স্বপ্নালী কলিতাৰ দুটা কবিতা

ঘৰ

ঘৰৰ লাইখুঁটাটোৱে আটাহ পাৰিলে।

মোৰমতে ঘূৰিব বেলি
মোৰমতে সৰিব বতাহ
মোৰমতে আহিব টাব খুঁচৰি 
চাফা কৰা মালি ।

এটা হামি অহাৰ সময়ত 
ঘৰটো শুই থকাৰ ভাও জুৰিছিল।

এটা ভেনামাখিৰ ভূন্ভূননি ওফৰাই
ঘৰটোৰ কামি-মাৰলিবোৰে
গা-সৰাল দি উঠিছিল।

ফটিকাত ডুবি থকা দুটা আাঙুলিয়ে
"সঁচা কাহিনীৰ আধাৰত ৰচিত এটা 
গল্প "

জুবুৰিয়াই আছিল।

আটাহ পাৰিবৰ বাবে 
লাইখুঁটাটোৱে মজিয়াৰ ধূলিবোৰ
সামৰি আছিল।

জীৱন মৃত্যু

"কমলা কুঁৱৰী মোৰে প্ৰাণেশ্বৰী"
বোলো--
পানী কিমান হ'ল!

যিমানেই নহওক পানী
কান্ধত আছে গধুৰ হাত এখন।

কমলাৰ হেঁকেৰা ঘৰ
কোনেনো জানো চিঞৰিলে--
তাতে সোমাই মৰ!

ধুমুহাই সেইখিনিতে কাপোৰসাজ 
আঁটি আঁটি খুঁচি ল'লে।

কমলাৰ আঙুলিত ল'ৰাকণৰ 
তৰ্জনী আঙুলি।

কমলা নমৰে।

কাৰোবাৰ সেউজবোলৰ হাত
আৰু শুনি থকা অমাতৰ মাত

কান্ধত বাজি থকাৰ বাবে
সেইখিনি বিশেষ।

আচলতে...
নিজৰ বাবে মৰিবলৈ সহজ
আৰু 

আনৰ বাবে জীৱলৈ ।

Click here to read an English translation of the poems.

স্বপ্নালী কলিতা এগৰাকী তৰুণ কবি৷ গোলাঘাট জিলাৰ বাসিন্দা স্বপ্নালীৰ প্ৰকাশিত কাব্য-সংকলন এখন৷

Leave a Reply

Your email address will not be published. Required fields are marked *