মুনীন বায়ন
Issue: Vol. V, No. 2, August-October, 2026
(নৱকান্ত বৰুৱাৰ হে অৰণ্য হে মহানগৰ কবিতা-সংকলনৰ ৭৫ বৰ্ষ উপলক্ষে ২৮ মাৰ্চ, ২੦২৬ তাৰিখে কবিতা অধ্যয়ন গোট আৰু পিডব্লিএফে আয়োজন কৰা বক্তৃতা অনুষ্ঠানত প্ৰদান কৰা বক্তৃতাৰ লিখিত ৰূপ৷)

অসমীয়া আধুনিকতাবাদী কবিতাৰ ইতিহাসত নৱকান্ত বৰুৱাৰ হে অৰণ্য হে মহানগৰ সংকলনটোৰ এক সুকীয়া গুৰুত্ব আছে৷ ১৯৫১ চনত প্ৰকাশিত হে অৰণ্য হে মহানগৰ কবি নৱকান্ত বৰুৱাৰ প্ৰথম কবিতা-সংকলন৷ আজি ৭৫ বছৰ পাছত সংকলনটোৰ কথা স্মৰণ কৰিবলৈ লওঁতে সেই সময়ৰ অসমীয়া কবিতাত আধুনিকতাবাদী সাহিত্যৰ কোনবোৰ বৈশিষ্ট্য প্ৰতিফলিত হৈছিল, সেই কথা মন কৰা উচিত হ’ব৷ ৰেনেছাঁ আৰু ৰিফৰ্মেছন পৰৱৰ্তী ইউৰোপত আধুনিকতা(modernity)ৰ ইতিহাস তিনিশ বছৰীয়া বুলি ধৰি ল’ব পাৰি যদিও সাহিত্যত আধুনিকতাবাদ(modernism)ৰ ইতিহাস তেনেই খন্তেকীয়া৷ ব্যক্তি স্বাধীনতা, যুক্তিবাদ, বিজ্ঞান আৰু ইতিহাসৰ প্ৰগতিমুখী যাত্ৰাক আধুনিকতাৰ মৌলিক চৰিত্ৰ ৰূপে গণ্য কৰা হয়৷ আনহাতে আধুনিকতাবাদ বুলি ক’লে আমাৰ মনলৈ আহে কুৰি শতিকাৰ প্ৰথম দুটা-তিনিটা দশকত ইউৰোপ আৰু আমেৰিকাৰ বিশেষকৈ ইংৰাজী সাহিত্যত ক্লাছিকেল আৰু ৰোমাণ্টিক সাহিত্যাদৰ্শৰ বিপৰীতে ভাষা আৰু আংগিক-সচেতন এক উচ্চমন্য, বুদ্ধিমাৰ্গী সাহিত্যৰ কথা৷ অৱশ্যে আধুনিকতাৰ পৰা এই আধুনিকতাবাদক বিচ্ছিন্ন কৰি চাব নোৱাৰি৷ এই কথা সঁচা যে আধুনিকতাবাদী সাহিত্যৰ আঁৰত বিগত এশ-ডেৰশ বছৰত হোৱা সামাজিক বিৱৰ্তন, বৌদ্ধিক বিকাশ, প্ৰযুক্তিৰ ভূমিকা আৰু বিশেষকৈ প্ৰথম মহাসমৰৰ বিধ্বংসী অভিজ্ঞতাৰ প্ৰভাৱ মচিব নোৱৰা৷ ইংৰাজ লেখিকা ভাৰ্জিনিয়া উলফে লিখিছিল, in or about December 1910 human character changed. ১৯১০ চনৰ ডিচেম্বৰ বা তেনে সময়ত মানুহৰ মানসিকতাৰ পৰিৱৰ্তন ঘটিছিল৷ উলফৰ এই মন্তব্যৰ আঁৰত আছিল ১৯১০ চনৰ শেষৰ ফালে লণ্ডনত আয়োজিত চিত্ৰকৰ মনে আৰু উত্তৰ মনচ্ছায়াবাদী (post impressionists) চিত্ৰকলাৰ এখন প্ৰদৰ্শনী৷ ইউৰোপীয় চিত্ৰকলাত ইমানদিনে চলি অহা বাস্তৱতাৰ ধাৰণা এই প্ৰদৰ্শনীত দেখুওৱা ফৰাচী চিত্ৰকৰ পল চেজান, ভিনচেণ্ট ভেন গখ, পল গগাঁ আদিৰ ছবিয়ে সলনি কৰি দিছিল৷ সেই প্ৰদৰ্শনী চাই ভাৰ্জিনিয়া উলফৰ ধাৰণা হৈছিল যে এতিয়াৰেপৰা সাহিত্য-সংস্কৃতিক অনুধাৱন কৰাৰ মানসিক দৃষ্টিভংগী, প্ৰেক্ষিত আৰু ধ্যান-ধাৰণা আৰু একে হৈ নাথাকে৷ ভিক্টোৰীয় পৰিমণ্ডলৰপৰা ইংৰাজী সাহিত্য মুক্ত হৈ আধুনিকতাৰ পৰ্বত উপনীত হোৱাৰ এয়ে আছিল ক্ষণ৷ উলফৰ অন্ততঃ এনে ধাৰণা হৈছিল৷
ভাৰ্জিনিয়া উলফৰ এই মন্তব্যৰ আক্ষৰিক অৰ্থ গ্ৰহণ কৰিবলৈ টান যদিও উলফে কোৱা মানসিকতাৰ পৰিৱৰ্তনৰ সময়খিনি, বিশেষকৈ ইউৰোপৰ বাবে কুৰি শতিকাৰ প্ৰথম দুটা দশক গুৰুত্বপূৰ্ণ আছিল৷ ইউৰোপ জুৰি ধ্বংসলীলা সূচনা কৰা প্ৰথম মহাসমৰ(১৯১৪-১৮)ৰ কঠিন অভিঘাতে সাহিত্য-সংস্কৃতিৰ চৰিত্ৰৰ আমূল পৰিৱৰ্তন আনিলে৷ ঔদ্যোগিক পুঁজিবাদ, সামৰিক শক্তিনিৰ্ভৰ জাতি-ৰাষ্ট্ৰবাদ, প্ৰযুক্তি আৰু ভোগবাদ-সৰ্বস্ব এক নাগৰিক সভ্যতা –এই সকলোবোৰ কাৰকৰ বোকোচাত উঠি ৰাজনৈতিক, সামাজিক ৰংগমঞ্চত নতুন মধ্যবিত্ত শ্ৰেণী এটাৰ আবিৰ্ভাৱ হ’ল৷ ব্যাপক ভোগবাদ (mass consumerism) আৰু এক ধৰণৰ জনপ্ৰিয় পুঞ্জ সংস্কৃতি(mass culture)ৰ উপাসক এই বিপুলায়তন শ্ৰেণীটোৱে পুৰণি সামন্তীয় আৰু পৰৱৰ্তী কালৰ নৱাগত বুৰ্জোৱা শ্ৰেণীটোৱে লালন-পালন আৰু পৃষ্ঠপোষকতা কৰি অহা সাহিত্য-সংস্কৃতিৰ গুৰুগাম্ভীৰ্য আৰু আভিজাত্য ম্লান কৰি পেলালে৷ এনে এটা পৰিৱেশতে কিছুসংখ্যক কবি আৰু সমালোচকে আধুনিকতাবাদৰ গুৰি ধৰিছিল৷ এই কবি, সাহিত্যিক, সমালোচক, শিল্পীসকলে হাতত কলম আৰু তুলিকা তুলি লৈছিল নতুন এক যুগসন্ধিত পূৰ্বে অনুভৱ নকৰা কিছুমান সংবেদনশীলতাৰ সন্ধান আৰু কৰ্ষণ কৰিবলৈ৷ তেওঁলোকৰ সৃষ্টিকৰ্মত আৱেগতকৈ বুদ্ধিমত্তাৰ গুৰুত্ব আছিল বেছি৷ তেওঁলোকৰ হাতত কবিতাই নহয়, উপন্যাসো ভাষা তথা শৈলীৰ সচেতন নিৰ্মিতি হৈ পৰিছিল৷ এনে সাহিত্যৰ ৰস গ্ৰহণৰ বাবে পঢ়ুৱৈসকলো মানসিকভাৱে প্ৰস্তুত থাকিব লাগিব৷ ঔপন্যাসিক ডৰথী ৰিচাৰ্ডছনে সেয়ে কৈছিল, এতিয়াৰ পঢ়ুৱৈ নিষ্ক্ৰিয় ৰসগ্ৰাহী নহয়, তেওঁলোক এই নতুন ধৰণৰ সাহিত্যৰ একো একোজন সহযোগী স্ৰষ্টা (…readers were not passive recipients but active co-creator of the work)৷ বহুতে আকৌ ক’ব খোজে ১৯২২ চনটো যথাৰ্থতে আছিল ‘the year of modernism’৷ কিয়নো সেই বছৰটোতে প্ৰকাশ পাইছিল সাহিত্যত আধুনিকতাবাদৰ পৰিচয়জ্ঞাপক তিনিখন যুগান্তকাৰী কিতাপ৷ সেই তিনিখন হ’ল– টি এছ এলিয়টৰ The Waste Land, জেমছ জয়চৰ Ulysses আৰু ভাৰ্জিনিয়া উলফৰ Jacob’s Room৷ পশ্চিমীয়া ঔদ্যোগিক সভ্যতাই মানুহক আধ্যাত্মিকভাৱে ফোপোলা, আত্মবিচ্ছেদিত, একাকী আৰু ছিন্নমূল কৰি যি অনিৰ্দেশ্য ভৱিষ্যতৰ সন্মুখীন কৰাইছিল, তাৰ অতি মননশীল আৰু নিৰাবেগ ভাষ্য এলিয়টে তেওঁৰ ৱেষ্ট লেণ্ড; ফ’ৰ কোৱাৰ্টেটছ–কে ধৰি বহু-চৰ্চিত কবিতাবোৰত আগবঢ়াইছিল৷ তেওঁৰ কবিতাৰ প্ৰভাৱ বিশ্বৰ বহু সমাজত আজি অনস্বীকাৰ্য৷
আধুনিকতাবাদৰ কাণ্ডাৰীসকলে আৰম্ভণিৰেপৰা শিল্প-সাহিত্যক সমাজৰ এচাম শিক্ষিত, সংস্কৃতিৱান মানুহৰ মানসিক খোৰাক আৰু বিনোদনৰ উপকৰণ বুলি গণ্য কৰিছিল৷ তেওঁলোকে শিল্প-সাহিত্যক সাংস্কৃতিক আৰু নৈতিক প্ৰমূল্য-নিৰপেক্ষ অৱসৰকালীন আনন্দৰ উৎস বুলি ভবা নাছিল৷ সাহিত্যৰ লগত বুদ্ধিমত্তা আৰু সাংস্কৃতিক প্ৰমূল্যৰ এৰাব নোৱৰা সম্পৰ্কৰ বিষয়ে তেওঁলোক সদায় সজাগ আছিল৷ এলিয়টে কবিতা লিখিয়ে ক্ষান্ত থকা নাছিল, তেওঁ কবিতাৰ বৌদ্ধিক, সাংস্কৃতিক গুৰুত্ব সোঁৱৰাই দিবলৈ উচ্চমানৰ সমালোচনামূলক গদ্য তথা প্ৰবন্ধ লিখি গৈছিল৷ এলিয়টৰ এই ভূমিকাক ভূয়সী প্ৰশংসা কৰা নতুন সমালোচনাৰ প্ৰবক্তা এফ. আৰ. লীৱিছে বিশ্বাস কৰিছিল যে শিল্প-সাহিত্যৰ আচল কদৰ বুজি পোৱা মানুহ সকলো সমাজতে সংখ্যালঘিষ্ঠ হ’লেও তেওঁলোকেহে সমাজ, সভ্যতা আৰু ঐতিহ্যৰ ধাৰাবাহিকতা আৰু তাৰ হিতকাৰী উপাদানবোৰ জীয়াই ৰখাত যোগসূত্ৰৰ ভূমিকা পালন কৰে৷ এই উদ্দেশ্য আগত ৰাখি লীৱিছে ১৯৩২ চনৰপৰা ১৯৫৩ চনলৈ কুৰি বছৰৰো অধিক কাল Scrutiny নামৰ উচ্চ মানৰ সাহিত্য আলোচনীখনৰ সম্পাদনাৰ দায়িত্ব পালন কৰিছিল৷ তেওঁৰ মতে জনপ্ৰিয় পুঞ্জ সংস্কৃতিয়ে সমাজৰ গৰিষ্ঠসংখ্যক লোকৰ মানসিক বুদ্ধি-বৃত্তি আৰু সুস্থ ৰুচিবোধ ভোটা কৰি পেলায়৷ ১৯৩০ চনত প্ৰকাশিত লীৱিছৰ এখন গুৰুত্বপূৰ্ণ কিতাপৰ নাম হৈছে, Mass Civilisation and Minority Culture৷ ১৯৩২ চনত প্ৰকাশিত তেওঁৰ আন এখন কিতাপ New Bearings in English Poetry-ত তেওঁ এলিয়ট, হ’পকিন্স, ডব্লিউ. বি. য়েটছ আদি কবিসকলৰ প্ৰসংগতে কৈছিল– if the poetry and the intelligence of the age lose touch with each other, poetry will cease to matter much, and the age will be lacking in finer awareness. অৰ্থাৎ তেওঁ ক’ব বিচাৰিছিল, সমসাময়িক বৌদ্ধিক আৰু নৈতিক চেতনাৰপৰা শিল্প-সাহিত্যক নিলগাই চোৱাৰ প্ৰৱণতা অযুগুতেই নহয়, চূড়ান্ত বিচাৰত ক্ষতিকাৰকো৷ কেৱল পাঠৰ স্ৰষ্টা আৰু সমাজ-নিৰপেক্ষ সূক্ষ্মাতিসূক্ষ্ম বিশ্লেষণত পাৰদৰ্শী মাৰ্কিন নতুন সমালোচনা আৰু সাংস্কৃতিক তত্ত্বৰ পণ্ডিতসকলৰ লগত এইখিনিতেই লীৱিছৰ নতুন সমালোচনাৰ পাৰ্থক্য৷
আধুনিকতা সম্পৰ্কে সাধাৰণতে উচ্ছ্বসিত ব্ৰিটিছ সাহিত্য তাত্ত্বিক টেৰী ইগলটনে আধুনিকতাবাদী বুলি আজিকালি উল্লেখ কৰা আন্দোলনটোৰ আয়ুস টানি-টুনি ৩০ বছৰ বুলি কৈছে৷ আধুনিকতাবাদ সম্পৰ্কে তেওঁৰ অতি শেহতীয়া কিতাপখনৰ শিৰোনামটো মন কৰিবলগীয়া, Modernism – A Literature in Crisis (২০২৫)৷ এই কিতাপখনত আধুনিকতাবাদৰ প্ৰভাৱ শিল্পী-সাহিত্যিক আৰু দৰ্শক-পঢ়ুৱৈৰ ক্ষুদ্ৰ ক্ষুদ্ৰ গোষ্ঠী কিছুমানৰ মাজত সীমাবদ্ধ আছিল বুলি উল্লেখ কৰি ইগলটনে লিখিছে, “আধুনিকতাবাদ আছিল সাংস্কৃতিক উদ্ভাৱনৰ এক বিস্ময়কৰ উজ্জীৱন– যিয়ে বিচিত্ৰ কিছুমান শিল্পমাধ্যমক আশ্ৰয় কৰিছিল আৰু বিভিন্ন দেশত বিয়পি পৰিছিল৷ যদিও ইয়াৰ সামাজিক ভিত্তি আছিল তেনেই সংকুচিত, তাৰ তুলনাত ইয়াৰ শৈল্পিক প্ৰভাৱ আছিল আচৰিত ধৰণে অসামঞ্জস্যপূৰ্ণ৷” মেলকম বুল নামৰ লেখকজনে অলপ অতিৰঞ্জিত কৰি ক’লেও এই আধুনিকতাবাদ আছিল “একচেটিয়াভাৱে মহানগৰ-কেন্দ্ৰিক, খেয়ালি মনৰ ধনকুবেৰৰ বদান্যতাৰে পুষ্ট আৰু বোহেমিয়ান কিছুমানৰ সৃষ্টি৷” (exclusively metropolitan, subsidised by eccentric millionaires and made by bohemians.)

নৱকান্ত বৰুৱাৰ হে অৰণ্য হে মহানগৰ জীৱন আৰু কবিতা সম্পৰ্কে এনে ধৰণৰ আধুনিকতাবাদী দৃষ্টিভংগীৰ বাবে অসমীয়া সাহিত্যৰ ইতিহাসত স্মৰণীয়৷ যদিও এই ইউৰোপীয় আধুনিকতাবাদৰ পটভূমিৰ সাংস্কৃতিক, বৌদ্ধিক তাৎপৰ্য অসম বা ভাৰতৰ পটভূমিত প্ৰভাৱশীল আছিল বুলি কোৱাটো অলপ আহুকলীয়া হ’ব৷ কিন্তু পঞ্চাছৰ দশকৰ আৰম্ভণিত ৰচিত নৱকান্ত বৰুৱাৰ এই কবিতাবোৰত আমি এক নতুন ব্যক্তিসত্তা আৰু আত্মচেতনা উন্মেষৰ উমান পাওঁ৷ এই নতুন ব্যক্তিসত্তা পৰম্পৰাগত মূল্যবোধেৰে সম্পৃক্ত কোনো সামূহিকতাৰ অংশ নহয়, এই ব্যক্তিসত্তা এবিধ নতুন নাগৰিক সাংস্কৃতিক চেতনা আৰু সংবেদনশীলতাৰ অধিকাৰী৷ আধুনিক সভ্যতাই সৃষ্টি কৰা এই ব্যক্তিসত্তাৰ অন্তৰ্জীৱন আৰু অন্তৰ্বোধ আছে৷ হে অৰণ্য হে মহানগৰৰ কবিতাবোৰৰ ভাষা আৰু ছন্দতো কবিৰ এনে সচেতন মন এটাৰ অস্তিত্ব অনুভৱ কৰিব পাৰি৷ এই ভাষা আৰু ছন্দ ৰোমাণ্টিক কবিৰ লেখিয়া স্বতঃস্ফূৰ্ত আৰু সাধাৰণ লোকৰ মুখৰ ভাষা নহয়৷ পৰম্পৰাগত সাহিত্যত পৰিলক্ষিত হোৱা আৱেগৰ বাহন ৰূপে এই নতুন ভাষা মূৰ্তমান আৰু প্ৰকাশক্ষম নহয়৷ তাৰ বিপৰীতে কবিৰ সচেতন মনৰ কষ্টকৰ অনুশীলন আৰু অসচেতন মনৰ বিচিত্ৰ ক্ৰিয়াকলাপৰ অনুৰংগ প্ৰতিফলিত কৰিব পৰা এটা অস্বচ্ছ, দুৰূহ ভাষাৰে পঢ়ুৱৈক বৌদ্ধিকভাৱে প্ৰত্যাহ্বান জনোৱা এই কবিতাবোৰৰ অন্যতম উদ্দেশ্য৷
ইউৰোপীয় আধুনিকতাবাদী সাহিত্যৰ যি পটভূমি আৰু সেই সাহিত্যৰ গভীৰত নিনাদিত হোৱা পশ্চিমীয়া সভ্যতাৰ ভৱিষ্যৎ সম্পৰ্কে সংশয়ৰ সৈতে এগৰাকী ভাৰতীয় তথা অসমীয়া কবিৰ চিন্তাজগতৰ হয়তো পোনপটীয়া তুলনা নাহে৷ ভাৰতৰ উত্তৰ-পূব, কলকাতা আদিত দ্বিতীয় মহাসমৰৰ প্ৰভাৱ পৰিছিল যদিও ইউৰোপৰ দৰে ভাৰতৰ কোনো শিল্পী-সাহিত্যিকৰে যুদ্ধৰ পোনপটীয়া অভিজ্ঞতা হোৱা নাছিল৷ ভাৰতীয় সাহিত্যিকসকলে ব্ৰিটিছ শাসনৰ কুফলৰ কথা জানিছিল৷ ব্ৰিটিছৰ বিভাজন আৰু শাসননীতিৰ বিষয়েও বহু শিল্পী-সাহিত্যিক অৱগত হৈছিল৷ চল্লিছৰ দশকত কলকাতা নিৱাসী অমূল্য বৰুৱা, বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য, নৱকান্ত বৰুৱাৰ দৰে যুৱকসকলে হিন্দু-মুছলমান সাম্প্ৰদায়িকতাৰ কদৰ্য ৰূপটো দেখিবলৈ পাইছিল৷ দ্বিতীয়তে, ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ জৰিয়তে নৱকান্ত বৰুৱাৰ দৰে সেই সময়ৰ বহু শিল্পী-সাহিত্যিকে যি ধৰণৰ আধুনিকতাৰ সংস্পৰ্শলৈ আহিছিল, তাৰ লগত দেশজ ইতিহাস, ঐতিহ্য আৰু অভিজ্ঞতাৰ সকলো সময়তে সহজ, নিৰ্বাধ সংশ্লেষণ সম্ভৱ হোৱা নাছিল৷ এই আধুনিকতা জাৰ্মান দাৰ্শনিক য়ুৰ্গেন হাবেৰমাছৰ ভাষাৰে ক’বলৈ হ’লে এক আধৰুৱা প্ৰকল্প আছিল৷ কেৱল আধৰুৱাই নহয়, বহু সময়ত সেয়া আছিল আদিতে পঁয়ালগা আৰু নিশকতীয়া৷ কিন্তু আধুনিকতাবাদে ঐতিহ্য, সভ্যতাৰ প্ৰতি সংশয় পোষণ কৰিলেও প্ৰাদেশিকতা আৰু সংকীৰ্ণতাক প্ৰশ্ৰয় দিয়া নাছিল৷ আধুনিকতাবাদে বিশ্বজনীনতাক আঁকোৱালি লৈছিল৷ এই সাহিত্যধাৰাৰ ভালেসংখ্যক শিল্পী-সাহিত্যিকে নিজ ঘৰ আৰু সমাজতে প্ৰবাসী জীৱন কটাইছিল৷ ৰাজনৈতিক ভাবাদৰ্শৰ পিনৰপৰা তেওঁলোকৰ বহুতো সমাজতান্ত্ৰিক আন্তৰ্জাতিকতাৰ ওচৰ চপা আছিল৷ সেয়ে তেওঁলোকৰ বেছিভাগেই বোধহয় কছমোপলিটান নাগৰিক সংস্কৃতিত বেছি সহজ বোধ কৰিছিল৷
নৱকান্ত বৰুৱাৰ কাব্য-সংকলন হে অৰণ্য হে মহানগৰৰ নামটো দ্ব্যৰ্থক হ’লেও ইয়াৰ কবিতাবোৰত নগৰকেন্দ্ৰিক অভিজ্ঞতা, সংবেদনশীলতা আৰু চিত্ৰময়তা সুলভ৷ ইয়াত অৰণ্য শব্দটোৱে একে সময়তে আদিমতা, বন্যতা, হিংস্ৰতা, জীয়াই থকাৰ প্ৰাকৃতিক জান্তৱ বাসনাৰ অনুষংগ কঢ়িয়াই আনে৷ একেদৰে মহানগৰ শব্দটোৱেও ঔদ্যোগিক সভ্যতা, বণিক সংস্কৃতিয়ে সৃষ্টি কৰা কংক্ৰিটৰ জংঘল এখনত অজস্ৰ মানুহৰ জীয়াই থকাৰ কঠোৰ সংগ্ৰামৰ ইংগিত বহন কৰে৷ কিন্তু অৰণ্যত জীৱন-মৃত্যুৰ অমোঘ অলংঘনীয় প্ৰাকৃতিক নিয়মৰ বিপৰীতে নৱকান্ত বৰুৱাৰ মহানগৰত মানুহৰ জীৱন জাগতিক পৌনঃপুনিকতাৰে ক্লান্তিকৰ, অৰ্থহীন৷ আৰণ্যক জীৱনৰ জৈৱিক বন্ধনৰ নিৰ্ভৰতা আৰু আশ্বাস এই নাগৰিক জীৱনত নাই৷ লোভ আৰু স্বাৰ্থৰে অবিচ্ছেদ্যভাৱে জড়িত নগৰীয়া জীৱনত অহৰহ ‘পিছল মৃত্যু’ৰ হাতছানি৷ বিংশ শতিকাৰ কুৰিৰ দশকত জন্মলাভ কৰা আৰু তাৰো কেইবাদশক পাছলৈ নগৰীকৰণ পৰিলক্ষিত নোহোৱা অসমৰপৰা গৈ কলকাতা, দিল্লী আদিত থাকি নৱকান্ত বৰুৱাই মহানগৰ সম্পৰ্কে এনে দ্বৈত মনোভংগী পোষণ কৰাটো তাৎপৰ্যপূৰ্ণ আছিল৷ এই মনোভংগীৰ অন্তৰালত আধুনিকতাক লৈ আমাৰ যুগপৎ মুগ্ধতা আৰু সংশয়ৰ ভাবে উকি মাৰে৷ অৱশ্যে তেওঁ এই ক্ষেত্ৰত এলিয়ট আৰু আন দুই-এগৰাকী ইং-মাৰ্কিন কবিৰ দ্বাৰা অনুপ্ৰাণিত আৰু প্ৰভাৱিত হোৱাটোও অস্বাভাৱিক নাছিল৷
নৱকান্ত বৰুৱাৰ কবিতাত মহানগৰীৰ জীৱন ইতিহাসৰ গভীৰ ক্ষত, নিষ্ঠুৰ ঔদ্যোগিক প্ৰতিযোগিতা আৰু নগদ লেনদেনৰ তুলাচনীত মানৱতা লুণ্ঠিত হোৱাৰ বিষাদেৰে উদ্ভাসিত হৈ উঠে৷ সেয়ে মহানগৰৰ প্ৰকৃতিয়ে তেওঁৰ কবিতাত যান্ত্ৰিকতা আৰু দুঃসহ জাগতিকতাৰ প্ৰতীকী ব্যঞ্জনা কঢ়িয়াই আনে৷
মহানগৰী ওলমি থাকে
ডাৱৰৰ চিপজৰীত
চেপা খায়
সৌধৰ গম্বুজ (‘স্বপ্নাৰম্ভ’)
হে অৰণ্য হে মহানগৰ কবিতাটোৰ আৰম্ভণিতে নিশা নামি অহা মহানগৰীৰ যিখন ছবি অনুভৱ কৰোঁ তাৰ মাজত আধুনিক জীৱন আৰু প্ৰগতিৰ নিৰ্ভুল অভিজ্ঞান পোহৰৰ আমি কোনো আভাস দেখা নাপাওঁ৷ এই আন্ধাৰৰ মাজত অৱচেতন মনত নিহিত এৰি অহা অতীতৰ প্ৰাকৃতিক ত্ৰাসৰ ইংগিতেই যে আছে এনে নহয়, তাৰ আঁৰত কোনো জাগতিক বিপদৰ আভাসো আছে৷
‘কাৰ্ফুৰ সময়’ আৰু ‘ৰাতিৰ আকাশ’ –এই দুই বাক্যাংশৰ মাজত যি অসহজ বৈপৰীত্য পৰিলক্ষিত হয়, তাৰ মাজতে আছে চল্লিছৰ দশকৰ কলিকতা মহানগৰীৰ আধুনিক জীৱন-যাত্ৰাৰ অনিশ্চিত, শংকাপূৰ্ণ ৰূপ৷
কাৰ্ফুৰ সময় হ’ল৷
সূৰ্যস্নাতা নগৰীৰ আঁচলৰ শেষ ৰশ্মিকণো
শুহি ল’লে ৰাতিৰ আকাশে;
নিস্তব্ধ মৰণ নামে৷ নগৰীৰ ধমনীত কৰোঁ অনুভৱ
কাজিৰঙা ডবকাৰ আৰণ্যক অপস্মাৰ
সৰীসৃপ ক্ৰুৰ মৃত্যু… সৰ্পিল জীৱন;
পলাতক দৈনন্দিন-নিয়ন-উজ্জ্বল গধূলিৰ
ৰঙা নীলা শেঁতা মুখ
হেনা মধুমালা আৰু অলকানন্দাৰ…
এই নিশ্ছিদ্ৰ, পৰিব্যাপী অন্ধকাৰে মৃত্যুৰ আগজাননী দিয়ে৷ সেয়ে নিস্তব্ধ মৰণ নামে৷ সেই মৃত্যু সৰীসৃপ-ক্ৰূৰ মৃত্যু– অনাহূত, অস্বাভাৱিক, অপঘাত৷ ক্ৰমে গ্ৰাস কৰি অনা অন্ধকাৰ কলিকতা মহানগৰীত কাজিৰঙা, ডবকাৰ আদিম ভয়ৰ লগত মৃত্যুৰ এই দ্যোতনা মিহলি হৈ যায়৷ এই নিশাৰ মহানগৰীত জীৱনৰ স্বাভাৱিক প্ৰাণস্পন্দন খাপ পাতি থকা পিছল মৃত্যুৰ উদ্বিগ্নতাৰ মাজত হেৰাই যায়৷
পথ আৰু উপপথ গলি আৰু এভিনিউ
বোবা যন্ত্ৰণাত অন্ধকাৰ
পিছল মৃত্যুৰ সাপ ভৰিৰ তলেদি যায়
(পোহৰ পোহৰ ক’ত)
টেঁটুচেপা ট্ৰেফিকৰ দূৰৰ স্পন্দনে
ভয় আৰু আশ্বাসৰ জটিল উৎকণ্ঠা আনে;
(অৰণ্যত চকু জ্বলে বাঘ আৰু মেচেকাৰ)
দ্বিতীয় স্তৱকত বন্ধনীৰ ভিতৰত ‘পোহৰ পোহৰ ক’ত’ বাক্যটোত পোহৰ-সন্ধানী মানুহৰ প্ৰাণৰ আকুলতা প্ৰকাশ পাইছে যদিও ঊষাৰ আগমনৰ কোনো ইংগিত নাই৷ ট্ৰেফিকৰ কষ্টকৰ, অস্পষ্ট চিঞৰে মাথোঁ চকামকা জীৱনৰ বতৰা দি যায়৷ সেই বতৰাতো থাকে ‘ভয় আৰু আশ্বাসৰ জটিল উৎকণ্ঠা’হে৷ অন্তিম স্তৱকত আমি মহানগৰীৰ গভীৰ যন্ত্ৰণা-আবিলতা, ক্ৰূৰতা, আতংক-উদ্বেগৰ মাজত জীৱনৰ এক ক্ষীণ জয়গান শুনিবলৈ পাওঁ৷ এই জীৱন যেন উদ্যাপন কৰিবলৈ নহয়, এই জীৱন কেৱল জীয়াই থকাৰ বাবেহে৷
জীৱন জীয়াই থাকে৷ তথাপি জীয়াই থাকে
আৰু থাকে জীৱিকাৰ গলিৰ সাঁথৰ
অমৃতৰ পুত্ৰ আমি
মৃত্যুস্নাতা হে মহানগৰ৷
হে অৰণ্য হে মহানগৰ ৰচনাৰ সময়(১৯৫০ চন)ত কলকাতা এসময়ৰ ব্ৰিটিছ ভাৰতৰ অন্যতম জনবহুল মহানগৰী, বেংগল প্ৰেছিডেন্সিৰ সদৰ৷ অষ্টাদশ শতিকাৰ শেষভাগৰপৰা ইংৰাজসকলে ব্যৱসায় আৰু প্ৰশাসনক কেন্দ্ৰ কৰি কলকাতা চহৰত যি নগৰীকৰণৰ পাতনি মেলিছিল সিয়ে বহু ভাৰতীয় লোকক ঔপনিৱেশিক চৰকাৰৰ কাষ চপাই আনিছিল৷ শিক্ষা, জীৱিকাৰ খাতিৰত নানা ঠাইৰপৰা বিভিন্ন শ্ৰেণীৰ লোক আহি এই চহৰত থিতাপি লৈছিল৷ বংগ ভংগ আন্দোলনৰ পাছত ব্ৰিটিছ ভাৰতৰ ৰাজধানী ব্ৰিটিছ চৰকাৰে কলকাতাৰপৰা দিল্লীলৈ উঠাই নিয়াত কলকাতাৰ ৰাজনৈতিক-প্ৰশাসনিক গুৰুত্ব হ্ৰাস পালেও এই বৰ্ধিষ্ণু মহানগৰৰ বৌদ্ধিক, সাংস্কৃতিক বৈচিত্ৰ্য আৰু প্ৰাণ-প্ৰাচুৰ্য প্ৰাক স্বাধীনতা কালতে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল৷ ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে কংগ্ৰেছৰ নেতৃত্বত আন্দোলনৰ লগতে কমিউনিষ্টৰ নেতৃত্বত শ্ৰমিক-কৃষক সংগ্ৰামৰ সাৰুৱা ক্ষেত্ৰ আছিল এই কলকাতা৷ চল্লিছৰ দশকত ব্ৰিটিছ চৰকাৰসৃষ্ট দুৰ্ভিক্ষ আৰু হিন্দু-মুছলমান সাম্প্ৰদায়িক সংঘৰ্ষই ঔপনিৱেশিক ভাৰতৰ ৰাষ্ট্ৰনীতি আৰু ৰাজনীতিৰ আঁৰত থকা এখন কদৰ্য মুখা উদং কৰি দিছিল৷ কলকাতাৰ নগৰীয়া সভ্যতাই ভাৰতীয়সকলক আধুনিকীকৰণৰ প্ৰক্ৰিয়াটোৰ কাষ চপাই আনিছিল যদিও ঔপনিৱেশিক অৰ্থব্যৱস্থাৰ অনিবাৰ্য অভিসম্পাতৰ বিকাৰ কলকাতাৰ শৰীৰে বহন কৰিবলগীয়া হৈছিল৷ কলকাতা মহানগৰৰ আলোকিত ৰাজপথ, অট্টালিকাৰ শোভিত ঐশ্বৰ্য-বৈভৱ, ইয়াৰ ব্যস্ত-চঞ্চল দৈনন্দিন জীৱন-যাত্ৰা আৰু একে সময়তে পদপথত অজস্ৰ নৰ-নাৰীৰ কীটৰ দৰে জীৱন, নিশাৰ আন্ধাৰত যুৱতীৰ দেহৰ বেহাই কলকাতাৰ শিক্ষিত লোকৰ মনত যি অস্বস্তি আৰু লজ্জাৰ উদ্ৰেক কৰিছিল তাৰ প্ৰতিফলন স্বাধীনতাৰ ঠিক আগৰ আৰু পৰৱৰ্তী কালৰ বাংলা সাহিত্যত প্ৰচুৰ পোৱা যায়৷ যোৱা শতিকাৰ ত্ৰিছ-চল্লিছ দশকত ৰচিত বিভূতিভূষণ বন্দ্যোপাধ্যায় আৰু মাণিকচন্দ্ৰ বন্দ্যোপাধ্যায়ৰ উপন্যাসত তাৰ কিছুমান স্মৰণীয় চিত্ৰ আছে৷ সত্যজিৎ ৰায়ৰ অপৰাজিত; অপুৰ সংসাৰ; মহানগৰ, ঋত্বিক ঘটকৰ নাগৰিক; মেঘে ঢাকা তাৰা, মৃণাল সেনৰ বাইশে শ্ৰাৱণ আদি ছবিত সেই সময়ৰ কলকাতাৰ নাগৰিক জীৱনৰ প্ৰাণোচ্ছলতাকো ম্লান কৰি প্ৰায়ে তাৰ প্ৰাণান্তকৰ, অমানৱিক জীৱনটোৱে ভুমুকি মাৰিছিল৷ কুৰিৰ ডেওনা অতিক্ৰম কৰা কবি নৱকান্তই কলকাতা চহৰত ভৰি দি ব্ৰিটিছে তিলতিলকৈ গঢ়ি তোলা তিলোত্তমা কলকাতাৰ শৰীৰত লুকাই থকা এই বীভৎসতাৰ কথা ভাবি শিয়ঁৰি উঠা আচৰিত কথা নাছিল৷ কেৱল ‘হে অৰণ্য হে মহানগৰ’-এই নহয়, এই সংকলনত অন্তৰ্ভুক্ত কলকাতাক লৈ ৰচিত আন দুই-তিনিটা কবিতাতো কলকাতাৰ নাগৰিক জীৱনৰ আঁৰত থকা লোভ, শঠতা আৰু হৃদয়হীন স্বাৰ্থপৰতাৰ কথা ধ্বনিত হৈছে৷ ‘প্ৰাণগংগাৰ বন্দৰ’ত শঠতা, প্ৰৱঞ্চনা, পৰাভৱতাৰ ইতিহাস চক্ৰাকাৰ ৰূপত ঘূৰি আহি ভাৰতক কেনেদৰে ৰুগ্ন, নিস্তেজ কৰি পেলাইছে তাৰ উমান পাওঁ৷
দুপৰৰ এই মৃত্যু নীৰৱ বীভৎসতা
প্ৰাণগংগাৰ বন্দৰ, ভগীৰথ!
বক্চাৰ আৰু পলাচীৰ আৰু ইয়াণ্ডাবুৰ ইতিহাস
জগৎ শেঠৰ ক্ৰেণৰ চকাত ঘূৰে;
ঘাম সাগৰত লোহাৰ জাহাজ… স্থানু
মৰণ পণ্য… প্ৰাণ কঁপে… নিষ্ফল!
শৰশয্যাত নীলাকাশ জৰ্জৰ
নজগাবা যদি শুই আছে, হেৰা,
শুই থক শুই থক
খিদিৰপুৰৰ ডক!
কলকাতাক কেন্দ্ৰ কৰি সাম্ৰাজ্যবাদী শক্তিয়ে মেলি দিয়া বণিক অৰ্থনীতি আৰু এক স্থানীয় পৰজীৱী, দালাল বুৰ্জোৱা (comprador bourgeoisie) শ্ৰেণীয়ে অথৰ্বপ্ৰায় কৰি তোলা সমাজ আৰু অৰ্থনীতিৰ শ্ৰীহীনতা প্ৰকট হৈ পৰিছে এনে কিছুমান স্মৰণীয় উক্তিৰ মাজেৰে:
বালিৰ কণাত কত নাবিকৰ হাড়
ওপৰত উৰে ষ্টাৰ্লিং আৰু ডলাৰৰ যত চিলা
মাটিত বগায় কুমজেলেকুৱাৰ দৃষ্টি…
বিয়াল্লিছৰ জোৱাৰতো হেৰা নহ’ল ইয়াত
ন ইতিহাস সৃষ্টি
সিয়নিত কোন শোৱে?
জগৎ শেঠৰ ক্ৰেনৰ চকাত তেজৰ চৰ্বি
এতিয়াও কোনে
দিয়ে…?
আধুনিক উদ্যোগ আৰু প্ৰযুক্তি সম্পৰ্কে মাৰ্ক্সৰ দৃষ্টিভংগীৰ মাজত স্ববিৰোধিতা লক্ষ্য কৰিব পাৰি৷ তেওঁ এনে উদ্যোগ আৰু প্ৰযুক্তিৰ গৰাকী পুঁজিবাদৰ বৈপ্লৱিক চৰিত্ৰ মুক্ত কণ্ঠে স্বীকাৰ কৰিছে৷ কিন্তু একে সময়তে তাৰ লাভৰ প্ৰতি সীমাহীন আকাংক্ষা আৰু শোষণমূলক চৰিত্ৰক তেওঁ দ্বিধাহীনভাৱে আক্ৰমণ কৰিছে৷ মাৰ্ক্সে দেখুৱাই গৈছে পুঁজিবাদে মানৱীয় শ্ৰমক পণ্যত পৰিণত কৰি শ্ৰমিকক সামন্তীয় বন্দীদশাৰপৰা মুক্ত কৰিলে যদিও আধুনিক যন্ত্ৰনিৰ্ভৰ উদ্যোগৰ বিপুল উৎপাদন প্ৰক্ৰিয়াত মানুহক নিজৰ সৃষ্টিৰপৰাই বিচ্ছিন্ন কৰি পেলালে৷ পুঁজিবাদৰ এই লাভৰ খঁক আৰু হৃদয়হীন উৎপাদন প্ৰক্ৰিয়াৰ বিষয়ে সজাগ হৈ উঠিলেই শ্ৰমিক শ্ৰেণী বিদ্ৰোহী হৈ পৰে৷ কিন্তু নৱকান্ত বৰুৱাৰ কবিতাত ভাৰতৰ খাটি খোৱা মানুহৰ উজ্জীৱনৰ সম্ভাৱনা যেন সূচনাতে মৰহি যায়৷ উপনিৱেশ ভাৰতৰ সমস্ত সম্পদ শুহি নি ব্ৰিটেইনৰ অৰ্থনীতি সমৃদ্ধ কৰিছিল ব্ৰিটিছসকলে৷ ব্ৰিটিছ ঔপনিৱেশিকতাই ভাৰতৰ অৰ্থনীতিক কোঙা কৰি দেশীয় পুঁজিবাদৰ বিকাশৰ গতি বাধাগ্ৰস্ত কৰাই নহয়, ভাৰতীয়সকলৰ আত্মবিশ্বাস নিশকতীয়া কৰি থৈ গৈছিল৷ এনে পৰিৱেশত নতুন ভাৰতত মুক্তি আৰু স্বাধীনতাৰ সপোন দেখা অজস্ৰজনৰ ত্যাগ অথলে যাবলৈ বাধ্য হৈছিল৷
(…হাতত এবোজা প্ৰাচীৰপত্ৰ, যায় আগুৱাই
তেৰ নম্বৰ গেঙৰ সেই– হামিদ
তাৰ তো ভীষণ জিদ!
তাৰ হাড় শুলে… মাটি হৈ শুলে
শুই থক, শুই থক
সাখী ৰ’ল এই খিদিৰপুৰৰ ডক!)
ভবেন বৰুৱাই নৱকান্ত বৰুৱাৰ হে অৰণ্য হে মহানগৰৰ কবিতাবোৰৰ ছন্দৰীতিৰ নতুনত্ব আৰু ধ্বনিময়তাৰ কথা স্বীকাৰ কৰিছে যদিও প্ৰধান দুৰ্বলতা হিচাপে চিন্তাৰ সংহতিহীনতাৰ কথা উল্লেখ কৰিছে৷ সেই সময়ত কবিতা লিখিবলৈ লোৱা বহু অসমীয়া কবিৰ দৰে নৱকান্ত বৰুৱাৰ কবিতাতো ফৰাচী প্ৰতীকবাদৰ উপৰুৱা প্ৰভাৱ বৰুৱাই লক্ষ্য কৰিছে৷ ভবেন বৰুৱাৰ মতে এয়া এলিয়টৰ প্ৰভাৱ নহয়, এইবিধ কবিতা এবিধ ‘নব্য ৰোমাণ্টিক’ কবিতাহে৷ বৰুৱাৰ এই মন্তব্যৰ সত্যতা একেবাৰে অস্বীকাৰ কৰিব পৰা নাযায়৷ কিন্তু আধুনিকতাবাদে পৰম্পৰাক যিমানেই বিৰোধিতা নকৰক কিয় পৰম্পৰাৰ সৈতে সম্পূৰ্ণ বিচ্ছেদ আধুনিকতাবাদীৰ বাবেও সম্ভৱ নাছিল৷ কবি এজৰা পাউণ্ডে যেতিয়া নতুন কবিসকলক make it new-ৰ আহ্বানেৰে উদ্ভাৱনী হ’বলৈ কৈছিল তেতিয়া তেওঁ পুৰণিক মুঠেও বৰ্জন কৰিবলৈ কোৱা নাছিল৷ নৱকান্ত বৰুৱাৰ আলোচিত সংকলনৰ দুটামান কবিতাত এনে নব্য ৰোমাণ্টিকতাৰ অভিব্যক্তি সত্ত্বেও তাৰ ভাষা আৰু অলংকাৰত নতুন এক কাব্য ভাষাৰ উমান পাওঁ৷
কিমান ৰাতি নো? হয়তো দুপৰ নিশা
অলকানন্দা, বাহুত ভেজা দি তুমি চাগে, শুই আছা
ৰাতিৰ সুৰভি ধূপৰ ধোঁৱাৰ দৰে
তোমাৰ দেহৰ প্ৰতি খাঁজে খাঁজে
স্তব্ধ
নিশাৰ বতাহ নীৰৱ, নগ্ন
আকাশ স্বপ্নৰতা
ৰাতি জিলমিল তৰা জিলমিল
মাণিকতলাৰ খাল!(‘সৰ্বং প্ৰাণ এজতি’)

নৱকান্ত বৰুৱাৰ কবিতাৰ প্ৰতীকবাদৰ সূক্ষ্ম আলোচনাৰ থল ইয়াত নাই৷ কিন্তু ভৱেন বৰুৱাই তেওঁৰ কবিতাৰ প্ৰতীকৰ ভাষা আৰু সাংস্কৃতিক চৰিত্ৰ সম্পৰ্কে কৰা কেইটামান মন্তব্য মন কৰিবলগীয়া৷ বৰুৱাই লিখিছে,
“…পঞ্চাশৰ দশকৰ আধুনিক অসমীয়া কবিতাত প্ৰকাশ হোৱা এবিধ ‘প্ৰতীকবাদী’ পথৰ ফৰাচী বিলাস – যাক হয়তো বেশ্যা-বিলাস বুলিও ক’ব পাৰি৷”
“এবিধ পঞ্চাশৰ দশকৰ অসমীয়া কবিতাত ছন্দবোধ আৰু আউল নলগা চিন্তা এই দুয়োটা লক্ষণ সাধাৰণতে দুষ্প্ৰাপ্য হৈছিল বুলিব পাৰি৷ আনহাতে, কবিতাবোৰত প্ৰকাশ হ’বলৈ ধৰা ভাববোৰৰ বেছিভাগৰে নেপথ্যত কোনো যথাৰ্থ ধ্যানসম্ভূত ছিৰিয়াছ ‘প্ৰাপ্তবয়স্কসুলভ’ বা উচ্চস্তৰৰ দাৰ্শনিক তথা আধ্যাত্মিক চিন্তাৰ আৱহ এটা সক্ৰিয় হ’ব পৰা নাছিল৷ এই সমস্যাটোৰ কাৰণেই নৱকান্ত বৰুৱাও পাছত এবিধ মাৰাত্মক চৰিত্ৰৰ খেলিমেলিতে সোমালগৈ – চিন্তা বা জীৱনদৰ্শনৰ প্ৰসংগটোত৷”
“পঞ্চাশৰ দশকত যি বিধৰ ‘প্ৰতীকবাদ’ নৱকান্ত বৰুৱা, হোমেন বৰগোহাঞি আদিৰ পথত আহিছিল– সি আছিল ফৰাচী প্ৰতীকবাদৰ এটা উপৰুৱা বাহ্যিক আয়তনহে৷ অসমীয়া জাতীয় জীৱন তথা আচল সৃষ্টিজীৱী অসমীয়া জনতাৰ পথটোৰ লগত মিলিব পৰা প্ৰতীকবাদ এয়া নহয়৷ গভীৰত প্ৰতীকবাদ মানুহৰ ‘মহৎ সাংস্কৃতিক ঐতিহ্য’ৰ পথটোৰো প্ৰতিনিধিত্বমূলক৷”
(অসমীয়া কবিতা– ৰূপান্তৰৰ পৰ্ব, ভবেন বৰুৱা)
নৱকান্ত বৰুৱাৰ আগ বয়সৰ কবিতা সম্পৰ্কে ভবেন বৰুৱাৰ খেদোক্তিৰ আঁৰত তেওঁৰ কবিতাত কি আছে তাতোকৈ তেওঁৰ কবিতাত কিহৰ অভাৱ সেই কথাই অধিক গুৰুত্ব লাভ কৰিছে৷ কিন্তু তেওঁৰ কবিতাত দৰাচলতে কি আছিল বা আছে সেই কথাৰ প্ৰাসংগিকতা আজি পাহৰি যোৱা উচিত হ’ব জানো? ৭৫ বছৰ পাছলৈ উভতি গৈ আজি হে অৰণ্য হে মহানগৰৰ কবিতাখিনি যুকিয়াই চালে আমি তাৰ মাজত আধুনিক নগৰকেন্দ্ৰিক সভ্যতা আৰু অভিজ্ঞতাৰ কাব্যিক অভিব্যক্তিৰ লগতে এই সভ্যতা সম্পৰ্কে এক বিশেষ মনোভংগীৰো উমান পাওঁ৷ এগৰাকী অসমীয়া তৰুণ কবিয়ে কলকাতা মহানগৰীৰ জনাৰণ্যৰ মাজত আধুনিক প্ৰগতি আৰু জীৱনৰ যি কুটিল, পৰিহাসময় ৰূপ লক্ষ্য কৰিছিল তাৰ মাজেৰে প্ৰকাশ পাইছিল ভাৰতীয় আধুনিকতা সম্পৰ্কে কবিৰ এই বিশেষ মনোভংগীও৷ ভবেন বৰুৱাই নৱকান্ত বৰুৱাৰ এই পৰ্বৰ কবিতাখিনিত লক্ষ্য কৰা ভাবৰ অস্পষ্টতা, চিন্তাৰ অসংলগ্নতা আৰু প্ৰতীকৰ সাংস্কৃতিক অসামঞ্জস্যতা এগৰাকী তৰুণ অসমীয়া কবিৰ মনত আধুনিকতাই সৃষ্টি কৰা পৰস্পৰবিৰোধী, অনিৰ্ণেয়, জটিল ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ পৰিণাম বুলি অনুমান কৰিব পাৰি৷ উদাহৰণস্বৰূপে ‘হে অৰণ্য হে মহানগৰ’ কবিতাটোত কবিয়ে নিশাৰ নগৰীৰ আন্ধাৰত অনুভৱ কৰা ‘কাজিৰঙা ডবকাৰ আৰণ্যক অপস্মাৰ’ বাক্যাংশৰ আউল লগা আৰু প্ৰায় দুৰ্বোধ্য অৰ্থলৈ মন কৰক৷ ইয়াত ব্যৱহৃত অপস্মাৰ শব্দৰ পোনপটীয়া অৰ্থ বাক্যটোত খাপ নোখোৱা ধৰণৰ৷
নিস্তব্ধ মৰণ নামে৷ নগৰীৰ ধমনীত কৰোঁ অনুভৱ
কাজিৰঙা ডবকাৰ আৰণ্যক অপস্মাৰ
সংস্কৃতত অপস্মাৰ শব্দৰ অৰ্থ মূৰ্চ্ছা বা মৃগীৰোগ৷ অসমীয়া প্ৰায়বোৰ অভিধানত অপস্মাৰৰ অৰ্থ মূৰ্চ্ছা যোৱা বা মৃগী, আঁৱৰীয়া ৰোগ বুলি কৈছে৷ জ্ঞানেন্দ্ৰমোহন দাশৰ বাঙ্গালা ভাষাৰ অভিধানত ইয়াৰ এটা অতিৰিক্ত অৰ্থও দিয়া হৈছে৷ সেইটো হৈছে ভূতাবেশজনিত মনৰ বিকলতা৷ কষ্টকল্পিত হ’লেও চল্লিছৰ দশকৰ হিংসাবিধ্বস্ত কলকাতাৰ পৰিৱেশত আদিম আৰণ্যক ত্ৰাসসঞ্চাৰী স্মৃতিলোপৰ অনুষংগ এগৰাকী আধুনিকতাবাদী অসমীয়া কবিৰ ব্যতিক্ৰমধৰ্মী প্ৰতীকী ভাষাৰ উদাহৰণ৷ কলকাতাৰ নিশাৰ ৰাজপথত টেঁটুচেপা ট্ৰেফিকৰ অস্পষ্ট কোলাহলেও মৰণসংকুল, ভীতিবিহ্বলতা কঢ়িয়াই আনে৷ এই অৰাজকতাৰ মাজত কোনো আদিম ত্ৰাসৰ কল্পনাই আমাৰ অসহজ, খণ্ডিত আধুনিকতাৰ ব্যঞ্জনা বহন কৰে৷
আমি জানো আধুনিকতা আৰু আধুনিকতাবাদৰ প্ৰক্ৰিয়া বিশ্বমুখী আৰু সাৰ্বজনীন হ’লেও ইয়াৰ সূচনা আৰু বিকাশৰ প্ৰক্ৰিয়া সৰ্বত্ৰ একে নহয়৷ আধুনিকতাৰ বৌদ্ধিক ইতিহাস বিশ্লেষণ কৰি মাৰ্শ্বাল বাৰমেনে আধুনিকতাৰ মাজত স্ববিৰোধী দ্বৈত চৰিত্ৰ লক্ষ্য কৰিছে৷ তেওঁৰ মতে সকলো আধুনিক শিল্পকলা আৰু চিন্তাৰ মাজত আধুনিকায়নৰ এক বিপৰীতমুখী প্ৰৱণতা বিৰাজমান৷ ই একে সময়তে আধুনিকায়নৰ অভিব্যক্তি আৰু এই আধুনিকায়নৰ প্ৰতিবাদো৷ বাৰমেনে ক’ব বিচাৰে পশ্চিমীয়া উন্নত সমাজৰ আধুনিকতা আৰু উপনিৱেশ তথা অনুন্নত বা উন্নয়নশীল তৃতীয় বিশ্বৰ দেশসমূহৰ আধুনিকতা মৌলিকভাৱে পৃথক হ’বলৈ বাধ্য৷ যিবোৰ তুলনামূলকভাৱে উন্নত সমাজত অৰ্থনৈতিক, সামাজিক আৰু প্ৰযুক্তিৰ আধুনিকায়ন গতিশীল আৰু সুষম তেনেবোৰ সমাজত আধুনিক শিল্পকলা আৰু চিন্তাধাৰাৰ সৈতে বাস্তৱ পৃথিৱীখনৰ সম্পৰ্কটো স্পষ্ট হৈ থাকে৷ কিন্তু তুলনামূলকভাৱে অনুন্নত দেশত, য’ত আধুনিকতাৰ প্ৰক্ৰিয়াটো নিজে আয়ত্ত কৰা প্ৰযুক্তি আৰু জ্ঞানৰ ওপৰত নিৰ্ভৰশীল নহয়, তেনেবোৰ দেশত আধুনিকতাবাদ নিজস্ব সামাজিক বাস্তৱতাৰ ওপৰত ভিত্তি কৰি বিকশিত নহয়৷ তেনেবোৰ সমাজত আধুনিকতা অলীক কল্পনাশ্ৰয়ী আৰু মৰীচিকা সন্ধানী চৰিত্ৰৰ হোৱাৰ বাদে উপায় নাথাকে৷ বাৰমেনে এহাতে গ্যেটে, মাৰ্ক্স, ব’ডলেয়ৰ আৰু আনপিনে পুস্কিন, গোগল, ডস্তয়েভস্কিৰ সাহিত্যৰ জৰিয়তে এই দুখন পৃথিৱীৰ আধুনিকতাৰ এক তুলনামূলক অন্তৰ্ভেদী ব্যাখ্যা আগবঢ়াইছে৷ তেওঁ লিখিছে:
“ঊনবিংশ শতাব্দীৰ মাজভাগত ব’ডলেয়ৰ আৰু ডস্তয়েভস্কি আৰু পেৰিছ আৰু পিটাৰ্ছবাৰ্গৰ বৈসাদৃশ্যই আধুনিকতাৰ বিশ্ব ইতিহাসৰ এটা বৃহত্তৰ বৈপৰীত্য উপলব্ধি কৰাত আমাক সহায় কৰিব৷ এটা মেৰুত আমি দেখিবলৈ পাওঁ উন্নত জাতিৰ আধুনিকতা, যি আধুনিকতা পোনচাটে নিজৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক আধুনিকীকৰণৰ উপকৰণৰ ওপৰত ভিত্তি কৰি গঢ়ি তোলা আৰু যি আধুনিকতাৰ ভৱিষ্যদৃষ্টি আৰু শক্তি আহিছে মাৰ্ক্সৰ কাৰখানা আৰু ৰেলপথ, ব’ডলেয়ৰৰ বুলেভাৰ্ড(শাৰী শাৰী গছ থকা প্ৰশস্ত বাট-পথ)ৰ আধুনিক বাস্তৱতাৰপৰা – যদিও সেই বাস্তৱতাকে এই আধুনিকতাই মৌলিক উপায়ে প্ৰত্যাহ্বান জনায়৷ বিপৰীত মেৰুত আমি এনে এক আধুনিকতাৰে সন্মুখীন হওঁ যি অনগ্ৰসৰতা আৰু অধীনতাৰপৰা উদ্ভূত৷ এই আধুনিকতা প্ৰথম ৰাছিয়াত উদ্ভূত হৈছিল, সকলোতকৈ নাটকীয়ভাৱে ছেণ্ট পিটাৰ্ছবাৰ্গত, ঊনবিংশ শতিকাত৷ পৰৱৰ্তী আমাৰ শতিকাটোত আধুনিকীকৰণৰ বিস্তাৰৰ লগে লগে – কিন্তু সাধাৰণতে পুৰণি ৰাছিয়াৰ দৰে, এক ধৰণৰ খৰ্বকায় আৰু বিকৃত আধুনিকায়ন – তৃতীয় বিশ্বত বিয়পি পৰিছিল৷ অনগ্ৰসৰতা তথা উন্নয়নশীলতাৰ আধুনিকতা আধুনিকতাৰ উদ্ভট কল্পনা আৰু সপোনৰ ওপৰত গঢ়ি তুলিবলৈ বাধ্য হয়, মৰীচিকা আৰু প্ৰেতৰ সৈতে আত্মীয়তা আৰু সংগ্ৰামৰ জৰিয়তে যিয়ে নিজকে পুষ্ট কৰিবলগীয়া হয়৷ যি অভিজ্ঞতাৰ পৰা এই জীবন অংকুৰিত হয় তাৰ প্ৰতি সত্যনিষ্ঠ হোৱাৰ খাতিৰত এই আধুনিকতা উচ্চগ্ৰাম, অমাৰ্জিত আৰু অসম্পূৰ্ণ হ’বলৈ বাধ্য৷ সেয়ে নিজাববীয়াকৈ ইতিহাস ৰচনা কৰিব নোৱৰা অক্ষমতাৰ বাবে ইয়ে নিজেই নিজৰ ওপৰত নিগ্ৰহ চলায় – নহ’লে ইতিহাসৰ সমস্ত বোজা নিজৰ মূৰৰ ওপৰত লোৱাৰ উদ্দেশ্যে নিজকে অযৌক্তিক প্ৰয়াসত নিক্ষেপ কৰে৷ এই আধুনিকতাই আত্ম-বিতৃষ্ণাৰ আতিশয্যৰে নিজকে কশাঘাত কৰে, আৰু কেৱল আত্ম-পৰিহাসৰ অকৃপণ ভাণ্ডাৰৰ জৰিয়তে আত্মৰক্ষা কৰে৷”
(The contrast of Baudelaire and Dostoevsky, and of Paris and Petersburg in the middle of the nineteenth century, should help us to see a larger polarity in the world history of modernism. At one pole we can see the modernism of advanced nations, building directly on the materials of economic and political modernization and drawing vision and energy from a modernized reality — Marx’s factories and railways, Baudelaire’s boulevards — even when it challenges that reality in radical ways. At an opposite pole we find a modernism that arises from backwardness and underdevelopment. This modernism first arose in Russia, most dramatically in St. Petersburg, in the nineteenth century; in our own era, with the spread of modernization — but generally, as in old Russia, a truncated and warped modernization — it has spread throughout the Third World. The modernism of underdevelopment is forced to build on fantasies and dreams of modernity, to nourish itself on an intimacy and a struggle with mirages and ghosts. In order to be true to the life from which it springs, it is forced to be shrill, uncouth and inchoate. It turns in on itself and tortures itself for its inability to singlehandedly make history-or else throws itself into extravagant attempts to take on itself the whole burden of history. It whips itself into frenzies of self-loathing, and preserves itself only through vast reserves of self-irony. All That is Solid Melts into Air – The Experience of Modernity, page 231-232)
নৱকান্ত বৰুৱাৰ হে অৰণ্য হে মহানগৰৰ কবিতালানি ভাৰতীয় তথা অসমীয়া আধুনিকতাৰ বাস্তৱ আৰু মৰীচিকাৰ কিছুমান অনভিপ্ৰেত অৰ্থানুষংগৰ বাবে স্মৰণীয় কাব্যকৃতি হৈ থাকিব৷