ধ্বংস আৰু সৃষ্টিৰ ভূচিত্ৰাৱলী

বীৰেন গগৈ

Issue: Vol. V, No. 2, August-October, 2026

খগেন শইকীয়া এজন অতি অনুভৱী কবি। বৰ্তমানলৈকে তেওঁৰ আঠখন কবিতা-সংকলন প্ৰকাশ কৰিছে। তেওঁৰ সাহিত্যক্ষেত্ৰ অকল কবিতাতে সীমাবদ্ধ হৈ থকা নাই। তেওঁ এতিয়ালৈকে আঠখন উপন্যাস আৰু এখন গল্প-সংকলন প্ৰকাশ কৰিছে। ইমানখিনি সাহিত্য-চৰ্চা কৰা সত্ত্বেও এই প্ৰতিভাৱান লেখকজন ক’ৰবাত যেন লুকাই আছিল। শেহতীয়াকৈ পিডব্লিউএফ প্ৰকাশনে খগেন শইকীয়াৰ মৌন কুঁৱলিৰ খেল শীৰ্ষক কাব্য-সংকলনখনটি প্ৰকাশ কৰি উলিয়াইছে৷

সাহিত্য সৃষ্টিয়ে অন্ততঃ সমাজ এখনক অধঃপতনলৈ ঠেলি নিদিয়ে। লেখক-কবি বেছি হ’লে সমাজৰ একো ক্ষতি নহয়, বৰং উপকাৰহে হয়। পৃথিৱীত বিভিন্ন ধৰণৰ সাহিত্য নথকা হ’লে বহুতো মানুহ মানসিকভাৱে পংগু হৈ গ’লহেঁতেন। অধ্যয়নৰ যোগেদি মানুহে মানুহক যিমান বুজিছে অন্য তেনে কোনো মাধ্যম নাই। যোৱাটো শতিকাৰ পঞ্চাছৰ দশকত জন্ম লাভ কৰা কবি খগেন শইকীয়াই বিভিন্ন বিষয়ৰ কবিতা লিখিছে। কবিতাখিনি পঢ়ি ভাল পাইছোঁ। ‘প্ৰতীক্ষা’ আৰু ‘কলংপাৰ’ দুটা বিশেষভাৱে উল্লেখযোগ্য কবিতা। কলং বুলি ক’লেই নগঞা কবি দেৱকান্ত, নৱকান্ত, মহিম বৰাকে ধৰি বহু কবিৰ নাম মনলৈ আহে। কলং নগঞা কবিৰ যেন প্ৰাণ। আমাৰ কবি খগেন শইকীয়াও ইয়াৰ ব্যতিক্ৰম নহয়।

সমালোচক ড° আনন্দ বৰমুদৈ আৰু কবি-সমালোচক ৰাজীৱ বৰাই সংকলনটো বেটুপাতত ছপা হোৱা কথাখিনিত খুব উপযুক্তভাৱে কবি খগেন শইকীয়াক দাঙি ধৰিছে। তেওঁলোকৰ উপৰি কবি-সমালোচক প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে আগকথাত কবিগৰাকীৰ কবিতাৰ সুন্দৰ আলোচনা আগবঢ়াইছে।

‘আপুনি পঢ়া বাতৰিবোৰ’ সংকলন’ৰ এটা উল্লেখযোগ্য প্ৰতিবাদী কবিতা। পৰিৱৰ্তনৰ নামত কেনেকৈ আমাৰ সমাজখনলৈ ভাঙোন আহিছে, কেনেকৈ ঘৃণা সৃষ্টিয়ে সমাজখন কলংকিত কৰিছে তাক কবিতাটোত উদঙাই দিছে। কবিৰ সমাজ চেতনা অতি প্ৰখৰ। প্ৰতিটো বিষয়, প্ৰতিটো কৰ্ম সুন্দৰভাৱে নিৰীক্ষণ কৰিছে।

প্ৰকৃতি সংৰক্ষণৰ প্ৰতি কবিৰ কলম সদায় সজাগ আছিল। কলঙকে ধৰি কবিৰ জন্মভূমিৰ সেউজ সুন্দৰ পৰিৱেশ বিনাশ হৈ অহাত কবিৰ অন্তৰে কান্দি উঠিছিল। ‘তোমাৰ সৈতে মোৰ’ শীৰ্ষক কবিতাত লিখিছে—

“তোমাৰ সৈতে মোৰ যুঁজ নিৰন্তৰ
তুমি জীয়াই থাকা প্ৰকৃতিৰ বিনাশেৰে
মই জীয়াই থাকোঁ প্ৰকৃতিৰ অনুকুলে”

এইখন কবি শইকীয়াৰ নিৰ্বাচিত কবিতাৰ সংকলন। সংকলনখনত মুঠ চৌৰাল্লিছটা কবিতা আছে। প্ৰায়বোৰ কবিতাত আংগিকতকৈ বক্তব্যই প্ৰাধান্য পাইছে। কিন্তু উদ্দেশ্যৰ সততাই কবিতাবোৰক ৰসাল কৰি তুলিছে। ‘নক্সাৰ সূত্ৰ’ আৰু ‘চৰিত্ৰায়ন’ শীৰ্ষক কবিতা দুটাৰ বিষয়বস্তু প্ৰায় একেই। কবিৰ উদ্দেশ্য হ’ল সমাজক সকলো দিশৰ পৰা সুপ্ৰতিষ্ঠিত কৰা। এই উদ্দেশ্য লৈয়ে কবি সমাজ নিৰ্মাণৰ অংশীদাৰ হ’ব খোজে। কিন্তু কিছুমান আদৰ্শহীন ব্যক্তি বা চৰিত্ৰৰ স্খলিত আচৰণ দেখি দেখি কবি অতীষ্ঠ হৈছে। তলৰ স্তৱক দুটালৈ মন কৰক—

“এই জাঁপ মৰা কলাশৈলীত
মোৰ নিউটনীয় সূত্ৰ, আইনষ্টাইনৰ প্ৰজ্ঞা,
ডৰউইনৰ বিৱৰ্তনবাদৰ ধাৰা আৰু মাৰ্ক্সীয় মনোভংগী
লাহে লাহে বৰফ গলাৰ দৰে গলিবলৈ লয়।” (‘নক্সাৰ সূত্ৰ’)

“ভাটৌ চৰাইৰ দৰে মাত লয় এদিন এনিশা
চৰিত্ৰৰ ছাঁটো কমে চুটি দীঘল হয়,
চৰিত্ৰ হৈ জন্ম লয়, বিচিত্ৰ হৈ পাল্কিত উঠে
এখন মুখা, অন্য এখন মুখ।” (‘চৰিত্ৰায়ন’)

‘সুৰুঙাৰে পাৰ হৈ’ শীৰ্ষক কবিতাটোত সাম্প্ৰদায়িক সংঘৰ্ষৰ এখন জীৱন্ত ছবি দাঙি ধৰিছে। মানুহ স্বাৰ্থপৰ। নিজৰ কোনো দুখ-কষ্ট নোহোৱাকৈ থাকিব পৰাটোৱেই সুখৰ জীৱন, যিকোনো সুৰুঙাৰে পাৰ হৈ নিজে সুখ সমৃদ্ধ জীৱন কটাব পাৰিলেই হ’ল। এইবোৰ কাণ্ড-কাৰখানা দেখি-শুনি কবিৰ অন্তৰে সদায় কান্দি থাকে। বৰ্তমান বহু প্ৰচলিত সনাতন শব্দৰ অপব্যৱহাৰত কবি-হৃদয় কঁপি উঠিছে। তলৰ স্তৱকটোলৈ মন কৰক—

“সনাতন ভকতৰ ঘৰতো দেখোন মানুহৰ জুম
চিঞৰ-বাখৰ
কি হ’ল বা আকৌ
মই যাওঁ ক’লৈ?” (‘সুৰুঙাৰে পাৰ হৈ’)

মৌন কুঁৱলিৰ খেলৰ প্ৰায়খিনি কবিতাত কবিৰ বৈজ্ঞানিক মানসিকতা ফুটি উঠিছে। সেয়ে তেওঁ আইনষ্টাইন, ডাৰউইন, নিউটনৰ বৈজ্ঞানিক আৱিষ্কাৰবোৰৰ কথা বাৰে-বাৰে কবিতালৈ আনিছে। কবি খগেন শইকীয়াৰ কবিতাত যাদুকৰী চিত্ৰকল্পৰ চমৎকাৰিতা নাই। তেওঁৰ বহু কবিতাত বক্তব্য পোনপটীয়া আৰু ভাষা গদ্যধৰ্মী। কবিতা-সংকলনটিৰ সফলতা কামনা কৰিলোঁ।