মই কিয় কবিতা লিখোঁ?

হৰেকৃষ্ণ ডেকা

ই কিয় কবিতা লিখোঁ এই প্ৰশ্নটোৰ বেলেগ-বেলেগ ধৰণৰ উত্তৰ হ’ব পাৰে। মোৰ এটা উত্তৰ আছে। মোৰ মনৰ কিছুমান ভাব-অনুভূতি প্ৰকাশৰ কাৰণে মই কবিতাৰ শৈলীৰ মাজত বিশেষ সম্ভাৱনা দেখা পাওঁ আৰু সেই বিশেষ ভাব-অনুভূতিখিনি প্ৰকাশ কৰিবলৈ মই কবিতাৰ আশ্ৰয় লওঁ। সৰুৰে পৰা চৰ্চা কৰি মই দেখিছোঁ যে কবিতাৰ ভাষাতেই ন্যূনতম শব্দৰ ব্যৱহাৰেৰে প্ৰগাঢ় অৰ্থ প্ৰকাশ কৰিব পাৰি আৰু কবিতাৰ ইঙ্গিতপূৰ্ণ ভাষাই সাধাৰণ অৰ্থক অতিক্ৰম কৰি মাত্ৰাবিশিষ্ট অৰ্থক্ষেত্ৰ এখন সৃষ্টি কৰে। পোণপটীয়া অৰ্থক অতিক্ৰম কৰাৰ ফলত যি ৰসৰ সৃষ্টি হয়, সেই ৰস শব্দসজ্জাৰ সীমিত ক্ষেত্ৰত আৱদ্ধ হৈ নাথাকে। ই এক অনিৰ্দিষ্ট সংকেত-ক্ষেত্ৰ সৃষ্টি কৰে আৰু পাঠকৰ মনক সমৃদ্ধ কৰে। প্ৰশ্ন উঠিব পাৰে, কবিৰ ভাব-অনুভূতিৰ প্ৰকাশ যদি এনে এক সীমিত ক্ষেত্ৰত ঘটে, কবি জীৱন-জগতৰ জীয়া অভিজ্ঞতাৰ পৰা দূৰলৈ আঁতৰি এক কল্পজগতৰহে বাসিন্দা হৈ নপৰেনে? পোণপটীয়াকৈ সুধিব লাগিলে প্ৰশ্নটো হ’ব— ঘটনা-বহুল বাস্তৱ জীৱন কবিতাৰ উপকৰণ নহয় নেকি?

গদ্যসাহিত্যৰ বিভিন্ন শাখাত—বিশেষভাৱে গল্প আৰু উপন্যাসত—বাস্তৱ জীৱনৰ কিছুমান আৰ্হি পোৱা যায়। চৰিত্ৰৰ সংঘাত কল্প-কথাৰ মাজত ঘটে, কিন্তু সেই সংঘাতত বাস্তৱ জীৱনৰ প্ৰতিচ্ছবি একোখন পোৱা যায়, তাত ঘটনাই নাটকীয় মোৰ ল’ব পাৰে, কিন্তু সি বাস্তৱানুগ নহ’লে বিশ্বাসযোগ্য নহয়। কবিতাত এই সংঘাতৰ ক্ষেত্ৰ কবি-মন, তাৰ আলাপ, সংলাপ, সংঘাত কবিৰ অন্তৰ্জগতত ঘটে আৰু তাৰ প্ৰকাশ ইঙ্গিতপূৰ্ণ হৈ শব্দত ৰূপান্তৰিত হয়। ফলত কবিতাৰ প্ৰাথমিক স্তৰত যি অৰ্থৰ সৃষ্টি হয়, সি ইঙ্গিতৰ মাজেদি আন এক আয়তন পায়। কবিতা যিহেতু শব্দৰ অভিধা-ক্ষেত্ৰৰ সীমা চেৰাই দ্যোতনা-সমৃদ্ধ হ’ব পাৰে, সেই হেতুকে মই কবিতা লিখাৰ প্ৰতি আগ্ৰহ অনুভৱ কৰি আহিছোঁ।

আধুনিক কবিতাৰ পৰীক্ষা-নিৰীক্ষাৰ সময়ছোৱাত এটা ধাৰণাৰ সৃষ্টি হৈছিল যে কবিতাই প্ৰকাশ(express)হে কৰে, এই প্ৰকাশে আনক আলোড়িত কৰিব পাৰে, কিন্তু কবিৰ প্ৰকাশৰ লক্ষ্য উদ্দেশ্য-প্ৰণোদিত সংযোগ (communication) নহয়। মোৰ সৃষ্টি কাৰ্যত মই প্ৰকাশ কৰা (express) আৰু পাঠকৰ মনৰ লগত অৰ্থপূৰ্ণভাৱে সংযোগ ক’ৰা (meaningfully communicate) দুয়োটাকে লক্ষ্য হিচাবে লৈ আহিছোঁ। এটা কবিতাত কবি হিচাবে মোৰ লক্ষ্য কি বিশেষভাৱে প্ৰকাশ কৰিছোঁ:

মোৰ কবিতাৰ পাঠকক মই লগ নাপাব পাৰোঁ, চিনি নাপাব পাৰোঁ, কিন্তু মোৰ কল্পনাত পাঠক থাকে। মোৰ কবিতা কেৱল নিজৰ লগত আলাপ নহয়, স্বগতোক্তি নহয়, ই সহমৰ্মী পাঠকৰ মনৰ লগত সংযোগ কৰাৰো প্ৰয়াস।

আন এষাৰ কথাও ইয়াত ক’ব খুজিছোঁ। মই কিয় কবিতা লিখোঁ—এইটো এটা বিশেষ ধৰণৰ প্ৰশ্ন। এই প্ৰশ্নটোৰ আগতে আন এটা প্ৰশ্নৰো উত্তৰ দিয়াৰ প্ৰয়োজন আছে। তেনে ধৰণৰ প্ৰশ্নৰ সমুখীন মই হৈছোঁ। সেই প্ৰাথমিক প্ৰশ্নটো হ’ল, ”মই কিয় লিখোঁ?”

লগতে পঢ়ক একেজন লেখকৰ: কবিতা : কিছু কথা

বেলেগ-বেলেগ সময়ত এই প্ৰশ্নটোৰ সমুখীন হওঁতে মই সেইবোৰ সময়ত মনলৈ অহা ভাব অনুসৰি বেলেগ-বেলেগ উত্তৰ দি আহিছোঁ। অসম উপত্যকা সাহিত্য বঁটা ২০১০ চনত গ্ৰহণ কৰোঁতে মই এই প্ৰশ্নটোক কেন্দ্ৰ কৰিয়েই এটা দীঘলীয়া বক্তৃতা লিখিত আকাৰত দিছিলোঁ। সেই কথাখিনি ইয়াত আৰু নতুনকৈ ক’ব নোখোজোঁ। কিন্তু পিছত মই এটা কবিতাও লিখিছিলোঁ। সেই কবিতাটোৰেই মই মোৰ ব্যক্তব্যৰ সামৰণি মাৰিব খুজিছোঁ:

Leave a Reply

Your email address will not be published. Required fields are marked *