ড੦ পৰী হিলৈদাৰী
Issue: Vol. V, No. 1, May-July, 2026

হৰেকৃষ্ণ ডেকা একাধাৰে এজন কবি, গল্পকাৰ, ঔপন্যাসিক আৰু সাহিত্য সমালোচক। ১৯৮৬ চনত প্ৰকাশিত তেওঁৰ আন এজন নামৰ কবিতা-পুথিখনে ১৯৮৭ চনত সাহিত্য অকাদেমি বঁটা লাভ কৰে৷ কবিতাবোৰৰ ৰচনাকাল আশীৰ দশকৰ প্ৰথমছোৱা সময়। সেই সময়ৰ অসমৰ ৰাজনৈতিক ঘটনাপ্ৰৱাহ, আর্থ-সামাজিক বাতাৱৰণ তথা কাব্যচর্চাৰ ধাৰাটো সম্মুখত ৰাখি আন এজনত সন্নিৱিষ্ট কবিতাবোৰ আলোচনা কৰাটো প্রাসঙ্গিক হ’ব। হৰেকৃষ্ণ ডেকা হৈছে নৱকান্ত বৰুৱা, অজিৎ বৰুৱা, নীলমণি ফুকন ইত্যাদি লব্ধপ্ৰতিষ্ঠ অসমীয়া কবিসকলৰ উত্তৰসূৰী কবি। গতিকে প্ৰথমতেই আমাৰ মনলৈ এটা প্ৰশ্ন আহে— আধুনিক অসমীয়া কবিতাৰ এই চহকী ঐতিহ্যটোৰ পৰা কবি হৰেকৃষ্ণ ডেকাই আঁতৰি আহিবলৈ সচেতন প্ৰয়াস কৰিছিল নে নাই, আৰু যদি কৰিছিল সেই প্ৰয়াস সফল হৈছিলনে? আমাৰ উত্তৰটো হ’ব এনেকুৱা— নৱকান্ত বৰুৱাৰ কবিতাত প্ৰতিধ্বনিত দার্শনিক আত্মনিৱিষ্টতাৰ সুৰ আৰু প্ৰতীকী ভাষাৰ প্রাধান্য হৰেকৃষ্ণ ডেকাৰ কবিতাত নাই। অজিৎ বৰুৱাৰ গদ্যসুলভ কঠিন বাকভংগীও ডেকাৰ কবিতাত অনুপস্থিত। নীলমণি ফুকনৰ কবিতাৰ ব্যক্তিগত মেটাফৰ-সৃষ্ট অর্থঘনত্বও হৰেকৃষ্ণ ডেকাৰ কবিতাত নাই। কিন্তু তাৰ বিপৰীতে এটা নিজা কথনশৈলী নির্মাণৰ সচেতন অনুশীলনেৰে আন এজন কবিতা-সংকলনখনে প্ৰচলিত ধাৰাক অতিক্ৰম কৰি অসমীয়া কবিতাৰ আধুনিক চৰিত্ৰটোক অন্য এক মাত্রাৰে সমৃদ্ধ কৰিছে।
সংকলনখনিৰ প্ৰথম কবিতাটোৰ নামেই ‘আন এজন’। এইটো কবিতাৰ উপৰি ‘এই মইজন’, ‘অন্য নাগৰিক’, ‘অনুক্ত’, ‘নাগৰিক (?)’ ইত্যাদি কেইটামান কবিতাত ব্যক্তিৰ বাজহুৱা জীৱন আৰু অন্তর্জীৱনৰ মাজৰ অনিবার্য দ্বন্দ্বৰ বিষয়টোৱে ভাবৰ ঐক্যসূত্ৰ স্থাপন কৰিছে। ব্যক্তিৰ সামাজিক পৰিচয় আৰু ভিতৰৰ প্ৰকৃত ‘মই’জনৰ মাজৰ সংঘাতৰ ছবিখন আধুনিক কবিতাৰ এটা বহুব্যৱহৃত বিষয়। কিন্তু ‘আন এজন’ নামৰ কবিতাটোত পঢ়ুৱৈয়ে উপলব্ধি কৰে যে সামাজিকভাৱে পৰিৱেশন কৰা ব্যক্তিৰ বাহ্যিক ৰূপটোৰ আঁৰত সুপ্ত হৈ থকা ‘অদৃশ্য এটা প্ৰদাহ’ নোহোৱা হৈ যোৱাৰ আশংকাইহে কবিতাটোৰ বিষয়বস্তুক অন্য এক আয়তন দিছে৷ কবিতাটোৰ ভাষাত—
তোমালোকৰ সকলোৱে তাক চিনি পাইছা।
কিন্তু তাৰ মগজুৰ ভিতৰত মই নামৰ অদৃশ্য
এটা প্ৰদাহ
তোমালোকৰ নিৰোগ হাতবোৰেৰে
নিৰাময় কৰি দিয়াৰ ভয়ত
সি বাৰে বাৰে চিঞৰ মাৰি উঠে
এই কথা তোমালোকে কোনে বুজি পাইছা?
“নিৰোগ হাত’’ আৰু “নিৰাময়” –এই শব্দকেইটাই বহন কৰা ধনাত্মক অর্থক নাকচ কবি কবিতাটোৱে “মই নামৰ অদৃশ্য এটা প্ৰদাহ” প্ৰতিৰোধী প্ৰতিঘাতৰ সম্ভাবনাকহে নিষ্ক্রীয় নহ’বলৈ আহ্বান জনাইছে। অর্থাৎ শব্দাবোৰৰ ওপৰত আৰোপিত গতানুগতিক আভিধানিক অর্থক অগ্রাহ্য কৰি কবিতাৰ বক্তাই সত্তাৰ স্বকীয় প্ৰতিক্রিয়াক সাব্যস্ত কৰিছে; ইয়াত ব্যক্তিসত্তা আৰু সামাজিক পৰিচয়ৰ মাজৰ সংঘাতৰ প্ৰশ্নটো গুৰুত্বপূর্ণ কথা নহয়, গুৰুত্বপূর্ণ হৈছে ব্যক্তিসত্তাৰ অনুচ্চ প্ৰতিৰোধী প্ৰতিক্রিয়া। ‘অন্য নাগৰিক’ নামৰ কবিতাটোতো বক্তাজনে “মইতো এই চহৰৰ টোপনি-গধুৰ নাগৰিক” বুলি কৈ আত্মসন্তুষ্টি লভিব বিচৰা নাই। বৰং “মোৰ টোপনিৰ বল্মীক ভাঙি জঠৰ জীৱন জগাব খোজোঁ” বুলি শেষত কোৱা এই কথাষাৰে নিৰাপদ বেষ্টনী আৰু একাকীত্বৰ বেহু ভাঙি সমূহৰ সৈতে সংযোগ স্থাপনৰ তাড়নাহে প্ৰকট কৰিছে। ‘এই মইজন’ নামৰ কবিতাটোতো সেয়ে ভগা আইনাত দেখা চাৰিখন মুখা আৰু অৱদমিত ভয়ৰ বিষয়টোক তল পেলাই ভৱিষ্যৎ প্ৰজন্মৰপৰা নির্ভয় নিৰাপত্তাৰ সঁহাৰি লাভৰ ইংগিতটোৱে প্রাথমিকতা লাভ কৰিছে।
হৰেকৃষ্ণ ডেকাৰ আন এজন কাব্য-সংকলখনৰ কবিতাবোৰৰ বেছিভাগতে যি আশাবাদৰ সুৰ অনুৰণিত হৈ আছে তাৰ শিপাডালে তেওঁৰ এই বিশ্বাসত খোপনি পুতি ৰৈছে যে মানুহৰ নিজৰ মাজতে দুঃসময়ক জয় কৰাৰ শক্তি সঞ্চিত হৈ আছে। ‘এটা বিৰল মূহূর্ত’ নামৰ কবিতাটোত জুইলগা পাহাৰ, ভাগি যোৱা দলং আৰু পাহাৰবোৰৰপৰা ভাহি অহা গুমগুমনিৰ পৰিৱেশটোত ফুটি উঠা নৈৰাজ্যৰ নিদান বিচাৰি কবিয়ে কল্পনা কৰিছে— চকু থকা অন্ধলাবোৰৰ টোপনিবোৰ ভাগিব/ যেতিয়া হালধীয়া সৰিয়হ ফুলৰপৰা মৌমাখিবোৰ উভতি আহিব। ৰোমাণ্টিক আৱেশ এটা লাগি থাকিলেও, এই ধৰণৰ ধনাত্মক ভাবনা কল্পস্বর্গীয় বাস্তৱবিমুখিতা নহয়। আৰু সেই কাৰণেই ‘নদীৰ ঘাটত’ নামৰ কবিতাটোত শানিত শব্দেৰে কবিয়ে আমাক বাস্তৱৰ সৈতে মুখামুখি কৰোৱাইছে এনেদৰে— “গৰুৰ গাড়ীত মোৰ পিছে পিছে মেটমৰা বোজা, শস্যৰ নহয়, শৱৰ।” অন্য এটা কবিতাত (‘স্বর্গৰাজ্য’) কবিয়ে ৰামৰাজ্য, স্বর্গৰাজ্য আদি অভিধাবোৰক সর্বসাধাৰণৰ যন্ত্ৰণা আৰু আত্মনিবেদনক সহনীয় কৰি তুলিবলৈ নির্মাণ কৰা ভ্রান্ত কল্পলোকৰ সপোন বুলি নাকচ কৰিছে।
হৰেকৃষ্ণ ডেকাৰ এই সংকলনখনিত এমুঠিমান ৰাজনৈতিক ঘটনাসম্বলিত অনুচ্চ প্ৰতিবাদৰ কবিতা সন্নিৱিষ্ট হৈছে। ‘নৱবর্ষ, ১৯৮১’ শীর্ষক কবিতাটোত “লুইতৰ পানীত নতুন পুৰুষৰ অধিকাৰ” বুলি উল্লেখ কৰা কথাষাৰে উক্ত সময়ছোৱাত অসম আন্দোলনৰ প্রাৰম্ভিক পর্যায়ত সাধাৰণ লোকৰ মনত জাগি উঠা জাতীয়তাবাদী আৱেগৰ ইংগিত বহন কৰিছ। কিন্তু এনেকুৱা কবিতাৰ সীমিত আৱৰ্তটোৰপৰা তেওঁ খুব সোনকালেই ওলাই আহিব পাৰিলে, যাৰ ফলত সংকলনখনৰ অন্যান্য কবিতাবোৰত ৰাজনৈতিক হিংসা-বিদ্বেষৰ অনুচ্চ সমালোচনা তথা মানৱীয়তাৰ অৱক্ষয়ক প্ৰতিৰোধ কৰাৰ দৃঢ়তা প্ৰকট হৈ উঠিছে। আচলতে ডেকাৰ কবিতাত ঘটনা বা পৰিস্থিতি গুৰুত্বপূর্ণ বিষয় নহয়, গুৰুত্বপূর্ণ কথা হৈছে সেইবোৰৰ প্ৰতি মানুহৰ দৃষ্টিভংগী বা প্ৰতিক্রিয়া। উদাহৰণ স্বৰূপে ‘পোলাকাটা : ৫ জানুৱাৰী, ১৯৮০’ নামৰ কবিতাটোৰ কথা ক’ব পাৰি। পোলাকাটাৰ ৰাজনৈতিক হিংসা-প্ৰতিহিংসাৰ ছবিখন আমাৰ চকুৰ আগত উন্মোচিত হৈছে এনেদৰে— “ঘৰবোৰৰ লহপহ জুই মানুহবোৰে আকাশত চেকুৰি থকা ৰঙা ঘোঁৰা অথবা ভোগালীত উৰুকাৰ ওখকৈ জ্বলা জুই বুলি ভাবে”। অনাহুত ঘটনাবোৰক লাই দিলে ঘটনাবোৰে সাৰ-পানী পাই পোখা মেলে। ৰাজহুৱা স্মৃতিৰ পৰা এনে ঘটনাৰ কার্য-কাৰণৰ বৃত্তান্ত হেৰাই যোৱাটো বা মচি পেলোৱাটো এক ধৰণৰ সমাধান সূত্ৰ হিচাবেও বিবেচিত হ’ব পাৰে। পোলাকাটাৰ মানুহবোৰৰ নিৰুদ্বেগ, নিৰাৱেগ স্থিতিক দিয়া প্রাধান্য কবিৰ পৰিপক্ব ৰাজনৈতিক বীক্ষাৰ সূচক। অন্য এটা ৰাজনৈতিক চিন্তাসমৃদ্ধ কবিতা ‘এদিন প্লেটফর্মত’, য’ত তিৰাশীৰ হিংস্ৰতাৰ ৰেলগাড়ীখনক বিদায় দি চৌৰাশীৰ প্ৰত্যাশাৰ ৰেলগাড়ীখনলৈ ৰৈ থকা মানুহবোৰক এনেদৰে বর্ণনা কৰা হৈছে—
সিহঁতৰ মূৰবোৰ/ এইমাত্ৰ চোকোৰা ভাঙি
কণীৰ ভিতৰৰ পৰা ওলাই অহা
যেন একোটা নৱজাতক চৰাই
ছুৰীবোৰৰ তলত ধৰফৰাবলৈ ৰৈ আছে।
ছুৰীৰ তলত ধৰফৰাই থকা নৱজাতক চৰাইৰ চিত্ৰকল্পটোৱে পঢ়ুৱৈক চকিত কৰি তোলা ছবিখনত খুব নিৰুদ্বেগ, আৱেগবর্জিত ভাষাৰে কবিয়ে পঢ়ুৱৈক নাঙঠ সত্যৰ সৈতে মুখামুখি কৰোৱাইছে। ডেকাই কঠিন, ব্যক্তিগত মেটাফৰ আৰু চিত্ৰকল্প এৰাই চলে যদিও তেওঁৰ কবিতাত শব্দৰ পৰিমিতিবোধ কিন্তু চিত্ৰধর্মী বর্ণনাতেই প্রোথিত হৈ আছে। ‘নাগৰিক’ নাৰ কবিতাটোৰ এই শাৰীকেইটালৈ মন কৰকচোন—
লক্ষ্যভ্ৰষ্ট বোমা/ চিকুণ পুৱাৰ এপিয়লা নিকা চাহ
নহ’লে টোপনিৰ আমেজ নাভাগে/ বাৰাণ্ডাত বাতৰি
কাকতৰ ডাঙৰ আখৰবোৰৰ ওপৰত পোহনীয়া কুকুৰ
বাগৰিছে/ তাৰ সঁচটো ভাল…
সম্পূর্ণ গদ্যৰ ৰূপত সজোৱা শাৰীবোৰৰ মাজত সংযোগ বিচাৰিলে দেখা যায় যে দৈনন্দিন ৰাতিপুৱা এটাৰ সৈতে ৰাজনৈতিক অশান্তিৰ ছবিবোৰৰ এনেদৰে উপৰিপাতন ঘটিছে যে ঘটনাবোৰেও ইটোৱে সিটোৰ স্থান দখল কৰিছে৷ এনে লাগে যেন বোমা ফুটা, তিনিজন মানুহ মৰা, ইত্যাদি কথাবোৰেই এতিয়া চিকুণ পুৱাৰ এপিয়লা নিকা চাহ! চিত্ৰকৰৰ ভঙ্গীমাৰে প্রাত্যহিক ৰাতিপুৱাটোৰ খণ্ডচিত্ৰবোৰ কবিয়ে যিদৰে বর্ণনা কৰিছে তাত শ্লেষৰ সুৰ অনুচ্চ, কিন্তু স্পষ্ট।

কবিতাৰ ফর্মত শব্দবোৰ যিদৰে প্ৰক্ষেপ কৰা হয় সিয়েই সেই কবিতাটোৰ শৰীৰ নির্মাণ কৰে। কবিতাৰ গাঁথনি বা structure-ৰ ক্ষেত্ৰত কবি হৰেকৃষ্ণ ডেকাই সদায়েই বিশেষ সচেতনতা অৱলম্বন কৰি আহিছে। ‘ফাঁচী বজাৰত’ শীর্ষক কবিতাটো সম্পূর্ণকৈ গদ্যত লিখাৰ মূলতে আছে এই দ্বৈত সচেতনতা— প্ৰথম : “পৃথিৱীৰ প্ৰথম মুদ্রাটো গঢ়োঁতেই বজাৰৰ ভেটিটোও গঢ়া হৈছিল”; দ্বিতীয় : “সকলো বস্তু সলনি হয়। সকলো পুৰণি বস্তু উৱলে।” খুবেই ইংগিতপূর্ণ গদ্য৷
‘উভতি চোৱা’ নামৰ কবিতাটোৰ প্ৰথমছোৱাৰ গাঁথনি গদ্যত আৰু শেষৰ ছোৱা পদ্যত৷ প্ৰথম অংশত কবিয়ে অতীতৰ এটি সুখদায়ক অভিজ্ঞতা মনত পেলাইছে, আৰু দ্বিতীয় অংশত সেই অভিজ্ঞতাৰ স্মৃতি ৰোমন্থন বেদনাগধুৰ অভিজ্ঞতালৈ পৰ্যবশিত হৈছে— স্মৃতিৰ লগত হেৰুওৱাৰ যন্ত্ৰণা প্ৰথম অংশত নাই৷ গতিকে কবিতাও গদ্য হৈ পৰিছে৷ প্ৰথম অংশৰ ব্যঞ্জনাহীন গদ্যৰ কবিতা আৰু শেষৰ অংশৰ কাব্যিকতাই কবি হৰেকৃষ্ণ ডেকাৰ আধুনিক কাব্য সম্বন্ধীয় চিন্তাচৰ্চা, বিশেষকৈ কবিতাৰ ফৰ্ম সম্বন্ধীয় বিষয়ৰ ওপৰত তেওঁৰ অনুশীলনৰ এটি আভাসৰ সৈতে পঢ়ুৱৈক পৰিচয় কৰাই দিয়ে৷ ‘উভতি চোৱা’ কবিতাটোৰ দ্বিতীয় অংশত “নাদীৰ পানীবোৰ আছিল ইমান স্থিৰ” বুলি পাতনি মেলি শৈশৱৰ অভিজ্ঞতাৰ ওপৰত প্ৰতীকী অৰ্থ ৰোপণ কৰা হৈছে— বক্তাৰ জীৱনৰপৰা নাদটো হেৰাই গৈছে, গতিকে হেৰুওৱাৰ যন্ত্ৰণা আৰু ঘূৰাই বিচাৰি পোৱাৰ তীব্ৰ আকাংক্ষাইহে এইছোৱা বৰ্ণনাত মূল ভাব হৈ ধৰা দিছে৷ শৈশৱৰ খেলখনে লাভ কৰা প্ৰতীকী আয়তনক কবিয়ে দ্বিতীয় ছোৱাৰ কাব্যিক গাঁথনিৰ মাজেদি প্ৰকট কৰি দেখুৱাইছে৷
হৰেকৃষ্ণ ডেকাৰ কবিতাত শব্দজালৰ তৰাং চমৎকাৰিতা নাই, কিন্তু শব্দৰ বুদ্ধিদীপ্ত প্ৰয়োগত তেওঁ সিদ্ধহস্ত৷ ‘কামাখ্যা পাহাৰৰ নামনিত’ নামৰ কবিতাটোত সংক্ষিপ্ত ৰূপত বৰ্ণিত এই দৃশ্যটোৰ কথাকে ভাবক— কুমাৰজনৰ দুখন আন্দোলিত হাতত “আকাৰহীন মৃৎপিণ্ড ক্ৰমে সাকাৰ হৈ উঠিছে”; আৰু ক্ষন্তেক পিছতে তেওঁ নিজেই “আকাৰহীন মাংসপিণ্ড”লৈ ৰূপান্তৰিত হৈছে৷ “আকাৰহীন মৃৎপিণ্ড”ৰ পুণ্য ঠাই “আকাৰহীন মাংসপিণ্ড”ই দখল কৰা এই ভয়ংকৰ অনিশ্চয়তাৰ পটভূমি, কামাখ্যা পাহাৰৰ ধূসৰ চূড়াত বিৰাজমান কৰিছে “কৰুণাময়ী দেৱী”! পৰিমিত শব্দচয়ন আৰু প্ৰয়োগেৰে মানুহৰ পৰম বিশ্বাস-পৰম্পৰাৰ ওপৰত তোলা প্ৰশ্নৰ এই চোক এনেদৰে কেন্দ্ৰীভূত হৈ পৰিছে যে পঢ়ুৱৈয়ে সেয়া উপেক্ষা কৰিব নোৱাৰে৷
আন এজন সংকলনখনিৰ ‘অন্তৰ্লোক ভ্ৰমণ’ নামৰ কবিতাটো হৰেকৃষ্ণ ডেকাৰ কবিতাৰাজিৰ ভিতৰত এটি অসামান্য কবিতা৷ ডেকাই সাধাৰণতে কবিতাত তৎসম শব্দ ব্যৱহাৰ নকৰে৷ কিন্তু ‘অন্তৰ্লোক ভ্ৰমণ’ত কবিগৰাকীয়ে খুব সচেতন আৰু সুচিন্তিতভাৱে সংস্কৃতমূলীয় কঠিন শব্দৰ জাল ৰচনা কৰা কথাটো মন কৰিবলগীয়া৷ পৰম ব্ৰহ্মৰ সন্ধানত কবিতাৰ বক্তাই জাগতিক পৰিমণ্ডলৰপৰা নিজকে বিচ্ছিন্ন কৰি “যাজ্ঞবল্কী অন্বেষণ” কৰাৰ পুলক অনুভৱ কৰিছে৷ “অনুকৃৎ প্ৰণৱৰ বহু শতনাম যন্ত্ৰৱত্ উচ্চাৰণ” কৰি পৰম সত্যক আঁজুৰি আনিব পৰা যায় বুলি ভবা বক্তাৰ অৱস্থাটো নগ্ন সম্ৰাটে দিব্যবস্ত্ৰ পৰিধান কৰিছোঁ বুলি ভবা প্ৰথমাৱস্থাৰ তদ্ৰূপ— বক্তাই এই সত্যক স্বীকাৰ কৰিছে৷ তাৰ বিপৰীতে অন্তহীন কৃষ্ণগহ্বৰত “কোৱাৰ্কৰ সঞ্চৰণ” আৰু “পদাৰ্থৰ চঞ্চল ভ্ৰমণ”ত “নিৰ্বিকাৰ বিৰাটৰ নিৰ্বাক নাটক” বিস্ময় বিমূঢ় ভাবেৰে উপভোগ কৰি বক্তাই প্ৰশ্ন কৰিছে— “নাদহীন, সীমাহীন দৃশ্য/ দৃশ্যাতীত পদাৰ্থতো পৰমব্ৰহ্ম নাইনে?”— “অৰ্থহীন জানো এই জগতৰ জাগতিক ক্ৰিয়া” উত্তৰো যেন অন্তৰাত্মাই সোঁৱৰাই দিয়ে,–
মানুহৰ চেতনাই অৰ্থদান কৰে পদাৰ্থক
বুৰঞ্জী কেৱল গঢ়ে জীৱন্ত মানুহে
মানুহৰ চেতনাক সকলো অৰ্থৰ জনক বুলি কৈ কবি হৰেকৃষ্ণ ডেকাই তীব্ৰ ব্যক্তিস্বাতন্ত্ৰ্যবাদী আধুনিকতাক শ্ৰেষ্ঠতা প্ৰদান কৰিছে বুলি ক’লেও অৱশ্যে ভুল কৰা হ’ব৷ তাৰ ইংগিত দিছে এই শাৰীকেইটাই—
দেখা পাওঁ মোৰ ক্ষুদ্ৰ চেতনাত
যৌথ চেতনাৰ অভিক্ষেপ
ভাঙিছে গঢ়িছে বহু সভ্যতাও আদানে প্ৰদানে
অৰ্থাৎ কবিয়ে যৌথ চেতনা, সামূহিক চেতনাৰ ভেটিত পাৰস্পৰিক আদান-প্ৰদানৰ মাজেদি সভ্যতাৰ বুৰঞ্জী গঢ়াৰ পক্ষত থিয় দি মানুহৰপৰা বিচ্ছিন্ন অন্তৰ্লোকত পৰমব্ৰহ্মৰ যাজ্ঞবল্কী অন্বেষণৰ গুৰুত্বক নস্যাৎ কৰিছে৷ দুটা ভিন্ন দৃষ্টিভংগীৰ মাজৰ সংঘাত, আৰু এটাৰ সীমা পৰা হৈ অন্য এটা দৰ্শনলৈ কৰা যাত্ৰাক কবিতাটোৰ শব্দচয়নে যিদৰে প্ৰকট কৰিছে, তাৰ মাজত আধুনিক কবিতাৰ organic form অৰ্থাৎ জৈৱিক গাঁথনিৰ প্ৰতি কবিগৰাকীৰ সঁহাৰি সুস্পষ্ট ৰূপত ফুটি উঠিছে৷
ড੦ হীৰেন গোহাঁয়ে আন এজন কবিতা-সংকলনখনৰ কবিতাবোৰৰ বিশিষ্টতাৰ সন্দৰ্ভত কঠোৰ আত্মসংযম আৰু আলংকাৰিক ভাষাৰ প্ৰতি নিষ্পৃহতা —এই দুটা কথা উল্লেখ কৰিছে৷ কবি ডেকাই এটা সাক্ষাৎকাৰত কৈছে যে কবিতাৰ ভাষাক অলংকাৰহীন কৰি তোলাৰ বাবে তেওঁ সদায়েই চেষ্টা কৰি আহিছে৷ আন এজন কবিতা-সংকলনখনি কবিগৰাকীৰ এই প্ৰয়াসৰ সফলতাৰ স্বাক্ষৰ৷ হৰেকৃষ্ণ ডেকা আধুনিক কবি, কিন্তু নিঃসংগতাৰ কবি নহয়; সামাজিক সচেতনতা তেওঁৰ কবিতাৰ অৱলম্বন, কিন্তু সূক্ষ্ম কাব্যবোধ তাৰ বাবে অন্তৰ্হিত হৈ যোৱা নাই৷ সামাজিক সচেতনতা আৰু শিল্পৰ মাজত যে বিৰোধ নাই, সেই কথা হৰেকৃষ্ণ ডেকাই ‘তৰুণ উত্তৰাধিকাৰীলৈ’ নামৰ এটা কবিতাৰ মাজেদি প্ৰকাশ কৰিছে এনেদৰে—
সকলোৱে কৈছিল মই তেতিয়া ঘৰৰ ভিতৰতে আছিলোঁ৷
কিন্তু আনে নজনাকৈ কান্ধত তুলি
ঘৰৰ ভিতৰলৈ মই এটা শিল ডাঙি আনিছিলোঁ৷
মোৰ কান্ধত ঘা হৈছিল…
কিন্তু মই হাতুৰী বটালি লৈ শিলটোক
এটা গঢ় দিব খুজিছিলোঁ…
যন্ত্ৰণাৰ ভিতৰেদি ওলাই আহিছিল
আধৰুৱা এখন মুখ…
লগতে পঢ়ক: ড০ পৰী হিলৈদাৰীৰ ভবেন বৰুৱাৰ কবিতা : সত্তাৰ ঐক্যৰ অন্বেষণ
লগতে পঢ়ক: ড০ পৰী হিলৈদাৰীৰ নিজগৰী ভাবনাৰ কবি কৌস্তুভমণি শইকীয়াৰ কবিতা