তুলিকা চেতিয়া য়েইন
এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনেধৰণৰ? কবিতাৰ সৈতে শিক্ষিত বা অশিক্ষিতৰ প্ৰশ্ন নাহে। এজন চহা ব্যক্তিৰ বুকুৰ মাজুলীতো ৰু-ৰুৱাই বাজি থাকে কবিতাৰ আমোঘ গুঞ্জন। প্ৰতিজন মানুহেই আচলতে কবি। কবিতাৰ সৈতে প্ৰতিজন মানুহৰ আশৈশৱ চিনাকি। আধাফুটা মাতেৰেও, ‘জেক এণ্ড জিল, ওৱেণ্ট আপ টু দ্য হিল’, অথবা ‘কুঁহিপাত কুমলীয়া গছৰ আগত/কুঁহিপাঠ কুমলীয়া আমাৰ হাতত’ আমি পঢ়োঁ। আখৰ চিনি পোৱাৰ আগতেই আমাৰ জিভাত কবিতাৰ আখৈ ফুটে। আজিওতো আমাৰ বয়সৰ সকলোৰে মনত আছে— ‘নিচিনো তোমাক ক'ত আছা প্ৰভু/আমি অতি সৰু ল'ৰা/চিঞৰি চিঞৰি মাতিলে তোমাক/নামাতা দূৰৰপৰা...’ অথবা ‘তিনি বৰণীয়া জাতীয় পতাকা/নীল আকাশত নাচে।’ কবিতাইহে আমাক শিক্ষিত কৰে। শিক্ষাৰ পোহৰৰ বাটটোলৈ কবিতাই আমাক আঙুলিত ধৰি লৈ যায়। কবিতাই খুলি দিয়ে জ্ঞানৰ সোপাণ, প্ৰজ্ঞাৰ পথ। আন্ধাৰৰ কাল যৱনিকা ভেদি পোহৰৰ দিশলৈ মোৰ যি যাত্ৰা, সেই যাত্ৰাৰ মূল সুঁতিটোৱেই কবিতা। সেযে কবিতা মোৰ আত্মাৰ আত্মাত থিতাপি লোৱা এজোপা বটবৃক্ষ। আপুনি কবিতা কিয় পঢ়ে? মোৰ মনৰ মাজত উদ্বেলিত হোৱা হেজাৰটা জোঁৱাৰ-ভাটাক প্ৰশমিত কৰিবৰ বাবে মই কবিতা পঢ়োঁ। কেনেধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে? মোৰ চাৰিওফালে থকা অগণিত জনতাই মোক কবি বুলি কয়। মই মানি নলওঁ। কিন্তু 'কবিতা' মোৰ প্ৰাণ আৰু আত্মা। মোৰ জীৱনৰ সূক্ষ্মতমৰো সূক্ষ্ম অনুভূতি। কবিতাৰ ডেউকাত উঠি মই প্ৰেমৰপৰা যন্ত্ৰণালৈ, মৃত্যুৰপৰা জীৱনলৈ, টোপনিৰপৰা সপোনলৈ অনন্ত যাত্ৰা কৰোঁ। সেয়ে কবিতাই হৈ পৰে মোৰ জীৱন। শব্দৰ সৈতে কটাওঁ বহু অন্তৰংগ মুহূৰ্ত। কবিতাৰ বাবেই মই দুহাত প্ৰসাৰিত কৰি দিওঁ পূবাকাশৰ আৰক্তিম সূৰ্যৰ ফালে। কবিতাৰ বাবে উদযাপন কৰোঁ মোৰ জীৱনৰ প্ৰতিটো দিন— প্ৰতিটো ৰাতি, পল-অনুপল। কবিতাই মোৰ বাবে কঢ়িয়াই আনে হৰ্ষ আৰু বিষাদৰ জোনাক। কবিতাৰ বাবেই মই জী উঠোঁ আৰু প্ৰেম মোৰ বাবে এক প্ৰাৰ্থনা । মোৰ প্ৰাৰ্থনাই মোৰ কবিতা। প্ৰেম আছে বাবেই মোৰ বুকুত বিদ্ৰোহ আছে। সেয়ে প্ৰেম আৰু বিদ্ৰোহৰ কবিতাই মোৰ আত্মাক তৃপ্তি দিয়ে। সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি? চিৰপ্ৰৱহমান এখন নদীৰ দৰেই অসমীয়া কবিতাই গতি কৰি আছে। কেতিয়াবা ফল্গুৰ ৰূপ নোলোৱা নহয়। কেতিয়াবা ঠিকনা হেৰুৱাই পেলোৱা অশৰীৰি ছাঁ এটাও হৈ পৰে সাম্প্ৰতিক অসমীয়া কবিতা। কিন্তু নিৰৱধি বৈ আছে শব্দৰ নৈ। ভাৰতৰ বিভিন্ন প্ৰান্তৰৰ গতিধাৰা যদি আমি লক্ষ্য কৰোঁ তাৰ তুলনাত অসমীয়া কবিতা সাৰুৱা৷ কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান? সততে এটা বদনাম শুনা যায়, কবিসকলে অধ্যয়ন নকৰে। আংশিক সঁচা কথা। প্ৰথম কথাটো হ'ল অধ্যয়ন অবিহনে নিটোল কবিতা নিৰ্মাণ কৰা সহজ নহয়। অধ্যয়নৰ অবিহনে যিদৰে কবিতা নিৰ্মাণ কৰা সহজ নহয়, একেদৰেই অভিযাত্ৰী নহ'লে আপুনি লিখিব নোৱাৰে। সেয়ে অধ্যয়ন আৰু ভ্ৰমণে কবিৰ শব্দৰ মেটমৰা ভড়াল সমৃদ্ধ কৰিব। দ্বিতীয়তে, বহু কবিয়ে আৰ ছিগা চুলি তাৰ ছিগা চুলিৰে নেঘেৰী খোপা বন্ধাৰ আখৰা কৰে। ব্যক্তিগতভাৱে লক্ষ্য কৰিছোঁ, ফেচবুকত দিয়া মোৰ কেপশ্যনবোৰো বহুজনেই চুৰ কৰি কবিতা লিখে। এটা কথা মনত ৰখা ভাল— কেইশাৰীমান চুটি বাক্য অথবা দুৰ্বোধ্য শব্দ একগোট কৰিলেই কবিতা নহয়। কবিতাত জীৱন থাকে। কবিতাত প্ৰাণ থাকে। কবিতাত এটা কাহিনী থাকে। কবিতা এটাৰ মাজত এখন উপন্যাস শুই থাকে নীৰৱে। সেয়ে কবিতাৰ প্ৰতি শ্ৰদ্ধাশীল হ'ব লাগিব। মই আন্তৰিকতাৰে বিশ্বাস কৰোঁ, প্ৰতিজন মানুহৰ বুকুৰ মাজুলীত এজন কবিয়ে আলফুলে বিচৰণ কৰে, কিন্তু তাৰ মানে এইটো নহয় যে প্ৰতিজন মানুহেই কবি। তেজৰ নৈত যি স্নান কৰি পোৱা নাই, অগ্নিয়ে যাক দাহন কৰা নাই, ষ্টেনগানৰ হিমশীতল নলীয়ে যাৰ কণ্ঠত এবাৰো স্পৰ্শ কৰা নাই, তেওঁ কিদৰে বিপ্লৱৰ কবিতা লিখিব? প্ৰেমৰ যন্ত্ৰণাত যি শুই বিনিদ্ৰ নিশা যাপন কৰা নাই তেওঁৰ বাবে প্ৰেমৰ কবিতাৰ কি মূল্য আছে? ফুল-তৰা-পখিলা, সপ্তসুৰৰ কল্পনাৰ পৃথিৱীখন বেলেগ। মখমলৰ কাৰ্পেটত ভৰি থৈ খোজ কঢ়া জনে তামৰঙী পৃথিৱীৰ কবিতা লিখাটো এটা বিলাস। যান্ত্ৰণা, প্ৰেম, বিদ্ৰোহ বিলাসিতা হ'ব পাৰে জানো? অগ্নিস্নান নকৰিলে অগ্নিৰ দাহনৰ কথা লিখিবলৈ যোৱাটো বাতুলতা মাত্ৰ। গল্প বা উপন্যাস লিখাটো সহজ। কিন্তু কবিতা লিখা সহজ নহয়। জীৱনৰ পৰা অভিজ্ঞতা আহৰণ কৰক। চকুৰ পানীৰে কবিতা লিখক—আপোনাৰ দেহৰ প্ৰতি টোপাল তেজ আৰু ঘামেৰে কবিতা লিখক। তেতিয়াহে প্ৰকৃতাৰ্থত এটা কবিতা হ'ব।
তুলিকা চেতিয়া য়েইন এগৰাকী কবি, ঔপন্যাসিক আৰু লেখক। মৌনতাৰ আত্মপাঠ; আকাশ নথকা ৰাতি আৰু স্বপ্ন প্ৰেমৰ প্ৰাৰ্থনা তেওঁৰ কবিতা-সংকলন৷ ২੦১৮ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় তথাগত সৃজন সন্মান আৰু ২੦১৯ চনত বিহাৰ হিন্দী সাহিত্য সভাৰ ‘শতাব্দী বঁটা’ লাভ কৰে৷ আকাশৱাণী ডিব্ৰুগড়ৰ সাহিত্য কানন অনুষ্ঠানত তেওঁ নিয়মীয়াকৈ অংশগ্ৰহণ কৰি আহিছে৷