সকলোতকৈ ভাল লাগে মনত হিল্লোল তুলিব পৰা কবিতা

গোপাল চন্দ্ৰ হাজৰিকা

গোপাল চন্দ্ৰ হাজৰিকা
এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ?
সাহিত্যৰ আদিমতম ৰূপ হৈছে কবিতা। ভাৰতীয় সাহিত্যৰ মাজত সগৌৰৱে অৱস্থান কৰিছে অসমীয়া সাহিত্যই। সেই হিচাপে অসমীয়া সহিত্য হেজাৰ বছৰৰো অধিক পুৰণি। যিহেতু কবিতাই হৈছে প্ৰাচীনতম সাহিত্য সেয়ে নিশ্চয় অসমীয়া কবিতাৰ বয়সো হেজাৰ বছৰতকৈ বেছি। চৰ্যাপদৰ দিনৰপৰা এতিয়ালৈকে অসমীয়া কবিতাই নানা উত্থান-পতনৰ মাজেৰে আহি আহি বৰ্তমানৰ ৰূপ পাইছেহি। তাহানিৰ ৰহস্যময় ভাবৰপৰা আৰম্ভ হৈ ভগৱান বিষয়ক ধৰ্মীয় বিষয়বস্তু সামৰি প্ৰকৃতি, প্ৰেম, বাস্তৱতা, কাৰুণ্য, অতীন্দ্ৰীয়বাদ, সৌন্দৰ্য তৃষ্ণা, বেদনা, চিৰ সুন্দৰৰ আৰাধনা, আবুৰসনা কোমল প্ৰেমৰ ভাব প্ৰকাশৰ পৰা আৰম্ভ কৰি বৰ্তমান আবুৰহীন প্ৰেমৰ বৰ্ণনালৈকে অসংখ্য বিষয়বস্তুৱে কবিতাত স্থান পাইছে। অসমীয়া কবিতাত আধুনিকতাৰ বাটকটীয়া দেৱকান্ত বৰুৱা । হেম বৰুৱা, নৱকান্ত বৰুৱা আদিয়ে বাট ল’লে এক ৰুচিশীল বাটেদি। তাৰ পিছতেই এতিয়া অত্যন্ত ভিৰ সেই বাটত। নতুন নতুন ৰুচি-অভিৰুচিৰে অসমীয়া কবিতা এতিয়া ৰং-বিৰঙেৰে বিচিত্ৰ। ঈশ্বৰ আৰু প্ৰকৃতিক এফলীয়া কৰাৰ বিপৰীতে কিছু কবিয়ে প্ৰকৃতি আৰু ঈশ্বৰক নতুনকৈ মূল্যায়ন কৰিছে। নৱকান্ত বৰুৱায়ো প্ৰকৃতি আৰু ঈশ্বৰক কবিতাৰ পৰা বাদ দিয়াটো ভুল বুলি অনুসুচনাৰ সুৰত ক’ৰবাত কৈছে। 

মুঠতে কবিতাক ভাল পোৱা মানুহ হিচাপে এইবোৰকে প্ৰত্যক্ষ কৰোঁ, কৰি ৰস আস্বাদন কৰোঁ, কেতিয়াবা আনন্দ, কেতিয়াবা নিৰানন্দ আৰু বিভিন্নতা দেখি হতাশাৰ মাজতো আশাৰ সঞ্চাৰহে বেছি হয়।  


আপুনি কবিতা কিয় পঢ়ে?
কবি এজনে এটা যুগৰ সূক্ষ্মতম চেতনা ধাৰণ কৰে বুলি কোৱা হয়। এজন কবিয়ে আন মানুহতকৈ বহুত বেছি সূক্ষ্মভাৱে জীৱন আৰু জগতৰ প্ৰতি সচেতন হয় । কবিতা একোটা পৰম্পৰাও। সেই পৰম্পৰাত থাকি কবিয়ে পাঠকৰ লগত যোগাযোগ কৰে আৰু পাঠক সেই পৰম্পৰাৰে পৰিচিত হৈ কবিতাটোৰ অৰ্থোদ্ধাৰ কৰে। আনুভুতিক উপলব্ধিয়েই কবিতাৰ প্ৰাণশক্তি। বহিৰ্দৰ্শন, অন্তঃদৰ্শন এইবোৰ কোনে কেনেকৈ প্ৰকাশ কৰিছে, জীৱনক নতুনকৈ চাবলৈ  কেনেকৈ শিকাইছে, মূলতঃ এইবোৰ পাবৰ কাৰণেই কবিতা পঢ়োঁ। সেইবুলি অকল দাৰ্শনিক ভাব আৰু সূক্ষ্ম চেতনা বিচাৰিয়েই কবিতা নপঢ়োঁ, পঢ়োঁ আনন্দ ল’বলৈ, নতুন এখন জগত চিনিবলৈ, কবিতাৰ লগত আত্মীয়তা গঢ়িবলৈ। যত্ন কৰি চাওঁ কবিগৰাকীক জুমি চাবলৈও। 


কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?
ভগৱান আৰু প্ৰকৃতিৰ সুন্দৰ বৰ্ণনা, ৰহস্যময়তা, কাৰুণ্য, দুখ, শোক, বেদনাৰে ভৰা কবিতাই মোক বেছি আনন্দ দিয়ে। সেইবুলি হাস্য-ব্যঙ্গ থকা কবিতা বেয়া পাওঁ বুলি নধৰিব। প্ৰায়বোৰ বিষয়ৰ কবিতাকে মই ভাল পাওঁ। কিন্তু সকলোতকৈ ভাল লাগে মনত হিল্লোল তুলিব পৰা কবিতা, বহুত সময়লৈ বা বহুত দিনলৈ অনুৰণনৰ সৃষ্টি কৰিব পৰা কবিতা। তাৰ আৱেশ যেন মনত লাগিয়েই থাকক তেনে ধৰণৰ। প্ৰেমৰ সূক্ষ্ম অনুভূতি প্ৰকাশ কৰিব পৰা শব্দৰ মায়াজালেৰে পাঠকক বন্দী কৰি ৰাখিব পৰা কবিতা ভাল পাওঁ।


সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?
সাম্প্ৰতিক কালৰ কবিতা সঁচাকৈ ক’বলৈ গ’লে পঢ়া হোৱা নাই। মনটো তাহানিৰ হৈ আছেই বাবেই নেকি নেজানো ওপৰে-ওপৰে চাই প্ৰথম বাৰতেই পঢ়ি ভাল লগা কবিতা তেনেকৈ নেপাওঁ। স্থূলতা আৰু খঁৰা খঁৰা শব্দৰ ব্যৱহাৰে কবিতাৰ গৰিমাকে হ্ৰাস কৰে। হয়তো বহুতৰ সংঘাতহীন জীৱন, সকলোতকৈ কবিতা লিখাটোৱেই আতাইতকৈ সহজ বুলি ভবা মনোভাব আৰু ভাব প্ৰকাশৰ সহজলভ্যতায়ো তেনে কৰিব পাৰে। তথাপি তাৰ মাজতে আশাৰ পোহৰ থকা কবিতাও বহুত আছে। পঢ়ি পুলকিত হওঁ। মুঠতে বেয়া ধাৰণা নাই।


কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?
আগৰ কবিসকলক কিবা কোৱাৰ ধৃষ্টতা নাই। নতুন সকলক কোৱাৰ সাহসো নাই। তথাপি উঠি অহা সকলক ক’ব বিচাৰোঁ যে কবিতাত স্থূলতাৰ প্ৰকাশ কিবা এটা ভাল নেলাগে। আবুৰ নোহোৱা হ’ব নেলাগে। শব্দৰ নান্দনিক সৌন্দৰ্য বৰ্তাই ৰাখিব লাগে। শব্দৰ ভঁড়াল চহকী হোৱা বাঞ্চনীয়। অধ্যয়ন অতি প্ৰয়োজনীয়। সমাজ, সমাজৰ সদস্য, পশু-পক্ষী, প্ৰকৃতি আদিৰ সূক্ষ্ম পৰ্যবেক্ষণ প্ৰয়োজন। অনুভূতিশীল কোমল এটা মনৰ প্ৰয়োজন। প্ৰকাশত কোমলতা থাকিব লাগে। বিদ্ৰোহ, খং, ক্ষোভ, প্ৰেম প্ৰকাশৰ কৌশলবোৰ আয়ত্ত কৰিব লাগে। পাঠকলৈ চিন্তাৰ খোৰাক দি অনুৰণন যোগাব পৰাৰ  কৌশল থাকিলে ভাল লাগে।

গোপাল চন্দ্ৰ হাজৰিকা এগৰাকী কবি, লেখক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক৷ তেওঁৰ দুশখনতকৈয়ো অধিক গৱেষণা প্ৰবন্ধ বিভিন্ন আন্তৰ্জাতিক আৰু ৰাষ্ট্ৰীয় গৱেষণা আলোচনীত প্ৰকাশ পাইেছ। তদুপৰি তেওঁৰ গণিত বিষয়ৰ স্নাতক পৰ্যায়ৰ বাৰখন গ্ৰ্ন্থ আৰু পাঁচখন  কবিতাৰ পুথি প্ৰকাশ পাইছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *