সখি হে, কি ক’ম দুখৰ কথা

লক্ষ্মীনাথ বেজবৰুৱা

সখি হে, কি ক’ম দুখৰ কথা
অমৃত মথোতে বিষ উপজিল
মিঠা মৌ হ’ল তিতা৷
মালতীৰ চাকি খোপাত পিন্ধিলোঁ
তাৰো গ’ল পাহি সৰি,
সোণৰ সঁজাতে পখীটি ৰাখিলোঁ
সিও গুচি গ’ল উৰি৷
সাঁজতে ফুলিল তগৰ ফুলে পাহি
সন্ধিয়াৰে বা পাই,
কোনেও নেদেখোঁতে
কোনেও নুশুঙোতে
সিও যে লেৰেলি যায়৷

Click here to read an English translation of the poem.

Leave a Reply

Your email address will not be published. Required fields are marked *