বীৰেশ্বৰ বৰুৱা
ক্ষন্তেকীয়া পৰিচয়ৰ
আখৰবোৰ
আঙুলিৰ মূৰত গণিছোঁ।
আদৰৰ এষাৰ মাত
অথবা
হাতত তুলি দিয়া একাপ কফি
চাইজমোগ্ৰাফৰ ডায়েলৰ বাহিৰত।
কৰ্মফল? ভাগ্য? এনে হিচাপৰ
তুলাপাতত
এন্ধাৰে হাত বুলাইছে। কাৰ সাধ্য
কেৰ্কেটুৱাই নেজ-নচুওৱা ডাল-পাতত
সপোনবোৰ টুকি ৰাখিবলৈ।
নাৰ্ছাৰী ৰাইম,
সিহঁতে শুনিব নোখোজে
তাৰে প্ৰমাণ হিচাপে সিহঁতে তোমাক
নি থৈছে
উন্মাদাগাৰত। হায় হায়। উন্মাদিনী!
কি সাধ্য তোমাৰ
আগ-দুপৰৰ আকাশৰ
মেঘবোৰ
দুহাতেৰে ঠেলি দিবলৈ
সিহঁতে কৃত্ৰিম আবেলি তৈয়াৰ কৰিছে
তোমাৰ যৌৱনৰ সমাধিৰ
চামিয়ানাৰ বাবে।
Click here to read an English translation of the poem.