লক্ষ্মীনাথ বেজবৰুৱা
সখি হে, কি ক’ম দুখৰ কথা অমৃত মথোতে বিষ উপজিল মিঠা মৌ হ’ল তিতা৷ মালতীৰ চাকি খোপাত পিন্ধিলোঁ তাৰো গ’ল পাহি সৰি, সোণৰ সঁজাতে পখীটি ৰাখিলোঁ সিও গুচি গ’ল উৰি৷ সাঁজতে ফুলিল তগৰ ফুলে পাহি সন্ধিয়াৰে বা পাই, কোনেও নেদেখোঁতে কোনেও নুশুঙোতে সিও যে লেৰেলি যায়৷