মেঘালী ফুকনৰ দুটা কবিতা

শব্দবোৰ

আপুনি, মই, তেওঁ ভালপোৱা শব্দবোৰে
ভয়, শংকা আৰু আতংকৰ ডাঠ চোলা একোটা
পিন্ধি ল'লে
সাজিকাচি থকা
প্ৰিয়জনৰ ওঁঠৰ কথাবোৰ উচুপি উচুপি
শিলৰ মেৰঘৰলৈ সোমাই গ'ল
ফুলোঁ ফুলোঁ কৰি থকা কলিবোৰ
থৰ লাগি ৰ'ল তেজৰ কৰাল মৰা দুৰ্ভাবনাত
কাৰ মাটিত শণাহী দিনবোৰে
গো-গ্ৰাসে গিলিছে ভমকাফুলীয়া উশাহ
কঁপিছে কত অঘৰী কবিৰ আঙুলিৰ বাঁহী
বুকুৱে বুকুৱে দেওলগা জুই
উচুপিছে বতাহজাকে
লুতুৰি-পুতুৰি হৈ শুই আছে জোন...
অক্ষৌহিনী সেনাৰ তেজৰ তলবল সমুদ্ৰত
বিপন্ন মমতাৰ চাকি এগছি
মাটিৰ হাহাকাৰত চকুৰ পানীৰ সেন্দূৰ বৰণীয়া ৰং
আৰু উভালি পৰা সেউজীয়াৰ আৰ্তনাদ...
প্ৰাৰ্থনাৰ শব্দবোৰ নিৰ্মম
আৰু আন্ধাৰৰ দৰে ক'লা...
সময়

ফুটফুটীয়া চোলা পিন্ধি
তাই আৰ্চিত মুখ চাই মাকক সুধিলে :
আই, মই কেতিয়া ডাঙৰ হ'ম?

মাকে ক'লে,
মনে মনে,
বতাহে শুনিব

বতাহে শুনিলে কি হ'ব?
চৰাইক ক'ব
চৰায়ে সূৰ্যকান্তি ফুলবোৰক
সূৰ্যকান্তি ফুলে
বৰষুণক ক'ব
বৰষুণে নৈক
নৈয়ে পাঁচোখন সাগৰক

আই,
তই আৰ্চিখন নেচাবি
সাগৰো আহিব ভাহি...

Click here to read an English translation of the poems.

মেঘালী ফুকন সাম্প্ৰতিক সময়ৰ এগৰাকী কবি, লেখক৷ তিনিচুকীয়াৰ ডুমডুমা নিবাসী কবিৰ প্ৰকাশিত কাব্য-সংকলন দুখন৷

2 thoughts on “মেঘালী ফুকনৰ দুটা কবিতা

Leave a Reply

Your email address will not be published. Required fields are marked *