‘তুমড়ী কে শব্দ’ : সাম্প্ৰতিক সমাজ-সভ্যতাৰ সংবেদনা

অনুৰাধা শৰ্মা

Issue: Vol. V, No. 1, May-July, 2026

হিন্দী ভাষাৰ ‘তুমড়ী’ শব্দৰ অৰ্থ হৈছে শুকান লাউৰ ভিতৰৰ পৰা সাহখিনি পেলাই দি খোলাটোৰে সাজি উলিওৱা বাদ্যযন্ত্ৰ৷ অসমীয়াতো ‘লাউ লোৱা’ বুলি এটা শব্দ আছে– যাৰ ধাতুৰ পাত্ৰ কিনিবলৈ সামৰ্থ্য নাই তেওঁলোকে লাউৰ পাত্ৰ ব্যৱহাৰ কৰিছিল৷ সম্ভৱত সেই অৰ্থতেই লাউ লোৱা শব্দটো ব্যৱহাৰ হৈছিল৷ তদুপৰি অসমীয়া সমাজত লাউ টোকাৰী নামৰ বাদ্য এবিধো আছিল৷ যি অৰ্থতেই ব্যৱহাৰ নহওক কিয় ইয়াৰ লগত সাধু, সন্ত, বৈৰাগী, দৰিদ্ৰতা আদি ব্যঞ্জনাবোৰ জড়িত হৈ আছে৷ ভাৰতীয় সমাজৰ আধুনিক বিকাশত এই শব্দই যেন এক হেৰোৱাৰ অৰ্থ বহন কৰিছে৷ এই লাউ টোকাৰীৰ পৰা ওলোৱা শব্দ কিমান পৰিমাণে সাধাৰণ জনগণৰ বা কিমান পৰিমাণে গণতন্ত্ৰৰ কোৱা কঠিন; কিন্তু তাৰ মাজতেই কবিয়ে এক সিদ্ধান্ত স্পষ্ট কৰিছে–

ইয়াৰ শেষৰ শাৰীটো খুব তাৎপৰ্যপূৰ্ণ; কবিয়ে নিৰাকাৰে সাকাৰ ৰূপ পায় বুলি কোৱা নাই; নিৰাকাৰে নিৰাকাৰতো সাকাৰ ৰূপ পায়৷ অৰ্থাৎ ইয়াৰ বাবে ফৰ্ম সলনি কৰিব নালাগে, যি ফৰ্মত আছে, তাৰ পৰাই আকাংক্ষা প্ৰাপ্তি হ’ব৷ এই তুমড়ীৰ শব্দৰ শক্তি কবিয়ে কবিতাটোৰ শেষলৈ প্ৰকাশ কৰিছে এইদৰে– ‘‘তুমড়ী  গাই গাই নাচি উপাসকে/ মোক মাজে মাজে উৎসাহিত কৰে/ ভয় নকৰিবা কবি/ এই শব্দ মৰাৰ লগে লগে জী উঠে৷’’

 ‘তুমড়ী কে শব্দ’ এই কবিতাটো বদ্ৰী নাৰায়ণৰ তুমড়ী কে শব্দ কবিতাপুথিখনৰ অন্তৰ্গত এটা কবিতা৷ ২০২২ চনত সাহিত্য অকাডেমি পুৰস্কাৰেৰে সন্মানিত হিন্দী ভাষাৰ এই কবিতাপুথিখনত সৰ্বমুঠ ৫৬টা কবিতা সন্নিৱিষ্ট হৈছে৷ অৱশ্যেই অকাডেমি পুৰস্কাৰৰ যোগ্যতাৰ মাপকাঠিৰে আমি ইয়াৰ আলোচনা কৰিব বিচৰা নাই৷ সভ্যতাৰ পৰিৱৰ্তিত প্ৰৱাহত কিদৰে সাধাৰণ মানুহ হাৰি হাৰি জীয়াই থাকে, যুঁজি যুঁজি ভাগৰি পৰে, তেনে মানুহৰ সংঘৰ্ষ, পীড়া, জীৱনচৰ্যা ‘তুমড়ী’ৰ শব্দই কিদৰে কঢ়িয়াইছে, সেয়া তুলি ধৰাহে আমাৰ লক্ষ্য৷ সাম্প্ৰতিক সময়ত বিকাশৰ শ্লোগানে আকাশ-বতাই কঁপাই তুলিছে৷ এই বিকাশ এমুঠি বণিক গোষ্ঠীৰ সম্পদ আহৰণ আৰু লুণ্ঠনৰ মাজেৰে অহা এক চকু চাট মাৰি ধৰা আৱৰণহে; বাস্তৱ ইয়াতকৈ বহু ৰুঢ়৷ ক্ষমতাহীন মানুহ হৈ পৰিছে অসহায় আৰু দিশহাৰা৷ বদ্ৰী নাৰায়ণৰ কবিতাত এই সাম্প্ৰতিক ছবিখনো ব্যঞ্জনাঋদ্ধ হৈ উঠিছে৷ ‘তুমড়ী’ শব্দটোৱেই আধুনিক ভাৰতত এক হেৰোৱাৰ দ্যোতনা৷ লোকসংস্কৃতিৰ এই উপাদান এতিয়া অকল লুপ্তপ্ৰায়েই নহয়, অৱহেলিতও৷ বদ্ৰী নাৰায়ণে তেওঁৰ কবিতাৰ মাধ্যমেৰে সভ্যতাৰ সংকট বা বিকাশৰ ধামখুমীয়াত অৱহেলিত আৰু নিঃস্ব হৈ পৰা সাধাৰণজনৰ অনুচ্চাৰিত ধ্বনিক যেন বাঙ্ময় ৰূপ প্ৰদান কৰিছে৷            

সাম্প্ৰতিক সভ্যতাৰ দৌৰত ক্ষমতা আৰু সম্পদে ৰাষ্ট্ৰৰ আগৰ শাৰীত থকা মানুহক মাটিৰ পৰা নি ট্ৰপ’স্ফিয়াৰৰ ওপৰৰ সীমা পোৱাইছেগৈ৷ মূৰ তুলি চালেই সেই আতচবাজীয়ে চকু চাট মাৰি ধৰে, বিকাশৰ এই ৰূপে সকলোকে সন্মোহিত কৰে৷ কিন্তু এয়াই জানো বিকাশৰ স্বৰূপ হ’ব পাৰে? সত্য অসহায়জনক আৰু কঠোৰ৷ এই দৌৰৰ পৰা বাদ পৰা মানুহ আছে; দুৰ্ভাগ্যজনক কথাটো হ’ল— বাদ পৰা মানুহৰ কণ্ঠই মূল ধাৰাক স্পৰ্শ কৰিব নোৱাৰে৷ কবিয়ে ‘দুঃখপুৰাণ’ কবিতাটোৰ অন্তিম শাৰীত লিখিছে—

কাৰ পুৰাণ তেওঁ লিখিব বিচাৰে? যি মানুহক সংগ, গোট আৰু বিকাশৰ বাহিৰত এৰি দিয়া হয়, যি ভাঙি পৰে, হাৰি যায়৷ ইয়াতেই আমাৰ সভ্যতাৰ সেই বিভাজনৰ প্ৰতিফলন স্পষ্ট হৈ উঠিছে৷ ইয়াত deconstruction-ৰ কথা কোৱা হৈছে৷ ‘পুৰাণ’ শব্দই নিৰ্দেশ কৰিছে সেই ইতিহাস— যি ইতিহাস মূলধাৰাত আধিপত্যশীল লোকক কেন্দ্ৰ কৰি গঢ় লৈ উঠে৷ যুগে যুগে এই শ্ৰেণীৰ ইতিহাসেই কেন্দ্ৰীয় ধাৰা হৈ পৰিছে; সেয়ে কবিয়ে ইতিহাসৰ যুগ যুগ ধৰি চলি থকা নিৰ্মাণ ভাঙি দি বাদ পৰা মানুহৰ কাহিনীক লৈ এক নতুন ইতিহাস লিখিব বিচাৰিছে৷

‘কৰীমন বী’ কবিতাটোত পৰিচিতি হেৰোৱাসকলৰ অস্তিত্বৰ প্ৰসংগ আনিছে৷ গছ, পাত, ফুল, চৰাই, ছোৱালী, পত্নী, বোৱাৰীৰ পৰা কৰীমন বীলৈ একেটা শাৰীতে অস্তিত্বৰ প্ৰসংগৰে পাৰিপাৰ্শ্বিকতা আৰু নাৰীক একাকাৰ কৰি তুলিছে আৰু শেষলৈ আনিছে সংখ্যালঘু সম্প্ৰদায়ৰ এক মহিলাৰ নাম৷ ভাৰতবৰ্ষৰ বৰ্তমান ধৰ্মীয় ভেদৰ ৰাজনৈতিক পৰিপ্ৰেক্ষিতত এই নামটোৱে আনিছে ধৰ্মনিৰপেক্ষ দেশখনত নাগৰিক অধিকাৰৰ আন এক প্ৰসংগ৷ কবিতাটোৰ কেইটামান শাৰী এনেধৰণৰ—

সাম্প্ৰতিক সময়ত আধুনিক বাতাবৰণৰ যান্ত্ৰিক পৃথিৱীখনত মানুহ ক্ৰমান্বয়ে মাটিৰ পৰা দূৰলৈ, লোকজীৱনৰ পৰা কৃত্ৰিম যান্ত্ৰিক জগতলৈ পৰ্যবসিত হৈ গৈ আছে৷ মাটিৰ মিঠা গোন্ধৰ পৰা আঁতৰি গৈছে৷ জীৱনৰ বাস্তৱতা কেৱল নগৰ-চহৰ, ভৌতিক বস্তু, কংক্ৰিটৰ ঘৰ-দুৱাৰে অনা সভ্যতাৰ স্তৰ বা তথাকথিত বিকাশৰ মাজতে সীমাৱদ্ধ নহয়৷ মানুহৰ সংবেদনশীলতা ইয়াতকৈ বহু গভীৰ আৰু বিস্তৃত। আৱহমান কালৰ পৰাই সকলো ভৌতিক প্রাপ্তি আৰু আকাংক্ষাৰ পিছতো মানুহে জীৱ-জগতৰ লগত সম্পৰ্ক ৰক্ষা আৰু সহমর্মিতা প্রকাশ কৰি আহিছে। সভ্যতাৰ চাকচিক্যই বহু সময়ত মানুহক মোহৰ ভ্ৰমজালত আৱদ্ধ কৰিব বিচাৰিলেও মানৱ প্ৰেমৰ সত্য মনুষ্যত্বৰ অৰ্থ অনুধাৱন কৰা ব্যক্তিমাত্ৰৰেই মনলৈ আহে৷ সেই সত্য শিল্পীয়ে আনে, সাহিত্যিকে আনে, আনকি একেবাৰে খাটি খোৱা মানুহৰ মাজতো সেই সত্যই অমোঘ হৈ উঠে৷ বদ্ৰী নাৰায়ণেও তেওঁৰ কবিতাত এই সত্যক প্ৰকাশ কৰিছে লোকজীৱন আৰু ইতিহাসৰ সংযোজনেৰে৷ তেওঁৰ কবিতাত জীৱন উপলব্ধিৰ এই অনুষংগত ভাৰতীয় চুফী কবি ‘কবীৰ’ এক বিশেষ ব্যঞ্জনা হৈ বাৰম্বাৰ ধৰা দিছেহি৷ কবীৰৰ শিক্ষা আৰু বিচাৰে ভাৰতবৰ্ষৰ সাধাৰণ হিন্দু আৰু মুছলমানক সদায়েই মুগ্ধ কৰি আহিছে; অৱশ্যেই সংকীৰ্ণ ৰক্ষণশীলসকলৰ বাবে কবীৰ তেতিয়াও চকুৰ কুটা দাঁতৰ শাল, এতিয়াও৷ বাহ্যিক অৰ্থত আজিৰ পৃথিৱী লাহে লাহে মুক্ত হৈ পৰিছে, বিজ্ঞানে অসাধাৰণ প্ৰগতিৰে মানৱ সভ্যতাক গভীৰভাৱে প্ৰভাৱিত কৰিছে, উদ্যোগপতি আৰু বণিকগোষ্ঠীয়ে বিজ্ঞানৰ অৱদানেৰে নিজৰ শক্তি আৰু ক্ষমতা বৃদ্ধি কৰিছে, মানুহ মহাকাশৰ গৱেষণাত জড়িত হৈ পৰিছে, ৰকেট উৎক্ষেপণ কৰিছে ইত্যাদি, ইত্যাদি৷ কিন্তু সাধাৰণ মানুহৰ দুখ-যন্ত্ৰণা, অসহায়তা, সংকট, ভীতিগ্ৰস্ততাই সভ্যতাৰ আকাশলংঘী উচ্চতাক তুচ্ছ কৰি পেলোৱা নাইনে? বৈষয়িক প্ৰাপ্তিৰ উন্মাদনাৰে মত্ত মানুহক জীৱনৰ ক্ষণভংগুৰতাই সেই সত্যৰ সন্মুখতে থিয় কৰাই দিয়ে৷ সেয়ে আজিৰ সময়তো কবীৰক কিয় আৰু কিমান প্ৰয়োজন সেই উপলব্ধিক কবিয়ে বিভিন্ন কবিতাৰ মাজত বাৰম্বাৰ উল্লেখ কৰি সোঁৱৰাই দিছে—

‘ভদৌহী বস ষ্টেণ্ড পৰ’ কবিতাটোত কবীৰ এক বিশেষ নিৰ্মাণ হৈ উঠিছে৷ কবীৰ থিয় হৈ আছে ভদৌহী বাছ ষ্টেণ্ডত বাছৰ অপেক্ষাত৷ তেওঁ তাৰ পৰা যাব বিচাৰিছে— আৰু আন ঠাইলৈ যাত্ৰা কৰিব৷ নিশ্চিতভাৱে এই যাত্ৰা নিশ্চিতিৰ পৰা অনিশ্চিতিলৈ, যি আহুকালেই নাহক, কবীৰ দৃঢ় ভয়শূন্য আৰু নিৰুদ্বেগ৷

‘বেগমপুৰা এক্সপ্ৰেস’ কবিতাটোতো কবিয়ে যাত্ৰাৰ বাবে সেইসকলকহে উপযুক্ত বুলি বিবেচনা কৰিছে, যিসকলে কবীৰৰ দৰ্শনক উপলব্ধি কৰিব পাৰে৷ ইয়াত কবীৰৰ নামোল্লেখ কৰা নাই, কিন্তু সমগ্ৰ পৃথিৱীৰ শুভকামনাক বিকশিত কৰি তোলা কবীৰৰ ‘ঢাই অক্ষৰ’ৰ প্ৰসংগ আছে—

কাৰণ, সকলো মন্দিৰ-মছজিদ, তীৰ্থ, জ্ঞান, মোল্লা, ঠাকুৰ আদিৰ ওপৰলৈ গৈ কবীৰেই এক সিদ্ধান্ত দিছিল—

দেৱনাগৰীত লিখা ‘প্ৰেম’ শব্দটোতে আঢ়ৈটা আখৰ আছে, যাৰ লগতে মানুহৰ বাস্তৱিক ধৰ্ম কেন্দ্ৰীভূত হৈ থাকে বুলি কবীৰে ব্যক্ত কৰিছে৷

কবি আৰু কবিতাৰ বাবে বৰ্তমান সময়ত আহি পৰা প্ৰত্যাহ্বানকো বদ্ৰী নাৰায়ণে সৰল ভাষাৰে নিৰ্মাণ কৰিছে৷ সাহিত্যিকৰ ৰাজনীতি —এই বিষয়টো উল্লেখ কৰিলেই যিসকল জাঙুৰ খাই উঠে, অথচ নান্দনিকতাত ডুব দি বিশুদ্ধ সাহিত্যৰ দোহাই সুবিধাজনক স্থিতিত অৱস্থান কৰে, তেওঁলোক ৰাজনীতিৰ পৰা প্ৰকৃততে মুক্ত থাকে নে? ‘ৰাজনীতি’ শব্দটোৱে কোনো নিৰ্দিষ্ট ‘ৰাজনৈতিক দল’ৰ সৈতে জড়িত থকা-নথকাকে নুসূচায়৷ বহু সময়ত সাহিত্যৰ ‘পাঠ’ এটাক বহু ব্যাখ্যাৰে তাৰ নিহিত অভিপ্ৰায়ৰ পৰা নিলগাই থোৱাৰো কৌশল চলে৷ আনকি এনেও হোৱা দেখা যায় যে, প্ৰতিষ্ঠান-বিৰোধী লেখকৰ ৰচনাক তেওঁৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি জোৰপূৰ্বক নিয়ন্ত্ৰণ কৰি শাসকগোষ্ঠীয়ে নিজৰ পক্ষত ব্যৱহাৰ কৰে৷ বৰ্তমান সময়ত এনে কৌশল সুলভ৷ উদাহৰণস্বৰূপে অসমত জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা বা ভূপেন হাজৰিকাৰ যিবোৰ গীত প্ৰতিৰোধৰ বাবে সৃষ্টি হৈছিল আজি শাসকপক্ষই তেনে বিষয়বোৰ নিজৰ হাতলৈ আনি চৰকাৰী পৃষ্ঠপোষকতাত উৎসৱ পাতি তাক ব্যৱহাৰ কৰিছে৷ অথচ য’ত জনগণৰ শোষণ-বঞ্চনা, অত্যাচাৰৰ বিৰোধ আছে, সি সদায় জনগণৰ সাহিত্য আৰু এই সাহিত্যক জনগণে প্ৰতিৰোধৰ শক্তি হিচাপেই ব্যৱহাৰ কৰি আহিছে৷ তাক নিয়ন্ত্ৰণ আৰু হস্তগত কৰাৰ কৌশলত বহু সময়ত জনগণ বিভ্ৰান্ত হৈ পৰে৷ এই বিষয়টো বদ্ৰী নাৰায়ণৰ ‘অগৰ আপ কবিতা লিখে’ শীৰ্ষক কবিতাটোত প্ৰকাশিত হৈছে—

একবিংশ শতিকাৰ নব্য উদাৰীকৰণ অৰ্থনীতিৰ প্ৰভাৱত আমাৰ দেশৰ মধ্যবিত্তৰ পৰিৱৰ্তিত চিন্তা-মূল্যবোধক লৈ বদ্ৰী নাৰায়ণে কেবাটাও কবিতা লিখিছে৷ বজাৰৰ দ্বাৰা সকলো বস্তুৰ নিয়ন্ত্ৰণ আৰু মূল্য নিৰ্ধাৰণ কৰাৰ যি প্ৰয়াস বৰ্তমান সময়ৰ বিশিষ্টতা হৈ উঠিছে, তাত মানুহৰ মূল্যও বাদ পৰি যায়– মানৱতাক এক বিমূৰ্ত বা বজাৰমুখী নোহোৱা বিষয় বুলি গণ্য কৰা হয়৷ ধন, ক্ষমতা, সম্পদ, শক্তি – এইবোৰেই মানুহৰ দাম নিৰ্দিষ্ট বা নিয়ন্ত্ৰণ কৰি থাকে৷ ইয়াৰ বাবে দায়ী কিন্তু মানুহেই, মানুহৰ লালসাই মানুহৰ মূল্য ক্ৰমশঃ হ্ৰাস কৰি পেলাইছে৷ এই লালসা অন্তহীন৷ আমি মধ্যবিত্ত শ্ৰেণীটো মাথোঁ দৌৰিছোঁ আৰু দৌৰিছোঁ— এটাৰ পিছত এটাকৈ আকাংক্ষা পূৰণৰ দৌৰত৷ আমি ক্ৰমশঃ অক্টোপাছৰ চেপালৈ গৈ আছোঁ। কবি এই বিষয়ক লৈ শংকিত আৰু চিন্তিত। ‘ভাৰত বিজয়’ কবিতাটোত বজাৰ দৌৰৰ ছবিখন তেওঁ দেখুৱাইছে—

ক্ষমতাত থকা সকলৰ বাবে মিডিয়া, মোবাইল আৰু বজাৰৰ দূৰাভিসন্ধিৰে সাম্ৰাজ্য বিস্তাৰ কৰাটো এতিয়া সহজ হৈ পৰিছে। কাৰণ ক্ষমতা যাৰ হাতত, তেওঁলোকে যি দেখুৱাইছে আমি সেয়াই দেখিছোঁ। বাৰম্বাৰ আমাৰ সন্মুখত আবৃত হৈ যি বিষয় বা বস্তুৰ প্ৰমুখন ঘটিছে আমি তাকেই সত্য বুলি মানি ল’বলৈ বাধ্য হৈছোঁ। সাধাৰণ মানুহৰ বিচাৰ ইয়াৰ ধামখুমীয়াত হেৰাই গৈছে। কাৰণ ইতিহাস নিৰ্মাণ তেওঁলোকৰ হাতত, বজাৰ তেওঁলোকৰ হাতত, প্ৰগতি তেওঁলোকৰ প্ৰদৰ্শনকামীতাৰ জোৱাৰত—

পৰিৱৰ্তনৰ সোঁতত গাঁওবোৰ লাহে লাহে নোহোৱা হৈ আহিল। অথচ গান্ধীজীৰ ‘গ্ৰাম স্বৰাজ’ৰ ধাৰণা ভাৰতৰ স্বাধীনতাৰ সমান্তৰালভাৱে ভাৰতবৰ্ষৰ বিকাশৰ শিপাত গভীৰভাৱে প্ৰোথিত আছিল। বিকাশৰ ৰেখাডাল কংক্ৰিটৰ পৃথিৱীতে সীমাৱদ্ধ নাছিল, মাটিৰ মানুহৰ মৌলিক প্ৰয়োজন তথা সমবিকাশৰ লক্ষ্য আছিল। কবিয়ে সেয়ে গাঁৱৰ বিচাৰৰ কথা কৈ আমি ক’ৰ পৰা ক’লৈ গৈ আছোঁ আৰু তাত সাধাৰণ মানুহৰ পৰিচিতি কিদৰে শূন্যত বিলীন হৈ গৈ আছে সেই কথা অভিব্যক্ত কৰিছে—

বৰ্তমান পৃথিৱীত দ্ৰুত গতিত বৃদ্ধি পোৱা উপভোক্তাবাদ, বাণিজ্যিকীৰণ আদিয়ে বিকাশৰ যি ৰূপ দেখুৱাইছে, সেয়াই উন্নতিৰ ছবিনে ? মানুহ দিনে দিনে অসুখী হৈ গৈ আছে, অসুখ-অশান্তিয়ে কোঙা কৰি তোলা সাধাৰণ মানুহৰ ছবিখন বদ্ৰী নাৰায়ণৰ কেইবাটাও কবিতাত পোৱা যায়। পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনত ধনী-দুখীয়া, ক্ষমতাশালী-ক্ষমতাহীন, উচ্চ-নীচ আদি অসংখ্য দ্বৈতবিৰোধৰ জটিলতাই আমাৰ গণতন্ত্ৰক চেপি ধৰিছে। অথচ প্ৰযুক্তিৰ চাকচিক্যৰে এনে ভ্ৰমজাল তৈয়াৰ কৰা হয়, যিয়ে চমকৃত কৰি তোলে একোখন বিকশিত ভাৰত। সন্মুখৰ এই জকমকীয়া ৰূপটো মৃণ্ময় দেৱীমূৰ্তিৰ দৰে, যাক দেখি আমি মোহিত হওঁ অথচ পশ্চাদ অংশত থকা মাটিৰ লেপন আৰু শুকান খেৰৰ জুমুঠি আমাৰ চকুতেই নপৰে। দেশৰ গণতন্ত্ৰৰ এই অৱস্থাক উপলক্ষ্য কৰি তাৰ ভিতৰত থকা সামন্তীয় মনোভাবক বদ্ৰী নাৰায়ণে কেইবাটাও কবিতাত উদঙাই দিছে। উদাহৰণস্বৰূপে—

অতি কম কথাত তেওঁ ভাৰতীয় গণতন্ত্ৰৰ স্বৰূপ উন্মোচন কৰিছে। ভাৰতৰ গণতন্ত্ৰ সৰ্ববৃহৎ, পৃথিৱীত বন্দিত কিন্তু সেই গণতন্ত্ৰৰ দেহটোহে কেৱল সুন্দৰ, প্ৰশংসনীয়। এই দেহাটোত আত্মা নাই, আনহাতে আত্মাৰ আকুতি দেহে নুশুনে।

সামন্তীয় ব্যৱস্থা কি ধৰণে এটা শৃংখল ৰূপত চলি আছে তাৰ এটি অৰ্থৱহ নিৰ্মাণ হ’ল ‘হম’ নামৰ কবিতাটো—

আনকি এই কবিতাটোত আমি ভাল গণতন্ত্ৰত বাস কৰিছোঁ বুলি ভবাটোৱে যেন কেনে এক প্ৰহসন সেই কথা প্ৰকাশ কৰিছে। কোনোবাই আমাক শোষণ কৰিছে, আমি প্ৰতিৰোধ কৰাৰ পৰিৱৰ্তে সুযোগ পালে আন কাৰোবাক শোষণ কৰিছোঁ; কোনোবাই আমাক দুখ দিছে, আমি কাৰোবাক দুখ দিছোঁ— এজনৰ সৈতে আনজনৰ এই সংযোগেৰে আমি ৰাষ্ট্ৰ সাজিছোঁ। কবিতাটোৰ শেষলৈ ৰাষ্ট্ৰৰ অখণ্ডতাৰ লক্ষ্যই বৈচিত্ৰ্যক হত্যা কৰি ‘ঐক্য’ৰ আকৃতি লোৱাৰ ৰুঢ় বাস্তৱৰ পৰিস্থিতিৰ কথা ব্যক্ত কৰিছে। অখণ্ডতাই খণ্ডবোৰক হত্যা কৰি গঢ়ি তোলা এই ঐক্যৰ গণতন্ত্ৰক লৈ আমি গৌৰৱ কৰাৰ দৰে ‘আয়ৰনি’ বৰ্তমান ৰাষ্ট্ৰৰ পৰিৱেশত অতি তাৎপৰ্যপূৰ্ণ।

ভাৰতবষই স্বাধীনতা লাভ কৰাৰ ইমান বছৰৰ পাছতো গোলামী মনোবৃত্তিৰ পৰা আমি যে মুক্ত হোৱা নাই, সেই দৃষ্টিভংগীক লৈ ৰচনা কৰা এটা কবিতা হৈছে ‘ৰাণী তেৰা নৌকৰ’৷ এতিয়াও ভাৰতীয় মানুহে সেই আনুগত্য প্ৰকাশ কৰে আৰু মোহিত হৈ ভৱিষ্যত প্ৰজন্মক কাহিনী কয়– ‘‘তুমি এই কথা জানি আচৰিত হ’বা ৰাণী৷ তোমাৰ পৰা স্বাধীন হোৱাৰ অত বছৰৰ পাছতো/ তোমাৰ এজন উপদেষ্টাই লিখা/ তোমাৰ জীৱনী তেওঁ পঢ়ি আছে/ জীৱনী পঢ়ি আছে আৰু মুগ্ধ হৈ উৎফুল্লিত হৈছে/ নিজৰ ল’ৰা-ছোৱালীক শুনাইছে/ তুমি আজিও ইয়াত কিমান জীৱন্ত ৰাণী!’’

এফালে ব্ৰিটিছ উপনিবেশৰ আৱেশ আৰু আনফালে বিশ্বায়নকেন্দ্ৰিক বাতাবৰণৰ পৰিপ্ৰেক্ষিতত পৃথিৱীৰ শক্তিশালী দেশ আমেৰিকাৰ প্ৰতি আমি নতজানু হৈ থাকোঁ৷ মুক্ত অৰ্থনীতিৰ আন এক উপনিৱেশত আমি যেন বাস কৰিছোঁ৷ বিশ্বায়নৰ প্ৰভাৱৰ এই পৰিৱৰ্তিত পৰিৱেশক লৈয়ো ‘তুমড়ী’ৰ পৰা ওলোৱা শব্দৰে আমাৰ অৰ্থনৈতিক ব্যৱস্থাৰ ছবিখন তেওঁ প্ৰকাশ কৰিছে ‘হায় বৰেলী কে বাজাৰ’ নামৰ কবিতাটোত। ‘নাচিৰীগঞ্জৰ বজাৰত বিক্ৰী হয় আমেৰিকাৰ ঘেঁহু/ আৰাৰ গুডামত পচি যায় নাচিৰীগঞ্জৰ বজাৰৰ ঘেঁহু৷’’ এই ছবিখন এতিয়া সৰ্বত্ৰ সূলভ৷ সেইদৰে, ‘প্ৰাতভ্ৰমণ কা আধুনিক পুৰাণ’ কবিতাটোত সমকালৰ অৰ্থনৈতিক-ৰাজনৈতিক পৰিৱেশত প্ৰাতঃভ্ৰমণৰ ছবিখনে নগৰীয়া মধ্যবিত্তৰ পুতলা আচৰণৰ ছবিখন দাঙি ধৰিছে৷ চৌপাশৰ তথ্যৰ ভিৰত আমি নিজক হেৰুৱাইছোঁ, স্বপ্নাতুৰ হৈ ‘ইল্যুচন’ৰ মাজতে ৰৈ গৈছোঁ৷ কবিতাটোৰ শেষৰ ফালে আছে– ‘‘চুলি সৰা বন্ধ কৰিবলৈ/ বাবা ৰামদেৱৰ পতঞ্জলি যোগ নিয়ম অনুসৰি/ নিজৰ নখ ঘঁহি ঘঁহি/ জঁপিয়াই গৈ থাকিল৷ আজি ঐশ্বৰিক হৈ উঠিছে মৰ্ণিংৱাক/ যেন এফালে ইন্দ্ৰই খোজ কাঢ়িছে/ আনফালে কুবেৰ/ আৰু আমি একেলগে/ মৰ্ণিংৱাক কৰি আছোঁ৷’’

সংকলখনৰ আন এটি তাৎপৰ্যপূৰ্ণ কবিতা হৈছে– ‘ম্যেয় এক উপনিবেশ’ শীৰ্ষক কবিতাটো৷ ইয়াত কবিয়ে নাগৰিকৰ অন্তঃৰাত্মাক যেন টুকুৰিয়াই দিছে৷ নাগৰিকৰ উগ্ৰতা আৰু হিংসাই কিদৰে মনুষ্যত্বৰ ভিতৰত থকা আত্মাক বশ কৰি তোলে, সেই বাস্তৱতাকে কবিয়ে উপলক্ষ্য কৰিছে৷ পইচাৰ কোনো জাতি নাই, বজাৰৰ কোনো ধৰ্ম নাই; কিন্তু বাস্তৱত বজাৰত কি হৈ আছে! জাতি ধৰ্ম আৰু বৰ্ণগত গৌৰৱত মানুহ আক্ৰমণাত্মক হৈ উঠিছে৷ কবিতাটোৰ শেষৰ ফালে কবিয়ে লিখিছে—

আধুনিক নাগৰিক, যিসকলক ব্যক্তি স্বাধীনতাৰে সমৃদ্ধ মুকলি মনৰ বুলি গণ্য কৰা হয় তেওঁলোকৰ মাজত লুকাই থকা চালাকী, ক্ৰূৰতা, ভোগ-উপভোগ-লালসা আৰু জাতি-ধৰ্মৰ এক হিংস্ৰ দৃষ্টিভংগীকে ৰাষ্ট্ৰীয় গৰ্ব বুলি বিচাৰ কৰা ফোপোলামি —এই ৰূপটোক কবিয়ে নিৰ্দ্বিধাই প্ৰকাশ কৰিছে৷ এয়া আধুনিক পৃথিৱীৰ নগ্নতা৷ এই সংকলনৰ শেষৰ কবিতাকেইটাত ধুমিলৰ সংসদ সে সড়ক তক কবিতাপুথিৰ কবিতাৰ অনুৰণন পোৱা যায়— য’ত তেওঁ শাসক, সমাজ আৰু ব্যক্তিক নিজৰ নিজৰ প্ৰকৃত স্বৰূপ প্ৰতিফলিত হোৱা আয়নাখন দেখুৱাইছে৷ বিশেষকৈ স্বতন্ত্ৰ ভাৰতৰ গণতন্ত্ৰৰ অৱক্ষয়, নকল ৰাষ্ট্ৰবাদেৰে ক্ষমতা আহৰণ আৰু উপভোক্তাবাদৰ প্ৰসাৰণ তথা স্বাৰ্থসিদ্ধি, ৰাষ্ট্ৰৰ অখণ্ডতাক জনমোহিনী ৰূপত উদ্ভাসিত কৰি তুলি সৰু সৰু মানুহৰ ভাষা-সংস্কৃতিৰ ওপৰত বুলডজাৰ চলোৱাৰ প্ৰক্ৰিয়া, সাধাৰণ মানুহৰ অসহায়তাক তুলি ধৰিছে৷ ‘পেড় কী শোক সভা’ কবিতাটোত সাধাৰণ মানুহৰ ছবি ৰূপকধৰ্মী কৰি ব্যক্ত কৰিছে৷ সেইদৰে, ‘সপনে সৰকাৰী’ কবিতাটোত চাকৰিজীৱীসকলৰ আত্মনিৰ্ভৰতাৰ আঁৰত থকা ‘হয় হুজুৰ’ আচৰণৰ চাকৰ পৰ্যায়ৰ বিড়ম্বনাক প্ৰকাশ কৰিছে এইদৰে—

নিৰীহজনৰ বিৰুদ্ধে চলা আতিশয্য, অন্যায়ৰ ফলত যি সংবেদনশীলতাৰ সৃষ্টি হয়, সেয়া সাহিত্যত কোনো নতুন কথা নহয়৷ প্ৰান্তীয় ইতিহাস বুৰঞ্জীৰ কিতাপত নাথাকিলেও, সাহিত্যৰ মাজত প্ৰকাশ কৰাৰ সমান্তৰাল ধাৰা এটা ভাৰতীয় সাহিত্যত চলি আহিছে৷ কিন্তু গণতন্ত্ৰৰ মোল নুবুজা মানুহৰ হাতত যেতিয়া শাসনৰ বাঘজৰী থাকে, ব্যক্তিস্বাধীনতাক অগ্ৰাধিকাৰ দিব খোজা আধুনিক নাগৰিকে যেতিয়া জাতি, ধৰ্ম আৰু বৰ্ণ গৌৰৱেৰে সামাজিক পৰিচিতিক অগ্ৰাধিকাৰ দি পৰস্পৰ বিৰোধী চেতনা প্ৰকাশ কৰে আৰু এনে পৰিৱেশত মিডিয়াও যেতিয়া শাসনতন্ত্ৰৰ প্ৰতি আনুগত্যশীল হৈ পৰে— তেতিয়া ‘ৰাষ্ট্ৰ’ৰ সত্য প্ৰকাশ কৰা সহজ কথা নহয়৷ বণিক, শাসক আৰু সম্পদ— ব্যৱস্থাৰ ত্ৰিভূজটোৰ শীৰ্ষবিন্দুত এই তিনিটা একত্ৰিত হৈ পৰিলে আনুভূমিক স্থানত থকা তৃণমূলৰ মানুহৰ জীৱন পানীত হাঁহ নচৰাৰ দৰে হৈ পৰে৷ এই পৰিস্থিতিত ভোগবাদ, শোষণ, অসাম্য আৰু হিংসাৰে ভৰি পৰা আমাৰ ৰাষ্ট্ৰ আৰু গণতন্ত্ৰৰ বিবশতাক বদ্ৰী নাৰায়ণে অতি সংবেদনশীল ৰূপত তুমড়ী কে শব্দৰ কবিতাৰ মাজত অনন্য ৰূপত তুলি ধৰিছে৷

লগতে পঢ়ক:  অনুৰাধা শৰ্মাৰ বিনোদ কুমাৰ শুক্লৰ কবিতা : সাধাৰণজনৰ সংবেদনা আৰু সুৰক্ষা

লগতে পঢ়ক:  অনুৰাধা শৰ্মাৰ ‘ঠাকুৰ কা কুআঁ’: প্ৰতি-সাংস্কৃতিক বাগধাৰা

লগতে পঢ়ক:  অনুৰাধা শৰ্মাৰ নিৰ্মলপ্ৰভাৰ কবিতাঃ নাৰী অভিজ্ঞতাৰ অনুনাদ

লগতে পঢ়ক:  অনুৰাধা শৰ্মাৰ ৰঘুনাথ চৌধাৰীৰ এটি কবিতা আৰু সেই সময় এই সময়