প্ৰণৱী গগৈৰ কবিতা

Issue: Vol. V, No. 2, August-October, 2026

কথাবোৰ এনেকৈয়ে গজে

কথাবোৰ এনেকৈয়ে গজে
সময়ক কেন্দ্ৰ কৰি
মানুহৰ মাজত
যিদৰে গজে
নাৰী আৰু পুৰুষৰ মাজত
যিবোৰ কথা আমি পাতি আছোঁ

শেলুৱৈ বৰণ লোৱা হৃদয়খন জুমি চাওঁ
নতুন সম্ভাৱনা
য’ত বতাহৰ বিপৰীতে
চিলা এখন উৰে


শব্দবোৰৰ হাতত ধৰা

শব্দই চলা-ফিৰা কৰে গুণগত মান অক্ষুণ্ণ ৰাখি
চকু দিলে দেখা পাবা
হৃদয় ভঙা-গঢ়াৰ শব্দবোৰ

শব্দবোৰ কেতিয়াবা তিতা লাগে
কেতিয়াবা মিঠাবোৰ তিতা
কেতিয়াবা তিতাবোৰ মিঠা
শব্দবোৰ আলতীয়া

কৌটি কালৰে শব্দ এটা শুনিবলৈ
বেৰত কাণপাতি থাকে
শব্দটো শুনিলেই বেৰত ঢকিয়াই অথবা
উৰুলি এজোলোকা দিয়ে
এতিয়া শব্দবোৰত বাল্ব এটা জ্বলে

হেমকোষে এদিন তুলি আনিছিল শব্দবোৰ
আছিল বন্দীত্বৰ কিছু আভাস
এজন কবিয়ে বাটতে পাই ওফৰাই পেলালে অৰ্থ
চেতনাত জাগ্ৰত গতি অনিৰুদ্ধ শব্দবোৰ
ওলাই আহে অফুৰন্ত প্ৰাণশক্তিৰ অধিকাৰী হৈ

শব্দবোৰৰ মান কাঠিৰে জুখিব নোৱাৰি
স্বভাৱজাত সপ্ৰতিভ ৰঙীন কৌতূহল

শব্দবোৰ লাহে লাহে সৰল জগতখনৰ অংশ হৈ পৰিল

শব্দবোৰৰ হাতত ধৰা
শব্দবোৰতেই গঢ় ল’ব নতুন এখন পৃথিৱী

An English translation of the poems.