হেমাংগ বিশ্বাস
ল’ৰাটো উভতি নাহিল মাথোন দুকেজিৰ পিয়াহ লৈ গুলীবিদ্ধ উদং মোনাটি ভৰ দুপৰীয়াত বোকা সানি পৰি আছে নৰ্দমা দাঁতিত। ৰেচন লাইনৰ পৰা ল’ৰাটো আজিও উভতি নাহিল। লঘোণীয়া মাকজনী ভেলেঙী চকুৰে বাট চাই থাকে— সি আহিব। সিদিনা এজাক বৰষুণে ৰাজআলিৰ শুকান তেজৰ ফোট ধুই নিকা কৰি থৈ গ’ল। গোবৰা গোৰস্থানত উৰুঙা মদাৰৰ কাঁইটে কাঁইটে ডোঙা-ডোঙে তেজ ফুল হৈ ফুলিল। সৌৱা বসন্ত আহিল ৰঙা নিচানৰ হেন্দোলনি দূৰণিত মিচিলৰ ধ্বনি তাই ওলাই আহিল। “সি আহিব ধৰিছে?”
বৰ সুন্দৰ কবিতা ৷ অন্যায় অনাচাৰ শোষণ নিৰ্যাতনত পিষ্ট সমাজ পিষ্ট দুৰ্বল মানুহ ৷ প্ৰতিবাদী শক্তিৰ উত্থান হওক, উৰক নিচান ৷
বহু দিন ৰ পাছত হেমাঙ্গ বিশ্বাসৰ কবিতা আকৌ পঢ়ি ভাল লাগিল।
কুলখুৰাৰ চোতাল এতিয়াও সময় পালে হেঁপাহেৰে লও।