Issue: Vol. V, No. 2, August-October, 2026
মায়াময়
মায়াময় সকলো
মায়াময় ছাঁ-পোহৰৰ খেলা
যেন গভীৰ নিশা এখনি ভাহি অহা
চিনাকি চিনাকি মুখ
এডাল নেদেখা জৰী
য’ত বান্ধ খাই আছোঁ আমি
সকলোবোৰ মায়াময়
চাঁও-নাচাঁও
যাওঁ-নাযাওঁ
মাতো-নামাতো
এই ভাল লগা
এই ভাল পোৱা
সকলোবোৰ ৰহস্যঘন
গোপন কন্দৰত অবাধ বিচৰণ
স্তৱক
মোৰ কলিজাৰ ভাষাবোৰ
তুমি কবিতা বুলি পঢ়িছা
এই কলিজাৰপৰা কবিতাৰ যাত্ৰা
বৰ চমু নহয়
এই যাত্ৰা
পুৱাৰ সুৰভিৰপৰা
সন্ধ্যাৰ স্নিগ্ধতালৈকে
এখিলা সৰাপাতৰ হুমুনিয়াহ
ক্লান্তিৰপৰা সৃষ্টিৰ মোহনালৈকে
কবিতাবোৰ সাৱধানে পঢ়িবা
কেনেবাকৈ যদি মোৰ কবিতাবোৰ
তোমাৰ কলিজা হৈ পৰে
জীৱন
জীৱনটো হেনো পানীৰ বুৰবুৰণি
কেতিয়াবা উতলা
কেতিয়াবা শান্ত, গভীৰ
কেতিয়াবা চেঁচা, নিঃসংগ
গোট মাৰি বৰফ হোৱা
জীৱনটো যেন
বুজিবলৈকে জীয়াই থাকিব লাগে
বুজি বুজি
নুবুজা হোৱালৈকে
সাঁথৰ ভাঙি ভাঙি
পুনৰ সাঁথৰ হৈ যোৱালৈকে
সাঁথৰৰ পম খেদি
এদিন নিজক বিচাৰি যাম
মৃত্যু হোৱাৰ আগতেই
জীৱনৰ বাবে
জীৱন বিচাৰি যাম
যিদৰে এখিলা সৰা পাতে
মাটিৰ লগত মিলি
নতুন জীৱনৰ সূচনা কৰে