কবিতা মই কিয় লিখোঁ?

যতীন কোঁৱৰ

Issue: Vol. V, No. 2, August-October, 2026

যতীন কোঁৱৰ

কবিতা মই কিয় লিখোঁ? —এই প্ৰশ্নটোৰ উত্তৰ একে আষাৰে দিবলৈ টান। সঁচা কথা ক’বলৈ গ’লে, কাব্য-চৰ্চাৰ সৈতে জড়িত প্ৰায় প্ৰতিগৰাকী ব্যক্তিৰেই কবি হিচাপে পৰিচিত অথবা প্ৰতিষ্ঠিত হোৱাৰ এক প্ৰচ্ছন্ন বাসনা সামান্যভাৱে হ’লেও থাকে; ময়ো ইয়াৰ ব্যতিক্ৰম নিশ্চয় নহয়! কবিতা লিখিবৰ বাবে এক সুতীব্ৰ তাড়নাই হৃদয়ত অহৰহ ক্ৰিয়া কৰি থকাটোও কবিতা লিখিবলৈ কলম তুলি লোৱাৰ অন্যতম প্ৰধান কাৰণ। কবিতা এটা লিখি শেষ কৰাৰ পাছত এই তাড়নাটোৰ পৰা সাময়িকভাৱে হ’লেও নিষ্কৃতি পোৱা যায়।

আচলতে কবিতা লিখা বা ৰচনা কৰাৰ এক প্ৰক্ৰিয়া মন-মগজুত অহৰহ চলি থাকে; এই প্ৰক্ৰিয়া মূলতঃ সচেতনভাৱেই চলি থাকে যদিও বহু সময়ত অৰ্ধচেতন মনোজগততো চলি থাকে যেন লাগে; কাৰণ, কেতিয়াবা সপোনতো কিবাকৈ অহা দুই-এটা কাব্য-ভাবনা খক্‌মককৈ সাৰ পাই উঠি নোট-বহীত টুকি থোৱাৰ কথাও মোৰ মনত আছে। সেইদৰে গাড়ী চলাই গৈ থাকোতেও এনেকুৱা কাব্য-ভাবনা, কবিতাৰ শাৰী, থীম আদি হঠাৎ মনলৈ আহিলে গাড়ী ৰখাই নোট-বহীত লিখি ৰখা ঘটনাও প্ৰায়ে ঘটে। এনে ঘটনা কেৱল মোৰ ক্ষেত্ৰতে নহয়, আন বহুতৰ ক্ষেত্ৰতো ঘটে বুলি শুনিবলৈ পাওঁ। স্বদেশৰ পলসুৱা মাটিৰ সৌৰভ, নীল অৰণ্যৰ নিৰ্যাস, টলমল নদীৰ অস্থিৰ আবৰ্তৰ কলধ্বনি; স্বদেশৰ মানুহৰ হৰ্ষ-বিষাদ, আশা-আকাংক্ষা, স্বপ্ন, ক্ৰোধ, ঘৃণা আদিৰ পৰা নিঃসৃত গভীৰ প্ৰকাশিকা শক্তি, লোক-বিশ্বাস, লোক-কথা, লোক-গাথা, সামগ্ৰিক লোক-মনৰ অতুল ঐশ্বৰ্য –এই আটাইবোৰে মোক কাব্য-সাধনাৰ বাবে অনুপ্ৰাণিত কৰি থাকে।

কাব্য-সাধনাৰ প্ৰথম অনুপ্ৰেৰণা হিচাপে মোৰ আইৰ কথাই মনলৈ আহে। আইৰ স্মৃতিশক্তি অতি প্ৰখৰ আছিল। তেওঁৰ মুখত আমি সততে শুনিছিলোঁ কীৰ্তন-ঘোষা, ভাগৱতৰ গীত-মাত, আখ্যান-উপাখ্যান আদি। দেউতাই চাকৰিৰ পৰা অহাৰ পাছত প্ৰতিদিনে গধূলি কীৰ্তন-ঘোষা সুৰ লগাই পাঠ কৰিছিল, যিয়ে আমাক নিতৌ আপ্লুত কৰিছিল। কেতিয়াবা হঠাতে গাঁৱলৈ ক’ৰবাৰ পৰা ব’ৰাগী এজন আহি টোকাৰী বজাইছিল; আমি তেওঁক ঘেৰি লৈ গীত-মাতবোৰ শুনিছিলোঁ। গাঁৱত সঘনাই হৈ থকা আইসকাম, সাজৰ সকাম, বিয়া-সবাহ, নাম-কীৰ্তন আদিৰ গীত-পদসমূহে আমাৰ হৃদয় আলোড়িত কৰিছিল। তদুপৰি গাঁৱৰ কান-সমনীয়াহঁতৰ লগত আমি পথাৰ, হাবি, নৈ, নৈপাৰ, পৰৰ ঘৰৰ বাৰী  প্ৰায়েই পিত্‌পিতাই ফুৰিছিলোঁ। বৰশী বোৱা, জাকৈ-জুলুকি বোৱা, ভেটা দিয়া, লাৰু দিয়া আদি বিভিন্ন ধৰণৰ মাছ ধৰা কামবোৰ কৰি প্ৰকৃতিৰ সৈতে একাত্ম হোৱাৰ বিৰল সুযোগ পাইছিলোঁ, যিয়ে আমাৰ হৃদয়ত কাব্য-সাধনাৰ বাবে এক ৰসাল ক্ষেত্ৰ তৈয়াৰ কৰি দিছিল। এইসমূহক কবিতাৰ মাজত এক কাব্যিক ৰূপ দিয়াৰ প্ৰবল ইচ্ছা জাগ্ৰত হৈছিল।

কলেজত (প্ৰি-ডিগ্ৰী) পঢ়ি থকাৰ সময়তে ছাত্ৰাবাসত একেলগে থকা শ্ৰদ্ধাৰ কবি সমীৰ তাঁতীৰ (সমীৰদা) পৰামৰ্শ অনুযায়ী ইমদাদ উল্লাহৰ সৃজন আৰু মনন গ্ৰন্থখনি পঢ়িবলৈ লওঁ। আচলতে এই গ্ৰন্থখনি পঢ়াৰ পাছতে কবিতা ৰচনা কৰিবলৈ উৎসাহ পাওঁ। সমান্তৰালভাৱে সমীৰদাই (কেতিয়াবা কবি ৰাজীৱ কুমাৰ ফুকন আৰু গল্পকাৰ অৰুণ শইকীয়াই) অনা মাহেকীয়া কবিতা, নতুন কবিতা আদি কাব্যালোচনীত প্ৰকাশ পোৱা বহুকেইগৰাকী কবিৰ কবিতাৰ সমালোচনা পঢ়ি কবিতাৰ প্ৰতি অধিক আগ্ৰহী হৈ উঠোঁ আৰু লিখিবলৈ আৰম্ভ কৰোঁ। এই সময়তেই কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ , নীলমণি ফুকনৰ কাঁইট আৰু গোলাপ আৰু কাঁইট কাব্যগ্ৰন্থ মোৰ হাতত পৰেহি। দুয়োখন কাব্যগ্ৰন্থৰ কবিতাবোৰ পঢ়ি পঢ়ি প্ৰায় মুখস্থ কৰি পেলোৱাৰ দৰে হয়গৈ। পৰৱৰ্তী সময়ত অমূল্য বৰুৱা, দেৱকান্ত বৰুৱা, নৱকান্ত বৰুৱা, অজিৎ বৰুৱা, হৰি বৰকাকতী, হৰেকৃষ্ণ ডেকা, সনন্ত তাঁতি, আনিছ উজ জামান, নীলিম কুমাৰ, চেনীৰাম গগৈ, সৌৰভ শইকীয়া আদি বহু নবীন-প্ৰবীণ কবিৰ কবিতাই মনোজগত আলোড়িত কৰে। তদুপৰি, নেৰুদা, লৰ্কা, হো চি মিন, লেংষ্টন হিউজ, ভাস্কো প’পা, জৰ্জ ছেফেৰিছ্‌ আদি বিশ্বৰ বিভিন্ন দেশৰ কবিৰ কবিতাৰ সোৱাদ লবলৈয়ো প্ৰয়াস কৰোঁ।

কবিতাৰ মাজেদি এটা স্বকীয় শৈলী প্ৰতিষ্ঠা কৰিবলৈ এক বিনম্ৰ প্ৰয়াসো নকৰা নহয়। সেইদৰে বুৰঞ্জীৰ ছাত্ৰ হিচাপে কবিতাৰ মাজেদি অতীত অনুসন্ধানৰ প্ৰয়াসো সঘনাই কৰি থাকোঁ।

শেষত কওঁ, আন একো নহ’লেও ভাষা-জননীক সেৱা কৰাৰ এক মাধ্যম হিচাপে কবিতাকে বাছি লৈছোঁ, আৰু  লিখি আছোঁ। দৰাচলতে মই এতিয়াও কবিতাৰ শিকাৰুহে  হৈ আছোঁ।