ডাঃ ৰবীন মজুমদাৰ
এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনেধৰণৰ?
কবিতাৰ লগত আন বহুতৰ দৰে মোৰো চিনাকি স্কুলৰ পাঠ্যপুথিৰ পদ্যৰ মাধ্যমেৰে। দশম মানলৈকে ছন্দবদ্ধ কবিতাৰ পাঠত অভ্যস্ত হৈ থাকি কলেজ পাই আধুনিক অসমীয়া তথা ইংৰাজী কবিতাৰ লগত চিনাকি। অৱশ্যে সেইবোৰত বিশেষ জটিলতা নথকাৰ বাবে ভাল লগা হৈয়ে আছিল। আনকি স্কুলত থাকোঁতে কবিতাৰ প্ৰতি আকৰ্ষিত হৈ বিশেষকৈ শৈলধৰ ৰাজখোৱাৰ “উঠাহে ফুলৰা, উঠাহে চতলা, উঠা দেৱবালা স্বৰূপ ধৰি” বা বিহগী কবিৰ “অ’ মোৰ সাদৰী ফুলামপাহি? শ্যামলী পাতৰ উৰণি গুচাই কাৰ ফালে চাই মাৰিলি হাঁহি?” বা নলিনীবালা দেৱীৰ দেশপ্ৰেমমূলক কবিতা পঢ়ি তেনেধৰণে কবিতা লিখাৰ চেষ্টাও নকৰা নহয়। সেয়া নিশ্চয় কবিতাৰ প্ৰতি আকৰ্ষণ বা প্ৰভাৱৰ কাৰণেই আৰু তেনেদৰেই অংকুৰিত হোৱা কবিতাৰ বীজ এতিয়ালৈকে বৰ্তি আছে।
আপুনি কবিতা কিয় পঢ়ে?
কবিতা কিয় পঢ়োঁ বুলিলে স্বনামধন্য কবি হীৰুদাৰ ভাষাৰেই ক’ব লাগিব যে কবিতা পঢ়ি পাহৰিব পাৰি কিছু দুখ, কিছু গ্লানি। কিবা কাৰণত গধুৰ হৈ থকা বা বিষাদগ্ৰস্ত মন কোনো প্ৰিয় কবিতাৰ পাঠে পাতল কৰি দিয়ে, বিষাদ দূৰ কৰে, যেন এন্ধাৰত বাট বিচাৰি নেপাই ঘূৰ্মুটিয়াই থাকোঁতে পোৱা বাটৰ সন্ধান বা দেখা পোহৰৰ ৰেঙনি!
কেনেধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?
কেনেধৰণৰ কবিতা বুলিলে একে আষাৰেই ক’ব লাগিব, বুজি পোৱা কবিতা, অন্ততঃ কবিয়ে যি ভাব লৈ লিখিছে তাৰ এশ শতাংশ নহ’লেও ষাঠি-সত্তৰ শতাংশ বোধগম্য হ’ব লাগিব, হৃদয়ংগম কৰিব পৰা হ’ব লাগিব, সেয়া কোনো বিখ্যাত প্ৰিয় কবি বা অখ্যাত কবিৰো কবিতা হ’ব পাৰে।
সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?
জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, পাৰ্বতিপ্ৰসাদ বৰুৱা, অমূল্য বৰুৱা, গণেশ গগৈ, যতীন্দ্ৰনাথ দুৱৰা, দেৱকান্ত বৰুৱা, হেম বৰুৱা, নৱকান্ত বৰুৱা, ৰঘুনাথ চৌধাৰী, নলিনীবালা দেৱী, নিৰ্মলপ্ৰভা বৰদলৈকে ধৰি নমস্য কবিসকলে অসমীয়া কবিতাক যি এক অতি উচ্চ স্থানত অধিষ্ঠিত কৰি থৈ গৈছে, সেই ধাৰা এতিয়াও কোনো কোনো কবিৰ ৰচনাত প্ৰবহমান বুলি ক’ব পাৰি এইবাবেই যে কবিতাৰ বাবেই অসমীয়া সাহিত্যলৈ শেহতীয়াকৈ আহিছে অতি সন্মানীয় জ্ঞানপীঠ বঁটা। তথাপি ক’ব লাগিব যে সাম্প্ৰতিক কালত সংখ্যা যথেষ্ট বাঢ়িছে যদিও মানবিশিষ্ট কবিতাৰ সংখ্যা সিমান বঢ়া নাই।
কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?
কবিতাৰ সৃষ্টি যিহেতু কবিৰ একান্ত নিজৰ বিষয়, তেনে ক্ষেত্ৰত তেওঁলোকৰ সৃষ্টি সম্পৰ্কে কিবা আহ্বান জনোৱাৰ অৱকাশ আছে নে নাই, কথাটো ভাবি চাবলগীয়া। তথাপি ক’ব পাৰি যে কবিতাৰ মাধ্যমেৰে সাহিত্য-সেৱা কৰিব খোজাসকলে, বিষয়টো কেৱল ‘হবি’ হিচাপে নলৈ গুৰুত্বসহকাৰে লওক, অগ্ৰজ কবিৰ কবিতা অধ্যয়ন কৰক, আধুনিক অসমীয়া কবিতা মানে দুৰ্বোধ্য কিবা এটা বোলা তথাকথিত অপবাদ দূৰ কৰিবলৈ দুৰ্বোধ্য ৰচনা পৰিহাৰ কৰি পঢ়ুৱৈয়ে কিছু বুজি পোৱাকৈ লিখাৰ কথা চিন্তা কৰক, আৰু ‘তৰলতা’ৰ এক লক্ষ্মণৰেখা নিজেই ঠিক কৰি লওক।
ডাঃ ৰবীন মজুমদাৰ গুৱাহাটী নিবাসী এগৰাকী জ্যেষ্ঠ গল্পকাৰ, ঔপন্যাসিক।