বিষ্ণুপ্ৰসাদ ৰাভা
বিশ্বৰে ছন্দে ছন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দেৱ নাচা৷ বন্দে আজি সৱ ভকত বৃন্দে তৱ চৰণ কমল বন্দে৷ জ্বলোৱা সাগ্নিক তপো হোম বহ্নি, বিনাশক এন্ধাৰ তব জয়ী অগ্নি৷ বিশ্বৰে দেউলত জ্ঞানৰে বন্তিৰ আলোকৰে শিখা উঠক নাচি অজ্ঞান-এন্ধাৰ বিনাশি পুলকানন্দে… নাচোনৰ তালে তালে পুষ্পিত বননি, ছেৱে ছেৱে হালে জালে বিকশিত ফুলনি আমোল মোল কৰে শুৱনী ধৰণী পুষ্পিত সুবাসিত গন্ধে…৷