস-ছন্দ আহৰণ কৰে৷ নক্ষত্ৰৰ উদ্যানৰ কবিতাবোৰ কবিৰ শেহতীয়া কাব্যিক উত্তৰণৰো উদাহৰণ৷