Issue: Vol. V, No. 1, May-July, 2026
কান্দোনৰ দেওজুই
জোনক আঘাত কৰিবলৈ
কোনে তুলি ধৰে শীৰ্ণ দুহাত
নদীয়ে উটুৱাব পাৰেনে
কান্দোনৰ দেওজুই
ৰাতিবোৰ ইয়াত মৰে প্ৰতাৰণাৰ জ্বালাত
পাহাৰীয়া নৈখনৰ পাৰে-পাৰে
জেনিছা, সমৰিকা, চনিকাৰ
উন্মুক্ত স্তনত আঙুৰ সৰে
ৰাতিবোৰ নাঙঠ হয়
ডাৱৰৰ দৰে সলাবলৈ ধৰে আকাৰ…
সপোনেও ইয়াত আত্মজাহ দিয়ে
শীতৰ জুই একুৰাৰ কাষত
দেশৰখীয়াই গীত গায়
জলফাইৰ জোপোহাবোৰে দেৱদত্তক পহৰা দিয়ে
জোনক আঘাত কৰি গুচি যায় আপেল বনৰ বতাহ
আঙুলিবোৰত নাচোন উঠে
চুচূৰ্মৈ হয় মোৰ শব্দৰ ৰহঘৰা
বুকুৰে সৰকি যায় এপাত কাঁড়
জ্বলি উঠে কান্দোনৰ দেওজুই