পূৰ্ণ চুতীয়া
এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ? প্ৰাথমিক বিদ্যালয়ত 'অ ফুল অ ফুল নুফুলনো কিয়?', 'নিচিনো তোমাক ক'ত আছা প্ৰভু' আদি কবিতা পঢ়াৰে পৰা আজিলৈকে কবিতাৰ সৈতে সম্পৰ্ক ৰৈ গ'ল। আচলতে কবিতাসমূহ পঢ়ি ভাল পাইছিলোঁ। কবিতাসমূহে যেন আমাক বহু কথা কৈছিল। 'আমাৰ গাঁও' কবিতাত যেনেকৈ আমাৰ গাঁওসমূহৰ কথা ইমান সুন্দৰকৈ কৈছিল। সেইবাবে কবিতাৰ প্ৰতি এক টান মনত সোমাই পৰিল। এতিয়াও মন গ'লেই ভাল লগা কবিতাৰ পংক্তি আওৰাই থাকোঁ। কেতিয়াবা জোৰেৰে, কেতিয়াবা মনে-মনে। আকৌ স্কুল-কলেজত থাকোঁতে কবিতা আবৃত্তি প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিছিলোঁ। কেতিয়াবা পুৰষ্কাৰো পাইছিলোঁ। এনেকৈ কবিতাৰ লগত আত্মীয়তা গঢ়ি উঠিল। বৰ্তমানলৈকে এই সম্পৰ্ক অটুত আছে। আপুনি কবিতা কিয় পঢ়ে? মন ভাল লাগিবলৈ কবিতা পঢ়োঁ। কিছুমান মানুহে যেনেকৈ গান শুনি সময় পাৰ কৰে মই তেনেকৈ ভাল লগা কবিতাৰ পংক্তি আওৰাই সময় পাৰ কৰোঁ। কেতিয়াবা মন বেয়া লাগিলেও বা অস্থিৰতা আঁতৰাবলৈয়ো ভাল লগা কবিতা পঢ়োঁ। নতুবা মনলৈ আনি চিঞৰি থাকোঁ তেনে কবিতাৰ পংক্তি। কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে? উৎকৃষ্টতম শব্দৰ বিন্যাসেৰে সৃষ্টি কৰা বাক্যৰ কবিতাই তৃপ্তি দিয়ে। যি কবিতাৰ শব্দই হৃদয় জোঁকাৰি যাবলৈ সক্ষম হয় তেনে কবিতাই মানসিক সন্তুষ্টি দিয়ে। কবিতাসমূহ লাগিলে প্ৰতিবাদী কবিতা নতুবা অন্যান্য বিষয়ক কবিতাই নহওক কিয়। সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি? সাম্প্ৰতিক কবিতা বুলিলে কবি ৰাম গগৈদেৱে কোৱা কথাষাৰ মনলৈ আহে, "অতি সম্প্ৰতি লিখা এটা কবিতা হ'লেও 'সাম্প্ৰতিক কবিতা' বুলি আমি গ্ৰহণ কৰিব নোৱাৰোঁ। যি অবৈজ্ঞানিক ইতিমধ্যে অপ্ৰচলিত হৈ পৰিছে। যি পশ্চাৎমুখী সি কেতিয়াও সাম্প্ৰতিক কালৰ গ্ৰহণযোগ্য নহয়।" গতিকে সাম্প্ৰতিক কবিসকলে এই কথাটো মন কৰা দৰকাৰ। বৰ্তমান সমস্যাজৰ্জৰ, ক্ষয়িঞ্চু সমাজৰ কথা কওক কবিসকলে। সাম্প্ৰতিক বহু কবিৰ কবিতাত এই চিত্ৰ দেখিবলৈ পোৱা গৈছে। তেওঁলোকে কবিতাৰে এই সমস্যাসমূহৰ চিত্ৰ আঁকিছে। এনে বহু উৎকৃষ্ট কবিতা পঢ়িবলৈ পাইছোঁ বৰ্তমান। অসমীয়া কবিতা আৰু কবিক লৈ আশাবাদী সদায়। বহুকেইজন কবিয়ে সমসাময়িক ঘটনাপ্ৰৱাহ, সমাজজীৱন, সামাজিক সমস্যা আদিক কবিতাৰ মাজেৰে সুন্দৰকৈ প্ৰকাশ কৰি পাঠকৰ সমাদৰ পাবলৈ সক্ষম হৈছে। কবিতাৰে সমাজলৈ একো একোটা বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান? কবিসকলে মনৰ ভাব প্ৰকাশ কৰক। চাব যাতে কবিতা বুলি যিকোনো লিখি পাঠকলৈ এৰি নিদিয়ে। কবিতাও সাহিত্যৰ এক অংগ। গতিকে তাত সাহিত্যিক গুণ থাকিব লাগিব। সম্পৰীক্ষা কৰক, কিন্তু সম্পৰীক্ষাৰ নামত বহুৱালী কৰিব নালাগে। কবিতাক কবিতাৰ গুণেৰে মহীয়ান কৰক। বিতৰ্কত থাকি সফল হ'বলৈ চেষ্টা নকৰিব। চেষ্টা কৰক শব্দৰে, বাক্যৰে পাঠকৰ মাজত ৰৈ যাবলৈ। কবিতা কেৱল নাৰীৰ অংগতে নিবিচাৰিব। কবিতাৰ সমল সমাজৰ অন্যান্য স্থানতো উপলব্ধ।
পূৰ্ণ চুতীয়া এগৰাকী সচেতন পাঠক। তেওঁ সম্প্ৰতি ভাৰতীয় ৰেল-বিভাগত কৰ্মৰত।
কবি সকলৰ প্ৰতি সঠিক আহ্বান ৷
বৰ ভাল লাগিল কবিতা সম্পৰ্কে ব্যক্ত কৰা তেওঁৰ অনুভৱ ।এইসকল পাঠকৰ বাবে কবিতা থাকিব চিৰদিন চিৰকাল।