সুশান্ত বৰাৰ কবিতা

Issue: Vol. V, No. 2, August-October, 2026

যুদ্ধক ৰং দিয়া সকলো অস্ত্ৰত এদিন মামৰ লাগিব

যুদ্ধক ৰং দিয়া সকলো অস্ত্ৰত এদিন মামৰ লাগিব
এই একান্ত বিশ্বাস সাবটি কবিবোৰ শুবলৈ যায়,
কবিবোৰ শুবলৈ যায় টিফিন বক্সত টোপনি বান্ধি
সময়ত কামত আহিব,
সময় স্বাৰ্থপৰ, কাম কৰি উকলি যায়
বুজি পোৱাৰ আগতেই কবি টোপনি যায় ৷
টোপনিত কবিয়ে ব্ৰহ্মাণ্ড ঘূৰে
আঙুলিত ধৰি সূৰ্যক জোনৰ ঘৰলৈ নিয়ে
পাহাৰ খান্দি শিল কাটি শব্দ যোৰে
শব্দতে সাঁকো
শব্দতে বাহ
শব্দ কবিলৈ উশাহ,
তক্তাৰ বিছনাই কবিক জিৰাবলৈ মাতে
সপোনে গিলিপ খোৱা টান গাৰুবোৰ ৰৈ থাকে
কবি পৰি ৰয় হৈমন্তী নিচাত,
শীতৰ নৈ এখন হৈ হৈমন্তী কবিৰ বুকুতে বিনায়
যুদ্ধ আৰু শান্তিৰ দোমোজাত
উপকূল এটা বুকুত বান্ধি কবি হেৰায়
কবি হেৰায় তেতিয়ালৈ
যেতিয়ালৈ সাগৰে কবিৰ ভৰি চুই আঁতৰি নাযায়,
চকু মেলিয়ে কবিয়ে দেখে চহৰত ছাই
অসংখ্য লিলিপুট কটা ছিঙা, ঢাল, তৰোৱাল যাঠি
আৰু কিছু মুখ ৰঙা জুই-শলা
মানুহ হ’ব খোজা সেই আকৃতিবোৰলৈ দুখতে
কবিয়ে লিখি থ’লে
যুদ্ধক ৰং দিয়া সকলো অস্ত্ৰত এদিন মামৰ লাগিব৷