নীলকান্ত শইকীয়াৰ দুটা কবিতা

দ্বিতীয় মানুহ

তেওঁৰ কথা শুনি থাকোঁ
তেওঁক মনৰ মাজত দেখি থাকোঁ।

সকলো শুভ শুভ
সকলো পৰিচ্ছন্ন

পোছাক পৰিচয় হৃদয়ৰ গোন্ধ
স্বভাৱ চৰিত্ৰ তেওঁৰ উদাৰতাৰ
মই ভক্ত হৈ গ'লোঁ।

এদিন তেওঁক লগ পালোঁ
ভবা মানুহজন তেওঁ নহ'ল
তেওঁ দ্বিতীয় মানুহ।

তাৰ পাছৰ পৰা তেওঁ অদৃশ্য হৈ গ'ল।

এতিয়া মই কাকো লগ নকৰোঁ
নিজেও অদৃশ্য হৈ যোৱাৰ ভয়ত।
হেজাৰ প্ৰাণৰ কবিতা

মই মোক থৈ যাবৰ বাবে কোনো পাত্ৰ নালাগে
মই গধুৰো নহওঁ পাতলো নহওঁ
নহয় টান বা কোমল
ডাঠ অথবা জুলীয়া
মোৰ অস্তিত্ব ব্যাপ্ত নহয়, নহয় অপৰ্যাপ্ত
মই কান্দোনো নহয় হাঁহিও নহয়।

মই চিন্তিতো নহয় ক'ৰ পৰা আহিলোঁ
যাম ক’লৈ
স্বৰ্গ কিম্বা নৰক বা আকৌ জনম বিশ্বাসৰ বাহিৰত
জন্ম মৃত্যুৰ সীমাৰে মই আঁকিব নোখোজোঁ মোৰ ভৱিষ্যত।

মই মোক মোতেই শেষ কৰিব খোজোঁ
বিনয়ৰ কান্ধত উঠি গৈ নিতৌ দাহ কৰাওঁ অহংকাৰক
মোৰ সময়েৰে গঢ়িব নিবিচাৰোঁ মানুহৰ ভৱিষ্যত 
পৃথিৱী গঢ় লওক নতুন চিন্তাৰে
ন ন ধাৰণাৰে, নৱ উদ্দীপনাৰে।

মোৰ বিষাদৰ দিনলিপি পঢ়াব নোখোজোঁ আনক
মোৰ যণ্ত্ৰণাৰ সাক্ষী কেৱল মই
মই লিখি যাব খোজোঁ প্ৰাণৰ কবিতা
হেজাৰ প্ৰাণৰ সৌহাৰ্দ্যত ।

মই শুনিব বিচাৰোঁ আৰম্ভণিৰ অভয় সংগীত
মই চাই যাব খোজোঁ পৃথিৱীৰ নৱ্য জোঁকাৰণি ।

শেষ উকি মাৰি জীৱন ৰৈ যোৱাৰ আগতে।

Click here to read an English translation of the poems.

নীলকান্ত শইকীয়া সাম্প্ৰতিক সময়ৰ এগৰাকী বিশিষ্ট কবি। দুলীয়াজান নিবাসী কবিৰ প্ৰকাশিত কাব্য-সংকলন ছখন।

2 thoughts on “নীলকান্ত শইকীয়াৰ দুটা কবিতা

Leave a Reply

Your email address will not be published. Required fields are marked *