শ্বৰীফা খাতুন চৌধুৰীৰ কবিতা

Issue: Vol. V, No. 2, August-October, 2026

একো কথা নোকোৱাকৈ

একো কথা নোকোৱাকৈ
বহু কথা ফৰিংফুটা হৈছিল

শিলাবৃষ্টি ধুমুহা পাৰ হৈ গৈছিল
আৰু ছিদ্ৰহীন অন্ধকাৰত
অকলশৰে ৰৈ আছিলোঁ

আশ্বৰ্য
জীৱনৰ সুদীৰ্ঘ পথপৰিক্ৰমাত বিশ্বস্ত কেৱল তেৱেঁই আছিল

ভৰসা আৰু ভৰসাহীন শব্দবোৰেৰে
এখন প্ৰাচীৰ গঢ় লৈ উঠিছিল অজ্ঞাতে
সেইদৰে চূৰ্ণ-বিচূৰ্ণও হৈছিল ক্ষণে ক্ষণে

আৰু
মই নিতে ধুই নিকা কৰিছিলোঁ
জীৱনৰ ৰক্তাক্ত যাত্ৰাপথত ৰৈ যোৱা
গভীৰ শোক আৰু যন্ত্ৰণাৰ দাগবোৰ

বহু যোজন দূৰৈত থাকিও
দুখৰ সময়ত নীৰৱে
ভৰুণ পথাৰ যেন হাতখন শিৰত থ’লে
জীৱনৰ প্ৰেমত পৰিব পাৰি বাৰে বাৰে
এই অমৃতময় কথাষাৰ কোৱাৰ আগতে
এটি উল্কাপিণ্ড খহি পৰিছিল

আচৰিত

তেতিয়াও সপোনৰ পৰা দিঠকলৈ
যাত্ৰা আছিল অব্যাহত
প্ৰাচীনৰো প্ৰাচীন আপোনজনৰ কান্ধত
মূৰ থৈ গুণগুণাই আছিল বুকুৰ মাজত
জোনাক কোমল ৰাগ ইমন কল্যাণ


কিমান যন্ত্ৰণা পালে

সপোনৰ ইতিহাস বুকুত সাবটি
হেৰাই গৈছে মাছমৰীয়া নাওবোৰ

সাগৰত প্ৰচণ্ড জোৱাৰ

উটি গৈছে
উপকূলৰ সোণালী বালিত বন্দী
অজস্ৰ শিলাখণ্ডৰ প্ৰাচীন অহংকাৰ

ধুমুহা শাম কাটিলে
মখমল চাদৰ এখনে মচি দিয়ে
ক্ষত-বিক্ষত চিহ্নবোৰ
নিৰ্জন উপকূলত
সিচঁৰতি হৈ পৰে আশ্চৰ্যময় কোলাহল

বাৰে বাৰে প্ৰশ্ন কৰে বহুজনে জীৱনক
ইমান সংঘাতৰ পাছতো
কেনেকৈ ৰৈ যায় সপোন সংগোপনে

উত্তৰ দিবলৈ গৈ
নীৰৱে সকলোৰে মুখলৈ চাই জীৱনে

প্ৰতি উত্তৰত কেনেকৈ ক’ব
সাগৰেও যে সুধিছিল জীৱনক
ক’বা নে
কিমান যন্ত্ৰণা পালে
অটল অবিচল শিলাখণ্ড হ’ব পাৰি

ক’বা নে
ক’বা নে

An English translation of the poems.