Nirmalprabha Bordoloi

বসন্তত

নিৰ্মলপ্ৰভা বৰদলৈ

এইটো প্ৰহৰতে 
অৰণ্যখনে ভৰ কৰেহি
মোৰ গাত
এইটো প্ৰহৰতে মোৰ শৰীৰ
আয়নাৰ দৰে জিলিকি উঠে

স্থলপদ্মৰ দৰে ৰূপ সলাইছে
বতৰে
বাঁহীৰ মাতবোৰ
সেউজীয়া হৈছে

শিমলু ফাটিবলৈ
ধুমুহা নেলাগে।

Click here for an English translation of the poem.

One thought on “বসন্তত

Leave a Reply

Your email address will not be published. Required fields are marked *