মানসী গগৈৰ কবিতা

অনবৰতে যুঁজি থকা যুদ্ধখনত


অনবৰতে যুঁজি থকা যুদ্ধৰ 
ৰণথলীত দিন ৰাতি চিন নোহোৱাকৈ যুঁজি থাকোঁ

নিজতে হাৰোঁ নিজতে জিকোঁ
হৰা জিকাৰে এয়া নিজৰ জীৱন

নিজৰ জীৱনৰ বাজলৈ ওলাই আহোঁ বুলি
তোমাৰ কথা ভাবোঁ
কেনেকৈ জানো হৈ পৰা তুমি মোৰ 
হৈ পৰা মোৰেই জীৱন

এনে বহু ব্যক্তিগত 
হৈ পৰে সামাজিক

লগ সঙ্গে দিয়া হাঁহি উকি আৰু দুখৰ ভাগ
ভাগ দিওঁ মোৰো ভুলবোৰ
দুখ আৰু হাঁহি
ইমান লঘু লাগে জীৱন 

ৰণথলীৰ পৰা উঠি অহা ছিঙা শৰীৰ 
ভঙা মন
ভাগপোৱা ভাগদিয়া সময়বোৰে জোৰা দিয়ে

তথাপি একান্তই নিজৰ হৈ পৰিছোঁ
জীৱনো জীওঁ মোৰ স’তে
যুঁজখনো নিজৰ

কেৱল বহুতৰ স’তে দূৰে ওচৰে
শুভ অশুভ সময়ত মই আছোঁ
টুকুৰা খবৰ


তুমি টোপনি গ’লা৷ 
টোপনি নাই মোৰ
সাগৰো জাঁপ দি পৃথিৱী খোজ কাঢ়ি শেষ কৰাৰ বাতুলতা

তুমি শুই আছা
বুকুত আলিবাট এটা আছিল
অহা যোৱা খোজবোৰ চাই আছিলোঁ

টোপনিত তুমি
ল’ৰাকাল, ভৰাকালৰ স্মৃতিত মোৰ
ভাললগা দুখলগা অস্থিৰতা

ঘাই পথত এন্ধাৰ ফালি নিশাৰ বাছ
এন্ধাৰ
অংকৰ সমাজ, 
এদিন নীতি আনদিনা ৰাজনীতি

ৰাতিক খান্দি বাচি আছোঁ
দিনবোৰ টোপনিত

Click here to read an English translation of the poems.