পল্লৱ প্ৰাণ গোস্বামী
এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ?
কবিতাৰ সৈতে মোৰ সম্পৰ্কটো মোটামুটি তিনি তৰপীয়া৷ স্বাভাৱিকতে প্ৰথমটো পঢ়ুৱৈ হিচাপে৷ পাঠ্যপুথিৰ কবিতাৰ পৰা আলোচনী-বাতৰিকাকত-সংকলনৰ কবিতা হৈ ছচিয়েল মিডিয়াৰ কবিতালৈ কবিতাক উপেক্ষা নকৰাকৈ চলি আহিছোঁ৷ দ্বিতীয় সম্পৰ্কটো কবিতাৰ এগৰাকী অনিয়মীয়া চৰ্চাকাৰী হিচাপে৷ স্কুলীয়া দিনত আৰম্ভ হোৱা অভ্যাসটো অৱশ্যে পাছলৈ কমিল৷ তৃতীয় সম্পৰ্কটো হʼল— কবিতা সম্পৰ্কীয় লেখা, আলোচনা, সমালোচনা আদি লেখাৰ পাঠক হিচাপে৷ সঁচা কথা কʼবলৈ গʼলে এই তৃতীয় বিষয়টোৱে মোক বেছি আনন্দ দিয়ে৷ এটা কবিতাৰ মাজেৰে নিজৰ যাত্ৰা আৰু আন এজনৰ যাত্ৰাৰ তুলনা, যাত্ৰাপথত নিজে আৰু আন এজনে আৱিষ্কাৰ কৰা অনেক খুটি-নাটিয়ে সততে মোক উত্তেজিত কৰি ৰাখে৷ কত শাখা-প্ৰশাখাৰে কবিতা একোটাৰ আলোচনা হʼব পাৰে, সেই বিষয়টো প্ৰথমবাৰলৈ অনুভূত কৰাইছিল বাঙালী কবি, ঔপন্যাসিক, প্ৰাবন্ধিক জয় গোস্বামীৰ ৰৌদ্ৰ ছায়াৰ সংকলন শীৰ্ষক কিতাপখনে৷ আজিও এই কিতাপখনে মোক বিমল আনন্দ প্ৰদান কৰে৷ অসমীয়া ভাষাত তেনে ধৰণৰ আলোচনা দেখাৰ লোভটো থাকি যায়!
আপুনি কবিতা কিয় পঢ়ে?
কবিতা কিয় পঢ়োঁ বুলিলে উত্তৰটো পোনে পোনে দিয়া টান৷ গল্প এটা পঢ়াৰ কাৰণ, উপন্যাস এখন পঢ়াৰ কাৰণ, প্ৰবন্ধ এটা পঢ়াৰ কাৰণ সেই সেই বিষয়ে নিৰ্ধাৰণ কৰি দিয়াৰ দৰে কবিতায়ো বোধহয় কবিতা পঢ়াৰ কাৰণ নিৰ্ধাৰণ কৰি দিয়ে৷ আনন্দৰ বাবে? আৱিষ্কাৰৰ আনন্দৰ বাবে? হʼব পাৰে৷
কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?
বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কবিতাই মানসিক-বৌদ্ধিক তৃপ্তি দিয়ে৷ কেতিয়াবা সৰলতাই, কেতিয়াবা অভিনৱত্বই তৃপ্তি দিয়ে৷ শ্ৰীশ্ৰীমাধৱদেৱৰ বৰগীতৰ কাব্য, কবীৰৰ দোহাৰ কাব্যই মন-প্ৰাণ ভৰাই তোলে৷ আৰু সততে হৃদয় আলোড়িত কৰে বুদ্ধিদীপ্ততা আৰু সাহিত্যিক চাতুৰ্যই৷ সেয়ে হয়তো সম্প্ৰতি ছচিয়েল মিডিয়াত শ্ৰীজাতে লিখা বুদ্ধিদীপ্ত আৰু সাহিত্যিক সৌন্দৰ্যৰে চিকমিকাই থকা কবিতাবোৰ বিচাৰি বিচাৰি পঢ়োঁ, কবীৰ সুমনৰ গানৰ কাব্য বাৰে বাৰে শুনো৷
সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?
সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কত মোৰ অনুভৱ নাতিশীতোষ্ণ৷ ভালেমান ভাল কবিতা লিখা হৈ উঠিলেও কʼৰবাত যেন কিবা এক স্থবিৰতা! হয়তো একেধৰ্মিতাৰ স্থবিৰতা, হয়তো অতীততে থকাৰ প্ৰৱণতাৰ স্থবিৰতা, হয়তো ক্লিচেৰ স্থবিৰতা…! কবিতা লিখাত বিৰতি পৰা নাই, কিন্তু এই মুহূৰ্তত ʼঅসমীয়া কবিতাʼ বুলি চিনাকি দিবলৈ কিবা এক বৈশিষ্ট্যৰ অভাৱ যেন লাগে৷ সেই কাৰণেই হয়তো ব্যক্তিগতভাৱে নীলমণি ফুকনকে অসমীয়া কবিৰ ভিতৰত একেবাৰে শেহতীয়া আধুনিক কবি যেন লাগে৷ তথাপি এই আশা নিশ্চিতভাৱে আছে— ভাল কবিতাবোৰ অচিৰেই একগোট আৰু সঘন হʼব, কবিসকলে নিজা একোটা বলিষ্ঠ কণ্ঠস্বৰ পাব, অসমীয়া কবিতাই জগতৰ সমীহ আদায় কৰিব৷
কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?
কবিসকললৈ মোৰ আহ্বান হয়তো ওপৰৰ দফাটোতে সোমাই আছে৷ তাৰ উপৰি কʼব খুজিছোঁ, যিকোনো লেখাৰ ক্ষেত্ৰত অধ্যয়নৰ গুৰুত্ব অনেক৷ গদ্য-পদ্যৰ পাঠ, কবিতা সম্পৰ্কীয় আলোচনাৰ পাঠে কবিসকলক নিশ্চিতভাৱে উপকৃত কৰে৷ এই প্ৰসংগতে মনত পৰিছে, আমি কবিতা লিখাৰ কচৰৎ কৰাৰ কথা শুনি কবি হীৰেন ভট্টাচাৰ্যই অতি আন্তৰিকতাৰে কৈছিল— “ভাল কবিতা লিখিবলৈ ভাল গদ্য পঢ়িবা”৷ কথাটো আমি মানি আহিছোঁ— গদ্য লিখাৰ ক্ষেত্ৰত ভাল কবিতাৰ অধ্যয়নে আৰু কবিতা লিখাৰ ক্ষেত্ৰত ভাল গদ্যৰ অধ্যয়নে সদায় সহায় কৰে৷ আমাৰ এটা চুটি লেখাত কবিতাক গণিতৰ লগত তুলনা কৰিছিলোঁ— অংক যিদৰে কিছুমান যুক্তিৰ নিকপকপীয়া সাজোন, কবিতাও সেই ধৰণেই নিকপকপীয়া হোৱা উচিত৷ মেদবৰ্জিত, যুক্তিযুক্ততাৰে গীটাৰৰ তাঁৰৰ দৰে টনটনীয়া হৈ থকা কবিতাই চাগৈ ভাল কবিতা!
পল্লৱ প্ৰাণ গোস্বামী এগৰাকী সমসাময়িক লেখক আৰু নীলা চৰাই নামৰ অসমীয়া ই-আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক।