বিষ্ণুপ্ৰসাদ ৰাভা
বিশ্বৰে ছন্দে
ছন্দে মহানন্দে
আনন্দে নাচা
নাচা তমোহৰ দেৱ নাচা৷
বন্দে
আজি সৱ
ভকত বৃন্দে
তৱ চৰণ কমল
বন্দে৷
জ্বলোৱা সাগ্নিক
তপো হোম বহ্নি,
বিনাশক এন্ধাৰ
তব জয়ী অগ্নি৷
বিশ্বৰে দেউলত
জ্ঞানৰে বন্তিৰ
আলোকৰে শিখা
উঠক নাচি
অজ্ঞান-এন্ধাৰ
বিনাশি
পুলকানন্দে…
নাচোনৰ তালে তালে
পুষ্পিত বননি,
ছেৱে ছেৱে হালে জালে
বিকশিত ফুলনি
আমোল মোল কৰে
শুৱনী ধৰণী
পুষ্পিত সুবাসিত
গন্ধে…৷