Yearly Archives: 2024

‘অসমীয়া পাৰিপাৰ্শ্বিক কবিতা’ আৰু প্ৰাসংগিক কথাবোৰ

অনিৰ্বাণ দত্ত

সুখৰ ধাৰণা আৰু ভিত্তি ব্যক্তিভেদে পৃথক পৃথক যদিও সকলো মানুহেই সুখৰ সন্ধানত সদা-তৎপৰ৷ সুখী হ’বলৈ প্ৰতিজন মানুহৰ দুৰ্বাৰ আকাংক্ষা৷ সুখ-সম্ভোগ আৰু বিলাসিতাৰ খকত মানুহে উপৰ্যুপৰি কৰি গৈছে পৰৰ অন্যায়৷ আটাইতকৈ বেছি নিৰ্যাতিত হৈছে প্ৰকৃতি৷ আয়াসতে ধন-দৌলত গোটাই সাতপুৰুষৰ সুখ নিশাটোৰ ভিতৰতে আনি গুদামঘৰত জমা কৰি থোৱাৰ দুৰাকাংক্ষাৰ বাবে মানুহে নিৰ্বিচাৰে ভাঙিছে অৰণ্য, খহাইছে পাহাৰ, ভেটিছে নৈ, পুতিছে পুখুৰী৷ পানীত বিহ ঢালি মাছ ধৰিছে, বনৰীয়া পশু-পক্ষীৰ মঙহ খাবলৈ পাতিছে ছিটিকা, অধিক উৎপাদনৰ বাবে ঢালিছে ৰাসায়নিক সাৰ, পতংগ নিধনৰ বাবে ছটিয়াইছে কীটনাশক৷ ইয়াৰ পাছত কি হ’বগৈ বাৰু! চৰকাৰেও উন্নয়নৰ নামত উধাইমুধাই গছ-বন কাটি, পাহাৰ-পৰ্বত ভাঙি পৰিৱেশ খাস্তাং কৰিছে৷ বিকাশৰ নামত দশোদিশে বিনাশৰ জুই দপদপকৈ জ্বলাই দিছে৷ সুখৰ মুখ পিছে কোনেও দেখা নাই৷ ভোগবাদত পিষ্ট আৰু সমূলি যন্ত্ৰনিৰ্ভৰ আজিৰ মানুহবোৰ চূুড়ান্তভাবে অস্থিৰ আৰু উশৃঙ্খল৷ সাতেসোতৰই সমাজত অসূয়া-অপ্ৰীতি, অস্বাস্থ্যকৰ প্ৰতিযোগিতা, অভাৱ-অনাটন, ঈৰ্ষা-হিংসাৰ প্ৰকোপ বাঢ়িল৷ অচিন ৰোগে জনস্বাস্থ্যক দহিলে৷ দেশে বিকাশৰ উদ্দেশ্যত কোটি কোটি টকা ভাঙি ৰূপায়ণ কৰা আঁচনিবোৰ বৃহত্তম ক্ষতিৰ কাৰক হৈ উঠিল৷ তেনে আঁচনিবোৰৰ মূল্য ভৰিব লগা হ’ল প্ৰাকৃতিক পৰিৱেশে৷ ভাৰসাম্যহীন হৈ পৰিল বতৰ৷ অতিবৃষ্টি, অনাবৃষ্টি, শীত আৰু উষ্ণতাৰ প্ৰকোপ, ভূমিস্খলন, তীব্ৰ খৰাং, অচিন ৰোগৰ মহামাৰী আদিত ডুবি গ’ল দেশ৷ প্ৰদূষণৰ মাত্ৰা বাঢ়িল৷ বন্য জীৱকুলৰে মানুহৰ সংঘাত তীব্ৰতৰ হ’ল৷ ২০১৬ চনৰ পৰা বিশ্বৰ বহু দেশে নিজ নিজ দেশত জলবায়ু জৰুৰীকালীনতা (climate emergency) ঘোষণা কৰিছে৷ জলবায়ু পৰিৱৰ্তনৰ সমান্তৰালভাৱে বিশ্বজুৰি ব্যক্তিমনত থকা মানৱীয় মূল্যবোধ, সম্প্ৰীতি, সহনশীলতা ইত্যাদি গুণবোৰৰো চৰম অৱক্ষয় ঘটিল৷ গতিকে, বিশ্ব সভ্যতাৰ এনে মুহূৰ্তত মানুহে নিজৰ লগতে জগতৰ প্ৰকৃত বাস্তৱ উপলব্ধি কৰিব লাগে৷ খন্তেকীয়া সুখ-সমৃদ্ধিৰ মৰীচিকা খেদিবলৈ এৰি মানুহে পৃথিৱীখনক কেনেকৈ পৃথিৱী কৰি ৰাখিব পাৰি, সমাজত মনুষ্যত্ববোধ কিদৰে বৰ্তাই ৰাখিব পাৰি তাৰহে চিন্তা কৰিব লাগে৷ বসুধৈৱ কুটুম্বকম (পৃথিৱীৰ সকলো জীৱ এক পৰিয়ালৰ) —এই ধ্যান-দৰ্শনেৰে সমগ্ৰ জীৱ আৰু জড় জগতক আপোন বুলি গণ্য কৰি নিৰ্বাহ কৰাৰ কৌশল অনুসৰণ কৰাহে আজি জৰুৰী৷ এই সময় পৰিৱেশ সংৰক্ষণ আৰু বতৰৰ ভাৰসাম্য ৰক্ষাৰ বাবে, প্ৰকৃতি আৰু জৈৱ-বৈচিত্ৰ্য সুৰক্ষাৰ বাবে সৰ্বস্তৰৰ ৰাইজে একমুঠে যুঁজাৰ সময়৷ এই যুদ্ধৰ কৌশল হ’ব— পাৰিপাৰ্শ্বিক সমস্যাবোৰৰ ভয়াবহতাৰ প্ৰতি জনসচেতনতা বৃদ্ধি কৰা, প্ৰদূষণ ৰোধ কৰা, প্ৰকৃতি ধ্বংস বন্ধ কৰা, যুদ্ধ-বিগ্ৰহ পৰিহাৰ কৰা, নতুনকৈ বৃক্ষ ৰোপণ কৰা, অগতানুগতিক শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা, প্লাষ্টিক বৰ্জন কৰা, জনসংখ্যা নিয়ন্ত্ৰণ কৰা, প্ৰকৃতি সংৰক্ষণৰ নতুন মূল্যবোধৰ বিকাশ ঘটোৱা ইত্যাদি৷ শিল্প, সাহিত্য, সংস্কৃতি, ৰাজনীতি, শিক্ষা, বাণিজ্য আদি সকলো সংগঠিত শক্তিক পৰিৱেশ তথা প্ৰকৃতি ৰক্ষাৰ যুঁজত নমোৱাটোৱেই বৰ্তমান আটাইতকৈ জৰুৰী কাম৷

কাব্য, কবিতা বা পদ-সাহিত্য অতি প্ৰাচীন কালৰ পৰা সৰ্বসাধাৰণ ৰাইজৰ হৃদয়স্পৰ্শী কলা হিচাপে পৰিগণিত৷ সমাজ সংস্কাৰ, ধৰ্ম প্ৰচাৰ, বীৰপূজা, ঈশ্বৰ উপাসনা, ইতিহাস সংৰক্ষণ আদি অনেক উদ্দেশ্যত কাব্যক ব্যৱহাৰ কৰি অহা হৈছে৷ পৰিৱেশ ৰক্ষা বা প্ৰকৃতি সংৰক্ষণৰ বাবে কাব্যক ব্যৱহাৰ কৰিব লগা পৰিস্থিতি এটাৰ উদ্ভৱ পূৰ্বে হোৱা নাছিল৷ প্ৰাচীন পদ-সাহিত্য আৰু আধুনিক ৰোমাণ্টিক কাব্যই প্ৰকৃতিৰ গুণগান আৰু বিনন্দীয়া সৌন্দৰ্যকহে বৰ্ণনা কৰিছিল— যাক প্ৰকৃতি কবিতা বুলি আখ্যা দিয়া হয়৷ প্ৰকৃতি কবিতা এক উদযাপন, কিন্তু পাৰিপাৰ্শ্বিক কবিতা এক বাধ্যবাধকতা৷ আমেৰিকাৰ কবি আৰু পৰিৱেশকৰ্মী জন শ্বপট’ৱে পাৰিপাৰ্শ্বিক কবিতা সন্দৰ্ভত কৈছে— “পৰিৱেশ কবিতা পৰিৱেশগত হোৱাটো প্ৰয়োজন আৰু ই পৰিৱেশবাদী হোৱাটো প্ৰয়োজন। পৰিৱেশগত বুলি ক’লে মই প্ৰথমে বুজাব বিচাৰিছোঁ যে পৰিৱেশ কবিতা অ-মানুহ (non-human) প্ৰাকৃতিক জগতখনক কেন্দ্ৰ কৰি হ’ব লাগিব৷ ই সম্পূৰ্ণৰূপে বা আংশিকভাৱে বা কোনোবা নহয় কোনোবা প্ৰকাৰেও হ’ব পাৰিব, কিন্তু অকৃত্ৰিমভাবে হ’ব লাগিব, কেৱল ৰূপকভাৱে নহয়। পৰিৱেশ কবিতা এক প্ৰকাৰৰ প্ৰকৃতি কবিতা হ’লেও কিন্তু প্ৰকৃতিৰ উপাদান গছ-লতা, পশু-পক্ষী, নৈ-নিজৰা, পৰ্বত-পাহাৰৰ নাম উল্লেখ থাকিলেই সি পৰিৱেশ কবিতা হৈ নপৰিব৷ অৰ্থাৎ পৰিৱেশজনিত নিত্যনতুন সমস্যাবোৰৰ সমাধান আৰু বিশ্বপৰিৱেশৰ সৰ্বাত্মক উন্নয়নৰ চিন্তা কবিতাবোৰত থাকিব লাগিব৷” আজিৰ পৰিৱেশৰ কেউটা উপাদান (মাটি, পানী, বায়ু, তাপ/পোহৰ, শব্দ)ৰ চৰম অৱক্ষয়ৰ কালত অৱক্ষয়ৰ ভয়াৱহতাক কবিতাই দাঙি ধৰাৰ আৱশ্যক হৈছে আৰু পৰিৱেশ সংৰক্ষণৰ বাবে পাঠকক প্ৰণোদিত কৰিব লগা হৈছে৷ গতিকে, পাৰিপাৰ্শ্বিক কবিতাৰ প্ৰসংগটো সাহিত্যৰ একেবাৰে সন্মুখলৈ আহি পৰিল৷ অসমীয়া পাৰিপাৰ্শ্বিক কবিতাক জনপ্ৰিয় কৰিবলৈ খাটি থকা কবি প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে পাৰিপাৰ্শ্বিক কবিতাৰ অৰ্থ লিখিছে যে— “পাৰিপাৰ্শ্বিক কবিতাই পৰিৱেশতন্ত্ৰৰ সংকট আৰু তাৰপৰা উত্তৰণৰ কথা কয়। শংকৰদেৱৰ দিনত কল-কাৰখানা, ইন্ধনচালিত যান-বাহন, এচি, কীটনাশক ঔষধ, ৰাসায়নিক সাৰ, প্লাষ্টিক এইবোৰ নাছিল। পাৰিপাৰ্শ্বিক ভাৰসাম্য নষ্ট, জলবায়ু পৰিৱৰ্তন, গোলকীয় উষ্ণতা বৃদ্ধি, বনাঞ্চল হ্ৰাস, ওজন স্তৰত ফাট এইবোৰ একেবাৰে শেহতীয়া সংকট। পাৰিপাৰ্শ্বিক কবিতা হ’ল এই সংকটবোৰৰ প্ৰতি সজাগ সঁহাৰি। এই সমস্যাবোৰ পোন্ধৰ-ষোল শতিকাত উদ্ভৱ হোৱা হ’লে শৰৎ বৰ্ণন বা বৰ্ষা বৰ্ণন ৰচনা কৰা শংকৰদেৱেও নিশ্চিতভাৱে পাৰিপাৰ্শ্বিক কবিতা লিখিলেহেঁতেন!”  বিশিষ্ট কবি আৰু সমালোচক ড° আনন্দ বৰমুদৈয়ে পাৰিপাৰ্শ্বিক কবিতাক পৰিৱেশতন্ত্ৰত গুৰুত্ব দি লিখা কবিতা বুলিছে৷ পাৰিপাৰ্শ্বিকতা বা পৰিৱেশতন্ত্ৰৰ প্ৰতি সজাগতা পোনতে ৰোমাণ্টিক কবিৰ মাজতেই প্ৰকাশ পাইছিল বুলি উল্লেখ কৰি তেওঁ অসমীয়া কবিতাৰ প্ৰসংগত পৰিৱেশতন্ত্ৰৰ সচেতনতা ৰোমান্টিক কবিতাৰো বহু শতিকাৰ আগতে শংকৰদেৱৰ কবিতাত সহজেই বিচাৰি পাব পাৰি বুলিছে৷

পাৰিপাৰ্শ্বিক কবিতা বিশ্ব সাহিত্যত এক নতুন ধাৰা। পাৰিপাৰ্শ্বিক কবিতাই মানুহ আৰু অ-মানৱ (non-human) জগতৰ মাজৰ সম্পৰ্কক নতুনকৈ বিশ্লেষণ কৰিছে৷ পাৰিপাৰ্শ্বিক কবিতাই সমকালৰ কবিসকলৰ পৰা ক্ৰমউত্থিত পৰিৱেশ সংৰক্ষণ আন্দোলনটোলৈ নৈতিক সমৰ্থন আৰু সক্ৰিয় অংশগ্ৰহণ বিচাৰিছে। প্ৰকৃতি সুৰক্ষা আন্দোলনত পশ্চিমীয়া পাৰিপাৰ্শ্বিক কবিতা ইতিমধ্যেই বহু খোজ আগবাঢ়িল৷ বিংশ শতিকাৰ সত্তৰ দশকত পাৰিপাৰ্শ্বিক সমীক্ষা তত্ত্বৰ উদ্ভৱ কালৰ পিছৰ পৰাই পাৰিপাৰ্শ্বিক কবিতা ৰচনাৰ বাট মুকলি হয়৷ পাৰিপাৰ্শ্বিক সমীক্ষা (Ecocriticism) পৰিভাষাটো প্ৰথম ব্যৱহাৰ কৰিছিল আমেৰিকান সমালোচক উইলিয়াম ৰুকাৰ্টে ১৯৭৮ চনত তেওঁৰ ‘লিটাৰেশ্যাৰ এণ্ড ইকলজি : এন এক্সপেৰিমেণ্ট ইন ইকক্ৰিটিচিজিম’ ৰচনাখনত৷ শেহতীয়াকৈ, বিশ্বৰ বিভিন্ন ভাষাত পাৰিপাৰ্শ্বিক উপন্যাস (eco-fiction), জলবায়ু উপন্যাস (climate fiction), পাৰিপাৰ্শ্বিক কবিতা (ecopoem) আদি লিখা হৈ আছে৷

অসমীয়া পাৰিপাৰ্শ্বিক কবি আৰু কবিতাৰ সংগঠিত প্ৰয়াস অতিসম্প্ৰতিহে গঢ় লৈ উঠিছে৷ ডিব্ৰুগড়ৰ কবিতা অধ্যয়ন গোটৰ উদ্যোগত ২০২১ চনৰ বিশ্ব পৰিৱেশ দিৱস(৫জুন)ৰ দিনা বিয়লি ৩-৩০ বজাৰ পৰা কবিতা আৰু পাৰিপাৰ্শ্বিক সমীক্ষা বিষয়ক বক্তৃতা আৰু আমন্ত্ৰিত কবিৰ কবিতা পাঠৰ এখন ৱেব সন্মিলন অনুষ্ঠিত হৈছিল৷ অসমীয়া পাৰিপাৰ্শ্বিক কবিতা বিষয়ক এইখনেই সৰ্বপ্ৰথম সভা আছিল৷ সন্মিলনখনিৰ প্ৰধান বক্তা আছিল বিশিষ্ট কবি, সমালোচক হৰেকৃষ্ণ ডেকা আৰু ড°আনন্দ বৰমুদৈ৷ কুৰিগৰাকীমান কবিয়ে সেই দিনা পাৰিপাৰ্শ্বিক কবিতা পাঠ কৰিছিল৷ ইয়াৰ পাছত ২০২২ আৰু ২০২৩ বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ দিনাও একেধৰণৰ কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছিল৷ কবিতা অধ্যয়ন গোট আৰু Poetry without Fear নামৰ দ্বিভাষিক (অসমীয়া আৰু ইংৰাজী) আলোচনীখনে যুটীয়া উদ্যোগত পাৰিপাৰ্শ্বিক কবিতাক জনপ্ৰিয়কৰণৰ বাবে পৰিকল্পিতভাবে কামবোৰ কৰি আছে৷ আনহাতে, ২০২৩ চনৰ বিশ্ব পৰিৱেশ দিৱসত অনুষ্ঠিত ৱেব সন্মিলনখন উদ্বোধন কৰিছিল ড°আনন্দ বৰমুদৈয়ে৷ বক্তৃতা দান কৰিছিল ড°কল্যাণ ভূঞা (বিষয়— Planet of the Humans) আৰু ড° মৃদুল বৰদলৈয়ে (বিষয়— Mapping the Environmental Turn in contemporary Assamese Poetry)৷ আমন্ত্ৰিত কবি হিচাপে পাৰিপাৰ্শ্বিক কবিতা পাঠ কৰিছিল— হৰেকৃষ্ণ ডেকা, শ্বৰীফা খাতুন চৌধুৰী, অনুভৱ তুলসী, নীলিম কুমাৰ, লুটফা হানুম চেলিমা বেগম, নীলিমা ঠাকুৰীয়া হক, ৰাজীৱ বৰা, পংকজ গোবিন্দ মেধি, সত্যজিৎ গগৈ, অনিৰ্বাণ দত্ত আদিয়ে৷ ৱেব সন্মিলনখন পৰিচালনা কৰিছিল প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে ৷ সি যি হওক, অতিসম্প্ৰতি অসমীয়া পাৰিপাৰ্শ্বিক কবিতাৰ অগ্ৰণী কবি প্ৰকল্প ৰঞ্জন ভাগৱতীৰ নিৰলস প্ৰচেষ্টাত সংকলিত হৈ ওলাল অসমীয়া পাৰিপাৰ্শ্বিক কবিতাৰ প্ৰথমখন সংকলন— অসমীয়া পাৰিপাৰ্শ্বিক কবিতা৷ ২০৬ পৃষ্ঠাৰ সুন্দৰ পকাবন্ধা পুথিখনত ৫৭ গৰাকী ন-পুৰণি কবিৰ মুঠ ৯৩টা পাৰিপাৰ্শ্বিক কবিতাই ঠাই পাইছে৷ ইয়াৰ উপৰি পুথিখনৰ শেষৰ ফালে ‘সংযোজন’ শীৰ্ষক এক অংশত চন্দ্ৰকুমাৰ আগৰৱালাৰ দুটা, পদ্মনাথ গোহাঞিবৰুৱা, নবীনচন্দ্ৰ বৰদলৈ, ভৈৰৱচন্দ্ৰ খাটনিয়াৰ, ভূপেন হাজৰিকা আৰু ভবেন্দ্ৰ নাথ শইকীয়াৰ একোটাকৈ মুঠ সাতটা প্ৰকৃতি বিষয়ক কবিতা সংযোজিত হৈছে৷ পুথিখন প্ৰকাশ কৰিছে ৰাজ্যৰ সম্ভ্ৰান্ত পুথি প্ৰকাশন প্ৰতিষ্ঠান অসম পাব্লিচিং কোম্পানীয়ে ৷ পুথিখনৰ আগকথা লিখিছে বিশিষ্ট কবি আৰু সমালোচক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড°আনন্দ বৰমুদৈয়ে ৷ ড° বৰমুদৈয়ে তেওঁৰ মননশীল আগকথাত কৈছে, “এই কবিতাৰ সংকলনখনে সাম্প্ৰতিক অসমীয়া কবিতাই কেঁকুৰী এটা ঘূৰাৰ ইংগিত দিছে।” সাহিত্য সমালোচক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড°মৃদুল বৰদলৈৰ ‘Situating the Environmental Turn in Contemporary Assamese Poetry’ নামৰ এখন মূল্যবান ৰচনাও পুথিখনৰ প্ৰাৰম্ভতে পাঠকসকলে পঢ়িবলৈ পাব৷ সমসাময়িক অসমীয়া কবিতাত পাৰিপাৰ্শ্বিক কবিতাৰ অৱস্থা কেনেকুৱা আৰু অৱস্থান ক’ত সেইখিনি কথা লেখকে ৰচনাখনত পৰিষ্কাৰকৈ দেখুৱাইছে৷ পুথিখনৰ একেবাৰে শেষত সম্পাদকে বৰ্ণৰ ক্ৰম অনুযায়ী কবিসকলৰ একোটা চমু পৰিচয় দাঙি ধৰিছে৷

অনিৰ্বাণ দত্ত হাৱাজান নিবাসী এগৰাকী লেখক আৰু কবি৷

Life is an art

Nirmalprabha Bordoloi

The sculpture 
Bestowing form 
To a block of stone
Needs to remain bemused
By its own beauty
Needs to address 
Humanity.

Life
Is greater than
Death.

Translated by Krishna Dulal Barua

Nirmalprabha Bordoloi (b.1933-d.2004) was an Indian poet, lyricist and folklorist of Assam.

Krishna Dulal Barua is a prominent translator and writer based in Nagaon, Assam. He received the Katha Award for translation in 2005.

Click here for the original Assamese poem.