অনুবাদ: মৃদুপৱন ৰাজখোৱা
ডেফ’ডিল ফুলবোৰ অকলে মেঘৰ দৰে ফুৰিছিলোঁ ঘূৰি পৰ্বতে-কণ্ডৰে যি উৰে ভাহি ভাহি, হঠাতে দেখিলোঁ জিলিকিছে শাৰী শাৰী, এডৰা ডেফ’ডিলৰ সোণোৱালী পাহি; জুৰিটিৰ পাৰত আৰু বিৰিখৰ ছাঁত, বতাহত নাচি বাগি ইচাট-বিচাট। জিকিমিকি তৰাৰ দৰে আদিগন্ত ছানি হাতীপটিত হাঁহে যেন চকু টিপিয়াই, দৃষ্টি প্ৰসাৰী তাৰ অন্তহীন লানি জলধিৰ পাৰে পাৰে আকাশ ধিয়াই অযুত দেখিলোঁ মই এটি পলকত, মূৰ তুলি নাচে যেন ঢোলৰ ছেঁৱত। লহৰেও নাচিছে কাষত;কিন্তু পৰিহাস সিহঁতৰ উচ্ছলতাত পৰি ৰৈছে ম্লান কেনেকৈ উঠলি নুঠে কবিৰ উচ্ছ্বাস, চঞ্চল সান্নিধ্যত যে প্ৰফুল্ল পৰাণ একেথিৰে চাই চাই ভাবিলোঁ কিঞ্চিৎ, কি অতুল বৈভৱ আছে এই ছবিটিত সততে যেতিয়া মই পৰোঁ বিছনাত উদাস ৰিক্ত ভাবনাই ছানি ধৰে মন, সেই দৃশ্য ভাহি উঠে মোৰ স্মৃতি-চেতনাত একাকী সময়ৰ যেন মিঠা আলোড়ন; আনন্দ উপচি পৰে হৃদয়-কোঠত, নাচি উঠোঁ ময়ো ডেফ’ডিলৰ লগত।
মৃদুপৱন ৰাজখোৱা চিকিৎসাবিজ্ঞানৰ স্নাতক৷ সম্প্ৰতি তেওঁ বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰ মহলাত অধ্যয়ন কৰি আছে৷