Issue: Vol. V, No. 2, August-October, 2026
ব’ৰাগী ৰাগ
আজিকালি জাৰ জহ বুলিবলৈ
একো নাই মোৰ। আৰু
পৰ্বত পাহাৰ ওন্দোলা মেঘালী আকাশ
মৰুময় মাটি ভেটি
হেৰুৱাই পেলাইছোঁ অভ্যাসটো
নদ নদীত গা ধোৱা
এয়া মোৰ কৃষ্টি-সংস্কৃতি
পোহৰো ইমান ক’লা
কলিজাৰ তেজ ক’লা
চিৰাচিৰ প্ৰেমৰ নিশকতীয়া বুকু
ভালপোৱা তেজ ফটিকা
অ’ ভাল পোৱা…
অ’ ফিতাহী কোমল জোন
ফেনেকিছ নে সাৰুৱা পথাৰ
অ’ ভোগালী খিৰিকী
মোৰ গেলা পিঠি ইমান ৰ’দত
নল খাগৰি নকঁপে নৈৰ গৰাত
ডাৱৰ ফুল ঘাঁহনিৰ শিপাত
কপাহী সাজ বুকুৰ বিজুলীত
নাবাজে সুৰ নোতোলে বিৰিণা পেঁপা
আইতাৰ কাঁহুদীৰে আহু চাউল একাঁহী
গৰখীয়া সবাহৰ নাম
গাঁৱৰ বঁহতৰ তলত মলঙা শৈশৱ
কামচৰাই ৰঙা ঠোঁট
টাকুৰী পাক। বাঘজাল
জুৱা খেল। ভগা বীণ
উঁইৰ আহুদিত জাহ গ’ল সাচিপাত
জালপহীয়া কথা মালা
বিভোল কাহিলি বেলি
আছোঁ মই মোৰ তেজ বিচাৰি। তেজ
প্ৰজাৰ দুখ মোৰ দুখ
অন্নদাতাসকললৈ ধন্যবাদ
পানী শৰীৰলৈ মোৰ শতকৌটি প্রণাম
হাঁহপাল হালি হালি পাৰ
বুধবৰীয়া হাটত বেচিলোঁ
এতিয়া ডাঙৰ পিথবী
খোজৰ পানীত সাগৰ
আমাৰ সৰু সৰু খেল বেতনীত
ধূলিৰ দৰে। নিয়ৰৰ দৰে
ৰক্তিম লাৱণ্য বাটটোত
বিচাৰি ফুৰিছোঁ হৃদয়ৰ অলংকাৰ
মৰহা কথাফুলে ফুচফুচাইছে
সপোন গজক