ভূপেন হাজৰিকা
যদি জীৱনে কান্দে নাই নাই বুলি যদি দুখতে উৰে ধৰণীৰ ধূলি নিৰাশাই আশাবোৰ ভাঙিব খুজিলে মই গোৱা গীতটি গাবা। এটি বগলী যদি অকলে অকলে উৰি উৰি যোৱা দেখা সাগৰৰ ফালে বিৰাটক সৰু ক্ষণে ভবাই তুলিলে মই ৰচা গীতটি পঢ়িবা। বিচৰাটো যদি তুমি এবাৰো নোপোৱাঁ নিবিচৰাটিকে যদি বহুবাৰ পোৱাঁ বিচৰাটি ভাবি-গুণি কান্দিব খুজিলে মই হঁহা হাঁহিটি হাঁহিবা। বহুতৰে বহু বুকু ভঙা ভঙা দেখোঁ সেয়েহে আশাৰে ভৰা গীতবোৰ লিখোঁ ভুলতেই যদি তুমি এন্ধাৰকে পোৱা কাঁইটকে শেৱালিৰ পাহি বুলি লোৱাঁ তোমাৰ তেজেৰে বাট ৰঙা ৰঙা হ'লে মই দিয়া সুৰেৰে মচিবা।
ৰচনা : শ্বিলং, ১৯৬৫