নীলম গগৈ
Issue: Vol. V, No. 2, August-October, 2026

কৈশোৰ কালত ভৰি দি মাত্ৰ পাঁচটা বছৰ কবিতা লিখি কবি জীৱনৰ ওৰ পেলোৱা আৰ্থাৰ ৰেবোঁ এজন উদণ্ড, তীব্ৰ খঙাল, চৰম বিদ্ৰোহী আৰু সমাজৰ বিপৰীতে যোৱা যুৱক আছিল। তেওঁ কিয় তেনে কৰিছিল সেই সন্দৰ্ভত নিজে ইজাম্বাৰ্ড(Izambard)-লৈ লিখা চিঠিত ব্যাখ্যা কৰিছে— “মই এতিয়া নিজক যিমান পাৰোঁ অধঃপতনে নিয়াইছোঁ, কাৰণ মই এজন কবি হ’ব বিচাৰোঁ, আৰু মই নিজকে এজন দ্ৰষ্টা (seer) হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰি আছোঁ৷… প্ৰকৃততে সকলো ইন্দ্ৰীয় বিশৃংখলা বা বিভ্ৰান্তিৰ জৰিয়তে সেই ‘অভেদ্য’ক ভেদ কৰা। ইয়াৰ বাবে অপৰিসীম যন্ত্ৰণা ভোগ কৰিব লাগিব, কিন্তু মানুহজন শক্তিশালী হ’ব লাগিব আৰু তেওঁ জন্মগতভাৱে এজন কবি হ’ব লাগিব।…” (I’m now making myself as scummy as I can. Why? I want to be a poet, and I’m working at turning myself into a seer…the idea is to reach the unknown by the derangement of all the senses. It involves enormous suffering, but one must be strong and be a born poet…)
নিজক লৈ কিমান বেছি বিশ্বাসী হ’লে কোনোৱে এনে মন্তব্য কৰিব পাৰে? আমেৰিকাৰ কবি, লেখক আৰ্চিৱল্ড মেকলিছ্ (Archibald MacLeish)-য়ে ৰেবোঁৰ ‘দ্যা ড্ৰাংকেন্ ব’ট্’ (The Drunken Boat) কবিতাটোৰ সন্দৰ্ভত কৈছে, “গদ্যই প্ৰকাশ কৰিব নোৱাৰা কথা যে প্ৰকাশ কৰিব পাৰি সেই সন্দৰ্ভত যদি সন্দেহ থাকে তেন্তে ৰেবোঁৰ চিঠি দুখন পঢ়ি চালেই হ’ল আৰু চিঠিত যিবোৰ কথা অহংকাৰ আৰু অপৰিপক্ব যেনে লাগে সেই কথাই কবিতাটোত একান্তই অকাট্য সত্য বুলি প্ৰমাণিত হয়।”
ৰেবোঁৰ কবিতাৰ লগতে প্ৰকৃততে উত্তাল আৰু অস্থিৰ জীৱনটোৰ বাবে তেওঁ আজিও পাঠকসকলৰ মাজত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আছে। ৰেবোঁৰ সম্পূৰ্ণ কৰ্মৰাজীৰ ফৰাচী ভাষাৰ পৰা ইংৰাজীলৈ অনুবাদ কৰা ৱেলেচ্ ফাওলী(Wallace Fowlie)-য়ে তেওঁৰ গ্ৰন্থখনৰ পাতনিত লিখিছে যে ফৰাচীসকলৰ দ্বাৰা আটাইতকৈ বেছিকৈ পঢ়া আৰু সমাদৃত হোৱা কবিসকলৰ ভিতৰত আৰ্থাৰ ৰেবোঁ এজন। প্ৰায় সকলো লোকে ৰেবোঁ জানে আৰু আনকি প্ৰাথমিক বিদ্যালয়ৰ পৰাই ৰেবোঁৰ কবিতাৰ পাতনি মেলে। কিন্তু সেই প্ৰখ্যাত ফৰাচী কবিজনৰ কবিতাৰ সম্পূৰ্ণ ইংৰাজী অনুবাদ ৱেলেচ্ ফাওলীৰ পূৰ্বতে কোনেও কৰা নাছিল। ফাওলীৰ অনুবাদ গ্ৰন্থখন প্ৰকাশ হয় ১৯৬৬ চনত। ফাওলীয়ে পাতনিত উল্লেখ কৰিছে যে, অতি কম বয়স আৰু সময়তে সফলতা অৰ্জন কৰাৰ পিছতো ৰেবোঁৱে কবিতা লিখিবলৈ এৰি দিছিল। কিন্তু সেই কম সময় আৰু কম বয়সত লিখা কবিতাসমূহৰ মাজতে পাঠকে প্ৰতিবাৰে নতুনকৈ নিজক আৱিষ্কাৰ কৰে।
ৰেবোঁৰ প্ৰেম আছিল তেওঁৰ বন্ধু ভাৰ্লেন, যদিও দুয়ো দুয়োকে অন্তৰংগ বন্ধু বুলিয়েই অভিহিত কৰিছিল। তেওঁলোকৰ এই অন্তৰংগ সম্পৰ্কটোক লৈ এবাৰ ভাৰ্লেনে কৈছিল যে, দুয়োয়ে বাঘৰ দৰে প্ৰেম কৰিছিল আৰু ভাৰ্লেনৰ পত্নীৰ সৈতে বিবাহ বিচ্ছেদ হ’ব লগা হৈছিল। যাৰ ফলত ভাৰ্লেনে ৰেবোঁক গুলীয়াইছিল আৰু কাৰাগাৰলৈ গৈছিল। ভাৰ্লেনো কিন্তু ৰেবোঁৰ সৈতে থকা সমকামী সম্পৰ্কৰ দৃষ্টিৰ পৰা বাদ পৰা নাছিল। সামাজিক ভাৱে অপদস্থ হৈছিল। সেয়ে হয়তো ৰেবোঁৰ প্ৰতি ঘৃণা আৰম্ভ হৈছিল। বন্ধুত্ব, প্ৰেম, শত্ৰুতা, সমাজ আদিৰ প্ৰভাৱ ৰেবোঁৰ কবিতাত পৰিছিল।
ৰেবোঁৰ কবিতা সন্দৰ্ভত ফাওলীয়ে লিখিছে যে বিগত চল্লিছ বছৰৰ সাহিত্য সমালোচনাৰ ধাৰাসমূহ– গঠনবাদ (structuralism), বিনিৰ্মাণবাদ (deconstruction), লিংগ অধ্যয়ন (gender studies), সাংস্কৃতিক অধ্যয়ন (cultural studies) এই আটাইবোৰৰ দৃষ্টিৰে ৰেবোঁৰ কবিতাক আলোচনা কৰিব পাৰি৷ তাৰপিছতো ৰেবোঁৰ কবিতা ৰহস্যঘন হৈ ৰৈ যায় যেন কবিতাৰ সকলো ৰহস্যৰ চাবিকাঠি কেৱল ৰেবোঁৰ হাততে আছে, আৰু সেয়ে সম্ভৱতঃ সময়ৰ লগে লগে ৰেবোঁৰ কবিতাক নতুন নতুন ধৰণেৰে ব্যাখ্যা কৰাৰ থল আছে।
এ. এছ. ক্লাইনে তেওঁৰ অনুবাদ গ্ৰন্থৰ পাতনিত উল্লেখ কৰিছে যে ৰেবোঁৰ কবিতাই বডলেয়াৰ(Baudelaire)-ৰ প্ৰতীকবাদক অধিক প্ৰসাৰিত ৰূপ দিছিল। বডলেয়াৰে এক ৰাজনৈতিক নিৰপেক্ষতাৰে এক নতুন দৃষ্টিভংগী পোহৰলৈ আনিছিল। ৰেবোঁৰ কবিতাসমূহ আপাতদৃষ্টিত কিশোৰসূলভ যেন লাগিলেও সিবিলাকত ফ্ৰান্সৰ প্ৰাদেশিক জীৱন আৰু সংস্কৃতিৰ প্ৰতি অন্তৰ্নিহিত অসন্তুষ্টি প্ৰকাশ পাইছিল। পৰৱৰ্তী সময়ৰ কবিতাসমূহে ডাডাবাদ (Dadaism) আৰু অধিবাস্তৱবাদ (Surrealist) আন্দোলনসমূহক গভীৰভাৱে প্ৰভাৱিত কৰিছিল যিবোৰে সাধাৰণ ধ্যান-ধাৰণাক প্ৰত্যাহ্বান জনাইছিল।
উদাহৰণস্বৰূপে আমি ক্লাইনৰ অনুবাদ গ্ৰন্থখনৰ পৰা ৰেবোঁৰ ‘দ্যা ফাৰ্ষ্ট ইভিনিং’ (The First Evening) শিৰোনামৰ প্ৰথমটো কবিতা যদি লওঁ, তাত দেখিম যে কবিয়ে কবিতাটোত এগৰাকী নাৰীৰ সৈতে অন্তৰংগ মুহূৰ্তৰ কথা বৰ্ণনা কৰি কৈছে, খুব কম কাপোৰ পিন্ধা নাৰী এগৰাকী কবিৰ চকীখনত বহি আছে আৰু সেই সময়ত খিৰিকীৰ আইনাত গছৰ পাতবোৰে কঁপনিৰ শব্দ তুলিছে। নাৰীগৰাকীৰো আনন্দত ভৰি দুখন কঁপি আছে আৰু কবিয়ে সেই নাৰীৰ ভৰিৰ গাঁঠিত চুমা খাবলৈ আৰম্ভ কৰে। নাৰীগৰাকীৰ হাঁহি উঠিছে কিন্তু তেওঁ কবিক বাধাও দিছে। আনহাতে কবি ক্ষান্ত হোৱা নাই। তেওঁ নাৰীগৰাকীৰ স্তনত চুমা দিছে। খিৰিকীত তেতিয়াও গছৰ পাতবোৰে কঁপনিৰ শব্দ তুলি আছে ।
ৰেবোঁয়ে কবিতাটোৰ মাজেৰে এজন অপৰিপক্ব পুৰুষৰ শাৰীৰিক মিলনৰ ইচ্ছাক গুৰুত্ব দিছে আৰু নাৰীগৰাকীক দ্বৈত ৰূপত প্ৰকাশ কৰিছে। হাঁহিৰে নাৰীগৰাকীয়ে পুৰুষজনক সন্মতি প্ৰদান কৰিছে বুলি পুৰুষজনে ধৰি লৈছে আৰু তেওঁ আগবাঢ়িছে, কিন্তু একে সময়তে শব্দেৰে নাৰীগৰাকীয়ে কবিক বাধা দিছে। কিন্তু নাৰীগৰাকীৰ শব্দক কোনো গুৰুত্ব দিয়া হোৱা নাই যিদৰে সেইসময়তে খিৰিকীত খুন্দিয়াই থকা গছৰ পাতবোৰকো গুৰুত্ব দিয়া হোৱা নাই৷
প্ৰেম যেন লগা যৌন বাসনা যুক্ত কবিতাটোত নাৰীবাদ আৰু লিংগ অধ্যয়নৰ দৃষ্টিভংগী লুকাই আছে। কবিতাটোত নাৰীৰ প্ৰতি পুৰুষৰ সামাজিকীকৰণৰ এক সমীক্ষা নিহিত হৈ আছে। পুৰুষজনে নাৰীগৰাকীৰ কথাক কোনো গুৰুত্ব নিদি তেওঁৰ হাঁহিটোক সন্মতি বুলি গ্ৰহণ কৰা বিষয়টোৱে কম কাপোৰ পিন্ধা নাৰীৰ দুৰ্বলতা বুলিও প্ৰদৰ্শন কৰে। একেসময়তে ফ্ৰয়েডীয় দৃষ্টিৰে কবিৰ যৌন ইচ্ছা আৰু ইচ্ছাক দমনৰ নৈতিক অনৈতিক দ্বন্দ্ব পোহৰলৈ আহে। কবিয়ে তেওঁৰ যৌন ইচ্ছা পূৰ কৰিবৰ বাবে নাৰীগৰাকীক দমন কৰিবলৈ যাওঁতে তেওঁৰ নৈতিক মন(superego)-ৰ দ্বন্দ্বক পিছ পেলাই ইচ্ছা (id) আৰু অহং মন(ego)-ক গুৰুত্ব দিছে।
ইয়াৰ উপৰি কবিতাটোত প্ৰকৃতিক পৰম্পৰাগতভাৱে প্ৰতিষ্ঠা কৰা হোৱা নাই। কবিয়ে গছজোপাৰ জৰিয়তে ব্যক্তিৰ অসংযমী বাসনাক উপস্থাপন কৰিছে, যাৰ ফলত কবিতাটোৱে বিনিৰ্মাণবাদৰ দৃষ্টি আকৰ্ষণ কৰে। আকৌ কবিতাটোক গছজোপাৰ পাতবোৰৰ খিৰিকীত কৰা শব্দই অধিবাস্তৱবাদী দৃষ্টিয়ো প্ৰদান কৰে।
ৰেবোঁৰ এনেধৰণৰ বহুস্তৰীয় ইংগিতধৰ্মী কবিতাৰ বাবেই ৰেবোঁৰ কবিতাৰ সৈতে সকলো একাত্ম হ’ব পাৰে। কবিতাসমূহ সেয়ে সাম্প্ৰতিক আৰু সদায়ে নতুন হৈ আছে৷ সেইজন উদণ্ড, খেয়ালী যুৱ কবি যি ষোলৰ পৰা ঊনৈছ বছৰ বয়সতে কবিতা লিখি কবি জীৱনৰ সামৰণি মাৰিছিল, তেওঁ সেই কবিতাসমূহৰ জৰিয়তে আধুনিক সময়ৰ সমগ্ৰ সাহিত্য বিপ্লৱক সামৰি লৈছিল।
সাহিত্যিক জীৱন সামৰি সম্পূৰ্ণৰূপে এক চৰম অস্থিৰ আৰু যাযাবৰী জীৱনত ভৰি দিছিল ৰেবোঁই। কবি পৰিচয় মোহাৰি তেওঁ হৈ পৰিছিল ব্যৱসায়ী আৰু বিভিন্ন কামৰ সন্দৰ্ভত দেশ, মহাদেশ ঘূৰি ফুৰিছিল। তেওঁ কোনো এখন ঠাই বা কামত থিতাপি ল’ব পৰা নাছিল। সদায়ে আছিল সপ্ৰতিভ আৰু চঞ্চল। তেওঁ ডাচ ঔপনিৱেশিক সেনাত যোগ দিছিল কিন্তু তাৰপৰাও পলাই আহিছিল, স্কেণ্ডিনেভিয়াত এজন দোভাষী হিচাপেও কাম কৰিছিল। আকৌ আফ্ৰিকালৈ গৈ তাতো হাতী দাঁতৰ ব্যৱসায় কৰিছিল। যিজনে “মই এজন কবি হ’ব বিচাৰোঁ” বুলি এটা সময়ত চিঠি লিখিছিল, তেওঁক যেতিয়া সোধা হৈছিল অতীতত এৰি অহা সাহিত্যিক সময়ৰ কথা, তেওঁ তেতিয়া তাক “হাস্যকৰ, অৰ্থহীন (আৰু) ঘৃণনীয়” বুলি নাকচ কৰিছিল। মাত্ৰ সাতত্ৰিছ বছৰ বয়সত ৰেবোঁই পৃথিৱী এৰি গুচি যায়, কিন্তু তেওঁ কোনোদিনে গ’মেই নাপালে যে তেওঁৰ কবিতাই ইতিমধ্যেই জনপ্ৰিয়তা লাভ কৰিছিল। তেওঁ সাহিত্যিক জীৱনকালত মাত্ৰ এখন কবিতা পুথি এ ছিজন্ ইন্ হেল্ (A Session in Hell (originally Une Saison en Enfer)) প্ৰকাশ পাইছিল। ৰেবোঁৰ বন্ধু ভাৰ্লেন আৰু তেওঁৰ সহযোগী বন্ধুসকলে ৰেবোঁৰ মৃত্যু হ’ল বুলি ভাবি ১৮৮৬ চনত ৰেবোঁৰ দ্বিতীয়খন কবিতাপুথি ইলোমিনেশ্বন (Illumination) প্ৰকাশ কৰিছিল। ১৮৯১ চনত ৰেবোঁৰ হাড়ৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।
সমলপঞ্জী:
1. “Rimbaud: Complete Works, Selected Letters, A Bilingual Edition”, translated by Wallace Fowlie. The University Chicago Press,2005.
2. “Rimbaud” by Graham Robb. W.W. Norton, 2000.
3. “Rimbaud: Selected Works in Translation” by A.S. Kline. Poetry in Translation.