Issue: Vol. V, No. 2, August-October, 2026
অনুবাদ : ৰশ্মি ৰেখা বৰা হাজৰিকা
নিছিম ইজিকিয়েল (Nissim Ezekiel, জ. ১৯২৪–মৃ. ২০০৪) আধুনিক ভাৰতীয় ইংৰাজী সাহিত্যৰ এজন অন্যতম বাটকটীয়া কবি, নাট্যকাৰ, সম্পাদক আৰু সমালোচক। তেওঁ মুম্বাই বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী হিচাপে দীৰ্ঘদিন ধৰি কাৰ্যনিৰ্বাহ কৰাৰ উপৰি বিভিন্ন সাহিত্য আলোচনীৰ সম্পাদনাৰ সৈতেও জড়িত আছিল। তেওঁৰ কবিতাবোৰত সূক্ষ্ম, সংযত তথা সুনিপুণ শব্দচয়নৰ জৰিয়তে সৰল আৰু ব্যংগাত্মক ৰূপত আৱেগবৰ্জিতভাৱে ভাৰতীয় দৈনন্দিন নগৰীয়া জীৱনৰ বাস্তৱ চিত্ৰণ দাঙি ধৰা দেখা যায়। ইজিকিয়েলে তেওঁৰ আধুনিকতাবাদী উদ্ভাৱন আৰু কৌশলৰ জৰিয়তে ভাৰতীয় ইংৰাজী কাব্য-সাহিত্যক চহকী আৰু প্ৰতিষ্ঠিত কৰি গৈছে। তেওঁৰ কাব্যগ্ৰন্থ: A Time to Change (১৯৫২); The Unfinished Man (১৯৬০); The Exact Name (১৯৬৫) আৰু Latter-Day Psalms (১৯৮২)। কবিতাসমূহৰ ভিতৰত ‘Night of the Scorpion’, ‘Goodbye Party for Miss Pushpa T.S’ আৰু ‘The Professor’ বিশেষভাৱে উল্লেখযোগ্য। ১৯৮৩ চনত Latter-Day Psalms কাব্যগ্ৰন্থৰ বাবে তেওঁক সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হয়।১৯৮৮ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী উপাধিৰে বিভূষিত কৰে।
দুগুণ ভয়াৱহতা
পৃথিৱীয়ে মোক কলুষিত কৰিছে, অহৰহ
ভিৰে মোক মানুহতকৈও অধম কৰি তুলিছে,
খবৰকাগজ, বোলছবি, ৰেডিঅ’ অনুষ্ঠান, ভাষণ
নিষ্ঠুৰ যুঁজুধান মুখৰ মানুহেই দাবী কৰে শান্তি,
পোষ্টাৰবোৰে বিক্ৰী কৰে বটলত স্বাস্থ্য আৰু সুখ,
ফুটবলৰ জুৱাত কম বিনিয়োগত বৃহৎ লাভ,
অথবা আত্মনিয়ন্ত্ৰণ, এক পাউণ্ডত ছটা সহজ পাঠ,
টুথপেষ্টৰ জয়গান লিখিলে ৰোমত অৱসৰ বিনোদন,
যিবোৰৰ অবাধ বৃদ্ধিয়ে নিশ্চিতভাৱে বিচাৰে জীৱনৰ পৰা প্ৰাণ শুহিবলৈ,
তোমাক আৰু মোক কলুষিত কৰিবলৈ।
কমৰেড বুলি কোৱা সকল মাথোঁ ভৃত্য আৰু যিসকল
মোৰ ভাতৃ নহ’ব তেওঁলোকেই ভাগ-বাটোৱাৰা কৰে তিক্ত লজ্জা
নেতা হিচাপে অনাহুত, অপ্ৰিয়, অযোগ্য হোৱাৰ,
অবিশ্বাসী ভৃত্য, নিতে অকলশৰীয়া।
ৰাজনীতি নিবিচৰা মই তথাপি গ্ৰহণ কৰোঁ
ব্যক্তিগত ৰাজনীতিৰ বন্ধ্যা বেশ্যাক, স্বাক্ষৰ কৰোঁ ঘোষণাপত্ৰ,
সভা আহ্বান কৰোঁ, সমিতিত কাম কৰোঁ; মই মানি লওঁ
কিবা এটা কৰিবই লাগিব কিন্তু গোপনে সুখ পাওঁ
যেতিয়া পঞ্চাছ হেজাৰ চীনাক হত্যা কৰা হয়,
মই, যি, সৰু থাকোঁতে এন্দুৰ এটা মাৰিলেও উচুপিছিলোঁ।
পৃথিৱীৰ দ্বাৰা কলুষিত হৈ ময়ো পৃথিৱীখনক সংক্ৰমিত কৰিব লাগিব
মোৰ কলুষতাৰে। এই দুগুণ ভয়াবহতাই গ্ৰাস কৰে মোক
এটা দুঃস্বপ্নৰ দৰে যাৰ পৰা মই সাৰ পাব নোৱাৰোঁ, নিন্দিত
কেৱল মোৰ দ্বাৰাই, আনৰ কাৰণে, নিৰাপদ, নায়ক,
সন্ত, কবি, আলোচনাপন্থী, কফি ৰসিক,
আধুনিক ভাৰতীয় কলা অথবা গ্ৰীক পুৰাতাত্ত্বিক
সামগ্ৰীৰ দিগদৰ্শক। মাথোঁ মই যি
সেয়া হোৱাটোৱেই কষ্টদায়ক আৰু কষ্ট দিয়ে ই পৃথিৱীকো যদিও পৃথিৱীয়ে নাজানে।
পৃথিৱী আৰু মোৰ মাজত এক সাংঘাতিক সন্তুলন,
সংক্ৰমিত হৈ মই পৃথিৱীখনকে কৰোঁ কলুষিত।
(ইংৰাজী শিৰোনাম : ‘The Double Horror’)