চিত্ৰল ভাষাৰ কবি আনিছ উজ্ জামান

সত্যজিৎ গগৈ

Issue: Vol. V, No. 2, August-October, 2026

আনিছ উজ্ জামান

বিংশ শতিকাৰ সত্তৰ দশকৰ পৰা একাধাৰে কাব্য-সাধনাত আত্মনিয়োগ কৰি অহা আনিছ উজ্ জামান অসমীয়া সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ কবি৷ কেইবাখনো কাব্য-সংকলন প্ৰকাশৰ লগতে জাপানী হাইকু কবিতা অসমীয়ালৈ অনুবাদ কৰি তেওঁ কাব্যপ্ৰেমী পাঠকক উপকৃত কৰিছে৷ এগৰাকী সমাজ সচেতন, মানৱতাবাদী কবি জামানে সমকালীন বাস্তৱৰ ঘটনা-পৰিঘটনাৰ বহু মুহূৰ্তক কবিতাৰ বুকুত প্ৰতিষ্ঠা কৰিছে৷ একোখন মনোৰম চিত্ৰকল্প পাঠকৰ মনত বহু দিনলৈ ৰৈ যায়৷ কবি জামানৰ কবিতাৰ মাজতো এনে বহু মনোৰম চিত্ৰকল্প আছে, যিবোৰে পাঠকৰ মনত সাঁচ বহুৱায়৷ কবিৰ প্ৰকাশ-শৈলী প্ৰধানকৈ চিত্ৰল ভাষাৰে উপস্থাপন কৰা৷

কবি জামানৰ চুটি কবিতাসমূহৰ এক সুকীয়া সৌন্দৰ্য আছে৷ চুটি কবিতাসমূহ সৰল ভাষা, সুন্দৰ চিত্ৰকল্প, ব্যঞ্জনাময় শব্দৰ প্ৰয়োগ আৰু মিতভাষিতাৰে অধিক মনোৰম৷ শব্দৰ বাছনি আৰু ছন্দৰ সঠিক প্ৰয়োগে কবিতাসমূহক গীতিময়তা প্ৰদান কৰিছে।

“চকুৰ টোপনিৰ আমেজ শেষ নহওঁতেই দেখিছিলোঁ” শাৰীৰে আৰম্ভ হোৱা কবিতাত কবিয়ে স্মৃতিৰ এটি মুহূৰ্তক কেইখনমান উজ্জ্বল চিত্ৰকল্পৰে তুলি ধৰিছে৷ প্ৰথম স্তৱকত কবিয়ে দেখা পোৱা সেই বিশেষ মুহূৰ্তক “আকাশৰ মূধচেদি সৰি পৰিছে/ এটা ৰাতিপুৱা” এই চিত্ৰকল্পখনেৰে প্ৰকাশ কৰিছে। কবিয়ে আকাশৰ পৰা সূৰ্যৰ পোহৰ ক্ৰমশঃ নামি আহি উপহাৰ দিয়া পুৱাটোক পাঠকৰ চকুত নান্দনিক ৰূপত তুলি ধৰিছে৷ দ্বিতীয় স্তৱকত আছে— “মনিব পৰা দূৰৈৰ খিৰিকীত দেখিছিলোঁ/ দুখন হাত ওপৰলৈ কৰি/ কোনোবাই আৰ্চিত যৌৱন জুখিছে”৷ আৰ্চিৰ সমুখত কোনো যুৱক বা যুৱতীয়ে নিজৰ জীৱন বসন্তৰ সৌন্দৰ্য উপভোগ কৰাৰ দৰে সাধাৰণ কাৰ্যক পাঠকৰ চকুৰ আগত কবিয়ে সুন্দৰ শিল্প ৰূপত তুলি ধৰিছে৷ কবিতাৰ তৃতীয় স্তৱকত পাওঁ, “মই বুজিছোঁ আৰু পাহৰি গৈছোঁ/ মোৰ হৃদয়েদি পাৰ হৈছে/ কিবা এটা সেউজীয়া”৷ “মই বুজিছোঁ আৰু পাহৰি গৈছোঁ”—এই পংক্তিত স্মৃতিৰ এটি মুহূৰ্তৰ কথা উল্লেখ কৰিছে য’ত অভিজ্ঞতাই এটা চিন ৰাখি গৈছে, কিন্তু ইয়াৰ কিছু অংশ সচেতন মনৰ পৰা হেৰাই গৈছে৷ কবিয়ে আৱেগ-বাসনাক হৃদয়েদি পাৰ হৈ যোৱা “কিবা এটা সেউজীয়া” বুলি কৈ ভাবনাক দৃশ্যমান কৰি তুলিছে৷ সেউজীয়া মানেই সজীৱতা৷ কবিৰ হৃদয়ত ই জীৱনৰ বসন্ত আৰু সতেজ মানসিক প্ৰশান্তিক প্ৰকাশ কৰিছে৷ কবিতাৰ শেষৰ চিত্ৰকল্পখনত আছে– “পাৰ হৈছে চকুৰ পচাৰত/ লানি নিছিগা কোকলোঙাৰ জাক”৷ ৰঙা-মুগা শৰীৰৰ কোকলোঙা চৰাই সহজতে চকুত পৰা আমাৰ চিনাকি চৰাই৷ অসমীয়া লোকসাহিত্যত এইবিধ চৰাইক বুদ্ধিমত্তা, আনন্দ আৰু শুভ বাৰ্তাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়৷ কোকলোঙা চৰাইৰ উৰণ শৈলী ‘তৰঙ্গ’ সদৃশ, সেয়ে কবিয়ে মুহূৰ্তৰ পুলক অনুভৱক দৃশ্যমান কৰি তুলিছে পাঠকৰ আগত৷ এই চিত্ৰকল্পখনে ইয়াৰ আগৰ চিত্ৰকল্পখনক অধিক গাঢ়তা প্ৰদান কৰিছে৷ এনে সঠিক আৰু সুন্দৰ চিত্ৰকল্পকেইখনৰ পৰা কবি জামানৰ গ্ৰামীণ অসমৰ প্ৰকৃতি আৰু পৰিৱেশৰ প্ৰতি থকা অগাধ ভালপোৱাৰ লগতে সূক্ষ্ম দৃষ্টি বুজিব পাৰি৷ ড০ আনন্দ বৰমুদৈয়ে কৈছে, “গ্ৰামীণ অসমৰ প্ৰকৃতিৰ প্ৰতি সূক্ষ্মভাৱে সংবেদনশীল হোৱাৰ বাবে জামানে অসমীয়া কিছু সংখ্যক নতুন চিত্ৰকল্প আনিছে৷” কবিৰ এনেবোৰ চিত্ৰকল্প অসমীয়া কবিতাৰ মাজত চকুত নপৰে।

“অন্ধকাৰত ৰৈ ৰৈ বাজে” শীৰ্ষক শাৰীটোৰে আৰম্ভ হোৱা কবিতাতো কবিয়ে কেইখনমান কাব্যিক ছবি এখন এখনকৈ পাঠকৰ আগত তুলি ধৰিছে৷ পাঠকে ছবিবোৰ যোৰা লগাই গৈ থাকিলে কবিৰ দৃষ্টি আৰু লক্ষ্যৰ সৈতে একাত্ম হ’ব পাৰিব৷ কবিতাটোৰ প্ৰথমখন ছবিত আছে, “অন্ধকাৰত ৰৈ ৰৈ বাজে/ ঘণ্টাবোৰ”—অন্ধকাৰত ৰৈ ৰৈ বাজি থকা ঘণ্টাৰ শব্দই সযয়ৰ গতি প্ৰকাশৰ লগতে আগন্তুক যাত্ৰাৰ বাবে পাঠককো সাজু কৰি তুলিছে৷ দ্বিতীয়খন ছবিত আছে—“নিয়ৰে তিয়াই যায়/ ৰাতিৰ মুখ” –ইয়াত ৰাতিক দৃশ্যমান আৰু স্পৰ্শযোগ্য কৰি তুলিছে কবিয়ে, ৰাতিক মানৱীকৰণ কৰি৷ কবিয়ে ইয়াৰ দ্বাৰা প্ৰকাশ কৰিছে এক নিঃসঙ্গ আবেগ৷ কবিতাৰ তৃতীয় স্তৱকত—“নৈখন পাৰ হ’লেই পাম/ তোমাৰ হাঁহিৰ দৰে/ হাবিখনৰ সিপাৰত/ হালধীয়া খেত” –ইয়াত নৈখন কবিৰ গন্তব্যৰ এক সীমা আৰু সেই সীমা পাৰ হ’লেই প্ৰেয়সীৰ হাঁহিৰ সদৃশ সুন্দৰ হাবি৷ হাবিৰ সিপাৰতে কবিৰ গন্তব্য হালধীয়া খেত৷ কবিয়ে হাবিৰ সৌন্দৰ্যক প্ৰেয়সীৰ হাঁহিৰ লগত তুলনা কৰিছে৷ ভিনচেণ্ট ভেন গঁঘে কৈছিল—“হালধীয়া ৰং কিমান যে ধুনীয়া! ই সূৰ্যক প্ৰতিনিধিত্ব কৰে।– ই আশাৰ ভাষা৷”  আকৌ “খেত” শব্দৰ উল্লেখেৰে উৰ্বৰতা শক্তিক বুজোৱা হৈছে৷ কবিৰ গন্তব্য “হালধীয়া খেত”-এ আমাৰ চিনাকি ফুলা সৰিয়হ এডৰা, অৰ্থাৎ গাভৰু পথাৰ এখনৰ ধাৰণা এটা মনলৈ আনি দিয়ে৷ কবিয়ে শেষৰ খন ছবি—“এতিয়া বতাহত ঢৌ তুলি/ হালধীয়া গোন্ধ”-ত লক্ষ্য স্থানত উপস্থিত হোৱাৰ ইংগিত দিছে বতাহত হালধীয়া গোন্ধ পোৱাৰ উল্লেখ কৰি৷ “হালধীয়া গোন্ধ” উক্তিৰ দ্বাৰা কবিয়ে অমূৰ্তক মূৰ্ত ৰূপ দিছে৷ অতি কম শব্দেৰে এক গভীৰ আৱেগক চিত্ৰিত কৰা কবিতাটো আনন্দদায়ক৷

কবি জামানৰ “মৃতকজনৰ খোলা হাত দুখন” শীৰ্ষক শাৰীটোৰে আৰম্ভ হোৱা কবিতাত মৃত্যুক এক প্ৰাকৃতিক শাশ্বত প্ৰক্ৰিয়া হিচাপে উপস্থাপন কৰিছে৷ “মৃতকজনৰ খোলা হাত দুখন/ সকলোৱে চায়”—কবিতাৰ প্ৰথমখন ছবিৰ দ্বাৰা মৃতকজনৰ কাষত আত্মীয়-স্বজন গোট খোৱাৰ পৰিৱেশ অংকন কৰিছে৷ খোলা হাত দুখনলৈ চোৱা প্ৰসংগই মৃতজনে যে শূন্য হাতেৰে গুচি গ’ল তাকেই প্ৰতিপন্ন কৰিছে৷ দ্বিতীয় উক্তিত পাওঁ—“সকলোৱে কয়/ এনেদৰেই” অৰ্থাৎ এয়াই সত্য৷ পিছৰখন চিত্ৰকল্পত আছে—“ক’ৰবাৰ পৰা/ ফেঁচাটো উৰি আহি/ হাত দুখনত পৰে”—হিন্দুধৰ্মত ফেঁচা লক্ষ্মী দেৱীৰ বাহন, সেয়ে ফেঁচাটো হাতত পৰা ছবিখনে মৃতকজনৰ সৈতে স্বৰ্গৰ সংযোগৰ বাৰ্তা প্ৰেৰণ কৰিছে৷ কবিতাৰ শেষৰ উক্তি—“এনেদৰেই/ পোহৰৰ পাছত আহে আন্ধাৰ”—কবিয়ে এনেদৰেই পোহৰৰ পাছত আন্ধাৰ বুলি কৈ মৃত্যুক এটা কৰুণ পৰিণতি বা ভয়ংকৰ পৰিঘটনা হিচাপে নহয়, দিনৰ পাছত ৰাতি অহাৰ দৰে, জীৱনৰ পাছত মৃত্যু, এক স্বাভাৱিক প্ৰক্ৰিয়াহে বুলি কৈছে৷ মৃত্যুক সহজভাৱে লোৱাৰ বাৰ্তা প্ৰেৰণ কৰিছে৷

“বাঁহী বজায়” শীৰ্ষক শাৰীটোৰে আৰম্ভ হোৱা কবিতাৰ প্ৰথম স্তৱকত আছে—“বাঁহী বজায়/ বালি জকেমকায়/ খোলা চুলিটাৰি ছটিয়াই/ মাটি কঁপাই/ কোন যায়/ কেঁচুৱাই বিনায় হায়”—বৈষ্ণৱধৰ্মত বাঁহীৰ সুৰ শ্ৰীকৃষ্ণৰ মোহনীয় আহ্বান হিচাপে দেখা যায়৷ ই ভক্তি আৰু ঐশ্বৰিক প্ৰেমৰ প্ৰতীক৷ আকৌ “বালি জকেমকায়” প্ৰসংগই নৈৰ পাৰৰ বালি চকমকাই থকা ছবি এখন চকুৰ আগত তুলি ধৰে৷ দ্বিতীয়খন ছবি—“খোলা চুলি ছটিয়াই/ মাটি কঁপাই/ কোন যায়”—ইয়াত ভগৱান শ্ৰীকৃষ্ণৰ বাঁহীৰ মাত শুনি গোপীসকল ঢপলিয়াই যোৱাৰ কথা উল্লেখ কৰিছে, যাৰ ফলত মাটি কঁপি উঠিছে৷ আকৌ “কেঁচুৱাই বিনায়” এই বিপৰীতমুখী চিত্ৰখনে শ্ৰীকৃষ্ণৰ বাঁহীৰ মাতত ঢপলিয়াই যোৱা গোপীসকলে কোলাৰ কেঁচুৱাকো এৰি থৈ যোৱাৰ ফলত কেঁচুৱাবোৰে বিননি তুলি কন্দাৰ ছবি মনলৈ আনি দিয়ে৷ কবিতাৰ তৃতীয় স্তৱকত আছে—“ফুলে তৰা/ জ্বলে চকু/ দিশ পোহৰাই”— কবিতাটোত তৰা ফুলা প্ৰসংগই ৰাতিৰ সুন্দৰ পৰিৱেশ, “বালি জকেমকায়” প্ৰসংগই সেই ৰাতি যে পূৰ্ণিমাৰ জোনাক ৰাতি আৰু “জ্বলে চকু”ৰ প্ৰসংগই ভগৱান শ্ৰীকৃষ্ণক পোৱাৰ তীব্ৰ হেঁপাহ আৰু আনন্দত গোপীসকলৰ চকু উজ্জ্বল হৈ পৰিছে সেয়া প্ৰকট হৈছে৷ কবিতাৰ শেষৰ স্তৱকৰ “বাঁহী বজায়/ যমুনাৰ বালি জকেমকায়”—যমুনাৰ বালিৰ উল্লেখে কবিতাৰ বাঁহী যে ভগৱান শ্ৰীকৃষ্ণৰ বাঁহী সেয়া নিশ্চিত কৰিছে৷ কবিৰ সৰল আৰু ছন্দোময় প্ৰকাশে কবিতাটোক সংগীতৰ কাষ চপাই নিছে।  

“ক’লৈনো খোজ ল’ম আনন্দত” সৰল গাঁৱলীয়া কথন ভংগীৰে আৰম্ভ হোৱা চুটি কবিতাটোৰ শব্দৰ সংখ্যা মাত্ৰ ওঠৰটা–“ক’লৈনো খোজ ল’ম আনন্দত/ গোটেই বাটটোতেই/ শুকান পাতবোৰ পৰি আছে/ নীৰৱতাই যে গান গাব পাৰে/ সিদিনাই প্ৰথম শুনিলোঁ”৷ “গোটেই বাটটোতেই/ শুকান পাতবোৰ পৰি আছে”—এই চিত্ৰকল্পখনলৈ মন কৰিলে দেখা পাওঁ, শুকান পাতে সোঁৱৰাই দিয়ে যে জীৱন আৰু সৌন্দৰ্য সকলো ক্ষণস্থায়ী৷ ই বাৰ্ধক্য আৰু মৃত্যুৰ অনিবাৰ্যতাকো প্ৰতিফলিত কৰিছে, যাৰ বাবে কবিয়ে আগলৈ খোজ দিয়াৰ ইচ্ছাৰ পৰিৱৰ্তে বৈপৰীত্যপূৰ্ণ এখন ছবি, সুখৰ ক্ষণস্থায়ী প্ৰকৃতিৰ প্ৰতীক হিচাপে বাটত পৰি থকা শুকান পাতবোৰৰ ছবিখন অংকন কৰিছে৷ শুকান পাতবোৰৰ উল্লেখে কবিয়ে নতুনৰ আগমনৰ বাবে পুৰণিয়ে ঠাই এৰি দিয়াৰ দৰে প্ৰকৃতিৰ এক চিৰন্তন নীতিৰ কথাকো প্ৰকাশ কৰিছে৷ কবিতাৰ শেষৰ উক্তি—“নীৰৱতাই যে গান গাব পাৰে/ সিদিনাই প্ৰথম শুনিলোঁ”—নীৰৱতা বা মৌনতা কেৱল শব্দৰ কোলাহলৰ অনুপস্থিতি নহয়; ই এক অতি শক্তিশালী অৱস্থা যিয়ে আমাৰ মানসিক, আৱেগিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত কৰে৷ ই আমাৰ মানসিক চাপ কমোৱাৰ লগতে সৃজনশীলতা বৃদ্ধি আৰু আত্ম উপলব্ধিতো সহায় কৰে৷ আধুনিক সমাজৰ মানুহৰ মাজত থকা প্ৰকৃত যোগাযোগৰ অভাৱে মানুহৰ মনলৈ অকলশৰীয়া বোধ আনি দিয়ে৷ মানুহে ভিৰৰ মাজতো নিজকে অকলশৰীয়া অনুভৱ কৰে৷ কবিতাৰ “নীৰৱতাই যে গান গাব পাৰে”—এই বিৰোধাভাস দেখুৱা হৈছে; য’ত মানুহৰ মাজত আৱেগিক দূৰত্ব বাঢ়ি গৈ আছে৷ লগতে প্ৰকাশ পাইছে নীৰৱতাৰ শক্তি৷ আধ্যাত্মিক প্ৰেক্ষাপটত শুকান পাতবোৰৰ ছবিখনৰ পাছত কবিয়ে শুনিবলৈ পোৱা নীৰৱতাৰ গানত জাগতিক মোহৰ পৰা মুক্তি আৰু হিন্দুধৰ্মৰ  মোক্ষ প্ৰাপ্তিৰ ধাৰণাৰ দৰে বোধ শক্তি জগাই তোলা গীতৰ কথাও প্ৰকাশ পাইছে৷