মোৰ সমসাময়িক কবিসকল

ৰাজীৱ বৰুৱা

Issue: Vol. V, No. 2, August-October, 2026

এবাৰ আকাশবাণী গুৱাহাটীলৈ আহোঁতে কবি নৱকান্ত বৰুৱাই মোক কৈছিল: “তুমি আৰু মই ‘সমসাময়িক’ বুইছা।”

মই সুধিলোঁ: “কেনেকৈ ছাৰ ?”  

নৱকান্ত বৰুৱা আৰু মোৰ মাজত বয়সৰ পাৰ্থক্য ৩৭ বছৰ। ছাৰে আৰু ক’লে: “তুমি আৰু মই একে সময়তে কবিতা লিখি আছোঁ। হয়নে নহয়?”

ভাবিলোঁ মইনো কি লিখিছোঁ। ছাৰ ক’ত আৰু মই ক’ত? সমসাময়িক বুলিলে সেই সময়ৰ জীৱন, সমাজ, পৰিৱেশ, ৰাজনীতি, সংস্কৃতি, সংকট, মানুহৰ মনস্তত্ত্ব আদিক জীৱন্ত ৰূপত ৰখাকে বুজোঁ । কেৱল একে সময়ত লিখা হ’লেই সমসাময়িক নহয়; সময়ৰ স্পন্দন, প্ৰশ্ন আৰু বাস্তৱতাক সৃষ্টিশীলভাৱে প্ৰকাশ কৰিলেহে তাক সমসাময়িক কোৱা যায়।

পিছে আমি সমসাময়িক শব্দটোৰ সাধাৰণ অৰ্থ অৱহিত হৈছোঁ। অৰ্থাৎ একে সময়ৰ, একে যুগৰ, বৰ্তমান সময়ৰ সৈতে সম্পৰ্কিত কথা— এই অৰ্থতে মোৰ সমসাময়িক কবিসকলৰ কথা, সকলোৰে বিষয়ে সম্ভৱ নহ’লেও, দুষাৰ লিখিবলৈ যত্ন কৰিলোঁ।

মোৰ সমসাময়িক কবিসকলৰ কোনো কোনোৱে যদি ভাল লিখি থাকে, মোৰ ওপৰত তাৰ অনিবাৰ্য প্ৰভাৱ পৰে। ময়ো ভাল লিখাৰ প্ৰয়াস কৰোঁ। এই দৃষ্টিকোণৰ পৰা এই বিষয়টো মোৰ বাবে তাৎপৰ্যপূৰ্ণ। সমসাময়িক কবিসকল বুলিলে তেওঁলোক আৰু ঘাইকৈ তেওঁলোকৰ সৃষ্টিয়ে মোৰ লিখাৰ ওপৰত কৰা ক্ৰিয়া-প্ৰতিক্ৰিয়া আৰু সন্নিহিত ব্যক্তিগত স্মৃতি।

কবীন ফুকন, ভবেন বৰুৱা, হীৰেন্দ্ৰনাথ দত্ত, সনন্ত তাঁতি আৰু ৰফিকুল হোছেইন।

নৱকান্ত বৰুৱাৰ পিছত অসমীয়া কবিতাই বহু নদ-নদী পাৰ হ’ল। এতিয়াৰ কবিসকলৰ বুজন সংখ্যকৰে ভাষা আগৰ দৰে সু-সংহত নহয়। কেতিয়াবা নিতান্তই গতানুগতিক, অভিব্যক্তি কেতিয়াবা ক্ষোভজনিত, কেতিয়াবা সামাজিক মাধ্যমৰ দৰে ক্ষিপ্ৰ। একাংশ কবিয়ে ফুল দেখিলে ফুলকেই লক্ষ্য কৰে। প্ৰেমৰ কথা লিখিলে তাৰ অন্তৰালত থাকে উদ্বাস্তু মন, চাকৰিৰ উৎকণ্ঠা বা আভাসিক নিঃসংগতা। তথাপি আজিও কবিতা মানুহৰ অন্তিম আশ্ৰয়। শব্দ এতিয়াও বুকুৰ ভিতৰৰ অশ্ৰুত চৰাই— যিদৰে লৰকাৰ কবিতাৰ ‘duende’  —দুৰন্ত আত্মিক শক্তি। মৃত্যুৰ ছাঁৰ য’ত জুই নিত্য। আৰু আছে অঘৰী, জোন, তেজঘাম, প্ৰেম। অথবা নেৰুডাৰ সাধাৰণ বস্তুক লৈ লিখা গীতিকবিতা (Ode), যেনে Ode to  Onion.   

মোৰ সাহিত্য-যাত্ৰাৰ আদিপৰ্বত অৱনী চক্ৰৱৰ্তী আৰু ৰবীন্দ্ৰ সৰকাৰৰ সংগ আছিল অত্যন্ত প্ৰেৰণাদায়ক। অৱনীদাই মই কবিতাৰ নামত কাগজৰ ওপৰত কৰা যথেচ্ছাচাৰত হাত ফুৰাই উৎসাহ দিছিল। কোনো দিন বিৰক্ত হোৱা নেদেখিছিলোঁ। প্ৰায়ে কৈছিল: তৰুণসকলৰ কবিতাৰ আলোচনা নহয়। সেই বুলি তুমি কি লিখা বন্ধ কৰি দিবা নেকি? অৱনীদাক আমাৰ বিশ্ববিদ্যালয়ৰ অসম আৰ্হিৰ চাৰি নম্বৰ আৱাসত কবিতা পঢ়িবলৈ মাতি নিছিলোঁ। হীৰুদাকো নিছিলোঁ পিছত। ৰবীনদাই দিহা দিছিল: “নিৰন্তৰ তুমি কবিতাৰ কথাকে ভাবি থাকিবা। তেতিয়াহে কবিতা আহিব। কোনো নিম্নবৰ্গৰ চাকৰিয়ালৰ ঘৰত কাপ-প্লেটে মাহৰ শেষত ভৰত-নাট্যম কৰা দেখিব লাগিব (ৰবীন্দ্ৰ সৰকাৰৰ কবিতাৰ পংক্তি)৷” পাছলৈ ৰবীনদাই কলিকতাৰ পৰা মোলৈ লিখিছিল: “তোমাৰ এটা নিজস্ব প্ৰকাশভংগী আছে আৰু আছে নিজা শব্দসম্ভাৰ। কেতিয়াবা ই বিদ্ৰুপাত্মক। মধ্যবিত্তৰ অৱস্থানটোকেই যেন ব্যংগ কৰিছে। এই আটাইখিনি গুণে তোমাৰ কণ্ঠস্বৰত আনি দিছে বিশিষ্টতা। আমাৰ সমালোচকসকলে সকলো কবিৰ নাম একেটা শাৰীতে একে উশাহতে উচ্চাৰণ কৰি থৈ দিয়ে। ই কবিসকলৰ কাৰণে বৰ দুখ লগা কথা। মোৰ ধাৰণা তুলনামূলকভাৱে বাংলা সাহিত্যতকৈ অসমীয়া সাহিত্য জীৱনৰ ওচৰ চপা।”

ৰবীন্দ্ৰ বৰাই কবিতা বৈঠকত আৰু দিনেশ গোস্বামীয়ে মোৰ কবিতাৰ কিতাপবোৰৰ বিষয়ে দুই-এখন কাকত-আলোচনীত আলোচনা লিখি উৎসাহিত কৰিছিল। নলিনীধৰ ভট্টাচাৰ্যদেৱে অসমবাণীত ‘কবিতাৰ দুই ৰূপ’ নামেৰে প্ৰবন্ধ লিখি কবিতাৰ এটা ৰূপেৰে মোৰ কবিতা গঢ়া বুলি মতামত দিছিল। ভট্টাচাৰ্যদেৱে মই আকাশবাণী পাছিঘাটত থাকোতে মোৰ চিঠিৰ উত্তৰত এখন ইনলেণ্ড লেটাৰত লিখিছিল এইবুলি: “তোমালোকৰ ওপৰতে এতিয়া আমি ভৰসা ৰাখিছোঁ। আমাৰ দিন হোৱাই নোহোৱাই পাৰ হ’ল। মই নিজে বিশেষ একো কৰিব নোৱাৰিলোঁ। এতিয়া পস্তাইছোঁ। তোমাৰ ভৱিষ্যত আছে। লাগি থাকা।”

নলিনীধৰ ভট্টাচাৰ্যদেৱে তেতিয়া মোৰ ভৱিষ্যৎ আছে বুলি ক’লেও পাছিঘাটত থকা তিনি বছৰত মই আঢ়ৈটা মানহে কবিতা লিখিব পাৰিছিলোঁ। চাকৰিটো বৰ নিষ্ঠাৰে কৰিছিলোঁ আৰু অফিচ বন্ধ পালেই ছিয়াঙৰ পাৰে পাৰে, পাহাৰৰ বস্তিয়ে বস্তিয়ে, চাংঘৰে-চাংঘৰে ঘূৰি ফুৰিছিলোঁ মোৰ প্ৰথম উপন্যাস ‘মেৰুম’ৰ সমল বিচাৰি। পিছত গুৱাহাটী আহি দেখিলোঁ সকলো অচিন অচিন। গুৱাহাটীৰ বায়ুৱে মোক নুশুজা হৈছিল। কবিতা লিখা বন্ধ কৰিম বুলি স্থিৰ কৰিলোঁ। এই বুলি দুই একক ক’লোঁও: “ৰাজীৱ বৰুৱাই কবিতা নিলিখিলে অসমীয়া কবিতাৰ একো হানি নহয়।” এক প্ৰকাৰ বিৰাগ ওপজিছিল। কি কাৰণ আছিল মই আজিও উলিয়াব পৰা নাই। সেই সময়ত আকাশবাণী গুৱাহাটীলৈ আহিছিল নীলমণি ফুকনছাৰ। মই কবিতা লিখিছোঁ নে নাই খবৰ ল’লে। উত্তৰত ক’লোঁ: “কবিতাৰ কথা আৰু নুসুধিব, ছাৰ। এৰি দিলোঁ।” ছাৰে অলপ টানকৈয়ে ক’লে: “তুমি এৰিলে নহ’ব। কবিতাই তোমাৰ লগ এৰিব লাগিব। কিয় এৰিবা? লিখি থাকা।” ছাৰৰ কথা সঁচা হ’ল। মোক আৰু বহুতকে “চিয়াংপৰীয়া সাধু” ক’বলৈ কবিতা আকৌ আহিল। “পানীৰ ঘৰ” হৈ উটি-ভাহি থাকিল। কিতাপখনে তৰুণ কবিয়ে বিচাৰি ফুৰা স্বীকৃতি এটাও পালে। আত্ম-প্ৰত্যয় জাগিল। তেতিয়াৰ পৰা আজিলৈকে কলম এৰা নাই।

নৱকান্ত বৰুৱা, অজিৎ বৰুৱা, নীলমণি ফুকন, বীৰেশ্বৰ বৰুৱা, হীৰেন্দ্ৰনাথ দত্ত প্ৰমুখ্যে কবিসকলৰ হাতত আধুনিক অসমীয়া কবিতাই যি নতুন ভাষা, সময় চেতনা আৰু সমৃদ্ধি লাভ কৰিলে সেই ভেটিতে কেইগৰাকীমান মোৰ সমসাময়িক কবি নিজৰ স্বকীয় কণ্ঠৰে সুপ্ৰতিষ্ঠিত হ’ল। এইসকল কবিৰ কবিতাত সমাজ-বাস্তৱ, ব্যক্তিৰ নিঃসঙ্গতা, ৰাজনৈতিক অস্থিৰতা, প্রেম, প্রতিবাদ, স্মৃতি আৰু সময়ৰ ভঙা-গঢ়াৰ বিভিন্ন ৰূপ আৰু ৰূপবন্ধত প্ৰকাশ পাইছে। কবীন ফুকন, হৰেকৃষ্ণ ডেকাৰ কবিতাত বৌদ্ধিক অনুসন্ধান, নাগৰিক জীৱনৰ সংকট আৰু গভীৰ অন্তর্দৃষ্টি দেখা পোৱা যায়। অসমীয়া প্ৰগতিবাদী ধাৰাৰ মজবুত কণ্ঠ সনন্ত তাঁতি আছিল “শব্দৰ খেতিয়ক” জনতাৰ “অমল উৎসৱ”। অসমীয়া কবিতাৰ মননশীল ধাৰাটোক সমৃদ্ধ কৰা সমীৰ তাঁতীৰ কবিতাৰ বিষয় মানুহ; শ্রমজীৱী মানুহৰ বেদনা, সমাজিক বৈষম্য আদি অভিজ্ঞতাৰ প্ৰকাশ। জ্ঞান পূজাৰীয়ে কবিতাক কেৱল প্ৰতিবাদৰ প্ৰতিবেদন কৰি থোৱা নাই। জ্ঞান পূজাৰীৰ গতৰ কবিতা সমাজ বাস্তৱৰ শ্লোগান বা ধাৰাবিৱৰণী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছিল, কিন্তু ভাব-অনুভূতি আৰু উপলব্ধিক  তেওঁ শৈল্পিক পৰিমিতি বোধেৰে উপস্থাপন কৰিলে। ৰফিকুল হোছেইন এক মৌলিক কাব্য প্ৰতিভা। তেওঁৰ কবিতাই মানুহৰ অদমনীয় ইচ্ছা, চেতনা আৰু অভিব্যক্তিক কঢ়িয়াই লৈ ফুৰে। অসমীয়া লোক-সাহিত্যৰ কেঁচামালক লৈ আধুনিক উপমা-অলংকাৰ গঢ়িছে দিলীপ ফুকনে। তেওঁৰ কবিতাই হাটত “এভাৰ উখহা কান্ধ” বেছি থৈ অহা সাধাৰণ মানুহৰ বাতৰি দিয়ে। মাজে মাজে শুনাই আনে নুশুনা “বন কুকুৰাৰ ডাক”।

অনুভৱ তুলসীৰ সৈতে লেখক।

সমসাময়িক কবিতাৰ পৰিসৰত অনুভৱ তুলসী, কুশল দত্ত আৰু আমি একেকালৰ একেলগে দেখা পোৱা তিনিটা স্বতন্ত্ৰ কণ্ঠস্বৰ। আমাৰ কবিতাৰ ভাষা, অভিজ্ঞতাৰ পৰিসৰ আৰু নান্দনিক অভিমুখ বেলেগ বেলেগ হ’লেও একে সময়ৰ সমাজ-বাস্তৱতা, লোকজীৱন আৰু ইয়াৰ কথ্য ভাষাৰ কালিকা আৰু মানুহৰ আশা-আকাংক্ষা, নিঃসংগতা, প্ৰেম, ক্ষয় আৰু স্মৃতিৰ সৈতেই আমাৰ সৃষ্টিশীল সংলাপ। অনুভৱদাৰ সংলাপন নিয়তিয়ে কায়িকভাৱে বন্ধ কৰি দিলেও আজিও তেওঁৰ সৃষ্টিক বানান কৰি পঢ়ি থাকোঁ। তেওঁৰ কবিতাৰ অনুভৱৰ সূক্ষ্মতা আৰু অন্তৰ্মুখী বীক্ষণ মোৰ প্ৰিয়। তেওঁৰ শব্দচয়নত একধৰণৰ মৃদু অথচ গভীৰ অনুৰণন থাকে, যি আমাক আত্ম-অনুসন্ধানৰ বাবে সাজু কৰে৷ কুশল দত্তৰ কবিতাত সমকালীন জীৱনৰ জটিলতা আৰু তাৰ দাৰ্শনিক উপলব্ধি, সামাজিক অভিঘাত আৰু সময়-চেতনা স্বকীয় ৰূপত প্ৰকাশ পায়। ব্যক্তিগত অনুভৱৰ মাজেৰে সামূহিক অভিজ্ঞতাক স্পৰ্শ কৰাৰ এক প্ৰয়াস সদায় থাকে। সমসাময়িক হিচাপে আমি কোনো একে ধাৰাৰ অনুগামী নহয়। বৰঞ্চ ভিন্ন ভিন্ন পথেৰে একে সময়ৰ মাতবোৰ ধৰি ৰখাৰ প্ৰয়াস কৰি আছোঁ। নীলিম কুমাৰ আৰু আমাৰ কবিতাই জীৱন আৰু সময়ৰ সৈতে গভীৰ সংলাপনৰ চেষ্টা কৰে, যদিও দুয়োৰে প্ৰকাশ আৰু কথনভংগী স্বতন্ত্ৰ। নীলিম কুমাৰৰ কবিতাৰ চহকী চিত্ৰকল্প, গীতিধৰ্মিতা, বিষয়বোধৰ অপৰিচিতকৰণ, পৰাবাস্তৱবাদী উপকৰণ আৰু কথোপকথনৰ ৰীতিৰ চুম্বকীয় আকৰ্ষণ আছে।

লুটফা হানুম ছেলিমা বেগমৰ সৃষ্টিত আছে মানৱীয় আৱেগ-অনুভূতিৰ সূক্ষ্ম অনুষংগ। আৰু আছে জীৱনৰ দুখ বিষাদক হাঁহি মুখে গ্ৰহণ কৰাৰ বাবে প্ৰয়োজন হোৱা আত্ম প্ৰত্যয়। আজিৰ সময়ক বুজি পোৱাৰ আকাঙ্ক্ষাই কবিতাক একসূত্ৰত বান্ধি ৰাখিছে। জীৱন নৰহে লোকজীৱনৰ পৰা আহৰিত সমল লৈ সূক্ষ্ম পৰ্যবেক্ষণেৰে ৰূপ বৰ্ণময় কাব্যভাষা ৰচনা কৰিছে। বিপুলজ্যোতি শইকীয়াৰ কবিতা প্ৰজ্ঞাৰ পোহৰ। এই পোহৰ পৰিছে ভিন্ন অনুষংগৰ মাজৰে সমাজ ক্ষেত্ৰত। কবি আৰু সাহিত্য সমালোচক এম কামালুদ্দিন আহমেদৰ শেহতীয়া কবিতাবোৰ পঢ়িলে ভিন্নসুৰী কাব্যৰীতিৰ সচেতন পৰ্যবেক্ষণৰ সুফল যেন লাগে আৰু আমাৰ সময়ৰ কবি হিচাপে তেওঁক পাই আমি আনন্দিত। মনোজ বৰপূজাৰীয়ে কবিতাক ভাব-অনুভূতিৰ মাধ্যম ৰূপে আত্মস্থ কৰি আহিছে। হেমাংগ কুমাৰ দত্তৰ অথবা এতিয়াও উলিয়াই পঢ়োঁ। কাৰণ তেওঁৰ এটা বিকল্প বা ‘অথবা’ বিচাৰি নাপাওঁ। অজিৎ গগৈয়ে কাব্য-জীৱনত প্ৰৱেশকালীন প্ৰতিশ্ৰুতি আৰু গুণ মানৰ ধাৰাবাহিকতা ৰক্ষা কৰি কবিতা লিখি আছে।

নীলিম কুমাৰৰ সৈতে লেখক।

কবিৰ সংগ আৰু সদিচ্ছা আন্তৰিভাবে উপভোগ কৰোঁ। আনিছ উজ জামান, হিতেন শৰ্মা, চৈয়দ আব্দুল হালিম, প্ৰয়াগ শইকীয়া, নীলিমা ঠাকুৰীয়া হক, কৌস্তুভমণি শইকীয়া, ৰাজীৱ বৰা, অনুপম কুমাৰ, তপন বৰুৱা, প্ৰদীপ শইকীয়া, সৌৰভ শইকীয়া, প্ৰাণজিৎ বৰা, দিগন্ত শইকীয়া, বিজয় শংকৰ বৰ্মন, গংগামোহন মিলি, ৰাজীৱ ভট্টাচাৰ্য, ধ্ৰুৱ কুমাৰ তালুকদাৰ, পিংকুজিত দাস, গুণ মৰাণ এইসকল মোৰ সমসাময়িক কবি যিসকলৰ কবিতা আমি আগ্ৰহেৰে পঢ়ি আছোঁ। ভাবিলে ভাল লাগে তেওঁলোক আমাৰ কবি সংগ। অৰ্চনা পূজাৰী, বীৰেন গগৈ, উদয় কুমাৰ শৰ্মা, সমীন্দ্ৰ হুজুৰী, চেনীৰাম গগৈ, জ্যোৎস্না কলিতা, ৰশ্মিৰেখা বৰা, প্ৰণৱ কুমাৰ বৰ্মন, মেগন কছাৰী, বিনয় কুমাৰ মজুমদাৰ, প্ৰতীম বৰুৱা, সমুদ্ৰ কাজল শইকীয়া, কমল কুমাৰ তাঁতী, ভূষণ কলিতা, প্ৰকল্প ৰঞ্জন ভাগৱতী, নীলাক্ষী চলিহা গগৈ, বিভাৰাণী তালুকদাৰ, বৰ্ণালী বৰগোহাঁই, দিগন্ত নিবিড়, নীলম গগৈ (এওঁলোকৰ চাৰিওৰে কবিতাৰ কথা লিখিছোঁ), কৌশিক বাস্যস, গৌতম কুমাৰ মহন্ত, নিবেদিতা ফুকন, মামণি দাস, দ্বিজেন কুমাৰ দাস, জোনমণি দাস, কোকিল শইকীয়া, কৌশিক কিশলয়, কমল কুমাৰ মেধি, ধীমান বৰ্মন, প্ৰাঞ্জল তালুকদাৰ, দীপালিমা দত্ত, সমীৰ শংকৰ দত্ত, খঞ্জনা শৰ্মা, অংকুৰিতা ফুকন, মেঘালী গগৈ, মৈত্ৰেয়ী পাটৰ, কিশোৰ বড়ো, মৃদুল হালৈ, নীলাভ সৌৰভ, বৈদ্য ব্ৰাইট বুঢ়াগোহাঁই, লুইত কিৰণ দাস, মদাৰজ্যোতি, অনিন্দিতা কলিতা, অংকুৰ ৰঞ্জন ফুকন, লক্ষ্য শৰ্মা, লক্ষ্যজিৎ বৰা, প্ৰণৱ কুমাৰ শৰ্মা, অজিত ভৰালী, কিশোৰ মনজিৎ বৰা, বিমান কুমাৰ দলে, আবেদুৰ ৰহমান, মিণ্টুল হাজৰিকা, সংগীতা মেধি, ইন্দ্ৰনীল গায়ন, ৰঞ্জিত পাটগিৰি, ভাস্কৰ জে নাথ প্ৰমুখ্যে কবিসকলে জীৱন-জগতৰ সমসাময়িক সমাজৰ অনেক কবিয়ে দেখা-নেদেখা শ্ৰুত-অশ্ৰুত বিষয় বোধ উপলব্ধি উন্মোচন কৰা দেখিছোঁ। শিকিব পাৰিছোঁ। নৱকান্ত বৰুৱাই কোৱাৰ দৰেই তৰুণতম কবিসকল আমাৰ সময়ৰ। আমি একে পৰিৱেশ, আৱহাৱা, একেখন পৃথিৱীৰ একে বায়ু পানী মাটিত লালিত হৈছোঁ। বচনভংগী আৰু দৃষ্টিকোণ একে নহ’লেও আমি বয়স নিৰ্বিশেষে একেটা সময়তে লিখি আছোঁ। নীলম গগৈ, অংকুৰিতা ফুকন, দেৱৰাজ মিলি, বাৎস্যায়ন,  জ্যোতিৰ্ময় দত্ত, সঞ্জীৱ কলিতা, নীলাক্ষী গোস্বামী,  ৰশ্মিৰিয়া গগৈ, অন্তৰীপ কাকতি,  জংকি শৰ্মা, ত্ৰিদিপ কুমাৰ বৰগোহাঞি, অচ্যুত কুমাৰ বৰা আদি তৰুণ প্রজন্মৰ কবিসকলেও অসমীয়া কবিতাক নতুন অভিজ্ঞতা, ভাষা আৰু আঙ্গিক দান কৰিছে। সামাজিক মাধ্যম আৰু বিশ্বায়নৰ যুগত তেওঁলোকৰ কবিতাত আধুনিক মানুহৰ অস্থিৰতা, সম্পর্কৰ ভাঙোন, স্মৃতিৰ বেদনা আৰু আত্মানুসন্ধানৰ সুৰ বিশেষভাৱে ধ্বনিত হয়।

মোৰ কাব্য দৃষ্টিক আকৰ্ষিত কৰা বিভিন্ন ভাষাত লিখা ভাৰতীয় কবিসকলৰ ভিতৰত আছে অৰুণ কোলাৎকাৰ, কেদাৰনাথ সিং, কে সৎচিদানন্দন, অৰুণ কমল, বিনোদ শুক্লা, জয় গোস্বামী, সুবোধ সৰকাৰ, টি পি ৰাজীৱন, একান্ত শ্ৰীবাস্তৱ, অৰুন্ধতী সুব্ৰমনিয়াম আদি প্ৰধান।

শেহতীয়াকৈ মোৰ কবিৰ সংগ বাঢ়িছে, বিশেষকৈ ছিওল বিশ্ব কবিতা উৎসৱত ভাগ লোৱাৰ পাছত। মোৰ পৰিচয় পৰিমণ্ডললৈ আহিল কেইবাগৰাকী বিশ্ব প্ৰসিদ্ধ কবি: জাক ৰহগৌ, আমিৰ অৰ, লৌৰা গাৰাভাইয়া,  ৰন ৰিডলে,  মাৰিয়া কোৱাবও পৌৰ, ডেনিয়েল পল লেভেণ্টে, এমালোৱেলা, ক্ৰিছষ্টিন চেন, আয়তেকিন কাৰাপাকা, আছিলিহান  তুয়লোঁগলো , জাৰ্মেইন ড্ৰুগেনব্ৰ’ড্ট, লুইচ গ্লিক, ৰেই বেৰৰা, ফাৰনাণ্ড ৰেণ্ডন, লুডমিলা ভিদা এলিছা, ডুবকোভেতেচিয়া, অনাহিছ ভিল্লাৰাৰেল প্ৰমুখ্যে বিদেশী সমকালীন কবিসকলৰ আভাসিক সান্নিধ্য  আৰু কবিতা বিনিময়ে মোৰ দৃষ্টি প্ৰসাৰিত কৰাত সহায় কৰা যেন লাগে। কবিয়ে অনুকৰণ নকৰে। প্ৰভাৱিত হ’ব পাৰে। কবিক কোনো প্ৰতিযোগী নালাগে। নিজকে নিজে অতিক্ৰমি যোৱাই ইয়াত নিয়ম। ভাল কবিয়ে ভাল কবিক সন্মান কৰে। লৰকা নামটো বিশেষ আকষৰ্ণীয় নাম নহ’লেও স্পেনিছ কবিগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই কানাডাৰ কবি লেওনাৰ্ড কোহেনে (২০২০ চনৰ ন’বেল বঁটা প্ৰাপক) কৈছিল — “I named my daughter Lorca”৷ তেওঁৰ “Take This Waltz ” গানটোও লৰকাৰ কবিতাৰ অনুবাদ। তেওঁৰ দৃষ্টিত লৰকা আছিল একক আৰু অনন্য।

লগতে পঢ়ক: ৰাজীৱ বৰুৱাৰ কবিতা মই কিয় লিখোঁ?