গীতাঞ্জলি বৰকটকীৰ কবিতা

Issue: Vol. V, No. 2, August-October, 2026

কেঞাবন
অনুৰাধা শৰ্মা পূজাৰীৰ ‘কাঞ্চন’ উপন্যাসৰ আধাৰত


লেম্পৰ পোহৰত জিলিকিল
কুঁৱলিৰ ঘেৰৰ মাজত এটা হালধীয়া শ
আউলি-বাউলি, উদাস দৃষ্টি
নিঃসাৰ দেহৰ আঁৰত
কেহেৰাজ বৰণৰ কঁপনি

সময়বোৰ এতিয়া তাইৰ নহয়
কথাৰ হিলৈয়ে ফুটুৱা কলিজা
এন্ধাৰে এন্ধাৰে সাবটা সাবটি

ক’ত গ’ল তাইৰ হাঁহিৰ খিলখিলনি
লিহিৰি আঙুলিৰ হেঁপাহৰ কঁপনি
ভূগৰ্ভৰ কম্পনত থোহ-মোহ খোৱা
কেঁকনি-গেঙনি লাগি ধৰিল
কোঁটকোৰা গছত

‘শিয়ালি এ নাহিবি ৰাতি
তোৰে কাণে কাটি লগামে বাতি’
ক’তেনো হেৰাল সেই সোণালী শৈশৱ
অনিদ্ৰা অৱসাদ আৰু ক্লান্তিয়ে আৱৰা
আজিৰ এই ভ্ৰান্ত সময়

আকাশখন তাইৰ আজিও একে
দুজোপা তামোলগছেৰে সৰু জুপুৰি এটি
এঠেঙীয়া দৌৰ দি ঘূৰি ফুৰে
দুচকুত ওলমা টোকোৰা চৰাইৰ বাহ
ভঙা ঠিকনা
আধাখোলা খিৰিকী
আধামেলা দুৱাৰ
নতুন বেশ-ভূষা
নিতৌ বিষাদৰ টোকৰ
পথৰুৱা ৰ’দত ফুলি উঠা কাঞ্চন
এতিয়া এটা খালি কোঠা
তাইৰ সপোনৰ সোণালী-ৰূপালী মাছ
চো মাৰি লৈ যায় চিলনীৰ জাক

তাই জেতুকাপাত
পটাত পিহে এখিলা সেউজীয়া পাণ
দুহাত কৰে ৰাঙলী
কোনেও নেদেখে অনাহূত বেদনাৰ ফল্গুধাৰ

শকুনিৰ পাশা খেলৰ মহুৰা তাই
তথাপি নহয়তো মৰাসুঁতি
তাই যে তীখা
জুইত পুৰি গঢ়ে পিতে
ভাঙে গঢ়ে

তাই যে কাঞ্চন
বোকাৰে লেট খাই
সুগন্ধি বিলাই পৰি ৰয় চোতালত
পানীত মুখ চাই নিজক নিচিনি৷

তাই যে কেঞাবন
কাপোৰত লাগিলে এৰাই দিয়ে
নৰিয়াত পৰিলে ঔষধত লাগে৷

An English translation of the poem.