ৰাণু বৰুৱা গগৈৰ দুটা কবিতা

সাধুৰ আত্মকথা

গাঁঠিৰ ধন ভাঙি
লিখিছোঁ কবিতা

চহকী হোৱাৰ বাসনা পিছে
কবিৰ মুঠেও নাথাকে

সিদিনা তৰাৰ স'তে কথা পাতোঁতে
আকাশখনে সুধিছিল
"আকাশৰ সমান বহল সাধুৰ কথা"

আপুনি শুনিছে নেকি কেতিয়াবা
তৰাৰ সাধু
কবিৰ মুখেৰে

মই প্ৰায়েই শুনোঁ আজিকালি
আকাশৰ নিনাদ

সন্ধিয়া জয়াল হাবিত জোনাকীয়ে সদায় পঢ়ে
সুখ আৰু হাঁহিৰ সাধু

সাধুবোৰত প্ৰাণ থাকে
সৰুতে আয়ে কৈছিল

নীতি বচনত সাধুৰ সংজ্ঞা অন্তৰ্নিহিত
প্ৰমাণিত

পিছে
গাঁঠিৰ ধন ভাঙি সাহিত্যৰ ভঁৰাল  চহকী কৰে
চহকী কৰে জীৱনৰ আদিপাঠ
সাহিত্যৰ উকা পৃষ্ঠা

ইতিহাসত খোদিত সাধুৰ স্বাধীনতা

জটিল সময়ত সেয়ে সাধুৰ শৰণাপন্ন
যুগৰ সাহিত্য
কিম্বা
আধুনিক স্ৰষ্টা।

মাটিপুতলা

মাটিৰ পুতলাত জীৱন দিয়া
সহজ
আয়ে যে সৰুতে দিছিল

এতিয়াৰ  দিনবোৰ 
নিগনিয়ে কুটা

কীট-পতংগৰ পায়চাৰিত সহজবোৰেই
কঠিন

মাটিৰ পুতলাত জীৱন দিয়া
মানুহ ক্ৰমে জহিছে, মৰিছে

মৰে দিন
মৰে ৰাতি

সন্ধ্যা বাজলৈ ওলাব নোৱাৰা কথাটিত
হাট-বজাৰত গুজব

মাটিৰ পুতলাত জীউ দিয়া ফটাকানি
এতিয়া নাই
নাই সহজ বুলি এৰি অহা নেছীসূতাৰ আঁত

মাটিপুতলাত জীৱন দিবলৈ 
আইৰ, সময় নাহে আৰু ঘূৰি

মাটি একেই আছে
নাই মাটিৰ পুতলাত সেই
অতীত মধুৰ জীৱন।

Click here to read an English translation of the poems.

Leave a Reply

Your email address will not be published. Required fields are marked *