বীৰেন গগৈৰ কবিতা-সংকলন “শিলৰ মুখৰ হাঁহি’’ –এটি আলোচনা

কল্যাণ ভূঞা

Issue: Vol. V, No. 2, August-October, 2026

শিলৰ মুখৰ হাঁহি জ্যেষ্ঠ কবি বীৰেন গগৈৰ সপ্তম কবিতা-সংকলন৷ তেওঁৰ প্ৰথম কবিতা-সংকলন মাটি আৰু মানুহৰ প্ৰেমত প্ৰকাশ পাইছিল ১৯৮৪ চনত৷ যোৱা চাৰিটা দশক ধৰি কবিগৰাকীয়ে নিৰৱচ্ছিন্নভাৱে কবিতাৰ চৰ্চা কৰি আহিছে৷ শিলৰ মুখৰ হাঁহি (২০২৬) সংকলনখন প্ৰকাশ কৰিছে পয়ে’ট্ৰী উইথাউট ফিয়েৰে৷

  কবি বীৰেন গগৈৰ কবিতাৰ বিষয়ে সাহিত্যাচাৰ্য ড° আনন্দ বৰমুদৈয়ে আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস (ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত)’ নামৰ গ্ৰন্থত এইবুলি লিখিছে— বীৰেন গগৈৰ কবিতা “এজন সংস্কৃতিৱান মানুহৰ সামাজিক পৰিৱেশ-পৰিস্থিতিৰ প্ৰতি সংবেদনশীল প্ৰতিক্ৰিয়া৷’ ’আন এজন কবি, সমালোচক প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে কবি গগৈৰ কবিতাৰ প্ৰসংগত এইবুলি লিখিছে— “সামগ্ৰিকভাৱে বীৰেন গগৈৰ কবিতাৰ ঘাই চালিকা শক্তি হ’ল প্ৰকৃতি আৰু লোকজীৱন৷’’ কবি গগৈৰ শেহতীয়া কবিতা-সংকলন শিলৰ মুখৰ হাঁহিৰ বিষয়ে আলোচনা কৰোঁতে আমি কবিগৰাকীৰ কবিতাৰ এইদিশবোৰ মনত ৰাখি আগবাঢ়িব লাগিব৷

শিলৰ মুখৰ হাঁহি সংকলনখনৰ কবিতাবোৰৰ ভাষালৈ লক্ষ্য কৰিলে দেখা যায় যে কবিতাবোৰ “আধুনিক কবিতা দুৰ্বোধ্য’’ বুলি থকা দুৰ্নামৰপৰা মুক্ত৷ এজন জ্যেষ্ঠ কবি হিচাপে বীৰেন গগৈয়ে হয়তো সচেতনভাৱেই তেওঁৰ কবিতাৰ ভাষাক সৰল আৰু সহজবোধ্য কৰি তুলিছে৷ প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে তেওঁৰ আলোচনাত লিখিছে— “তেওঁৰ কবিতাৰ ভাষা প্ৰাঞ্জল আৰু অনুভূতিৰে সিক্ত৷ প্ৰকৃতি আৰু লোকজীৱনৰ বিবিধ প্ৰপঞ্চৰ সৈতে হোৱা বৌদ্ধিক আৰু আনুভূতিক ৰসায়নে তেওঁৰ কবি-ব্যক্তিত্বক গঢ় দিছে৷ শিলৰ মুখৰ হাঁহি সংকলনৰ কবিতাখিনিয়ে তেওঁৰ প্ৰতিভা আৰু কবি-ব্যক্তিত্বৰ পূৰঠ ৰূপটোৰ আভাস দিয়ে৷’’

শিলৰ মুখৰ হাঁহি সংকলনৰ কবিতাবোৰক কেইবাটাও দিশৰ পৰা আলোচনা কৰিব পাৰি৷ গ্ৰাম্য জীৱন, প্ৰকৃতিৰ প্ৰতি কবিৰ প্ৰেম আৰু এক ধৰণৰ নষ্টালজিয়া, লোক পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধা, যান্ত্ৰিকতাই কোঙা কৰি তুলিব খোজা জীৱনৰ ছবিয়ে প্ৰধানতঃ কবিতাসমূহত ঠাই পাইছে৷ বহু কেইটা কবিতাত আনকি বৰ্তমানৰ সামাজিক, ৰাজনৈতিক পৰিৱেশৰ প্ৰতিও কবিৰ সমালোচনাত্মক মনোভাৱে ভুমুকি মাৰিছেহি৷        

আলোচ্য কবিতা-সংকলনখনৰ শিৰোনামৰ কবিতা ‘শিলৰ মুখৰ হাঁহি কবিতাটোত এক পাৰিপাৰ্শ্বিক চেতনা প্ৰৱাহিত হৈ থকা দেখিবলৈ পোৱা যায়৷ প্ৰকৃতিৰ সৈতে মানুহৰ চিৰকলীয়া সম্বন্ধৰ অম্ল-মধুৰ দিশটোও কবিয়ে চুই গৈছে৷ কবিয়ে লিখিছে—

এদিন অকল গছ-বনৰ
নিজৰ অধীনত আছিল
পৰ্বত-পাহাৰৰ উজ্জ্বল সেউজীয়া

শিলৰ মুখত আছিল হাঁহি
শিলৰ মুখত আছিল ছবি

এই পংক্তিকেইটাই পাঠকৰ মনত পোনচাটেই এই প্ৰশ্নবোৰৰ উকমুকনি ঘটায়— কবিয়ে কিয় “আছিল” বুলি কৈছে, তাৰ মানে এতিয়া নাই নেকি? যদি নাই, কিয় নাই? মানুহে প্ৰকৃতিৰ ওপৰত কৰা অনাকাংক্ষিত হস্তক্ষেপেই ইয়াৰ কাৰণ নেকি? কবিতাটোৰ শেষৰ পংক্তিকেইটাত মানুহ আৰু প্ৰকৃতিৰ মাজৰ সংঘাতৰ বিষয়ে মানৱ-মনত উদয় হোৱা দ্বন্দ্বৰ বিষয়ে কবিৰ এক দাৰ্শনিক উপলব্ধিৰ অনুৰণন শুনা যায়—

দেহাৰ নাৱৰ দেহাৰ লগৰী
কোনোবাই জানো এৰি থাকিব পাৰে
মাটি আৰু পানী

বুকুত শত যুগৰ সুখ-দুখ সাবটি
শিলৰ মুখৰ হাঁহি

কবিৰ পাৰিপাৰ্শ্বিক চেতনাৰ আন এটা নিদৰ্শন হ’ল ‘আমাৰ ভৱিষ্যৎ অন্ধকাৰ’ নামৰ কবিতাটো৷ প্ৰকৃতিৰ ওপৰত মানুহে চলোৱা নিৰ্যাতনৰ প্ৰতি কবিৰ তীব্ৰ ক্ষোভ কবিতাটোৰ মাজেৰে প্ৰকাশ পাইছে৷ তেওঁ লিখিছে—

পানীৰো আছে প্ৰাণ
মাটিৰো আছে প্ৰাণ
মানুহ নোহোৱা হ’লে
পৃথিৱীয়েই হ’লহেঁতেন স্বৰ্গ?

এতিয়া নৰকবাসলৈ গৈ থকা মানুহৰ বুৰঞ্জী
কোন জীৱই কেতিয়া লিখিব
কোনেও ক’ব নোৱাৰে

‘বগীবিল’ শীৰ্ষক কবিতাটোত কবিয়ে লিখিছে—

বিজ্ঞানে অজ্ঞান কৰি
আমাক আগচি ধৰিছে
ফালিছিৰি পেলাইছে
সাতামপুৰুষীয়া বুৰঞ্জী

পাৰিপাৰ্শ্বিক কবিতাৰ সংজ্ঞাৰে সামৰিব পৰা কবিতা-সংকলনখনৰ আন কেইটামান কবিতা হৈছে—‘আহিন’, ‘বতাহ লাগি গছৰ পাতবোৰ কঁপে’, ‘গছৰ সপোন ফুল’,আদি৷        

কবিতা-সংকলনখনৰ বহু কেইটা কবিতাত জীৱনৰ প্ৰতি কবিৰ এক দাৰ্শনিক দৃষ্টিভংগী প্ৰকাশ পাইছে৷ মানুহৰ ব্যক্তিগত সম্পৰ্ক আৰু সামাজিক সম্পৰ্কৰ ভিত্তিমূলৰ পৰিৱৰ্তন বা অৱক্ষয় কেইবাটাও কবিতাৰ বিষয়বস্তু৷ কবিৰ জীৱনৰ আদি কালছোৱাৰ সমাজখনৰ প্ৰতি কবিয়ে অনুভৱ কৰা অসহায় আকৰ্ষণ, কেতিয়াও উভতি যাব নোৱাৰা সেই অতীতৰ স্মৃতিয়ে বহু সময়ত কবিক কাতৰ কৰি তুলিছে৷ ‘ধানবোৰে মাতে মাটিৰ মাত’’ কবিতাত কবিয়ে হেৰাই যোৱা অতীতৰ ৰোমন্থন কৰিছে এনেদৰে—

মোৰ মনত সোঁৱৰণিৰ বা লাগি
অকল আকাশ অৰণ্যত উৰি ফুৰে
বৰা জহা চকোৱাৰ দ-বাম পথাৰ

আকাশৰ বাহিৰে এতিয়া
আনে ক’ব নোৱাৰে
মাটি পানীৰ হেৰোৱা বুৰঞ্জী

জীৱন আৰু জীৱিকাৰ খাতিৰত মানুহে প্ৰব্ৰজন কৰে, গাঁৱৰ পৰা চহৰলৈ, এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ, এখন দেশৰ পৰা আন এখন দেশলৈ, এখন সমাজৰ পৰা আন এখন সমাজলৈ, এটা সংস্কৃতিৰ পৰা আন এটা সংস্কৃতিলৈ৷ কিন্তু প্ৰব্ৰজন কৰিলেও আপোন মাটিৰ সেই আকৰ্ষণ মানুহে জানো পাহৰিব পাৰে! এৰি অহা মাটিৰ সুবাস আৰু এতিয়া থিত লোৱা মাটিৰ প্ৰতি আকৰ্ষণ বা দায়বদ্ধতাই মানুহৰ মনত জন্ম দিয়া দ্বন্দ্বৰ, আৰু সেই দ্বন্দ্বৰ পৰা উদ্ভূত অপৰাধবোধৰ সুন্দৰ প্ৰকাশ ঘটিছে এই পংক্তিকেইটাৰ মাজেৰে—

মই মাটি এৰি
মাটি ল’লোঁ
মানুহ পালোঁ
মাত এৰিলোঁ

এতিয়া দুৰ্দিন
পুৱা-গধূলি উৰি ফুৰে
কেৱল বিচ্ছেদৰ ধ্বনি-প্ৰতিধ্বনি
কেতিয়াবা মানুহৰ
কেতিয়াবা মাটিৰ (‘মাটিৰ মাত ১’)

কবিৰ স্মৃতিকাতৰতা এইদৰেও প্ৰকাশ পাইছে—

এই অতীত আহি খোলে
আমাৰ দুৱাৰ-খিৰিকী
কোনোবাই দেখে
কোনোবাই সোঁৱৰে (‘মাত শুনিবলগীয়া মানুহৰ মাত’)

আকৌ,

সোঁৱৰণিৰ জালে সকলোকে গুঁঠে
সকলোকে ফালি ছিৰাছিৰ কৰে
পাহি পাহি কৰি ফুলে ফুল
পাহি পাহি কৰি সৰে ফুল (‘সোঁৱৰণিৰ জালে সকলোকে গুঁঠে’)

বা

সকলো শিকায়-বুজায়
আমাক উৰিবলৈ দি
আই এতিয়া নাই (‘আই এতিয়া নাই’)

সমকালীন সামাজিক, ৰাজনৈতিক ঘটনা, পৰিঘটনাসমূহেও কবিক প্ৰভাৱান্বিত কৰিছে৷ “যোগ-বিয়োগ“ কবিতাত শ্ৰীলংকাৰ অৰ্থনৈতিক পৰিস্থিতিৰ উদাহৰণেৰে শাসকৰ দুৰ্নীতি আৰু অহমিকাই কেনেকৈ এখন দেশক, এখন সমাজক বিধ্বস্ত কৰিব পাৰে, তাকে কবিয়ে পৰিহাসময় ভাষাৰে প্ৰকাশ কৰিছে৷ শাসক শ্ৰেণীৰ চৰিত্ৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি কবিয়ে লিখিছে –

অৱশেষত ফলাফল ওলাল
তোমালোকৰ পাঠশালাত
দুয়ে দুয়ে পাঁচ
আমাৰ আকৌ চাৰি
গণিতৰ এতিয়া কাম নাই
ইচ্ছা মতে কৰিব পাৰি যোগ
ইচ্ছা মতে কৰিব পাৰি বিয়োগ

‘সাজি কোৱা সাধু’তো কেনেকৈ “গোৱেবল্‌ছীয় প্ৰচাৰৰ’’ আঁৰত প্ৰকৃত সত্য হেৰাই যায়, তাকে কবিয়ে প্ৰকাশ কৰিছে –

বৃহৎ অসত্যৰ সমাবেশত
এইবোৰ লুকাই লুকাই জী আছে
সত্য-অসত্যৰ সৰু-বৰ শোভাযাত্ৰা

সাজি কোৱা সাধুৰে
সদাগৰৰ বণিজত
হেৰাব পাৰে প্ৰজাৰ
প্ৰাপ্য বিচাৰ

শাসকে সৃষ্টি কৰা বাগ্‌ধাৰাৰ আঁৰত কেনেকৈ সাধাৰণ প্ৰজাৰ মাত হেৰাই যাব পাৰে, কেনেকৈ সাধাৰণ প্ৰজা ন্যায়ৰ পৰা বঞ্চিত হ’ব পাৰে, সেই বিষয়ে কবিয়ে লিখিছে –

ৰজাই পাতিছে
ৰজাই ভাঙিছে
দিন খেদিছে
ৰাতি মাতিছে

ৰজাৰ হাতত বল
বৰ ভালদৰে চলিছে
অযোধ্যাৰ সময়
দিন হৈছে ৰাতি
ৰাতি হৈছে দিন

কবি বীৰেন গগৈৰ কবিতাৰ এক সামগ্ৰিক আলোচনা আগবঢ়াই গল্পকাৰ, সমালোচক ড° সিদ্ধাৰ্থ গোস্বামীয়ে লিখিছে – “জীৱনক সূক্ষ্মভাৱে পৰীক্ষা কৰি চোৱা, আনকো উপলব্ধিৰ সুবিধা কৰি দিয়া বিশিষ্ট মাধ্যম কবিতা — এই উদ্দেশ্যকেই কবি বীৰেন গগৈৰ কবিতাই প্ৰতিপন্ন কৰে৷ প্ৰচণ্ড জটিলতাৰ মেৰপেচত আবদ্ধ মানৱ-জীৱন পৰিক্ৰমাক তেওঁ কিন্তু সৰল বোধগম্য কৰি তুলিছে কবিতাৰে৷ তেওঁৰ মূলধন তেওঁৰ জীৱন অভিজ্ঞতা, তেওঁৰ বাকসংযম, তেওঁৰ ভাষাৰ মিতব্যয়ী প্ৰয়োগ আৰু সহজ-সৰলতা, অসমৰ লোকপৰম্পৰাৰ চিনাকি শব্দ, চিত্ৰকল্পৰে অনুভূতিৰ তীব্ৰতাক উন্মোচিত কৰিব পৰাৰ দক্ষতা৷ প্ৰাকৃতিক সত্যৰ পৰা যান্ত্ৰিক ব্যৱস্থাই মানুহক ক্ৰমাৎ ট্ৰেজিক দূৰত্বলৈ আনি থকাৰ উপলব্ধি কবিতাবোৰত অনুৰণিত হৈছে৷ কবিতাবোৰত বিষয়ীৰ অৱস্থিতি অসহায়, কৰুণ৷ নিজৰ ভেটিৰ পৰা বিচ্ছিন্ন হৈয়ো বিষয়ী অসহায়, কথাবোৰ কোৱাৰ একমাত্ৰ মাধ্যম শব্দ নিজেই অসহায়৷ সেয়ে কেইবাটাও কবিতাত আছে শব্দৰ প্ৰসংগ৷ এক পাৰিপাৰ্শ্বিক চেতনাও তেওঁৰ কবিতাৰ অন্তৰ্লীণ স্তৰত প্ৰৱাহিত হৈ আছে৷’’

মোৰ বোধেৰে ড° গোস্বামীৰ এই কথাখিনিয়ে বীৰেন গগৈৰ কবিতাৰ বৈশিষ্ট্য, কবি হিচাপে তেখেতৰ প্ৰকাশভংগীৰ সৰলতা আৰু সবলতা, কবিতাবোৰৰ সাৰ্থকতা সুন্দৰকৈ প্ৰকাশ কৰিছে৷ বীৰেণ গগৈৰ কবিতাৰ পাঠ পাঠকৰ বাবে এক আনন্দদায়ক অভিজ্ঞতা হৈ ৰ’ব৷