Issue: Vol. V, No. 2, August-October, 2026
অনুবাদ: ৰশ্মি ৰেখা বৰা হাজৰিকা
আৰ্থাৰ ৰেবোঁ (Arthur Rimbaud, ১৮৫৪-১৮৯১) ঊনবিংশ শতিকাৰ এজন অত্যন্ত প্ৰভাৱশালী ফৰাচী কবি৷ তেওঁ আধুনিকতাবাদ, প্ৰতীকবাদ আৰু অতিবাস্তৱবাদৰ অন্যতম অগ্ৰদূত আছিল। অতি কম সময়ৰ ভিতৰতে সাহিত্য জগতত তোলপাৰ সৃষ্টি কৰা ৰেবোঁয়ে তেওঁৰ জীৱনৰ শ্ৰেষ্ঠ আৰু বিখ্যাত কবিতাসমূহ ৰচনা কৰিছিল ষোলৰ পৰা বিশ বছৰ বয়সৰ ভিতৰত। তেওঁৰ বিখ্যাত সৃষ্টি সমূহ হৈছে Une Saison in Enfer (A Season in Hell), Illumination আৰু Le Bateau Ivre (The Drunken Boat)৷ বিশ বছৰ বয়সত তেওঁ সম্পূৰ্ণৰূপে কবিতাৰ ক্ষেত্ৰখনৰ পৰা আঁতৰি যায়।
শীতৰ সপোন
শীতকালি, আমি ওলাই যাম নীলা কুশ্যন থকা সৰু এখন
গোলাপী ৰেলগাড়ীত উঠি।
আমি সহজ হ’ম। প্ৰত্যেকটো নৰম চুকত থাকিব
এবাহ উন্মাদ চুমা।
তুমি চকু মুদি দিবা, কাঁচৰ মাজেৰে দেখা নাপাবলৈ
সন্ধিয়াৰ ছাঁয়াবোৰে মুখ ভেঙুচুৱা,
দাঁত নিকটোৱা সৌ কুশ্ৰী চেহেৰাবোৰ, এজাক ক’লা ক’লা
পিশাচ আৰু কুকুৰনেছীয়া বাঘ।
তাৰ পাছত তুমি তোমাৰ গালত এক আঁচোৰ অনুভৱ কৰিবা…
কণমান চুমা এটি, বলিয়া মকৰা এটাৰ দৰে
তোমাৰ ডিঙিত পিতপিতাই ফুৰিব…
আৰু ডিঙিটো হলাই তুমি মোক ক’বা: “ধৰা তাক”;
—আৰু প্ৰাণীটো বিচাৰি পাওঁতে আমাৰ বহুপৰ লাগিব
—যিটো প্ৰাণীয়ে অত ঘূৰা-ফিৰা কৰে…
(ইংৰাজী শিৰোনাম: ‘A Dream for Winter’)
অনাথ শিশুৰ নৱবৰ্ষৰ উপহাৰ
১
কোঠাটো ছায়াঘন; অস্পষ্টকৈ শুনা গৈছে
দুটি শিশুৰ কোমল কৰুণ ফুচফুচনি।
কঁপি কঁপি ওপৰলৈ উঠা
দীঘল বগা পৰ্দাখনৰ তলত
সিহঁতৰ অদ্যাপি স্বপ্নগধুৰ
কপাল আগফালে দোঁ খোৱা…
—বাহিৰত চৰাইবোৰে জাৰত ঠেৰেঙা লাগি থূপ খাইছে;
আকাশৰ ধূসৰ বৰণৰ তলত
সিহঁতৰ ডেউকা জঠৰ;
আৰু কুঁৱলিৰ দীঘল আঁচল টানি,
বৰফ বগা সাজযোৰৰ ভাঁজবোৰ সাবটি,
নতুন বছৰটোৱে
চকুপানীৰ মাজেৰে হাঁহিছে, আৰু
কঁপি কঁপি গীত গাইছে…
২
কিন্তু আন্দোলিত পৰ্দাৰ তলত, কণমানি শিশুহালে এন্ধাৰ ৰাতি
আলাপ কৰাদি সৰু সৰুকৈ কথা পাতিছে।
ভাবুক হৈ সিহঁতে দূৰ-দূৰণিৰ এক গুণগুণনিলৈ কাণ পাতিছে…
প্ৰায়ে সিহঁত উচপ্ খাই উঠিছে
কাঁচৰ গম্বুজৰ ভিতৰত বাৰে বাৰে ধাতৱ ধ্বনি তুলি বাজি উঠা
পুৱাৰ সোণালী ঘণ্টাৰ স্পষ্ট শব্দত…
—আৰু তাৰ পাছত, কোঠাটো হিমশীতল… দেখা পাবা
বিছনাৰ আশে-পাশে মজিয়াত সিঁচৰতি হৈ থকা শোকৰ সাজবোৰ;
দুৱাৰডলিৰ সিপাৰে
সোঁ-সোঁৱাই থকা শীতৰ হিমচেঁচা বতাহজাকে তাৰ বিষাদ গধুৰ নিশ্বাস
ঘৰৰ ভিতৰলৈকে ফু মাৰি দিছে!
এইবোৰত গম পাবা, যে কিবা এটা নাই…
—এই কণমানি শিশু দুটিৰ মাক নাই নেকি,
সজীৱ হাঁহি আৰু বিজয়ীৰ চাৱনিৰে
নাই নেকি কোনো মাক?
সেয়ে, গধূলি সময়ত অকলে হাউলি, পাহৰিলে নেকি তেওঁ
ছাইবোৰৰ পৰা শিখা এটি জ্বলাই ৰাখিবলৈ,
আৰু সিহঁতক এৰি থৈ যাওঁতে
কম্বল আৰু নিহালীবোৰ সিহঁতৰ গাত জাপি দিবলৈ, আৰু
সিহঁতক : মোক ক্ষমা কৰি দিবা বুলি মাত লগাবলৈ!
তেওঁ পুৱাৰ চেঁচা কেনেকুৱা উমান পোৱা নাছিল নেকি?
শীতৰ বতাহজাকক ভেটিবলৈ দুৱাৰ বন্ধ কৰা নাছিল নেকি তেওঁ?…
—এজনী মাকৰ সপোন উমাল তলপৰাখন
এটা উমাল বাহ, য’ত শিশুকেইটা
ডালৰ জোঁকাৰণিত মৰমলগা চৰাইবোৰ কুছিমুছি সোমোৱাদি সোমাই,
শুভ্ৰ সপোন দেখি মিঠা টোপনিত লালকাল দিয়ে!…
—আৰু এই স্থান— ই যেন এটা উত্তাপহীন,
তুলাবিহীন বাহ,
য’ত কণমানিকেইটা শীতত কাতৰ, নিদ্ৰাবিহীন, ভয়ত আতুৰ;
হিমচেঁচা বতাহজাকে হিম কৰি পেলোৱা এটি আশ্ৰয়…
৩
তোমাৰ অন্তৰে বুজি পাইছে…
—শিশু দুটি মাউৰা।
ঘৰখনত আৰু মাক এজনী নাই!
—আৰু দেউতাকো বহু দূৰত!…
—এগৰাকী বৃদ্ধা পৰিচাৰিকাই তেতিয়া
সিহঁতৰ চোৱা-চিতাৰ ভাৰ লৈছে।
হিম চেঁচা ঘৰটোত কণমানি দুটা একেবাৰে অকলশৰীয়া;
চাৰি বছৰীয়া মাউৰা শিশু দুটিৰ মনৰ মাজত এতিয়া
ক্ৰমান্বয়ে প্ৰাণ পাই উঠিছে এক হাস্যমধুৰ স্মৃতি…
যেন এধাৰি প্ৰাৰ্থনাৰ জপমালা;
—আহ, কি যে সুন্দৰ প্ৰভাত, নৱবৰ্ষৰ প্ৰভাত!
সেই ৰাতি প্ৰত্যেকে নিজৰ
আপোনজনৰ সপোন দেখিছিল,
কেতবোৰ অদ্ভূত সপোনত দেখা পোৱা
পুতলা, সোণোৱালী কাগজেৰে মেৰিওৱা মৰ্টন,
উজ্জ্বল মণি-মুকুতাবোৰ যেন এক উদ্দাম নৃত্যত চক্ৰাকাৰে ঘূৰিছিল
আৰু পৰ্দাৰ পিছফালে অদৃশ্য হৈছিল,
আৰু আকৌ দৃশ্যমান হৈছিল!
পুৱা সাৰ পাই তুমি ৰং মনেৰে,
লোভৰ পানী পেলাই
চকু মোহাৰি বিছনাৰ পৰা উঠিছিলা…
বন্ধ বাৰৰ পুৱাৰ দৰে, নফণিওৱা চুলি আৰু তিৰবিৰোৱা চকুৰে,
কণমান উদং ভৰি মজিয়াত চোঁচৰাই,
মা-দেউতাৰ দুৱাৰত মৃদু টোকৰ দিছিলা…
তুমি ভিতৰলৈ সোমাই গৈছিলা!…
আৰু তাৰ পাছত আছিল শুভেচ্ছাৰ আদৰ-চেনেহবোৰ…
তোমাৰ ৰাতিৰ কাপোৰসাজতে, চুমাৰ উপৰি চুমা
আৰু পৃথিৱীৰ আটাইবোৰ মজা!
৪
আহ! কিমান যে মোহনীয় আছিল সেই সঘনে উচ্চাৰিত শব্দবোৰ!
—কিন্তু কেনেকৈ যে সলনি হৈ গ’ল পুৰণি ঘৰখন :
আগতে জুহালত আছিল একুৰা ডগমগীয়া ডাঙৰ জুই, ইমান উজ্জ্বল যে
পুৰণি শোৱনিকোঠাটো পোহৰ হৈ পৰিছিল;
ডাঙৰ জুই কুৰাৰ ৰাঙলী আভাই
চিকমিকাই থকা আচবাববোৰৰ লগত খেলা কৰিছিল…
—মিটচেফত চাবি নাছিল!… চাবি-বিহীন
এটা ডাঙৰ মুগা ৰঙৰ মিটচেফ!…
তুমি ডাঠ মুগা ৰঙৰ দুৱাৰখনলৈ চাই ৰৈছিলা…
চাবি নাই!… আচৰিত!…
মিটচেফটোৰ কাঠৰ বেৰৰ অভ্যন্তৰত শুই থকা ৰহস্যক লৈ
তুমি কৌতুহলী হৈ থাকিছিলা;
চাবিৰ ডাঙৰ ফুটাটোৰ তলিৰ পৰা তোমাৰ শুনা যেন লাগিছিল,
এটা দূৰৈৰ পৰা ভাহি অহা শব্দ, এটা অস্পষ্ট আৰু স্ফূৰ্তিৰ গুঞ্জন…
—মাক-দেউতাকৰ কোঠাটো এতিয়া খালি;
দুৱাৰৰ তলত কোনো ৰঙা আভা নাই;
মাক-দেউতাকো নাই, নাই জুই, নাই লুকাই থোৱা চাবি;
আৰু সেয়ে নাই কোনো চুমাও, বা মধুৰ উপহাৰ!
এৰা, নৱবৰ্ষৰ দিনটো সিহঁতৰ কাৰণে কিমান যে দুখলগা হ’ব!
—আৰু বেজাৰ লগাকৈ,
সিহঁতৰ ডাঙৰ ডাঙৰ নীলা চকুৰে মনে মনে এটোপাল অশ্ৰু সৰি পৰোতে,
সিহঁতে ফুচফুচাই ক’ব: “মা, কেতিয়া ঘূৰি আহিব?”
৫
এতিয়া কণমানিহাল বেজাৰতে শুইছে:
সিহঁতক দেখি এনে লাগিব যেন সিহঁতে টোপনিতে কান্দি আছে,
সিহঁতৰ চকুবোৰ ইমানকৈ উখহিছে আৰু
সিহঁতৰ শ্বাস-প্ৰশ্বাস ইমান কষ্টকৰ হৈ পৰিছে !
কণমানি শিশুবোৰৰ অন্তৰ ইমান সংবেদনশীল!
—কিন্তু দোলনাৰ দেৱদূতজন আহি সিহঁতৰ চকুলো মচি দিছে,
আৰু গভীৰ টোপনিত সুখী সপোন এটা গুঁজি দিছে,
ইমানেই ৰঙিয়াল সপোন যে,
সিহঁতৰ আধা মেলা ওঁঠত হাঁহি ফুটি
উঠিছে, যেন কিবা এটা ক’ব খুজিছে…
—সিহঁতে সপোন দেখিছে যে, সৰু সৰু গোল গোল হাত দুখনত ভেঁজা দি,
সাৰ পোৱাৰ সেই মধুৰ ভংগিমাত সিহঁতে মূৰ তুলিছে
আৰু চৌদিশে কোমলকৈ দৃষ্টি নিক্ষেপ কৰিছে…
সিহঁত যেন টোপনি গৈ আছিল
কোনোবা গোলাপী স্বৰ্গ এখনত…
উজ্জ্বল চৌকাটোত জুইকুৰা ডগমগাই জ্বলি আছে…
খিৰিকীৰে মনোৰম আকাশ এখন দেখা গৈছে;
প্ৰকৃতি সাৰ পাই উঠিছে আৰু
ৰ’দত পুনৰ মতলীয়া হৈ পৰিছে…
পুনৰ প্ৰাণ পাই আত্মহাৰা অৰ্ধনগ্ন পৃথিৱী
বেলিৰ চুম্বনত শিহৰিত হৈ পৰিছে…
আৰু পুৰণি ঘৰখনত সকলো উমাল আৰু সজীৱ;
মজিয়াত আৰু সিঁচৰতি হৈ থকা নাই কোনো শোকৰ বস্ত্ৰ,
আৰু শুকান বতাহজাকে দুৱাৰৰ তলত বিনাবলৈ এৰিছে…
যেন পৰী এজনী এই বাটেৰে পাৰ হৈ গৈছে!…
—শিশু দুটি আনন্দত মছগুল হৈ চিঞৰি উঠিছে…
সৌৱা, মাৰ বিছনাৰ কাষত
এক সুন্দৰ গোলাপী আভা,
সৌৱা, ডাঙৰ দলিচাখনত, কিবা এটা তিৰবিৰাই আছে…
দুখন ৰূপালী ফলক, ক’লা আৰু বগা,
চিকমিকনি তোলা মুকুতাৰ খোলা আৰু গাঢ় ক’লা মণি;
কণমানি ক’লা ফ্ৰেম, কাঁচৰ মণিমালা,
য’ত সোণালী আখৰেৰে খোদিত কৰা আছে তিনিটা শব্দ: “প্ৰতি আমাৰ মা”।
(ইংৰাজী শিৰোনাম: ‘The Orphans’ New Year Gift’)