ইণ্টিকাবুৰ ৰহমানৰ দুটি কবিতা

সময়

সৰুতে দেউতাই মোক কৈছিল 
মৃত্যুত নাকান্দিবি। 
ডাঙৰ হ’লত ক'লে 
তই মোক চোলা দিছ 
লেতেৰা মচিবলৈ গামোচা দিছ 
হাঁহি হাঁহি বিদায় দিবি। 
তথাপিতো চকুৰ পানীৰে 
দুগাল তিতি গ'ল 
মৃত্যুৰ বাতৰিত।
সময়ক এসাজ কাপোৰেৰে ঢাকিব নোৱাৰি। 
চকুৰ পানীৰে মৃত্যুক স্বীকাৰ কৰিব নুখুজিলে 
হাঁহিবোৰ সময়ৰ স’তে একেলগে যাবগৈ।
বৰ সন্তৰ্পণে।
সেউজীয়া পাতৰ সন্ধানত

গছজোপাত জঁপিয়াই ফুৰা কেৰ্কেটুৱাটোৰ 
আনন্দ উপভোগ কৰিছিলোঁ নীৰৱে।
চাৰিবেৰৰ  লৌকিকতাৰ বাহিৰৰ 
পৃথিৱীৰ পৰশত 
সূৰ্যোদয় দেখা মানূহবোৰৰ 
ভিতৰৰে এজন মই। 
সহযোগী আছিলা তুমিও। 
তোমাৰ নীৰৱতাৰ নিবিৰতাই 
ত্বৰান্বিত  কৰিছিল 
মনৰ গতিক। 
এতিয়াও খোজকাঢ়িয়েই আছোঁ 
বেলিৰ মুখলৈ চাই ।
এতিয়াও ভাবোঁ 
বৰষুণৰ পাছত 
বতৰ ফৰকাল হ’ব। 
কেৰ্কেটুৱাই জঁপিয়াই ফুৰা 
লঠঙা গছজোপাত 
সেউজীয়া পাত আহিব।

Click here to read an English translation of the poems

ইণ্টিকাবুৰ ৰহমান এগৰাকী সমসাময়িক অসমীয়া কবি৷ ডিব্ৰুগড় নিবাসী কবিৰ প্ৰকাশিত কাব্য-সংকলন এখন৷

2 thoughts on “ইণ্টিকাবুৰ ৰহমানৰ দুটি কবিতা

Leave a Reply

Your email address will not be published. Required fields are marked *