স্বপ্নমজ্যোতি কলিতা
Issue: Vol. V, No. 1, May-July, 2026

ষাঠিৰ দশকৰ শেষৰ ভাগত কবি হিচাপে আত্মপ্ৰকাশ কৰা ৰফিকুল হোছেইন(১৯৫৪—২০২৬)ৰ প্ৰথমখন কাব্য-সংকলন শৰবিদ্ধ আকাশ প্ৰকাশ পাইছিল ১৯৮৪ চনত। কবিতাখিনি ৰচনাৰ পটভূমিত আছিল অসমৰ সমাজ-ইতিহাসৰ এছোৱা সন্ত্ৰাসজৰ্জৰ অশান্ত সময়। সংকলনটোৰ প্ৰথম কবিতাটো(‘ৰাতিৰ বʼৰাগী’)ৰ টেগ-লাইনটোৱেই আছিল— “বাতৰিৰ শিৰোনামত যেতিয়া গহপুৰ-নেলি… ১৯৮৩”; কিন্তু আশ্চৰ্যকৰভাৱে কবিতাটো শেষ হৈছিল এই প্ৰত্যয়েৰে—
“তয়েহে জানিবি চাগে’ সিখনি টোকাৰীত তোৰ
কি ৰূপে বজালে বাজিব আকৌ
সখিয়তী ৰ’দৰ সখিয়তী সুৰ”
(ৰফিকুল হোছেইনৰ কবিতা সমগ্ৰ, পৃ. ১৬)
বক্তাৰ এনে অৱস্থানৰ বাবেই নলিনীধৰ ভট্টাচাৰ্যই শৰবিদ্ধ আকাশৰ পাতনিত কৈছিল, “আজিৰ কবিৰ আকাশ শৰবিদ্ধ হ’লেও তেওঁ আশাবাদী।” দৰাচলতে ইয়াত ‘মানৱতাবাদী কবি’ৰ বাবে প্ৰতিশোধ বা আক্ৰোশ প্ৰদৰ্শনক চেৰাই গৈ মানুহৰ কাষত উপস্থিত হোৱাৰ প্ৰৱণতাইহে বাট বিচাৰি লৈছে। কবিতাটোত আছে সমকালীন সমাজ-ৰাজনৈতিক জীৱন-পৰিক্ৰমাত নিঃস্ব-নিঃসহায় হৈ পৰা সাধাৰণ মানুহৰ চিত্ৰণ। ‘বʼৰাগী’ৰ প্ৰতি অসমীয়া কবিৰ অপাৰ অনুসন্ধিৎসা। কিন্তু ৰফিকুল হোছেইন কথিত বʼৰাগীজন দেহতাত্ত্বিক-আধ্যাত্মবাদ প্ৰকাশৰ বিপৰীত। ই হোৱাটোৱেই স্বাভাৱিক। কিয়নো চন্দ্ৰকুমাৰ-লক্ষ্মীনাথ কথিত বʼৰাগীজন ৰমন্যাসিক আৱহাৱাৰে গঢ়া বʼৰাগীজনহে। যি নিগৰি আহিছে ঐতিহ্যৰ অনুষংগৰে। কিন্তু বিপৰীতে ৰফিকুল হোছেইনৰ ‘ৰাতিৰ বʼৰাগী’জন অমংগল, অত্যাচাৰ আৰু নৈৰাজ্যৰ অভিঘাতৰ মাজেদি অতিক্ৰম কৰি অহা। অসমীয়া কবিতাৰ ইতিহাসলৈ লক্ষ্য কৰিলে কবিতাৰ গতি-প্ৰকৃতিত বিচিত্ৰ বৈচিত্ৰ্য পৰিলক্ষিত হয়। পুৰণি অসমীয়া কবিতাই প্ৰাক্-শংকৰ, শংকৰ আৰু উত্তৰ-শংকৰ(বৈষ্ণৱ আৰু ইছলামীয় আদৰ্শৰ সুমিশ্ৰণ : চুফী কবিতাৰ ধাৰা) যুগ অতিক্ৰমি ঊনবিংশ শতিকাত নিধি লিবাই ফাৰৱেলৰ কবিতাৰ মাজতে নতুন অসমীয়া কবিতাৰ দুৰ্বল আৰম্ভণি। অষ্টাদশ শতিকাৰ শেষলৈ ইংৰাজী সাহিত্যত উন্মেষ ঘটা ৰমন্যাসিক (Romanticism) সাহিত্য-চেতনাই প্ৰধানতঃ কবিতাৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ সূচনা কৰে। ইয়াৰ প্ৰায় এশ বছৰৰ পাছত ঊনবিংশ শতিকাৰ শেষৰ ফালে উচ্চশিক্ষাৰ বাবে কলিকতাভিমুখি এদল অসমীয়া ছাত্ৰৰ উদ্যোগত কলিকতাৰ পৰা প্ৰকাশিত জোনাকী(১৮৮৯) আলোচনীৰ জৰিয়তে অসমীয়া কবিতাত পাশ্চাত্যৰ ৰোমাণ্টিক ভাবাদৰ্শৰ প্ৰৱেশ ঘটে। অৰ্থাৎ ঊনবিংশ শতিকাৰ শেষ দশকৰ পৰা দ্বিতীয় বিশ্বযুদ্ধ পৰ্যন্ত— এই প্ৰায় অৰ্ধ শতিকা জুৰি বিস্তাৰ লাভ কৰা ৰোমাণ্টিক ভাবাদৰ্শৰ বিকাশ আৰু বিৱৰ্তনৰ ইতিহাসেৰে অসমীয়া কবিতা সমুজ্জ্বল। সমান্তৰালকৈ বিংশ শতিকাৰ আদিভাগৰ পৰা বিশ্বৰ সামাজিক, ৰাজনৈতিক, বৌদ্ধিক আৰু প্ৰযুক্তিগত দিশত সংঘটিত কেইবাটাও প্ৰভাৱশালী তথা গুৰুত্বপূৰ্ণ ঘটনাই সাহিত্যৰ মাজলৈও পৰিৱৰ্তন আনি দিয়ে। কাৰ্ল মাৰ্ক্সৰ প্ৰগতিবাদী দৰ্শনে চল্লিশৰ দশকৰ অসমীয়া কবিতাৰ বিষয়বস্তু আৰু আংগিক উভয়তে প্ৰভাৱ পেলায়। পঞ্চাশৰ দশকৰ পৰা অসমীয়া কবিতাত এক নতুন নিৰ্মাণ আৰম্ভ হয়। কবিতাৰ বিষয়বস্তু, প্ৰকাশভংগী, ছান্দিক কৌশল আৰু পূৰ্বৰ কাব্য-পৰম্পৰাৰ ৰমন্যাসিক ভাব-ছন্দৰ পৰা ওলাই আহি বাস্তৱোন্মুখ দৃষ্টি গ্ৰহণ কৰাৰ প্ৰতি অসমীয়া কবিসকল আগ্ৰহী হৈ উঠিল। ইয়াৰ কাৰণ আছিল সমকালীন সমাজ-ৰাজনৈতিক পৰিপ্ৰেক্ষাৰ পৰিৱৰ্তন। একেদৰে ষাঠিৰ দশকত আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নিৰ্মাণ প্ৰক্ৰিয়া আৰু অসমত ৰাজনৈতিক বিৰোধ শক্তিশালী ৰূপত আৰম্ভ হৈছিল। বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ ভাৰতৰ স্বাধীনতাক ভুৱা ঘোষণা আৰু সুকীয়া ৰাজনৈতিক দাবীৰে সশস্ত্ৰ আন্দোলনৰ ফলত ৰাজ্য চৰকাৰৰ দমননীতি আদিয়ে এইসময়ৰ কবিসকলক প্ৰভাৱিত কৰিছিল আৰু তাৰ প্ৰভাৱ কবিতাৰ মাজত ৰৈ গৈছিল। সত্তৰৰ দশকত অৰ্থাৎ ১৯৬০ চনত অসমীয়া ভাষাক ৰাজ্যভাষা মৰ্যাদা প্ৰদানৰ দাবীৰে ৰাজ্যজুৰি আন্দোলন হয়। আনহাতে আশীৰ দশকত ৰাজনৈতিক, অৰ্থনৈতিক কাৰণত হোৱা শোধনাগাৰ আন্দোলন, মাধ্যম আন্দোলন এই দুয়োটা ব্যাপক আন্দোলনৰ সময়ত সমসাময়িক অসমীয়া কবিসকলে জাতীয়তাবাদী বাগ্ধাৰা(Discourse)ই প্ৰদান কৰা অৱস্থান গ্ৰহণ কৰে। আশী দশকৰ শেষৰ ফালে ইন্দিৰা গান্ধী চৰকাৰে প্ৰৱৰ্তন কৰা জৰুৰীকালীন অৱস্থা, আধুনিক মানুহৰ ঐতিহ্যবিমুখ নগৰমুখী চেতনা, মধ্যবিত্ত শ্ৰেণীৰ স্বৰূপ ইত্যাদি দ্বিধা-দ্বন্দ্বই এই সময়ছোৱাৰ কবিকুলক ঐতিহ্যসন্ধানী আৰু বিদ্ৰুপমুখৰ কৰি তুলিছিল। নব্বৈ দশকৰ পৰা অসমৰ সামাজিক-ৰাজনৈতিক পৰিস্থিতি দ্ৰুত গতিত পৰিৱৰ্তন হৈছিল। প্ৰায় সমান্তৰালকৈ ‘সদৌ অসম ছাত্ৰ সন্থা’ৰ নেতৃত্বত বিদেশী খেদা আন্দোলন (ছবছৰ জুৰি অব্যাহত বিখ্যাত ‘অসম আন্দোলন’, যাৰ ফলস্বৰূপে আঞ্চলিকতাবাদী ৰাজনীতিৰ জন্ম আৰু নৱগঠিত ‘অসম গণ পৰিষদ’ দলে চৰকাৰ গঠন কৰাৰ সুবিধা) আৰু ‘সংযুক্ত মুক্তি বাহিনী, অসম’ৰ নেতৃত্বত অসমৰ সাৰ্বভৌমত্ব দাবীৰে সশস্ত্ৰ বিপ্লৱ আৰম্ভ হৈছিল। আকৌ কেইবাটাও জনগোষ্ঠীয়ে স্বতন্ত্ৰতাৰ দাবীৰে নৃগোষ্ঠীয় পুনৰুত্থানৰ প্ৰৱণতাও আৰম্ভ হ’ল। শেষৰটো দশকত সশস্ত্ৰ বিদ্ৰোহী সংগঠনসমূহক দমন কৰিবলৈ অসমত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সামৰিক বাহিনী নিয়োগ কৰা হ’ল। এই অভিযানৰ ফলস্বৰূপে— অসমৰ সাধাৰণ জনতা হত্যা-হিংসা-নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হ’ল। লাহে লাহে সামাজিক প্ৰেক্ষাপটো সলনি হ’বলৈ ধৰিলে। ভাৰতবৰ্ষই আৰম্ভ কৰা অৰ্থনৈতিক উদাৰীকৰণ প্ৰক্ৰিয়াৰ ফলত সমগ্ৰ বিশ্বৰ পৃথক সাংস্কৃতিক পদ্ধতি একীভূত কৰা প্ৰক্ৰিয়া আৰম্ভ হ’ল। বজাৰ সম্প্ৰসাৰণ, পুঁজি আৰু শিল্পৰ একত্ৰীকৰণ প্ৰক্ৰিয়াৰ লগত ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশসমূহো অন্তৰ্ভুক্ত হ’ল। ৰাজনৈতিক মেৰুকৰণৰ সূচনা হ’ল। অসমীয়া সাহিত্যত জটিল দ্বন্দ্বাত্মক প্ৰশ্ন কিছুমানৰ অৱতাৰণা হ’বলৈ ধৰিল। এনে এক সামাজিক-ৰাজনৈতিক পৰিৱেশৰ সন্মুখীন হোৱা অসমীয়া কবিসকলেও কবিতাৰ বিষয়বস্তু আৰু আংগিক নিৰ্মাণত এক নতুন পদক্ষেপ গ্ৰহণ কৰিলে। গতিকে এনে এক জটিল দ্বান্দ্বিক প্ৰেক্ষাপটত পৰি ৰমন্যাসিক যুগৰ ‘সুখী-বিনন্দীয়া’ বʼৰাগীজন অমংগল, অত্যাচাৰ আৰু নৈৰাজ্যৰ সাক্ষী হৈ ৰফিকুল হোছেইনৰ কবিতাত ধৰা দিয়াটো নিচেই স্বাভাৱিক। কবিতাটোৰ আৰম্ভণি সেয়েহে এনেকুৱা—
“কোন বাটেনো অ’ ব’ৰাগী
দুপৰ ৰাতিখন আহিলি তই
ভগা টোকাৰীত বান্ধিনো আনিছ
কাৰ জ্বলা জুপুৰিৰ চিঞৰ”
(ৰফিকুল হোছেইনৰ কবিতা সমগ্ৰ, পৃ. ১৬)
শৰবিদ্ধ আকাশ(১৯৮৪) প্ৰকাশৰ সুদীর্ঘ দিনৰ পিছত ২০১৭ চনত অৰিন্দম বৰকটকী সম্পাদিত নিবেদন শীৰ্ষক বার্ষিক আলোচনীখনত তেওঁৰ প্ৰথম পৰ্যায়ৰ কবিতাসমূহৰ নেপথ্যৰ উমান দি লিখিছিল— “১৯৭৯ চনৰপৰা ক্ৰমশঃ বিদেশী খেদা অসম আন্দোলন, আলফা শক্তিৰ উত্থান, ’৮৩ৰ জৰুৰী অৱস্থাৰ সেই ঘনঘোৰ ৰুদ্ধশ্বাস সময়ছোৱাত লাভ কৰা এই শোকাকুল অভিজ্ঞতাসমূহ, জীৱন-মৃত্যুৰ সেই বৰ্ণ-বিবর্ণ ছবিবোৰ হয়তো ভিন্ন ৰূপত কেতিয়াবা ‘ৰাতিৰ ব’ৰাগী’ হৈ কেতিয়াবা ‘মাজনিশা’ হৈ অথবা কেতিয়াবা ‘অৰণ্য কথা’ হৈ সোমাই পৰিছিল বনৰীয়া গোনাম’হ যেন অমানৱিক পৃথিৱীৰ ৰাতিৰ সেই কজলা অৰণ্যত অনুচ্চ স্বৰত বিয়পি থকা এজাক ভীতিগ্রস্ত চৰাইৰ দৰে এক দীঘলীয়া নিজান সুহুৰি হৈ। বচ্ঃ ইয়াতকৈ একো মাত্রাবিশিষ্ট কাব্যিক-নান্দনিক সজ্জাৰ কোনো ঘটনাৰ ঘটনা ঘটা নাছিল মোৰ এই শৰবিদ্ধ আকাশত।” এয়া ‘ৰাতিৰ ব’ৰাগী’ৰ মৰ্ম-উপলব্ধিৰো কথকতা, যিয়ে কবিৰ সমকালীন ঘটনা আৰু পৰিস্থিতি নিৰ্ভৰ অন্তৰ্ভাবনাৰ অভিব্যক্তিৰ উমান দিয়াই নহয়; তেওঁৰ কবিতা হৃদয়ঙ্গম কৰিব বিচৰা পাঠকক পথ-নির্দেশনাও দিয়ে। কবিতাটোত ৰাতিৰ ব’ৰাগীয়ে প্রতিনিধিত্ব কৰিছে অসম আন্দোলনকেন্দ্ৰিক হত্যা-দমন, অবিশ্বাস-জিঘাংসা, অত্যাচাৰ-অস্থিৰতাৰ অন্ধকাৰাচ্ছন্ন সময়ক, য’ত বক্তাই ‘ভগা টোকাৰীত বান্ধিনো আনিছ কাৰ/জ্বলা জুপৰিৰ চিঞৰ’ বোলোঁতে টোকাৰী কেৱল বাদ্যযন্ত্ৰ হৈ থকা নাই, হৈ পৰিছে মানুহৰ অন্তৰ্ভাৱনাৰ অভিব্যক্তি। কবিতাটোত বক্তা প্ৰত্যক্ষদৰ্শীৰ অভিজ্ঞতাৰে পুষ্ট। সেয়েহে,
“কোন ঘাটৈৱে পাৰ কৰিছিল তোক মনত পেলা
কোন চুবুৰিত নাঙঠ কৰিছিল মনত পেলা
কোনে কাঢ়ি থ’লে তোৰ সোণালী ডিঙিৰ সেই
সোণৰ সোলেং সুৰ মনত পেলা
নীলা বামি মাছ যেন নদীখন ক’ত তোৰ
ছৈ তৰা নাওখন মনত পেলা…
কণাৰ লাখুটি যেন টোকাৰীখনিত জুইজ্বলা জুপুৰিৰ
চিঞৰটি বান্ধি এই ৰাতিখন আহিলি তই
প্ৰেমৰ ৰাগিৰে পুনঃ খন্তেক মাতাল হ’বি”
(ৰফিকুল হোছেইনৰ কবিতা সমগ্ৰ, পৃ. ১৬—১৭)
এই কাল-কল্প বা ইতিহাস পাহৰণিৰ অতল তলিত পেলাই থ’ব পৰা নহয়। এজন কবিৰ বাবে এনে সমুহীয়া যাতনাক নিৰ্লিপ্তভাৱে গ্ৰহণ কৰা সম্ভৱ নহয়।
স্মৰ্তব্য যে, কবিতাটোত বʼৰাগীজন ৰাতিৰহে। হয়তো দিনে-পোহৰে সুদিন সংবাদৰ ভাষ্যকাৰ হৈ আহিব পৰাকৈ সক্ষম নহয়। কবিতাটোত বাৰে বাৰে আহিছে নীলাৰ প্ৰসংগ-অনুষংগ,
“নীলা বামি মাছ যেন নদীখন তোৰ ছৈ তৰা নাওখন
ইপাৰ-সিপাৰ হ’বি বা কিহত”
…
“কোনখন চোতালত গাবি বা পৰাণ ঢালি
নীলৰঙী কলিজাৰ তৰাজ্বলা গীত”
…
“এনে ক’ত ঘৰ আছে এই নিজানত নদী আছে
নীলা বামি মাছ যেন এই নিজানত”
(ৰফিকুল হোছেইনৰ কবিতা সমগ্ৰ, পৃ. ১৬-১৭)

এই নীলা যন্ত্ৰণাৰ নিৰ্মম প্ৰকাশক। সেয়েহে ঘাতক মানুহে বʼৰাগীজনকো চকু-জিভা কাটি বিকলাংগ কৰি পেলাব পাৰিছে। ৰফিকুল হোছেইনে ধনশিৰি নৈখনো নীলা বামি মাছ যেনেই দেখিছিল। এই নীলা বামিৰ অনুষংগ নৈৰ পাৰৰ গ্ৰামীণ জীৱন-যাপক সাধাৰণ মানুহৰ জীৱন পৰিক্ৰমাত সমকালীন পৰিস্থিতিয়ে আনি দিয়া অস্থিৰতাত(‘ছৈ তৰা নাও’) এক আশ্ৰয় (‘নীলা বামি মাছ যেন’) সন্ধান। কিন্তু শেষত বক্তা নিৰাশ হোৱা নাই। বৰং দিছে এক প্ৰতিশ্ৰুতি,
“ব’ৰাগী অ’
পাবি ক’ত অৰণ্যত কলিজাৰ তেজে লিপা ঘৰ
পাবি ক’ত শিলাময় হিয়াত উদাৰ নদী-ডঁৰিয়লি
তথাপিতো তই অ’ ব’ৰাগী দুপৰ ৰাতিখন আছহি ৰৈ
তয়েহে জানিবি চাগে’ সিখনি টোকাৰীত তোৰ কি ৰূপে বজালে বাজিব আকৌ
সখিয়তী ৰ’দৰ সখিয়তী সুৰ”
(ৰফিকুল হোছেইনৰ কবিতা সমগ্ৰ, পৃ. ১৬-১৭)
অৰ্থাৎ এক গভীৰ প্ৰত্যয়। মন কৰিবলগীয়া যে, ৰফিকুল হোছেইনৰ ‘অৰণ্যত কবিৰা ফকীৰ’ আৰু ‘অৰণ্যৰ কথা’ এই কবিতা দুটাতো ‘ৰাতিৰ ব’ৰাগী’ৰে বিস্তাৰ ঘটিছে। ‘অৰণ্যত কবিৰা ফকীৰ’ কবিতাটোৰ শেষত কোৱা “ঘেঁহুৰ যে পথাৰখন/ তাৰ বুকুতে ছেই ফাটি ওলাব/ তোৰ এটি এমা-ডিমা পোহৰৰ কেঁচুৱা”(ৰফিকুল হোছেইনৰ কবিতা সমগ্ৰ, পৃ. ৪৪)ৰ সুৰ ‘ৰাতিৰ ব’ৰাগী’ৰ কবিতাটোৰ সৈতে একে সুৰীয়া। কিন্তু ‘অৰণ্যৰ কথা’ত একধৰণৰ বিপৰীত্য বিদ্যমান। মুঠতে, তিনিওটা কবিতাৰ পৰা প্ৰতিপন্ন হয় যে, ৰফিকুল হোছেইন অসম আন্দোলনৰ এছোৱা দুৰ্যোগপূৰ্ণ সময়ৰ কথক। যি কথকতাত মানৱতা ধ্বংসৰ আহ্বান নাই আছে ব্যথিত কবিয়ে দিয়া মানৱতাৰ দীক্ষা।
লগতে পঢ়ক: ৰফিকুল হোছইনৰ ৰাতিৰ ব’ৰাগী
লগতে পঢ়ক: স্বপ্নমজ্যোতি কলিতাৰ সাম্প্ৰতিক অসমীয়া কবিতাত কুইয়ৰ চেতনা : এক আলোকপাত