Issue: Vol. IV, No. 1, May-July, 2025
জোনাক ৰাতিৰ আৰতি
ৰাতিটো আছিল খুব ধুনীয়া
মোৰ বৰ কাপোৰখনৰ দৰে বগা।
জোনাকখিনি আছিল :
অলপ আছিল চোতালতে ৰৈ;
অলপ আছিল
পদুলিৰ বকুলজুপিৰ তলতে কুচিমুচি বহি।
মই উঠি গ'লোঁ নৈৰ পাৰলৈ।
জোনটো সিপাৰৰ বালিচৰত গা ধুই আছিল,
আমাৰ চকুৱে চকুৱে পৰিল,
জোনটিয়ে বৰ লাজ পালে—আৰু
কহুঁৱাডৰাৰ মাজতে সোমাই পৰিল।
এটি ৰিহাৰ আঁচল হঠাতে ওলাই অহা দেখিলোঁ;
মোৰ মনত পৰিল— তোমালৈ।
বকুলজুপিৰপৰা
তিনিটা নিয়ৰৰ টোপাল সৰি পৰিল।
চকু দুটা মোহাৰি লৈ চালোঁ :
— বগা চাদৰ এখন লৈ
ৰাতিটো আকাশত শুই পৰিছে।