ৰেখা বৰকটকীৰ দুটা কবিতা

সূৰুয অহাৰ বাটত

সূৰুয হেনো শুকুলা ঘোঁৰাত উঠি নামি আহে…
আন্ধাৰ ক'লা শিলবোৰ
পোহৰ কৰে
বননিৰ জিলিকা পাতবোৰত
নিয়ৰকণা চুমি
সূৰুযে সপোন সানে
সূৰুয অহাৰ বাটত
জীয়াই আহে ফুটুকা ফুল
নল-বিৰিণা 
বুকুত গোপনে গুঁজি আনে
ডাৱৰৰ সেমেকা সুখবোৰ
এমুঠি দুমুঠি বহুমুঠি…
ফৰিংফুটা ৰাতি
জোনাকী পৰুৱাবোৰে
সাৰে থাকি
পুৱালৈ বাট চায়!
কোন অহালৈ সিহঁতে ক্ষণ গণে, গুণগুণায় সপ্তসুৰ
সূৰুযলৈ  নহয় জানো?
এৰা! সূৰুযৰো  যে আহৰি নাই
নিশা জোনাকবোৰ সাৰে থাকোতে
সূৰুযে শেতেলিত  জিৰায় ক্ষন্তেক
ৰান্ধনি পুৱাতে যে বহুযোজন বাট
যাবলৈ আছে
সমগ্ৰ পৃথিৱীৰ প্ৰতি
দায়িত্বও আছে
সূৰুয প্ৰত্যাশী নৈ-বিল বালিচৰ,
জুপুৰি পৰ্বত শিখৰ  অট্টালিকা
কিম্বা ডাউক, বগলী
চৰণীয়া পথাৰৰ নিমাখিত জীৱবোৰ, 
নানান ফুল,কীট-পতঙ্গ আৰু গছ-গছনিবোৰ---
বাকি দিব লাগিব একোজোলোঙা ৰ'দ
পোহৰৰ বাটে বাটে…
কবিতাৰ ছন্দেৰে

বৰষুণ হৈ নিগৰা তেজত 
আত্মাৰ বিলাপ
তেজ, ঘাম, চকুলোৰ স্ফুলিংগত
একোটি নিপোটল কবিতাই হামৰাও কাঢ়ে...
আন্ধাৰে গিলি খোৱা শব্দহীন চিঞৰবোৰ
বৰষুণৰ নিচুকনিত কলমতিয়ায়!
পুৱাৰ ৰ'দ কাঁচিয়লিত জিৰায়  
ভাগৰুৱা জীৱনে
ইয়াতেই জানো কবিৰ সাৰ্থকতা?
দিনৰ পোহৰত কবিতাৰ হাত-ভৰি বন্ধা
আকাশলৈ বহুদূৰ, নৈখনো নিৰ্বাক
কল্পনাৰ তেজীঘোঁৰা ক্লান্তিত অৱস!
ভাব-বন্যাই শব্দৰ লেকাম টানি
তচ-নচ কৰে কবিৰ মৃন্ময় সপোন!
তথাপি কবিৰ কথকতা 
অহোপুৰুষাৰ্থ দিনে-নিশাই
অবাধ কৰ্ষণেৰে চিন্তাৰ অজস্ৰ মালিতা...
কবিতাৰ জন্মলগ্নৰ বাবে দোভাগ ৰাতি কিয়?
পলস পৰিছে কবিতাৰ বুকুত...
কাৱৈ মাছ উজুৱাদি উজোৱা শব্দবোৰে
উজান দিব কৃষ্ণকায় নদীৰ 
কজলা পানীত
সাঁতুৰি ফুৰা, দুষ্ট ড'ৰিকণা জাকৰ দৰে...

Click here to read an English translation of the poems

ৰেখা বৰকটকী সাম্প্ৰতিক সময়ৰ এগৰাকী কবি আৰু লেখক৷ যোৰহাট-নিবাসী কবিৰ প্ৰকাশিত কাব্য-সংকলন তিনিখন৷

Leave a Reply

Your email address will not be published. Required fields are marked *