Issue: Vol. V, No. 2, August-October, 2026
বোধহয় এটা প্ৰেমৰ কবিতা
আমাৰ আকাশ এধানমান।
তোমাৰ আকাশ বিশাল—ডউকাও শেহতীয়া।
তোমাৰ বিশালতাৰ এচুকত মোৰ অৱস্থান।
গা লুকুৱাবলৈও এখুদমান মেঘ।
তাতেই শেষ হয় উচপিচনি।
ক’ম বুলি ভবাটো শেষ নহয়।
ৰাতিবোৰো দীঘল—
সেয়ে অন্যমনস্কতাৰে পাৰ কৰোঁ।
যেতিয়া সাৰ পাওঁ
তুমি উৰণ আৰম্ভ কৰিছাই।
ভালেই—এই অপেক্ষাৰো নাম আছে
তাত আছে কিছু সততা।
আৰু আছে বিষাদৰ ৰেশ।
ইয়ো আনন্দৰেই।
বেডশ্বিট সলোৱাৰ দৰে সলাওঁ নিজক।
আৰু প্ৰাকৃতিক হৈ পৰোঁ—
হয়তোবা অতিপ্ৰাকৃতিক।
যেনেকৈ গেৰেজত সযতনে থাকে গাড়ী,
কিন্তু সেয়া তাৰ স্থান নহয়—
হা হা!
মোৰ গেৰেজৰ আবুৰো নাই
তুমি তেতিয়া উৰা, যেতিয়া তুমি জিৰণি লোৱা।
আৰু তেতিয়াও, যেতিয়া তুমি সঁচাকৈয়ে উৰা।
এই সহজলভ্যতাৰো নাম আছে—
শ্ৰদ্ধাভাজন, প্ৰিয়ভাজন ৰাইজ!
তুমি
নথকাৰ অপেক্ষাতহে আছা।
থকাখিনি
এই হাতৰ মুঠিৰে সৰকি গ’লেই—
তোমাৰ সান্নিধ্য মানে মোৰ শূন্যতাৰ মৃত্যু।
আৰু মোৰ শূন্যতাৰ মৃত্যু মানে
তোমাৰ সৰলতাৰ অপলাপ